জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক

ৱিকিউৎসৰ পৰা
ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


২৫ অধ্যায়


জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক ।


দুলৰি ।

এহি মতে পাছে,       কান্দিয়া সম্পাতি,

কিছু সন্ধুক্ষণ ভৈলা ।

অঙ্গদ প্ৰমুখ্যে,       বানৰ গণত,

কথা কহিবাক লৈলা ॥১

জানিলো আমাৰ,       মহাভাগ্য ভৈল,

দেখিলোঁ ৰামসেনাক ।

আমাৰ পূৰ্ব্বৰ,       কাহিনী কহওঁ,

শুনিয়োক সবে তাক ॥২

গৰুড়ৰ পুত্ৰ,       জটায়ু সম্পাতি,

সহোদৰ দুই ভাই ।

জানিবা স্বৰূপে,       এক খান দ্বীপে,

দুয়োহন্তে লৈলোঁ ঠাই ॥৩

দ্বীপৰ নিমিত্তে,       দুহানো দুৰ্ঘোৰ,

কন্দল ভৈল অপাৰ ।

পূৰ্ব্বে নুগুনিলোঁ,       আপুনি চিন্তিলোঁ,

দুয়ো আপোনাৰ মাৰ ৪

বসিয়া অজস্ৰ,       আঠাইশ সহস্ৰ,

ঋষি তপ কৰে যথা ।

অনন্তৰে দুয়ো,       ভাই দন্দ কৰি,

লৰিয়া গৈলোঁহো তথা ॥৫

দুভায়ো বচন,       বুলিলোঁ তেখন,

শুনিয়োক ঋষিগণ ।

শীৰ্ঘ্ৰে কহিয়োক,       দুভাইৰ মাজত,

বলৱন্ত কোন জন ॥৬

হেন বাণী শুনি,       যত মহামুনি,

সবাৰে মনত ভয় ।

যাক ছোট কৰোঁ,       সেহিজনে আসি,

ধৰিয়া খাইবে নিশ্চয় ॥৭

সবেও বোলন্ত,       তেবেসে কহিবোঁ,

দুইৰো পৰাক্ৰম জানি ।

এহি মতে মনে,       গুণি সাৰ কৰি,

সবে বুলিলন্ত বাণী ॥৮

ওপৰক হাত,       তুলি ঋষিসবে,

আমৰা দুইক দেখান্ত ।

দেখিয়োক দুয়ো-       ভাই সূৰ্য্য দেৱ,

ৰথে চড়ি লৰি যান্ত ॥৯

আগ হুয়া গৈয়া,       ইহান ৰথক,

পাৰহ যদি ছুইবাক ।

দুহানো মাজত,       বলতো অধিক,

সবহি বোলোহোঁ তাক ॥১০

হেন শুনি তেতি-       ক্ষণে দুয়ো ভাই,

কৰিলোঁ শীঘ্ৰে উৰাৱ ।

বৃক্ষ ছন্ন হয়,       শিখৰ খসয়,

লাগিয়া পাখাৰ ৰাৱ ॥১১

আতি ঋষাঋষি,       কৰি হিসাহিসি,

চলি যাওঁ দুই ভাই ।

আমাক দেখিয়া,       আদিত্য দেৱতা,

থাকিলা ৰথ ৰহাই ॥১২

কহিৰ পৰম,       দুষ্ট দুই পক্ষী,

আসে মোৰ অপঘাতে ।

কৰিয়া ক্ৰোধক,       অগ্নিৰ শৰক,

হানিলন্ত ধৰি হাতে ॥১৩

তিলেকো নাপেক্ষি,       অগ্নিশৰ দেখি,

জটায়ু গৈলেক ডৰি ।

ভয়ে তৰসিল,       শৰনে পশিল,

মোৰ চৰণত ধৰি ॥১৪

অনেক কাৰ্পণ্য,       কৰিয়া আমাক,

বুলিলেক প্ৰিয় ভাৱ ।

সোদৰক মহা-       আতুৰ দেখিয়া,

মোৰ নসহিল গাৱ ॥১৫

শুনিয়োক প্ৰাণ,       দাদা হেৰ মই,

বোলোঁ কৰি অঙ্গীকাৰ ।

তোমাৰ গাৱৰ,       পাখা যেবে নাসে,

যোগাইবোঁ আমি আধাৰ ॥১৬

হেন শুনি জটা-       য়ুক পাছ কৰি,

মেলি দিলোঁ দুই পাখা ।

অগ্নিশৰে মোৰ,       পাখা পুৰি গৈল,

ভৈয়াই ভৈগৈল ৰক্ষা ॥১৭

পাথি দগ্ধ হই,       অনন্তৰে মই,

পৰিলোহোঁ পৰ্ব্বতত ।

শৰীৰত বৰ,       পীড়াক লভিলোঁ,

মোৰ শ্ৰুতি ভৈল হত ॥১৮

পাছে কতো দিনে,       সন্ধুক্ষণ হুয়া,

পৰ্ব্বতে বসিয়া ৰৈলোঁ ।

কত ভাগ্য বশে,       অগস্তি ঋষিক,

মই দৰশন ভৈলোঁ ॥১৯

কাৰুণ্য কৰিয়া,       বুলিলোঁ মোহোৰ,

বচন শুনিয়ো ঋষি ।

তুমি সৰ্ব্বজান,       জীৱন মৰণ,

কৈয়ো মোৰ বিমৰিষি ॥২০

শুনি হাসি পাছে,       অগস্তি বুলিলা,

মোহোৰ মুখক চাই ।

গৰুড়ৰ পুত্ৰ,       শুনিয়ো সম্পাতি,

তোমাৰ মৰণ নাই ॥২১

এতিক্ষণে এহি,       স্থানে থাকা বসি,

হাজাৰ মান বত্সৰ ।

যতকালে পাখা,       নতো গজে মানে,

তোমাৰ ইটো গাৱৰ ॥২২

দশৰথ গৃহে,       অযোধ্যাত হৰি,

হুয়া ৰাম অৱতাৰ ।

সন্তক পালিবা,       দুষ্টক নাশিবা,

খণ্ডিবা ভূমিৰ ভাৰ ॥২৩

তাহানে ভাৰ্য্যাকে,       সীতাক হৰিয়া,

নিবেক ৰাজা ৰাৱণে ।

সীতাক খুজিতে,       ৰাম সেনাগণে,

আসিবেক এহি থানে ॥২৪

বালীৰ তনয়,       অঙ্গদ কুমাৰ,

বীৰ গনিতাতো সাৰ ।

যতেক কটক,       ভালুক বানৰ,

তেন্তে পাইবে অধিকাৰ ॥২৫

তাসম্বাৰ আগে,       কহিবি সকলে,

তোহোঁৰ বৃত্তান্ত কথা ।

তেক্ষণে খণ্ডিব,       তোহোঁৰ যতেক,

শৰীৰ দুঃখ ব্যথা ॥২৬

তোহোৰ যতেক,       নব্বৈ কোটি পাখা,

গজিয়া হৈব সম্পূৰ্ণ ।

এহি বুলি মোক,       মহা ঋষি পাছে,

গৈলা চলি তপোবন ॥২৭

ঋষিৰ বচনে,       জানিলোঁ নিশ্চয়,

মোহোৰ মৰণ নাই ।

কিন্তু বৰ দুখ,       হৈল আসি মোৰ,

আহাৰ পানী নপাই ॥২৮

ভাইয়ো এৰি মোক,       কৈকবা গৈলেক,

পুত্ৰো মোৰ নজানয় ।

অনন্তৰে মুণ্ড,       তুলিয়া দেখিলোঁ,

আসিল মোৰ তনয় ॥২৯

মোহোৰ অৱস্থা,       দেখি পুত্ৰে পাছে,

কৰিল বৰ বিলাপ ।

স্বস্থ হুয়া বোলে,       আহাৰক লাগি,

চিন্তা নকৰিবা বাপ ॥৩০

তোমাৰ আগত,       স্বৰূপ বচন,

বোলোঁ কৰি অঙ্গীকাৰ ।

নিতে সাত ঘটি,       বেলা হৈলে পিতৃ,

যোগাইবোঁ আনি আধাৰ ॥৩১

পুত্ৰ ভৈলে তাৰ,       পিতৃৰ সুশ্ৰূষা,

অৱশ্যে কৰিব লাগে ।

এতেকে তোমাক,       আধাৰ যোগাইবে,

পাইলোঁ আসি বৰ ভাগে ॥৩২