সমললৈ যাওক

পৃষ্ঠা:Akhoror Rail Gari.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৱকে চলাই ফুৰা
তীখৰ ডাবু।
বেগাই যি ৰেল চলে
দিল্লীলৈ বুলি,
‘তা-তা’ ‘বাই’ চিঞৰিলে
হাত তুলি তুলি।
কাণ তাল মৰা উকিৰে
মাতে কু-কু-কু,
হঠাৎ কান্দোনৰ ৰোল
উঠে উ-উ-উ।
ডবা চিঙি পৰে চিটিকি
কান্দিলে ফেকুঁৰি,
নপৰিব কিয়? বাটহে যেনে
কেকোঁৰা-কেঁকুৰি!
কান্দি কান্দি ডবা উঠি
ধূলি মোহাৰে,
ইঞ্জিনকে আটায়ে ধৰি
চুলি জোকাৰে।
খঙেৰে ক’লে ইঞ্জিনে—
“তাপৰ হেঁচা যি,
গ’ল জোৰে ৰেল চলি
মই কৰোঁ কি?
মাকহঁতচোন ল’ৰি আহিল।
ক’ৰবাৰ পৰা,
লাহেকে হাঁহি বুজাই ক’লে,
“ভালকৈ ধৰা।