কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


১৮ অধ্যায় ।
কুম্ভকৰ্ণৰ যুদ্ধ যাত্ৰা ।
দুলৰি ।

সিংহাসনে গৈয়া,       বসিলা ৰাৱণ,

ৰণত হতাশ হুইয়া ।

পুৰাণ কাহিনী,       কহিবে লাগিলা,

পাত্ৰক সবে মিলাইয়া ॥১

আশেষ তপস্যা,       কৰিলোঁহো আমি,

ব্ৰহ্মাদেৱে দিলা বৰ ।

পাছে সম্বুধিয়া,       বুলিবে লৈলন্ত,

শুন ওৰে নিশাচৰ ॥২

দেৱ মনুষ্যত,       যক্ষ দানৱত,

সবাতে হুইবি অজয় ।

নিশ্চয় কৰিয়া,       তোক বুলিলোহোঁ,

সানুগত হুইবি ভয় ॥৩

বৰৰ প্ৰয়াসে,       তিনিয়ো জগত,

থাকিতে সুখে নেদিল ।

ৰণ্ড ৰণ্ড কৰি,       মনুষে ভঙ্গাইলে,

ব্ৰহ্মাৰ বৰ মিলিল ॥৪

পাত্ৰগণ যত,       আমাৰ শুনিয়ো,

আৱৰ আসাজ কায ।

হেমৱন্ত গিৰি,       পয়ানে চলিলোঁ,

আমাৰ নভৈলা লাজ ॥৫

নন্দি দুৱাৰিক,       মই ভেট পাইলোঁ,

তেন্তে মহেশৰ গণ ।

বানৰৰ মুওাঁ,       নন্দিক দেখিয়া,

শিহৰিল ঘনে ঘন ॥৬

মুখ চাই চাই,       ভাবুকি পাৰিলোঁ,

বিগুতি কৰি উখন্দি ।

জাজ্জ্বল্য সমান,       কোপে জ্বলি গৈল,

মোক শপিলন্ত নন্দি ॥৭

হাওঁৰে বেটা,       দুৰ্জ্জন ৰাৱণা,

মোক তোৰ উপহাস ।

মোহোঁৰ সদৃশ,       মুখ বানৰায়ে,

চিন্তিবে তোৰ বিনাশ ॥৮

মহন্ত পণ্ডিত,       ভয়াই বিভীষণ,

মোক বুলিলেক হিত ।

আপদ কালত,       মৰণ সন্নিত,

তাক দেখিলোহোঁ তিত ॥৯

ভাল ভাল বীৰ,       ত্বৰিতে পঠাইয়া,

লঙ্কা ভালমতে ৰাখাঁ ।

প্ৰহস্ত মমাই,       সমৰে পৰিল,

সবে সচকিতে থাকাঁ ॥১০

ইতিনি ভুবনে,       ৰাম লক্ষ্মণক,

সমান নাহি মুনিষ ।

শৰে হানি মোৰ,       অন্তী ভেদিলেক,

শৰীৰে উধাই বিষ ॥১১

ঘনে ঘনে মোৰ,       চেতন হৰয়,

বদন মলিন বৰ্ণ ।

ৰামক যুজন্ত,       আন কেহোঁ নাই,

জগায়োক কুম্ভকৰ্ণ ॥১২

ছয় মাস সিটো,       নিশ্চেষ্ট স্বৰূপে,

আছন্ত ঘুমটি যায়া ।

তাকে জগাইবাক,       সত্বৰে চলাহাঁ,

ভোজন সম্ভাৰ লৈয়া ॥১৩

ৰাজাৰ আদেশে,       কৌটি অসংখ্যাত,

ৰাক্ষস গৈয়া আণ্টাইল ষ

দুৱাৰ পৈশন্তে,       কুম্ভকৰণৰ,

নাকৰ বাৱে উড়াইল ॥১৪

কতোহোঁ ৰাক্ষস,       দুৱাৰ আৰত,

বাৰৰ মুঠাত ধৰি ।

যিদিকি নাকৰ,       বাৱ নেখেলায়,

পশিলা গাৱকাতি কৰি ॥১৫

পৰ্ব্বত সমান,       পুৰুষেক শুতি,

আছে পুলস্তিৰ নাতি ।

তাক জগাইবাক,       ৰাক্ষস সকলে,

দৃঢ় কৰি বান্ধে গাতি ॥১৬

ডেকা পৰ্ব্বতৰ,       সমান বাঢ়িল,

অন্ন বেঞ্জনৰ মিঠ ।

মেৰুৰ সমান,       ছৰাৱ কৰিলা,

খৰিকা জহাৰ পিঠ ॥১৭

মহিষ বৰাহ,       ছাগল মাৰিয়া,

থৈলা দৌলা দৌলি কৰি ।

কৌটি অসংখ্যাত,       ডাঙ্গৰ কলস,

মদ্য ৰুধিৰক ভৰি ॥১৮

দেৱাঙ্গ বসন,       কুম্ভকৰণৰ,

গাৱত নিয়া ছৰাইল ।

সুগন্ধ চন্দন,       পুষ্পৰ মালায়ে,

ভূষিত আতি কৰাইল ॥১৯

চতুৰ্দ্দিশে বেঢ়ি,       ৰাক্ষস সকলে,

ৰোল কৰিবাক লৈলা ।

আছোক জাগিব,       কুম্ভকৰণৰ,

কৰ্ণৰ পথে নগৈলা ॥২০

বাঢ়য় সহস্ৰ,       ৰাক্ষসে মিলিয়া,

বেঢ়িয়া কৰয় ৰোল ।

নানা বাদ্যভণ্ড,       কাণত আতাস,

তুম্বুলে বাজয় ঢোল ॥২১

অন্তৰীক্ষে যত,       চটকা উৰয়,

মৰিয়া ভূমিত পৰে ।

কুম্ভকৰ্ণ বীৰ,       আছোক জাগিব,

অধিকে ঘুমটি চৰে ॥২২

সহস্ৰ সংখ্যাত,       হস্তীয়ে নাদয়,

দুইদান্ত ভিৰিয়া গাৱে ।

ছাটৰ বাৰিত,       ঘোড়া চিহৰয়,

গাধৱে ত্যজয় ৰাৱে ॥২৩

ভেৰী শিঙ্গা শঙ্খ,       মুহুৰি নিশান,

তুম্বুলে বাজে কাহাল ।

সকলে লঙ্কাত,       হুলস্থূল লাগি,

কাণত দিলেক তাল ॥২৪

আটাস পাৱন্তে,       কতো ৰাক্ষসৰ,

গল সব গৈলা ফাটি ।

সবহাৰে খৰ,       উশাস বজাই,

থাকিলা বলত ঘাটি ॥২৫

কতোহোঁ ৰাক্ষস,       হতাশ হুইয়া,

ৰাৱণক জনাইলন্ত ।

তোমাৰ ভ্ৰাতৃক,       জগাইবে নোৱাৰি,

অধিকে ঘুমটি যান্ত ॥২৬

ৰাৱণে বোলয়,       সত্ত্বৰে চলাঁহা,

আছোক আমাত সেৱা ।

যেন মতে পাৰাঁ,       তেমনে জগাৱা,

তোমাত নাহিকে বেয়া ॥২৭

আথ বেথ কৰি,       ৰাক্ষস লৰিলা,

ৰাজাত মেলানি পায়া ।

কুম্ভ কৰণক,       জগাইবে লাগিলা,

গদা মু্দ্গৰ লৈয়া ॥২৮

দশ শত লোকে,       হিয়াত চড়িয়া,

লাঠি বৈসাইলেক টানি ।

একোহোঁ নাকত,       পাঞ্চ পাঞ্চ শত,

কলসে ঢালয় পানি ॥২৯

গদা মুদ্গৰে,       টানিয়া মাৰয়,

আৰো পৰিঘৰ বাৰি ।

সেৱা কৰে বুলি,       ঘুমটি চৰয়,

গম্ভীৰ বাজে ঘোঙ্ঘোৰি ॥৩০

কতোহোঁ ৰাক্ষস,       সহস্ৰ সংখ্যাত,

ৰাক্ষসেয়ো সাৰি হুইয়া ।

শৰীৰৰ বলে,       প্ৰহাৰ কৰয়,

গদা মুদ্গৰ লৈয়া ॥৩১

দশ শত লোকে,       হিয়াত চড়িয়া,

খিখিন্দ কৰয় বৰে ।

গাৱ জান্তে বুলি,       ঘুমটি চড়য়,

মুখবায়া দান্ততৰে ॥৩২

আশেষ ৰাক্ষসে,       কেশ আজোৰয়,

কতো পাকৱয় নাক ।

কাণত কামোৰে,       মুকুটি লাঠিয়ে,

বেঢ়িয়া কিলৰ জাক ॥৩৩

কুম্ভকৰ্ণে যেবে,       তেতো নজাগিলা,

সবাৰো গৰ্ব্ব ভাগিল ।

কতোহোঁ বেলাত,       কালৰ প্ৰমাণে,

আপনি পাছে জাগিল ॥৩৪

দুই হাত যুৰি,       মাথাৰ উপৰে,

পিঠিক লাগি নিলেক ।

পাতাল সদৃশ,       বেন্ত গোট বায়া,

হামি গোট তুলিলেক ॥৩৫

জিহ্বাখান তাৰ,       আলতা গুলিল,

যেনেন গিৰি শিখৰ ।

দুই চক্ষু দেখি,       অৰুণ বৰণ,

উদয় যেন ভাস্কৰ ॥৩৬

নাসাৰ পৱন,       বহে তাৰ আতি,

ফাল্গুন চৈত্ৰৰ সম ।

প্ৰজা সংহৰিতে,       উঠিয়া বসিলা,

যেন কালান্তক যম ॥৩৭

আগত যোগায়া,       ৰাক্ষস সকলে,

দেখে সবে অসদৃষ্ট ।

গ্ৰাস আঠ সাতে,       খায়া আণ্টাইলেক,

ব্যঞ্জন যে ভাত পিঠ ॥৩৮

মদ্য যে ৰুধিৰ,       সুগন্ধ জনক,

ষাঠি কলসেক পীল ।

মহিষ বৰাহ,       ছাগল ভুঞ্জিয়া,

অৰ্দ্ধেক পেট ভৰিল ॥৩৯

প্ৰণাম কৰিয়া,       হাত যোৰে থাকি,

সকলে ৰাক্ষস লোক ।

সবাকে সম্বুধি,       কুম্ভকৰ্ণে বোলে,

কিসক জগাইলি মোক ॥৪০

আমাৰ ভাইৰ,       লঙ্কেশ্বৰ দদাৰ,

কি ভৈলা আসাজ কায ।

আজি ধৰি সবে,       দুৰ্গতি খণ্ডাওঁ,

ধৰি আনো দেৱৰাজ ॥৪১

যূপাক্ষ নাম যে,       ৰাজাৰ মন্ত্ৰীয়ে,

হাতযোৰ বিনাৱয় ।

আনসে কাৰ্য্যত,       আথান্তৰ ভৈলা,

দেৱত নাহিকে ভয় ॥৪২

সীতাৰ হৰণ,       সন্তাপে ৰাঘৱে,

সাগৰে ভৈলন্ত পাৰ ।

পৰ্ব্বত আকাৰ,       বানৰ সকলে,

চৌভিতি বেঢ়ি লঙ্কাৰ ॥৪৩

আপনি জানাহাঁ,       ৰাৱণে ত্ৰৈলোক্য,

জিনিলা ঈষত কৰে ।

প্ৰাণৰ সংশয়,       মিলিলা ৰণত,

ভঙ্গাইলা ৰামৰ শৰে ॥৪৪

কিৰীটি কাটিয়া,       পেলাইলা ৰাঘৱে,

আসি ভৈলা জীৱমানে ।

তোমাক জগাইবে,       আমাক পঠাইল,

কৰন্ত চিন্তা আথানে ॥৪৫

কুম্ভকৰ্ণে বোলে,       ৰাজাৰ অসুখ,

আমিনো কিসক জীওঁ ।

ৰাম লক্ষ্মণক,       ৰণ মাজে মাৰি,

তপত ৰুধিৰ পীওঁ ॥৪৬

কতোহো বানৰ,       ভুঞ্জহোঁ কতোহোঁ,

পঠাঁও যম কৰণ ।

শত্ৰুক জিনিয়া,       প্ৰণামোহোঁ আসি,

দদাৰ দুই চৰণ ॥৪৭

এতেক শুনিয়া,       নৃপতিৰ পাত্ৰ,

মহোদৰে বিনাৱয় ।

তুমি যে শত্ৰুক,       জিনিবা ইহাত,

কিছুয়ে নাহি বিস্ময় ॥৪৮

তোমাক দেখিবে,       ৰাজাৰ মনত,

উদ্বেগ কৰিতে আছে ।

আগে নৃপতিৰ,       চৰণে প্ৰণামি,

ৰণক চলিয়ো পাছে ॥৪৯

মহোদৰ বোলে,       কুম্ভকৰ্ণ বীৰে,

হৰিষে গাৱ চালিল ।

সহস্ৰ কলস,       মদ্য পান কৰি,

ৰাজাৰ পাশে চলিল ॥৫০

লঙ্কাৰ গড় যে,       এক আণ্ঠু ভৈল,

আকাশ ছানিয়া যাই ।

হেৰ নিজ কালে,       পাইলেক বুলিয়া,

বানৰ ভাগি পলাই ॥৫১

কতোহোঁ ৰামত,       শৰণ পশয়,

কতো সাগৰান্ত লঙ্ঘে ।

কতোহোঁ বনত,       লুকাই থাকন্ত,

কতো পলাই ব্যুহ ভঙ্গে ॥৫২

কিনো বিপাঙ্গত,       প্ৰাণক সুজাইলো,

নেদেখিলোঁ বন্ধুলোক ।

তুমি সব জীৱ,       মানে পলাইবাহা,

হেৰা আসি পাইলে মোক ॥৫৩

ৰাঘৱে বোলন্ত,       মিত্ৰ বিভীষণ,

ত্বৰিতে দিয়া সিদ্ধান্ত ।

নাৰায়ণে যেন,       বলিক ছলিয়া,

আকাশ ছানিয়া যান্ত ॥৫৪

হেনতো শৰীৰ,       চক্ষু নেদেখিলো,

আমি নুশুনিলো কাণে ।

ইটো কোন বীৰ,       যাহাক দেখিয়া,

সৈন্য পলাই জীৱমানে ॥৫৫

ৰামৰ চৰিত্ৰ,       সাক্ষাতে অমৃত,

শুনা সভাসদ লোক ।

ত্যজি আন কাম,       বোলাঁ ৰাম ৰাম,

পুৰুষ উদ্ধাৰ হৌক ॥৫৬