ৰাৱণৰ যুদ্ধ যাত্ৰা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ১৬ অধ্যায় ।
- ৰাৱণৰ যুদ্ধযাত্ৰা ।
- ছবি ।
প্ৰহস্ত ৰাক্ষস যেবে, সমৰত পৰিলেক,
- নীলৰ হাততে প্ৰাণ গৈল ।
শুনিয়া ৰাজাৰ মাথে, আকাশী সৰগ পৰি
- ৰাৱণৰ শ্ৰী হানি ভৈল ॥১
হৰি হৰি নমাই মোৰ, ঘোৰ সমৰৰ মাজে,
- ইন্দ্ৰ সম কুবেৰ ভঙ্গাইলে ।
দুহস্তৰৰ বন্ধু মোৰ, বানৰ গোটৰ হাতে,
- কেন মতে প্ৰাণক সুজাইলে ॥২
শুনিয়োক পাত্ৰলোক, আহুতি দিয়োক মোক,
- আমি বৰ কৰিলোহোঁ দোষ ।
সব সৈন্য নুযুজিয়া, বৈৰক আসঙ্গ দিয়া,
- তাৰ কাযে পাইলো অসন্তোষ ॥৩
সব দলে ছপকাৰে, আপুনি যুজক চলোঁ,
- দেখ আজি মোৰ বল সাঙ্গ ।
শ্ৰীৰাম লক্ষ্মণ সমে, বানৰ ভালুক মাৰি,
- ৰুধিৰে বহাইবোঁ আজি গাঙ্গ ॥৪
হেন বুলি দশশিৰ, ত্ৰৈলোক্যে আজয়বীৰ,
- ৰথখান আনাইলেক সাজি ।
সূৰ্য্যৰ কিৰণ সম, সুবৰ্ণ মাণিক কাম,
- বায়ুবেগে চাৰি গোটা বাজী ॥৫
তাহাতে চড়িয়া ৰাজা, জয় সুমঙ্গল পঢ়ে,
- যেন জ্বলে কাল মেঘ খণ্ড ।
অখণ্ড মণ্ডল চন্দ্ৰ, সদৃশ ছত্ৰেক তুলি,
- চলি ভৈলা ৰাৱণ প্ৰচণ্ড ॥৬
ত্ৰৈলোক্যত ভয়ঙ্কৰ, সাজি আইলা লঙ্কেশ্বৰ,
- পাত্ৰ পুত্ৰে দশদিশ ছানি ।
ৰাক্ষসৰ ৰিঙ্গ ৰাৱে, ঢাক ঢোল কোলাহলে,
- স্বৰ্গ ভুবনক গৈলা ধ্বনি ॥৭
সুচল পৰ্ব্বত সম, সাক্ষাততে যেন যম,
- অসংখ্যাত বীৰ যাই চলি ।
ৰাৱণৰ অনুকূলে, সমৰত কৌতুহলে,
- নাচন্ত হাসন্ত খলখলি ॥৮
চলি ভৈলা লঙ্কেশ্বৰ, কুঞ্জৰ ঘোটক উটে,
- টলবল মেদিনী মণ্ডল ।
সাগৰত ঢৌ সব, খলকি খলকি গৈল,
- স্বৰ্গকো লঙ্ঘিলা সিটো জল ॥৯
পৰ্ব্বত মূলত বসি, ৰামদেৱে পুছিলন্ত,
- বিভীষণ চিনায়ো আমাক ।
কোন কোনবীৰগণ, আমাক যুজিতে আসে,
- হাতে অস্ত্ৰ ধৰি জাকে জাক ॥১০
শ্ৰীৰামক সম্বুধিয়া, বিভীষণে চিনাৱন্ত,
- দক্ষিণ আঙ্গুলি তৰি তৰি ।
দেখিয়োক প্ৰভুদেৱ, যিগোটা আসয় হেৰা,
- ময়মত্ত হস্তীস্কন্ধে চড়ি ॥১১
হস্তীৰ যে মাথা গোট, কম্পৱন্তে আসে আতি,
- চন্দ্ৰক গ্ৰাসিতে যেন ৰাহু ।
অভিনৱ সূৰ্য্য সম, দুই বাহু জ্বলে যেন,
- মহাবীৰ এহিটো সুবাহু ॥১২
সিংহ কোন্তৰৰ বৰ্ণ, ৰথত চড়িয়া আসে,
- চক্ৰ সম ধৰি শৰচাপ ।
সমৰত দেৱগণে, নাম শুনি পলাৱন্ত,
- ইন্দ্ৰয়ো মানিল যাত কাপ ॥১৩
প্ৰমত্ত গজৰ সম, শৰীৰ সুন্দৰ যেন,
- ত্ৰিভুবনে জনিলেক ভীত ।
ৰাৱণৰ শ্ৰেষ্ঠ পুত্ৰ, মহা বলৱন্ত বীৰ,
- ইহাক বোলয় ইন্দ্ৰজিত ॥১৪
ৰাৱণৰ সন্নিততে, চড়িয়া কাঞ্চন ৰথে,
- যিটো বীৰ লঙ্কাৰ বজাই ।
ধনুৰ টঙ্কাৰ কৰি, আসে আতি গৰজন্তে,
- ইহাক বুলিয়া অতিকায় ॥১৫
ওৰ কুসুমৰ বৰ্ণ, দুই চক্ষু জ্বলে যাৰ,
- পিঠিত চড়িয়া গৰ্দভৰ ।
যি গোটা আঙ্গুলি তৰি, আসয় গৰ্জ্জন কৰি,
- ইহাক বোলয় মহোদৰ ॥১৬
যি গোটা ঘোড়াত চৰি, হাতত শকতি ধৰি,
- চাহন্তে আসয় আগ পাছ ।
শিখৰ সদৃশ মাথ, যেন সম সাক্ষাত,
- বজ্ৰবেগ ৰাক্ষস পিশাচ ॥১৭
প্ৰলয়ৰ অগ্নিসম, জাজ্বল্য সমান কোপে,
- খাণ্ডা তুলি আসয়ে আসক্ষ ।
হাতীৰ পিঠিত থাকি, ফুৰাৱয় দুই আখি,
- খৰৰ তনয় মকৰাক্ষ ॥১৮
অগনি সমানবৰ্ণ, ৰথত চড়িয়া আসে,
- যেন দেখি কালমেঘ খণ্ড ।
নৰান্তক বীৰবৰ, ইহাকেসে বোলৱয়,
- দেবাসুৰ কম্পণ প্ৰচণ্ড ॥১৯
সিংহ ঘোঙ্গ বাঘ সমে, সমূলি পৰ্ব্বত তুলি,
- উচ্চায়া আসয় যিবা গোট ।
দেৱান্তক নাম ইটো, মহাবল নিশাচৰ,
- ইন্দ্ৰয়ো নসহে যাৰ চোট ॥২০
ধৱল বৃষত চড়ি, সানাইল ত্ৰিশূল ধৰি,
- উচ্চায়া আসয় হাতগিৰা ।
খৰি পৰ্ব্বতত যেন, কাল মেঘখণ্ড দেখি,
- ইহাকেসে বোলয় ত্ৰিশিৰা ॥২১
নানা ভৃত্যপুত্ৰগণ, বেঢ়িয়া আছয় যাৰ,
- উট ঘোড়া কুঞ্জৰ বহুত ।
সদম্ভ নাম বীৰ, ইহাঙ্কেসে বোলৱয়,
- জিতাম্বৰ ৰাক্ষসৰ সুত ॥২২
হাণ্ডি শৃগালীৰ বৰ্ণ, যি গোটা আসয় হেৰা,
- পৰ্ব্বতৰ সদৃশ আৰম্ভ ।
পক্ৰচাপ সমধনু, ফুৰাৱন্তে আসে আতি,
- ইহাকেসে বোলয় নিকুম্ভ ॥২৩
যাহাক দেখাহা হেৰা, হাতত পৰিঘ ধৰি,
- চাহন্তে আসয় দশ দিশ ।
নিকুম্ভ যে নিশাচৰ, ইহাকেসে বোলৱয়,
- দেবাসুৰ চমক মুনিষ ॥২৪
শৰত কালৰ যেন, সম্পুৰ্ণ চন্দ্ৰৰ সম,
- ছত্ৰেক ধৰিলা যাৰ তুলি ।
সূৰ্য্যৰ কিৰণ সম, মাথাত কিৰিটি জ্বলে,
- ঢোলন্ত চামৰ দুই ঢুলি ॥২৫
অগনিৰ সম যাৰ, দশ মুখ জ্যোতিস্কাৰ,
- বিন্ধ্যগিৰি সম যাৰ কায়া ।
ইহাকেসে বোলৱয়, দুৰ্জ্জন ৰাৱণ দদা,
- ৰিপুগণ শবদে পলায় ॥২৬
জয় জয় ৰঘুনাথ, প্ৰণামোঁ নমাই মাথ,
- তুমি দেৱ দীন দুঃখহাৰী ।
ভকত জনৰ যত, দুখ শোক বিনাশন,
- ৰাক্ষস কুলৰ ক্ষয়কাৰী ॥২৭
নিজ যশ গুণচয়, প্ৰকাশিলা কৃপাময়,
- জগতকে কৰিলা উদ্ধাৰ ।
মাধৱ কন্দলী ভণে, ৰাম বোলাঁ সৰ্ব্বজনে,
- তেবে সুখে তৰিবা সংসাৰ ॥২৮