ৰামক বিভীষণৰ প্ৰবোধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৩ অধ্যায় ।
ৰামক বিভীষণৰ প্ৰবোধ ।
প্ৰণামি বোলন্ত দশগ্ৰীৱৰ কনিষ্ঠ ।
কি কাৰণে দেখোঁ দুয়ো ভাই শোকাবিষ্ট ॥১
সেনা থিৰ কৰিবাক পঠাইলা আমাক ।
প্ৰতি প্ৰতি কৰিয়া খাপিলো সেনা জাক ।২
কিবা আথান্তৰ ঐত মিলিলা আৱৰ ।
সুগ্ৰীৱক আদি কৰি সমস্তে বানৰ ॥৩
লক্ষ্মণে বোলন্ত শুনিয়োক বিভীষণ ।
তুমি নতো শুনা তেবে ইসব বচন ॥৪
যাৰ কাযে এত লোক দুখ নিতে নিত ।
ৰণমাজে সীতাক কাটিলা ইন্দ্ৰজিত ॥৫
বিভীষণে বোলয় হেন কি পতিয়াহা ।
ইসব কথাক নিয়া দূৰত থৱাহা ॥৬
প্ৰাণান্তিক ভৈলোয়ো নৃপতি লঙ্কেশ্বৰ ।
নসম্পিব সীতা হেন আমাত গোচৰ ॥৭
আপনি জানাহা মই সহোদৰ ভাই ।
আমাক ত্যজিলা দাদা জানকীক পাই ॥৮
যুক্তি যোগ্য বোল যত বুলিলো দাদাক ।
সবাহান হিতে জানকীক সম্পিবাক ॥৯
আমাৰ ভাতিজা ইন্দ্ৰজিত দুষ্ট চিত্ত ।
উপায় কৰিলা সিটো তোমাক জিনিত ॥১০
মায়াসীতা কাটি গৈলা সসৈন্য ত্বৰিত ।
নিকুম্ভিলা বটে যজ্ঞ কৰয় নিশ্চিত ॥১১
নানা মন্ত্ৰ পঢ়ি মন্ত্ৰ দিব অগনিত ।
দিব্য বাজী সমে ৰথ হৈব উপস্থিত ॥১২
ব্ৰহ্মাক আৰাধি দেৱতাত পাই বৰ ।
ৰথে সমে অৱশ্যে আসিব নিশাচৰ ॥১৩
ব্ৰহ্মা বৰ দানে যজ্ঞ কৰয় নিশ্চয় ।
যজ্ঞ সমাপিলে হইব ত্ৰৈলোক্য বিজয় ॥১৪
ব্ৰহ্মঅস্ত্ৰ আপুনি হৈবেক উপস্থিত ।
ৰথ খান পাইবে জগতত অবিদিত ॥১৫
এহি মতে গুণি ইন্দ্ৰজিত বীৰবৰে ।
মায়াসীতা সাজি সিটো আনিলা, সমৰে ॥১৬
মায়াসীতা কাটিলেক খৰ্গ ধৰি কৰে ।
সমৰৰ বিঘ্নি আচৰিয়া যজ্ঞ কৰে ॥১৭
সেহি যজ্ঞৱত পাইবেক ৰথবৰ ।
সেহি ৰথে চড়ি আসিবেক নিশাচৰ ॥১৮
যতমান বীৰে কেহোঁ বধন নযাই ।
অযুতে নিযুতে তাক খুজিয়া নপাই ॥১৯
যাৱে নতো বীৰে যজ্ঞ সমাপত কৰে ।
হেন কালে তাক যিটো মাৰিবাক পাৰে ॥২০
তাহাৰ হাততে সিটো যাইব যমপোহে ।
হেন বৰ ছিদ্ৰ তাৰ থৈলা পিতামহে ॥২১
মায়াসীতা স্ৰজিলেক নকৰিয়ো শাক ।
ইন্দ্ৰজিত বধিতে উদ্যত কৰিয়োক ॥২২
ইন্দ্ৰজিত বীৰক মাৰক লখমন ।
যাবদেকে নকৰে যজ্ঞক সমাপন ॥২৩
সুগ্ৰীৱ সহিতে তুমি ঐত থাকিয়োক ।
আমি সমে লক্ষ্মণক অনুজ্ঞা দিয়োক ॥২৪
সত্বৰে দিয়োক কাৰ্য্য বৰ অতিৰেক ।
ইহান হাততে ইন্দ্ৰজিত পৰিবেক ॥২৫
শ্ৰীৰামে বোলন্ত কিনো বুলিলা বচন ।
সীতাৰ সন্তাপে মই নপাওঁ চেতন ॥২৬
সেহি কথা পুনশ্চ কৰিলা বিভীষণে ।
লক্ষ্মণক বুলিলা ৰাৱণি বধ মনে ॥২৭
ৰাঘৱে বোলন্ত বাপু মোৰ বোল বুজা ।
মায়াবী ৰাক্ষস সিটো অবহিতে যুজা ॥২৮
আপুনি জানাহা ৰাৱণিৰ কূট বুদ্ধি ।
তোমাক আমাক যেনমতে গৈলা ৰুধি ॥২৯
বিভীষণ তুমি লক্ষ্মণৰ লগে যাহা ।
সমৰ ভূমিত উপদেশ বুলিবাহা ॥৩০
ৰামদেৱে লক্ষ্মণক ধৰি আলিঙ্গিলা ।
আশীৰ্ব্বাদ কৰিয়া বিজয় যাত্ৰা দিলা ॥৩১
লক্ষ্মণৰ লগত চলিয়ো হনুমন্ত ।
সেনাগণ লৈয়া আৰো যায়ো জাম্বৱন্ত ॥৩২
এহি বুলি ৰামদেৱে আদেশ কৰিলা ।
সসৈন্য সহিতে সবে তেখনে লৰিলা ॥৩৩
ৰামৰ চৰণ ৰেণু মাথে তুলি লৈলা ।
শীঘ্ৰ গমনে ৰণভূমি প্ৰবেশিলা ॥৩৪
দূৰতে দেখিলা যাই ৰাৱণিৰ দল ।
নিসন্ধি কৰিয়া আছে ৰাক্ষস সকল ॥৩৫
বিভীষণে বুলিলন্ত শুনিয়ো লখাই ।
সসৈন্য সহিতে বীৰ আছে এহি ঠাই ॥৩৬
নিকুম্ভিলা নামে দিব্য বট বিদ্যমান ।
ইন্দ্ৰজিত ৰঙ্গে যজ্ঞ কৰে সেহি থান ॥৩৭
যাৱদেকে বীৰে যজ্ঞ সমাপন কৰে ।
সৈন্য ভঙ্গায়োক ঝাণ্টে সানাই বাৰ শৰে ॥৩৮
সবাৰো মাজত পাছে দেখিবাহা তাক ।
কৃত্যক সমাপি বীৰে ধাইবেক তোমাক ॥৩৯
মেঘনাদে পাৱে যদি কৃত্য সমাপিত ।
ব্ৰহ্মঅস্ত্ৰ পাইলে পাৰে ত্ৰৈলোক্য জিনিত ॥৪০
অন্তৰীক্ষ ৰথে চড়ি তিনি লোক দহে ।
হেন অগোচৰ বৰ দিলা পিতামহে ॥৪১
যজ্ঞ সমাপতি কৰিবাক নপাৰক ।
শীঘ্ৰে নিকুম্ভিলা বট মূলক যায়োক ॥৪২
অন্যায় যুদ্ধত বৰ কৌশল পাপিষ্ঠ ।
ন্যায় যুজে মাৰাঁ আক ৰামৰ কনিষ্ঠ ॥৪৩
হেন শুনি লক্ষ্মণে শৰ জাক দিল ।
বানৰ ভালুকে বৃক্ষ শিলা বৰিষিল ॥৪৪
গলত কামোৰ দিয়া ভালুকে আছাৰে ।
তেজ পান কৰিয়া অসংখ্য কৌটি মাৰে ॥৪৫
কতোহোঁ বানৰে ৰাক্ষসৰ ধৰি গলে ।
চৱৰ প্ৰহাৰে মুঠি ছোটে মথা ফালে ॥৪৬
কতো কতো বানৰে মাৰয় লাঠিকিলে ।
ঘোৰাকাটি কোমোৰাটা কৰে তৰুশিলে ॥৪৭
ৰাক্ষসৰ সেনা ৰিঙ্গ দিয়া বলে নাচে ।
কতো শূল শকতিৰ প্ৰহাৰে নৰাচে ॥৪৮
গদা মুদ্গৰ বাৰি পৰিঘৰ ঘাৱে ।
অসংখ্যাত ভালুক পেশিলা যমঠাৱে ॥৪৯
দুয়ো ভিতি সেনাসব আন্দোলা আন্দোলি ।
ভূমিত পেলায়া মাৰে পাঞ্জৰক ফুলি ॥৫০
নখে দান্তে বিদাৰিয়া যমক পেশয় ।
অসংখ্যাত বানৰ ৰাক্ষস গৈলা ক্ষয় ॥৫১
লখমণ বিভীষণ আৰো জাম্বৱন্ত ।
আন সেনা সব মুখ্য মুখ্য বলৱন্ত ॥৫২
হনুমন্তে ভঙ্গাইলা আৱৰ ভিতি পশি ।
নিশাচৰ বল ভাঙ্গি পলাইল তৰসি ॥৫৩
কতো সেনা পলাই যাই মহা ভয় মন ।
যজ্ঞ এৰি ইন্দ্ৰজিত কৰিলা গমন ॥৫৪
ৰথত চড়িলা বায়ুবেগে চাৰি বাজী ।
সবে অস্ত্ৰ শস্ত্ৰ নিবন্ধিয়া আছে সাজি ॥৫৫
বৃক্ষ হানি কপি বলে আকাশক ছাইল ।
শৰে হানি ইন্দ্ৰজিত কাটিয়া পেলাইল ॥৫৬
সেনাগণ পালটিয়া ৰাৱণিত গহে ।
বানৰৰ ভালুক প্ৰহাৰ বৰে সহে ॥৫৭
হনুমন্তে শালবৃক্ষ লৈলন্ত উপাৰি ।
সেনাৰ মাজত পশি কোবাৱন্ত বাৰি ॥৫৮
একৈক প্ৰহাৰে বীৰে অনেক মাৰন্ত ।
অন্তকালে যমে যেন প্ৰজা সংহাৰন্ত ॥৫৯
কোপে প্ৰকাশন্ত যেন অগনি সদৃশ ।
আপনি শৰক ধৰি কৰে আসৰিস ॥৬০
লাঙ্গুলে মেঢ়ায়া কতো কতো আছাৰিল ।
কৰে ধৰি আম্ফালিয়া অনেক মাৰিল ॥৬১
ইন্দ্ৰজিতে বোলয় মাৰোহোঁ থাক থাক ।
মাৰুতিৰ কোল ঝাণ্টে ছপায়ো আমাক ॥৬২
এহিসে অজয় বীৰ কাকো নাহি শঙ্কা ।
একেশ্বৰে আসি ইটো পুৰি গৈলা লঙ্কা ॥৬৩
সাৰথিয়ে ৰথ আনি চপাইলা সন্নিত ।
হনুমন্তে বোলন্ত শুনৰে ইন্দ্ৰজিত ॥৬৪
যেনমতে বাসৱক জিনিলি ৰাক্ষস ।
সি সব শকতি আজি আমাত দৰশ ॥৬৫
বায়ুৰ পুত্ৰৰ শকতিক আজি বুজ ।
ৰাক্ষসৰ মায়া এৰি ন্যায় যুজে যুজ ॥৬৬
কোলাহলে মল্ল বান্ধে মোহে অস্ত্ৰঘাৱ ।
যেতে তেনে মোক জিনি মুনিষ বোলাৱ ॥৬৭
এহি বুলি কোপ কৰি বীৰ হনুমন্ত ।
নানাবিধ বৃক্ষ শিলা অস্ত্ৰ বৰিষন্ত ॥৬৮
বৃক্ষ বৃষ্টি ভৈলা দেখি ইন্দ্ৰজিত বীৰে ।
শৰ সহস্ৰেক তাৰিলেক দৃঢ়তাৰে ॥৬৯
মহা কোপে ইন্দ্ৰজিত জপাইলেক ৰণ ।
লক্ষ্মণক সম্বুধি বোলন্ত বিভীষণ ॥৭০
দেখিয়ো লক্ষ্মণ হেৰা ৰাৱণৰ সুত ।
বায়ুৰ পুত্ৰক ধাইলা ক্ৰোধে যম দূত ॥৭১
এহিত সময় জানা আক মাৰিবাৰ ।
নিৰ্দ্দয় স্বৰূপে শৰ কৰিয়ো প্ৰহাৰ ॥৭২
যজ্ঞ এৰি গৈলা বীৰ সমৰক গহে ।
এহি সময়ত ছিদ্ৰ থৈলা পিতামহে ॥৭৩
ইন্দ্ৰজিতে হনুমন্তে ভৈলা ঘোৰ ৰণ ।
যজ্ঞৰ শালাক দৰশন্ত বিভীষণ ॥৭৪
দেখিয়ো লক্ষ্মণ হেৰা গণপতি ঘট ।
কাল মেঘ খণ্ড যেন নিকুম্ভিলা বট ॥৭৫
যজ্ঞৰ সঞ্চাৰ মানে থানে থানে থৈল ।
আধা যজ্ঞ কৰি বীৰে যুজিবাক গৈল ॥৭৬
সমাপতি কৰি যেবে বট মূল পাৱে ।
একেশ্বৰে মায়াযুজে ত্ৰৈলোক্য ভঙ্গাৱে ॥৭৭
বিভীষণে বোলন্ত শুনিয়ো কপিগণ ।
যজ্ঞশালা ভাঙ্গিবাক কৰিয়ো যতন ॥৭৮
বিভীষণ বচনক শুনিয়া বানৰে ।
যজ্ঞৰ শালাক বেঢ়িলন্ত নিৰন্তৰে ॥৭৯
তৰল বানৰ বলে যজ্ঞ শালা পাইল ।
যত উপকৰণক ভাঙ্গিয়া পেলাইল ॥৮০
দধি দুগ্ধ মধু হাণ্ডি হাণ্ডি পীল ।
ঘৃতৰ কলসি তুলি মুখত বাকিল ॥৮১
আম জাম পনিয়ল নানাবিধ ফল ।
আথে বেথে গিলে কতো দশ নৈয়া কল ॥৮২
কিছু কিছু কৰিয়া কতোহোঁ উকিপাৰে ।
ৰাক্ষসগণক যজ্ঞদাৰু হানি মাৰে ॥৮৩
লক্ষ্মণে আটোপ কৰি ধনুৰ্গুণ মাজি ।
দৃঢ় মুঠি ধনু ধৰি সমৰক সাজি ॥৮৪
সম্বুধি বোলন্ত অৰে শুন ইন্দ্ৰজিত ।
সংগ্ৰাম দিবাক লাগি দৃঢ় কৰা চিত্ত ॥৮৫
বিভীষণে চিনাইলেক ইঙ্গিততে জানি ।
কোপে মেঘনাদে হেন বুলিলেক বাণী ॥৮৬
বাপৰ কনিষ্ঠ তুমি সোদৰ খুড়াই ।
কতমান যশ পাইবা ভাতিজা মৰাই ॥৮৭
তুমি মহা পাপিষ্ঠ সে মোহোৰ খোৰত ।
কত ধৰ্ম্ম পাইবা মোৰ চিন্তিয়া বিঘাত ॥৮৮
কতেক বৰ্ণাইবা গুণ অধম খুৰাৰ ।
পুত্ৰক মৰাইবে প্ৰতি মন ভৈলা যাৰ ॥৮৯
বংশ দ্ৰোহ কৰিলাহা ব্ৰত ভৈলা ছন্ন ।
হেনসে নিৰ্দ্দয় ভৈলা নিকাৰুণ মন ॥৯০
দেশৰ ডাকিলা বাপে জানি মন্দ ভাৱ ।
লঙ্কাক চাহিয়া আৰে পোৰে সৰ্ব্ব গাৱ ॥৯১
যি বংশত উপজিলা তাকে কৰা ক্ষয় ।
অগনি উপজি যেন কাষ্ঠক দহয় ॥৯২
যদি মোৰ পিতৃ তোৰ নোহে গুণৱন্ত ।
অপৰ যতেক জনে গুণ বখানন্ত ॥৯৩
তথাপি তোমাক হিত বোলোঁ খুৰা শুন ।
যিটো পৰ পৰ সিটো নোহয় আপন ॥৯৪
মোৰ পিতা তযু পিতৃ সম জেষ্ঠ ভাই ।
তেজিলা সমস্তে বন্ধু ৰাঘৱক পাই ॥৯৫
আমাৰ মৰণে কেনে তোমাৰ বাঞ্ছিত ।
বিশ্বাসঘাতক কথা কহিলা বৈৰত ॥৯৬
তোমাৰ সমান আছে কোন মন্দ বুদ্ধি ।
বৈৰৰ সেৱক ভৈলা আমাত নুসুধি ॥৯৭
বিভীষণে বোলন্ত ভাতিজা ইন্দ্ৰজিত ।
ছোট কালে তই গুৰু গৰ্ব্বী অবিনীত ॥৯৮
পিতা পুত্ৰে তোহোৰা প্ৰধান অধাৰ্ম্মিক ।
পৰবৰ্ত্তে বোলে মোক নিন্দিলাহাঁ কিক ॥৯৯
পুলস্তি ঋষিৰ বংশে উতপতি হুয়া ।
বাহুৰ প্ৰসাদে তিনি ভুবন বৰায়া ॥১০০
কমন নৃপতি হেন মন্দ কথা ছৰি ।
দেৱ গন্ধৰ্ব্বৰ নাৰী আনিলেক হৰি ॥১০১
জগত প্ৰসিদ্ধ ৰাম তান ভাৰ্য্যা হৰে ।
দেৱ ঋষি সবৰ সদায় দ্ৰোহ কৰে ॥১০২
হেন জানি এৰিলোহোঁ তোমাৰ পিতাক ।
আউৰ উপালন্ত কেনে বোলাহাঁ আমাক ॥১০৩
ঋষিৰ যজ্ঞক ভুঞ্জি কৰিলেক নষ্ট ।
বিশিষ্ট জনৰ জ্বালিলাহা মন কষ্ট ॥১০৪
ত্ৰৈলোক্যৰ লোকক কম্পাইল থিউ দণ্ডে ।
বাপ পুতে যাইবি তোৰা নৰক প্ৰচণ্ডে ॥১০৫
পতিব্ৰতা সীতা দেবী হৰি আনিলেক ।
দিবাক বুলিলোঁ তাক কাণ নেদিলেক ॥১০৬
হিত বোল বোলন্তে বসতি নাশ ভৈল ।
লাঠি মাৰি আমাক দেশৰ বাজ কৈল ॥১০৭
ৰামৰ চৰিত্ৰ শুনিয়োক সৰ্ব্বজন ।
কেতিক্ষণে কৈত মিলে দুঃসহ মৰণ ॥১০৮
নজানি ইহাক জন্ম যাই আলে জালে ।
ৰামৰ চৰণ ভজা যাৱে আছা ভালে ॥১০৯
ভাৰতবৰিষ পাইলে হেলা নুযুবাই ।
কেতিক্ষণে পৰে ইটো নৰতনু কাই ॥১১০
আকে জানি সমস্তে এৰিয়ো আন কাম ।
মাধৱ কন্দলী ভণে বোলাঁ ৰাম ৰাম ॥১১১