আদিকাণ্ড
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৰামায়ণ।
- আদিকাণ্ড।
- ১ম অধ্যায়
- বন্দনা।
- শ্ৰীকৃষ্ণায় নমঃ।
ৰামায় ৰামচন্দ্ৰায় ৰামভদ্ৰায় বেধসে।
ৰঘুনাথায় নাথায় সীতায়াঃপতয়ে নমঃ॥
জয় জয় কৃষ্ণ দেৱ দৈবকী নন্দন।
ব্ৰহ্মা হৰে কৰে যাৰ চৰণে বন্দন॥১
আতি অন্ত্য জাতি তৰে যাৰ লৈলে নাম।
হেন কৃষ্ণ পদে কৰোঁ সদাই প্ৰণাম॥২
নমো নমো ৰাম ৰঘুকুলৰ কমল।
কৰয়ো প্ৰকাশ নিজ যশ সুনিৰ্ম্মল॥৩
পুৰিলাহা যিতো জগতৰ মনকাম।
হেন ৰাম পদে কৰোঁ সদাই প্ৰণাম॥৪
একে ব্ৰহ্ম আসি চাৰি মূৰ্ত্তি অৱতৰি।
হৰিলা ভূমিৰ ভাৰ ৰাক্ষস সংহৰি॥৫
ব্ৰহ্মা আদি দেৱৰ সাধিলা প্ৰয়োজন।
প্ৰণামো সাদৰে হেন ৰামৰ চৰণ॥৬
নিজ গুৰু চৰণত কৰি নমস্কাৰ।
ৰচিলোঁ মাধৱে আদ্য কাণ্ড কথা সাৰ॥৭
আচৰি মঙ্গল গুণ কীৰ্ত্তন কৃষ্ণৰ।
কৃষ্ণক স্মৰণে সিদ্ধি হৌক আৰম্ভৰ॥৮
বোলোঁ কৃতাঞ্জলি শুনা সবে সভাসদ।
মহা মূঢ় হুয়া কৰোঁ ৰামায়ণ পদ॥৯
পৰম চঞ্চল মই অধমৰ দোষ।
ক্ষেমিবা সকলে নকৰিবা অসন্তোষ॥১০
নাহিকে কবিতা গুণ নুহিকোঁ পণ্ডিত।
তথাপিতো ভৈলা পদ কৰিবাক চিত্ত॥১১
মহাভোগ ইচ্ছা যেন ভৈলা দৰিদ্ৰৰ।
মই অজ্ঞানীৰ জানা সেহি পটন্তৰ॥১২
জানি মহাজনে নিন্দা নকৰিবা আত।
কৰোঁ হেৰা মই কৃতাঞ্জলি প্ৰণিপাত॥১৩
যেই সেই বিকে যেন অমূল্য ৰতন।
তাক বাছি আছে জানা কোন মহাজন॥১৪
মোৰ পদ পটন্তৰ যেন হীন জাতি।
ৰামৰ চৰিত্ৰচয় মহাৰত্ন আতি॥১৫
মোৰ পদ জানি দোষ কৰি পৰিহাৰ।
লৈয়ো ৰাম গুণময় মহাৰত্ন সাৰ॥১৬
তেবেসে কলিত হৈবা কৃতাৰ্থ সম্প্ৰতি।
ৰাম কথা শুনি অনায়াসে পাইবা গতি॥১৭
উত্তম মনুষ্য জন্ম নকৰিয়ো বৃথা।
এক চিত্ত মনে শুনা ৰামায়ণ কথা॥১৮
মহা ঋষি বাল্মীকিৰ নিৰ্ম্মল হৃদয়।
কৰিলা লোকক মহা কৃপা কৃপাময়॥১৯
ৰাম কথা অমৃতক কৰি মহাদান।
সাধিলন্ত জগতৰ পৰম কল্যাণ॥২০
এক দিনা বাল্মীকি উঠিয়া প্ৰভাতত।
স্নান কৰিবাক প্ৰতি গঙ্গাৰ জলত॥২১
শিষ্য ভৰদ্বাজক বুলিলা ঋষিৰাজ।
সত্বৰে লৈয়োক স্নান কৰিবাৰ সাজ॥২২
শুনি ভৰদ্বাজ সাজ লৈলা তেতিক্ষণে।
স্নানিবাক লৰিলা সমন্তে ঋষিগণে॥২৩
স্নানিতে লাগিলা ঋষি গঙ্গাৰ জলত।
দেখিলন্ত ক্ৰৌঞ্চ পক্ষী বৃক্ষৰ ডালত॥২৪
পৰম হৰিষে পক্ষী কৰয় সঙ্গম।
ব্যাধ গোটে আসি পশিলেক যেন যম॥২৫
সঙ্গম সময়ে দুষ্টে পক্ষীক হানিল।
দেখি বাল্মীকিৰ মহা কৰুণা মিলিল॥২৬
মহা ক্ৰোধে ব্যাধক বুলিলা ঋষিৰাজ।
শুনৰে অধম কিলো কৰিলি অকাজ॥২৭
সঙ্গম কৰোঁতে পক্ষীক কৰিলি সংহাৰ।
চিৰকাল নৰকে পচিবি দুৰাচাৰ॥২৮
ইহ লোকে দুৰ্যশ থাকিবে বৰ তোৰ।
মোহ হুয়া কৰ্ম্ম তই কৰিলি দুৰ্ঘোৰ॥২৯
এহি বুলি মনে ঋষি কৰন্ত বিষাদ।
অকস্মাতে আসি কিনো দেখিলোঁ প্ৰমাদ॥৩০
স্নান কৰি জলহন্তে উঠি তপোধন।
শিষ্য সমে কৰিলন্ত গৃহক গমন॥৩১
ঘৰে আসি বসি মুনি গুণন্ত মনত।
কেন মতে বাক্য মোৰ বজাইল মুখত॥৩২
চাৰি পদ হুয়া মোৰ আসিল বচন।
শ্লোক নামে ইহাকে বুলিয়ো সৰ্ব্বজন॥৩৩
বাল্মীকিৰ মুখে ভৈল বচন উত্তম।
শ্লোক নামে কবিতা শুনন্তে মনোৰম॥৩৪
মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বাতীঃ সমা।
যত্ ক্ৰৌঞ্চমিথুনাদেকমবধিঃ কামমোহিতম্॥