হনুমন্তৰ লঙ্কা যাত্ৰা
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৫ অধ্যায়
- হনুমন্তৰ লঙ্কা - যাত্ৰা ।
- পদ ।
অঙ্গদ জাম্বৱ মৈন্দ্য গৱাক্ষ গবয় ।
কেশৰী পনস নল নীল সমস্তয় ॥১
সবেহন্তে বোলে বাপু তুমি নাসা যেৱে ।
আমি ব্ৰত কৰিয়া থাকিবো একে পাৱে ॥২
বিচিত্ৰ পুষ্পৰ মালা এক দিল গঢ়ি ।
আশীৰ্ব্বাদ কৰিলন্ত সুমঙ্গল পঢ়ি ॥৩
দুই হাত পাতি হনুমন্তে তাক লৈল ।
লঙ্কাক যাইবাক হনুমন্ত সাজ ভৈল ॥৪
- ৬ অধ্যায়
- দুলৰি ।
ৰাম লক্ষ্মণক, সুগ্ৰীৱ বীৰক,
- কৰিয়া যেন সতকাৰ ।
বায়ুযে বাপক, অঞ্জনা মাৱক,
- প্ৰণামিলা সাতবাৰ ॥১
কেশৰী চৰণ, শিৰোগত কৰি,
- ত্ৰিদশ দেৱ ধিয়ায়া ।
মহেন্দ্ৰ শিখৰে, জন্তায়া বসিলা,
- লঙ্কাৰ দিশক চায়া ॥২
জাজ্জ্বল্য সমান, দুই চক্ষু জ্বলয়,
- মঙ্গল বুধৰ বৰ্ণ ।
পাছ দুই পাৱ, সম্ভৰ কৰিয়া,
- সঙ্কোচিত দুই কৰ্ণ ॥৩
সাগৰ লঙ্ঘিয়া, ডেৱ কৰিলন্ত,
- আপোন গাৱৰ বলে ।
সকলে গিৰিয়ে, টলবল কৰে,
- যেন দেখি যাই তলে ॥৪
বৃক্ষ সব যত, বায়ুৰ বেগত,
- লৰিল বীৰৰ তুলে ।
নক্ষত্ৰৰ পথ, জিকমিক কৰে,
- নানান বিচিত্ৰ ফুলে ॥৫
টাব টুব কৰি, সাগৰ মাজত,
- বৃক্ষ সব পৰে শিল ।
জীয়া জন্তু মানে, ত্ৰাসে পলাই,
- প্ৰলয় কাল মিলিল ॥৬
মত্স্য মগৰ, নাগে হুল স্থূল,
- হেৰাসি পাইলে গৰুড়ে ।
গহীন গভীৰ, জলত পশিল,
- পাতালক গৈল বুৰে ॥৭
হনুমন্ত বীৰ, শৰীৰ বেগত,
- সাগৰ জল উল্লাল ।
পৰ্ব্বত সদৃশ, ঢৌ উপলয়,
- নিৰ্ঘাত সম আম্ফাল ॥৮
হনুমন্ত বীৰ, লঙ্কাক যাহান্তে,
- মৰুত পথ আকাশে ।
দীঘল যে ত্ৰিশ, যোজন চলিয়া,
- দশ যোজনৰ পাশে ॥৯
হেন অদভুত, জনক দেখিয়া,
- বিস্ময় সকল জনে ।
গগনে মেঘযে, খণ্ড খণ্ড ভৈল,
- শৰীৰ বেগে পৱনে ॥১০
ত্ৰিদশে বোলন্ত, কহিবা সুৰসা,
- শুনিয়ো নাগৰ মাতা ।
হনুমন্ত বীৰ, লঙ্কাক যাহন্তে,
- পথত বিঘিনি পাতা ॥১১
তোমাৰ মায়াত, কমন বুদ্ধিয়ে,
- কিমতে এৰায়া যান্ত ।
তেবেসে জানিয়, বায়ুৰ নন্দন,
- ৰাম কাৰ্য্য সাধিবন্ত ॥১২
এতেক বচন, শুনিয়া সুৰসা,
- পাতিলে ৰাক্ষসী মায়া ।
সাগৰ মধ্যত, দুই পাৱ থাপিল,
- গগন মণ্ডল কায়া ॥১৩
মাৰুতিৰ দেখি, সুৰসা বোলয়,
- কৈক যাইবে তই আৰ ।
বিস্তৰ কালেসে, আধাৰ মিলিল,
- বদন কৈল বিস্তাৰ ॥১৪
হনুয়ে বোলন্ত, দক্ষৰ নন্দিনী,
- আমাক তুমি নিচিনি ।
ৰামদূত হুয়া, লঙ্কাক যাহাওঁ,
- কিসক পাতা বিঘিনি ॥১৫
মাৱে পু্ত্ৰ বিহা- ইলে বানৰা,
- মুখৰ যাস এৰায়া ।
পাছে ৰামে তোৰ, প্ৰতিকাৰ কৰোক,
- ক্ষুধা বঞ্চোঁ তোক খায়া ॥১৬
এতেক বচন, শুনি হনুমন্ত,
- ক্ৰোধত জ্বলি অপাৰ ।
কেন মতে তই, মোক গিলিবেক,
- বদন কৰ বিস্তাৰ ॥১৭
শুনিয়া সুৰসা, মুখ প্ৰকাশিল,
- দশ যোজনক যুৰি ।
হনুমন্ত বীৰ, শৰীৰ বঢ়াইল,
- হুই ভৈল যোজন কুৰি ॥১৮
সুৰসা ৰাক্ষসী, মুখ প্ৰকাশিল,
- ভৈগৈল যোজন ত্ৰিশ ।
হনুমন্ত বীৰে, কায়া বঢ়াইলন্ত,
- যোজন ভৈল চল্লিশ ॥১৯
পঞ্চাশ যোজন, যুৰিয়া সুৰসা,
- বানৰ ভুঞ্জিত মন ।
হনুমন্ত বীৰে, শৰীৰ বঢ়াইল,
- বহলে ষাঠি যোজন ॥২০
সত্তৰি যোজন, যুৰিয়া সুৰসা,
- থাকিল মুখ প্ৰকাশি ।
হনুমন্ত বীৰে, শৰীৰ বঢ়াইল,
- ভৈগৈল যোজন আশী ॥২১
নব্বৈ যোজনক, যুৰিয়া সুৰসা,
- বানৰ ভুঞ্জিত মন ।
হনুমন্ত বীৰ, কায়া বঢ়াইলন্ত,
- হুই গৈল শত যোজন ॥২২
বিস্ময় স্বৰূপে, সুৰসা বোলয়,
- কিনো বীৰ অতিৰেক ।
এতেক বুলিয়া, মুখ প্ৰকাশিল,
- যোজনহধিক শতেক ॥২৩
বিস্তাৰ বদন, দেখি হনুমন্তে,
- আঙ্গুষ্ঠ প্ৰমাণ হুয়া ।
পৱন সঞ্চাৰ, বেগ ধৰি আতি,
- গৰ্ভত পশিল গৈয়া ॥২৪
সুৰসা দেখিয়া, দশন জপাইল,
- জান্তিল বৰ সন্ধানে ।
বায়ুৰ তনয়, অঞ্জনাৰ সুত,
- বাজ হুয়া গৈল কাণে ॥২৫
উৰ্দ্ধত থাকিয়া, বুলিলন্ত দেবি,
- পালিলো বাক্য তোমাৰ ।
ৰামদূত হুয়া, চলিলোঁ লঙ্কাক,
- হেৰা মোৰ নমস্কাৰ ॥২৬
সুৰসা বোলয়, মই তুষ্টা ভৈলো,
- লঙ্কাক চলিয়া যাইবো ।
অব্যাহতে তুমি, সীতাৰ বাৰ্ত্তাক,
- ৰামত আসি জনায়ো ॥২৭
ত্ৰিদশ দেৱৰ, বচন পালিলোঁ,
- জানিলো বল অপাৰ ।
তিনিয়ো ভুবনে, তোমাৰ সদৃশ,
- নাহি বীৰ বলীয়াৰ ॥২৮
জয় ৰঘুকুল, কমল প্ৰকাশ,
- দিনকৰ সীতাপতি ।
তোমাৰ চৰণ, পঙ্কজত মন,
- মজোক মোৰ সম্প্ৰতি ॥২৯
তযু গুণ যশ, শ্ৰবণে থাকোক,
- মুখে নাছাৰোক নাম ।
দিয়া প্ৰভু মোক, সমাজিক লোক,
- ডাকি বোলাঁ ৰাম ৰাম ॥৩০
- ৭ অধ্যায়
- পদ ।
এহি বুলি গৈল তাই আকাশৰ পথে ।
স্বৰ্গত দেৱৰ আগে কহিল সমস্তে ॥১
সীতাক দেখিবে কিছু নাহিকে সংশয় ।
ত্ৰিদশৰ শুনিয়া কৌতুক জয় জয় ॥২
সাগৰে বোলন্ত শুনাঁ মৈনাক পৰ্ব্বত ।
সখীত্ব ভাৱত কিছু কৰিয়ো মহত ॥৩
হেৰা বায়ু তনয় লঙ্কাক লাগি যান্ত ।
গাৱ তোলা খানিতেকো কৰন্ত বিশ্ৰান্ত ॥৪
সাগৰৰ বাণী শুনি পৰ্ব্বতৰ ৰাজ ।
সমুদ্ৰক ভেদিয়া তেখনে ভৈল বাজ ॥৫
হনুমন্তে বোলে কিনো বিঘিনি মিলিল ।
একবাৰ এৰাইলোহোঁ সুৰসা গিলিল ॥৬
কিনো বেলা লৰিলোঁ কি মোৰ ললাট ।
পৰ্ব্বতে ভেটিল আসি মাৰুতৰ বাট ॥৭
লাঞ্জ বাৰি মাৰিলন্ত আকাশক গৈয়া ।
শিখৰ পৰিল গৈয়া চূৰ্ণীকৃত হুয়া ॥৮
মাৰুতিক সম্বুধিয়া বোলন্ত মৈনাক ।
বায়ুপুত্ৰে কিসক আমাক দিলা চাঙ্ক ॥৯
পঠাইলন্ত সাগৰে তোমাক উপকাৰে ।
পূৰ্ব্বত সম্বন্ধ আছে তোমাৰে আমাৰে ॥১০
গিৰিসৰ যৈসানি আছিল পক্ষধৰ ।
যৈত উৰি পৰে ছন্ন কৰয় নগৰ ॥১১
পুৰন্দৰে বজ্ৰহানি কাটিলন্ত পখা ।
সিকালত বায়ু ৰাজ মোৰ ভৈল সখা ॥১২
উৰুৱাই পেলাই আনি সাগৰৰ জলে ।
উপকাৰ থাকিল নগৈলো ৰসাতলে ॥১৩
সেহি হিত চিন্তিলোহোঁ খানিক জিৰোৱা ।
ফল মূল ভুঞ্জিয়া লঙ্কাক লাগি যোয়া ॥১৪
হনুমন্ত বদতি শুনিয়ো গিৰিবৰ ।
তোমাৰ কাহিনী শুনি আছো বহুতৰ ॥১৫
হেমৱন্ত সুত তুমি গৌৰীৰ সোদৰ ।
মৈনাক তোমাৰ নাম শাল শঙ্কৰৰ ॥১৬
নজানি তোমাক মই কৰিলো প্ৰহাৰ ।
অজ্ঞান দোষক তুমি ক্ষেমিয়ো আমাৰ ॥১৭
অনেক কাহিনী কথা কহিয়ো বিচিত্ৰ ।
হনুমন্ত সহিতে ভৈলন্ত মহামিত্ৰ ॥১৮
দুইকো দুই কাহিনী কহিল মনতুষ্টে ।
হনুমন্তে পৰশিলা বৃদ্ধ যে আঙ্গুষ্ঠে ॥১৯
হনুমন্তে ৰাম কাৰ্য্যে আকুলিত হুয়া ।
ছুটিল নৰাচ যেন নিকলিল গৈয়া ॥২০
হনুমন্তে যাহন্তে পৱন সম জোৰ ।
বেগ থিৰ ভৈল পৰৈ পাচাত আজোৰ ॥২১
বেগ থিৰ ভৈল মোৰ কিনো বিপৰীত ।
পেলাইল কাঙ্কৰ যেন সাগৰে চুহিত ॥২২
চতুৰ্দ্দিশে চাহিলন্ত উদ্ধৰ প্ৰদেশ ।
কিছু নেদেখিল তৈত বিঘিনিৰ লেশ ॥২৩
বিস্ময়ে গুণন্ত কপি সাগৰৰ মাজ ।
পূৰ্ব্বে কথা কহিল সুগ্ৰীৱ কপিৰাজ ॥২৪
হেট মাথা কৰি দেখে সাগৰক চাহি ।
ছায়াত ধৰিয়া টানি নেই ছায়াগ্ৰাহী ॥২৫
ছায়াত ধৰিয়া মোক নেস গিলিবাক ।
আপোনাৰ প্ৰতিকাৰ কৰোঁ থাক থাক ॥২৬
পৰ্ব্বত সমান কৰি শৰীৰ বঢ়াইল ।
দেখি আষাৰিকা কৌতুক বৰ পাইল ॥২৭
তোক দেখি আজি মই ভৈলোঁ মহাতুষ্ট ।
চিৰকালে আহাৰ মিলিল হৃষ্ট পুষ্ট ॥২৮
এহি বুলি আষাৰিকা গগনে উধাইল ।
পাতাল সদৃশ কৰি বেণ্ট গোট বাইল ॥২৯
পৰ্ব্বত সমান জিহ্বা বদনে লৰয় ।
বিকট দশন যেন শূলৰ আলয় ॥৩০
সামৰ সামৰ আষাৰিকা নিশাচৰী ।
এহি বুলি হনুমন্ত হ্ৰস্ব দেহা কৰি ॥৩১
গৰ্ভত পশিলা গৈয়া আতি বৰ ওগে ।
উসসিল পেট যেন জলন্ধৰ ৰোগে ॥৩২
গৰ্ভত পশিয়া বীৰে কৰি মহাকোপে ।
নাৰিচয় চিৰিয়া গলত দিলা শোপ ॥৩৩
কৰে চট্ পট্ তাই নপাৱে উশ্বাশ ।
চক্ষু উলটায়া ঘোৰ তেজিলে আটাস ॥৩৪
নখ দুই ফুলিলন্ত হৃদয়ৰ মাজ ।
মৰ্ম্মথান ভেদি কপিৰাজ ভৈল বাজ ॥৩৫
প্ৰলয়ত যেন মেৰু পৰ্ব্বত টলিল ।
আষাৰিকা কতো দূৰ যুৰিয়া পৰিল ॥৩৬
হনুমন্ত বীৰৰ দেখিয়া পৰাক্ৰম ।
দেৱ মুনি গন্ধৰ্ব্বে সুমৰে ধৰ্ম্ম ধৰ্ম্ম ॥৩৭
মাৰিল যতেক তাই নাই আদি অন্ত ।
কল্যাণে আসন্তো বীৰসিংহ হনুমন্ত ॥৩৮
ইন্দ্ৰ আদি কৰি যাক ত্ৰিদশে ডৰান্ত ।
অনেক দূৰৰ পথ পবনো নযান্ত ॥৩৯
হেন জগতৰ বৈৰ মাৰিল বানৰে ।
কীৰ্ত্তি থাকিলেক যাৱে চন্দ্ৰ দিবাকৰে ॥৪০
আকাশত শুনিলন্ত কাহিনী কহন্তে ।
ত্ৰিদশৰ বৈৰক মাৰিলা হনুমন্তে ॥৪১
দেৱতাৰ প্ৰসঙ্গতে কৌতুকক পাইল ।
আকাশ গমনে কপি সমুদ্ৰ ছেৰাইল ॥৪২