হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৪ অধ্যায়
হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ ।
অক্ষযে কুমাৰে প্ৰবেশিল সমৰত ।
মাৰুতিক দেখিলে তোৰণ ওপৰত ॥১
হনুমন্তে ডেৱ দিলা মাৰুতৰ পথে ।
ৰাজাৰ কুমাৰ পাছে পাছে খেদে ৰথে ॥২
বৰদত্ত বাণ বৰিষয় নিৰন্তৰ ।
দশো দিশ ঢাকিলেক বায়ুৰ পুত্ৰৰ ॥৩
মেঘে যেন বৰিসিল অসংখ্যাত শৰে ।
নিৰন্তৰে থাসিলেক অক্ষ যে কুমাৰে ॥৪
তেজে তোলবোল ভৈল সবে কলেৱৰ ।
মনে মনে গুণিতে লাগিল কপিবৰ ॥৫
কিনো ইটো বীৰ দেখোঁ প্ৰচণ্ড প্ৰতাপ ।
ভালেতো দেৱক ইটো জনালেক কাপ ॥৬
ইহেন বীৰক যেবে নমাৰোঁ সত্বৰে ।
উপেখিলে ব্যাধি যেন বাঢ়ে আথান্তৰে ॥৭
এহি বুলি ৰথে তাৰ চাপৰেক দিল ।
ৰথ ভাগি চাৰি ঘোঁড়া সাৰথি মৰিল ॥৮
সত্বৰ গমনে যাই বায়ু পথ ভেদি ।
খাণ্ডা ধৰি প্ৰহাৰ দিবাক যাই খেদি ॥৯
বামে শত্ৰুচাপ সম ধনুৰ প্ৰকাশ ।
দক্ষিণত ফিৰাৱে তীখান্ চন্দ্ৰহাস ॥১০
দেখ নেদেখ বেগে বায়ুসুত কপি ।
একে হাতে দুই পাৱ ধৰিলেক চাপি ॥১১
একে হাতে বলে তুলি আলগাইল তাক ।
অক্ষয় ফুৰায় যেন কুমাৰৰ চাক ॥১২
অসংখ্যাত পাক তাক দিল টান কৰি ।
ৰাজাৰ কুমাৰ গৈল আকাশতে মৰি ॥১৩
পৃথিবীত আছাৰিল মৰা কলেৱৰ ।
চূৰ্ণীকৃত হুয়া গৈল অস্থি যে পাঞ্জৰ ॥১৪
হাত খান ছিৰি মাথা গোট ভৈল চূৰ ।
ৰাজাৰ কুমাৰ চলি গৈল যমপুৰ ॥১৫
ৰাজাৰ কুমাৰ অক্ষ যেতিয়া পৰিল ।
কতো দূৰ মানে মহী মন্দৰো লৰিল ॥১৬
কুমাৰৰ বধ ৰাজা শুনিল অনিষ্ট ।
ৰাৱণ নৃপতি বৰে ভৈল শোকাবিষ্ট ॥১৭
ঢলিয়া পৰিল ৰাজা সিংহাসন হন্তে ।
হা পুত্ৰ বুলি ৰাজা থাকিল কান্দতে ॥১৮
কৈক গৈলে কুমাৰ নন্দন হৰি হৰি ।
শুনি কেন মতে জীৱ মাৱ মন্দোদৰী ॥১৯
গন্ধৰ্ব্বক জিনি বাপ বৰ যশ পাইলে ।
বানৰ গোটৰ হাতে প্ৰাণ হৰুৱালে ॥২০
মাৱবৰ দক্ষিণ মোহোৰ ফন্দে বাম ।
আজি ধৰি গুচাইলে আচুতকুখী নাম ॥২১
দুয়োহন্তো পুৰি মৰোঁ প্ৰিয় পুত্ৰশোকে ।
বুলিয়ো প্ৰবোধ মন্দোদৰীক মোহোকে ॥২২
তই বিনে দশো দিশে দেখোঁ অন্ধকাৰ ।
তোৰ শোক শেলে দাৰে হৃদয় আমাৰ ॥২৩
কৈৰা ইন্দ্ৰজিত কুল নন্দন কুমাৰ ।
ঝাণ্ট কৰি হৃদয়ৰ শৈল্যক উদ্ধাৰ ॥২৪
যতেক পঠাইলোঁ বাপ পৰিলেক ৰণে ।
বানৰাক বান্ধি বাপ আন এতিক্ষণে ॥২৫
তোৰ আগে বানৰা কমন বস্তু হোৱে ।
সমুখ সমৰে তোত হাৰিল বাসৱে ॥২৬
অনেক প্ৰকাৰে গুণি কৰিলোঁহো থিৰ ।
বানৰাক যুজন্তা লঙ্কাত নাহি বীৰ ॥২৭
তুমিতো বীৰতো বীৰ ত্ৰৈলোক্যতে সাৰ ।
ধৰিবে নোৱাৰ যেবে সমৰতে মাৰ ॥২৮
পিতৃ মাতৃ মৰোঁ তোৰ প্ৰিয় পুত্ৰশোকে ।
বানৰক ধৰি আনি ভেটা এবে মোকে ॥২৯
তাক ডৰে পলাই মোৰ কিঙ্কৰ সকল ।
বিলম্ব নকৰ বাপ শীঘ্ৰ কৰি চল ॥৩০
আদেশ কৰিল যেবে ৰাক্ষসৰ ৰাজে ।
ৰণক চলিল বীৰ যুজিবাক সাজে ॥৩১