কৈকেয়ীয়ে বৰ বিচাৰে

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

ৰামায়ণ বৃত্তান্ত
  1. আদিকাণ্ড - প্ৰথম অধ্যায়
  2. ৰামায়ণ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
  3. ৰাক্ষসৰ কথা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
  4. সূৰ্যবংশৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
  5. দশৰথৰ বিবাহ - কৌশল্যা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  6. দশৰথৰ বিবাহ - কৈকেয়ী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
  7. দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
  8. শনিৰ দৃষ্টি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
  9. শনিৰ বৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০
  10. সিন্ধু মুনি বধ আৰু অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২
  11. দশৰথৰ বৰ : কৈকেয়ীক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬
  12. অপুত্ৰক দশৰথৰ চিন্তা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭
  13. ঋষ্যশৃঙ্গৰ কাহিনী - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮
  14. ঋষ্যশৃঙ্গৰ উপস্থিতিত যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২
  15. দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪
  16. পায়স ভক্ষণ আৰু সন্তান জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০
  17. জনকৰ ঘৰত সীতাৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬
  18. গুহক চণ্ডাল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৭
  19. ৰাক্ষস বধৰ উদ্দেশ্যে ৰাম - লক্ষণৰ আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫০
  20. ৰাম - লক্ষণ আৰু বিশ্বামিত্ৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫২
  21. তাৰকা ৰাক্ষসীক বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৪
  22. মাৰীচ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৬
  23. সীতা স্বয়ম্বৰলৈ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৫৮
  24. কান্যকুজ্বৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৩
  25. উনপঞ্চাশত বায়ুৰ উত্পত্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৪
  26. অহল্যাৰ শাপ - মুক্তি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬৫
  27. ৰামৰ হৰধনু ভঙ্গ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭০
  28. স্বয়ম্বৰত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৭৫
  29. দশৰথক আনিবলৈ কটকী প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮০
  30. চাৰি ভাইৰ বিবাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮২
  31. ৰাম - পৰশুৰাম সংঘৰ্ষ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৮৫
  32. অযোধ্যাকাণ্ড - দ্বিতীয় অধ্যায়
  33. ৰামচন্দ্ৰৰ অযোধ্যালৈ আগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯২
  34. ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৩
  35. ৰামচন্দ্ৰৰ অভিষেকৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৪
  36. মন্থৰাৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৬
  37. কৈকেয়ীয়ে বৰ বিচাৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯৭
  38. দশৰথৰ মনত দুখ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯০২
  39. কৈকেয়ীয়ে ৰামক বৰৰ কথা কয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  40. ৰাম বনলৈ যাবলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৪
  41. লক্ষণৰ ক্ৰোধ আৰু ৰামৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০৬
  42. বনবাসৰ কথা সীতাক জনায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১০
  43. লক্ষণো বনলৈ ওলায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৪
  44. ৰামচন্দ্ৰৰ বিদায় - প্ৰাৰ্থনা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৫
  45. ৰামচন্দ্ৰৰ বাকলি বস্ত্ৰ পৰিধাণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৭
  46. ৰাম - লক্ষণ - সীতাৰ বনবাস গমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১১৯
  47. ৰামচন্দ্ৰই প্ৰজাক শান্ত্বনা দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২২
  48. ৰামচন্দ্ৰ - গুহক সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৩
  49. মন্ত্ৰী সুনম্তক বিদায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৪
  50. ভৰদ্বাজ মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২৫
  51. দশৰথৰ মৃত্যু -গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩১
  52. ৰাণীসকলৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৩
  53. কৌশল্যাই কৈকেয়ীক ভৰ্ত্সনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৪
  54. ভৰতক মতাই আনে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৫
  55. ভৰতৰ খং - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৭
  56. কুঁজীৰ বিলাই - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৩৯
  57. কৌশল্যা আৰু ভৰতৰ কথা-বতৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪০
  58. দশৰথ ৰজাৰ প্ৰেতকাৰ্য্য - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪১
  59. ৰামক মাতি আনিবলৈ দিহা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৩
  60. ৰামক বিচাৰি ভৰতৰ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৪
  61. ভৰত-গুহৰ মিলন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৬
  62. গুহকৰ সাহায্য দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৪৯
  63. ভৰদ্বাজ মুনিৰ অতিথি সত্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫০
  64. চিত্ৰকূটত ৰাম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  65. ভৰতে ৰামক লগ পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  66. দশৰথৰ মৃত্যুৰ বাতৰিত শোক-প্ৰকাশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৩
  67. ৰামৰ পিণ্ড দান - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  68. ঋষি আৰু মাতৃসকলৰ লগত ৰামৰ সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৫
  69. ৰামৰ খৰম লৈ ভৰতৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৭
  70. সিংহাসনত খৰম স্থাপন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৮
  71. অৰণ্যকাণ্ড - তৃতীয় অধ্যায়
  72. অত্ৰি ঋষিৰ আশ্ৰমত ৰাম সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  73. দণ্ডকাৰণ্যত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৪
  74. ৰামচন্দ্ৰ - সীতাৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৭
  75. ৰামৰ আগত মাণ্ডকৰ্ণি মুনিৰ বৃত্তান্ত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  76. অগস্ত্য মুনিৰ আশ্ৰমত প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৬৯
  77. জটায়ুৰ লগত সাক্ষাত্ আৰু শূৰ্পনখাৰ নাক - কাণ ছেদন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭১
  78. ৰাক্ষসৰ লগত যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৫
  79. খৰ দুষণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭৬
  80. মাৰীচৰ মৃগৰূপ ধাৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  81. ৰাৱণৰ তপস্বী বেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৮৭
  82. সীতাৰ আগত ৰাৱণৰ আত্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯১
  83. ৰাৱণৰ গৰ্ব - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৪
  84. ৰাৱণে সীতাক হৰণ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৫
  85. ৰামক মাৰিবলৈ ৰাক্ষস নিয়োগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৮
  86. সীতাই ৰাৱণক অভিশাপ দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৯৯
  87. সীতাই ৰাৱণক ৰ্ভতসনা কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০০
  88. সীতাক বিচাৰি নেপাই ৰামৰ আক্ষেপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০২
  89. জটায়ুৱে সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৩
  90. কৱদ্ধৰ লগত সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৫
  91. চম্পা সৰোবৰত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৬
  92. কিষ্কিন্ধ্যাকাণ্ড - চতুৰ্থ অধ্যায়
  93. ৰামৰ লগত সুগ্ৰীৱৰ মিত্ৰতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২০৯
  94. ৰামৰ আগত সীতাৰ অলঙ্কাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  95. বালী বধৰ আয়োজন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১০
  96. বালী - সুগ্ৰীৱৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৪
  97. ৰামে বালীক বধ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২১৮
  98. বালীয়ে ৰামক তিৰস্কাৰ কৰে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২১
  99. বালীৰ ভাৰ্য্যা তাৰাৰ বিলাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৩
  100. তাৰাৰ অভিশাপ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৪
  101. সুগ্ৰীৱৰ অভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৭
  102. সুগ্ৰীৱৰ প্ৰতি ৰামৰ সন্দেহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২২৮
  103. সুগ্ৰীৱৰ সৈন্য সংগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩২
  104. সসৈন্যে সুগ্ৰীৱ উপস্থিত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৩
  105. বালীপুত্ৰ অঙ্গদৰ দ্ধাৰা ৰাক্ষস বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৬
  106. বানৰ সৈন্যৰ স্বয়ংপ্ৰভা সাক্ষাত্ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৭
  107. বানৰ সৈন্যৰ সমাবেশ : সাগৰ দৰ্শন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৩৮
  108. জটায়ুৰ মৃত্যুত সম্পাতিৰ শোক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪১
  109. সুপাৰ্শ্বই ৰাৱণ আৰু সীতাক দেখে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৩
  110. সুন্দৰাকাণ্ড - পঞ্চম অধ্যায়
  111. সাগৰৰ পাৰত বানৰ সৈন্যৰ মন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৬
  112. হনুমন্তৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৭
  113. হনুমন্তৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৪৯
  114. লঙ্কাৰ বিৱৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫১
  115. হনুমন্তই সীতাক বিচাৰি পায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫৬
  116. ৰাৱণৰ কক্ষত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৫৮
  117. সীতা আৰু হনুমন্তৰ কথোপকথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৩
  118. হনুমন্ত আৰু ৰাক্ষসৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৬৯
  119. হনুমন্ত আৰু জম্বুমালীৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭০
  120. হনুমন্ত আৰু বিৰুপাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭১
  121. হনুমন্ত আৰু অক্ষকুমাৰৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭২
  122. ইন্দ্ৰজিত আৰু হনুমন্তৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৩
  123. হনুমন্তৰ নেজত জুই আৰু লঙ্কা দাহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৭৭
  124. হনুমন্তৰ প্ৰত্যাগমন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮০
  125. বানৰ সৈন্যই মধুফল খায় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৪
  126. হনুমন্তই ৰামক সীতাৰ বাতৰি দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৫
  127. ৰাম-লক্ষণৰ লঙ্কা যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৭
  128. ৰাৱণক বিভীষণৰ সজ উপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৮৯
  129. ৰাৱণৰ কুমন্ত্ৰণা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯০
  130. বিভীষণক ৰাৱণৰ পদাঘাত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯২
  131. লঙ্কাকাণ্ড - ষষ্ঠ অধ্যায়
  132. ৰামৰ সৈন্যবল সম্পৰ্কে জানিবলৈ ৰাৱণৰ আগ্ৰহ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২৯৮
  133. ৰাৱণৰ ছলনা আৰু সীতাৰ বেজাৰ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৩
  134. ৰাৱণক সজউপদেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৬
  135. সুবেল পৰ্বতত ৰাম-লক্ষণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩০৮
  136. ৰাম-লক্ষণৰ নাগপাশ মোচন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩১২
  137. ধুম্ৰাক্ষৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৬২১
  138. সেনাপতি ব্ৰজদ্ৰংষ্ট - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৩
  139. প্ৰহস্তৰ যুদ্ধযাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৫
  140. অনেক ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৭
  141. ৰাৱণৰ যুদ্ধ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৮
  142. লক্ষণৰ হাতত ৰাৱণৰ পৰাজয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩২৯
  143. কুম্ভকৰ্ণৰ যুদ্ধ - যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৫
  144. কুম্ভকৰ্ণৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৩৮
  145. ৰাম-লক্ষণৰ হাতত কুম্ভকৰ্ণৰ পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৩
  146. অতিকায় ৰাক্ষসৰ যুদ্ধ আৰু পতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৪৬
  147. ইন্দ্ৰজিতৰ যুদ্ধ : ৰাম-লক্ষণ অচেতন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫১
  148. হনুমন্তই ঔষধ আনি জীৱন দান দিয়ে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৩
  149. বানৰ সৈন্যৰ আক্ৰমণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৪
  150. কুম্ভ নিকুম্ভৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৬
  151. ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৫৯
  152. ৰামক বিভীষণৰ প্ৰবোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬২
  153. ইন্দ্ৰজিত বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৬৫
  154. ৰাৱণৰ ক্ৰোধ আৰু সীতাক হত্যা কৰিবলৈ উদ্যত - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৩
  155. লক্ষণৰ শক্তিশেল - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৭৯
  156. হনুমন্তৰ গন্ধমাদন আনয়ন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৫
  157. গন্ধমাদন পুনৰ থৈ আহে - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৮৮
  158. ৰাম ৰাৱণৰ যুদ্ধ : ৰাৱণ বধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯০
  159. ৰামৰ আগত সীতাৰ উপস্থিতি - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৩৯৯
  160. সীতাৰ অগ্নি পৰীক্ষা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০২
  161. ৰামৰ অযোধ্যালৈ যাত্ৰা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪০৭
  162. অযোধ্যাত ৰামৰ প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১০
  163. ৰামচন্দ্ৰৰ ৰাজ্যাভিষেক - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৬
  164. হনুমন্ত প্ৰভৃতিৰ অযোধ্যা ত্যাগ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪১৭
  165. উত্তৰা কাণ্ড - সপ্তম অধ্যায়
  166. সীতাৰ বনবাস - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২০
  167. বাল্মীকিৰ আশ্ৰমত লৱ-কুশৰ জন্ম - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২১
  168. ৰামৰ অশ্বমেধ যজ্ঞ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২২
  169. লৱ-কুশৰ ৰামায়ণ কথন - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪২৭
  170. হনুমন্তৰ জন্ম পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৩
  171. লৱ-কুশৰ পৰিচয় - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৬
  172. সীতাক আনিবলৈ হনুমন্তক প্ৰেৰণ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৩৭
  173. ৰামৰ ৰাজসভাত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪১
  174. সীতাৰ বেজাৰ আৰু পাতাল প্ৰৱেশ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪২
  175. পৃথিৱীৰ প্ৰতি ৰামৰ ক্ৰোধ - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৬
  176. পাতালত সীতা - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
  177. ভৰতৰ পুত্ৰক ৰাজ্য দান - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
  178. ৰামৰ লক্ষণ বৰ্জন - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
  179. লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
  180. ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা - - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪


৫ অধ্যায়
কৈকেয়ীয়ে বৰ বিচাৰে

হেন শুনি কৈকেয়ীৰ বিহৰিল মন ।

বোলন্ত মন্থৰা তোৰ সাফল জীৱন ॥১

ৰামক গুছায়া ভৰতক দিবো দেশ ।

কোনবা উপায় ফলে বুলিয়ো বিশেষ ॥২

কুজী বোলে কৈকেয়ী হৰিষ কৰ মন ।

একে উপদেশে ৰাম চলি যাইব বন ॥৩

আলখনী কুজীত সুধিলে তই কাজ ।

আৰ বুদ্ধি বোলোঁহো ভৰতে পাইব ৰাজ ॥৪

এতেক বচন শুনি ভৰতৰ মাৱ ।

বুলিও উপায় বুলি চালিলেক গাৱ ॥৫

ভৰত নৃপতি ভৈলে তই হৈবি সুখী ।

অন্তেস পুৰত তোক কৰিব প্ৰমুখী ॥৬

ৰাজা ভৈলে ভৰত কীৰ্ত্তিক তোক নিবো ।

তোৰ কুজগুটী শুদ্ধ সুৱৰ্ণে বান্ধিবো ॥৭

বেটী শত দিবো আৰো ৰত্ন অলঙ্কাৰ ।

গ্ৰীৱাত তোহোৰ দিবো সাতে সৰি হাৰ ॥৮

পদ্মকেশৰৰ বৰ্ণ প্ৰিয় দৰিশন ।

উৰুস্থল লখি তোৰ আতি সুশোভন ॥৯

উন্নত নাসিকা মুখ দেখিয়া স্বভাৱ ।

কুজ গুচা দেখি হেন সুৱৰ্ণ সৰাৱ ॥১০

আন মব কুবুজীৰ হিয়া খন খাল ।

গ্ৰীৱা গোট নলখিয় পেচা হেন গাল ॥১১

পেট গোট খাল আতি আশোভন দেখি ।

ইসব দোষক তোৰ কিছুৱে নলখি ॥১২

তোহোৰ উদৰ কৃশ সৰস জঘন ।

শোভন যৌবন দেখি যুবত মোহন ॥১৩

আগত থাকিলে মন কৰয় উল্লাস ।

লীলা হংসী যেন কেলি কৰতেহি যাস ॥১৪

কুজী বোলে উপায় শুনিয়ো তোৰ হিত ।

যিমতে জিনিবি ৰাজা দশৰথ চিত ॥১৫

পুৰণি কথাক তই সুমৰন কৰ ।

ৰাজা বুলিয়াছে তোক দিবো দুই বৰ ॥১৬

দেৱাসুৰ ৰণ বৰ মিলিল পূৰ্ব্বত ।

জিনিলা দেৱক ৰণে অসুৰ সমস্ত ॥১৭

মহেন্দ্ৰৰ সখা ভৈলা দশৰথ ৰাই ।

ভঙ্গায়া অসুৰ বল খেদাইলা লীলাই ॥১৮

যুদ্ধ জিনি আসিয়া ভৈলন্ত তিৰপিতি ।

আগবাঢ়ি কৈলা তুমি ৰাজাত ভকতি ॥১৯

বৰ দুই দিবাক ৰাজাৰ ভৈল মন ।

তুমিও বুলিলা বৰ লৈবো আনখন ॥২০

ক্ৰোধ ঘৰে থাকিও মলিন বস্ত্ৰ লৈয়া ।

মাটীত কাপৰ পাৰি বিমন কৰিয়া ॥২১

কোপ কৰি থাকিবি মুকুত কৰি কেশ ।

ৰাজা আসি চাটু পাটু বুলিব অশেষ ॥২২

ৰত্ন মণি মানিৱন্ত নিধিৰ ভণ্ডাৰ ।

যতেক মানিব তাক নকৰিবি সাৰ ॥২৩

বাক্যে ছান্দি নৃপতিক শপত কৰাইবি ।

হেন বুদ্ধি কৈলে তই দুয়ো বৰ পাইবি ॥২৪

এক বৰ মাগি ভৰতক দিবি ৰাজ ।

ৰাম বন যাইবাক বুলিবি আৰ কাজ ॥২৫

বৃদ্ধৰ তৰুণী ভাৰ্য্যা আতি বৰ ৰতি ।

তোৰ বোল বাধিবাক নুহিবে শকতি ॥২৬

চলিলা কুজীৰ বোলে হৰষিত মনে ।

ৰামৰ লিখিত বিধি বাধিব কেমনে ॥২৭

কুজী তোৰ বচনে ভূমিত থাকোঁ লুটি ।

হা ৰাম বোলন্তে পৰাণ যায় ফুটি ॥২৮

পাপিষ্ঠী কুবুজী মোৰ ভেদিলি হৃদয় ।

জিনিলি কথাক কহি অনেক সংশয় ॥২৯

তোহোৰ বোলত আবে কৰোঁ মন্দ যত্ন ।

ভৰত কাচক লাগি হৰাওঁ ৰাম ৰত্ন ॥৩০

মোৰ বোলে ৰামাই বন যাইবে হেনজানি ।

মৰিবো কটাৰ হানি নখাই ভাত পানি ॥৩১

মনত বিষাদ কৰি ভৰতৰ মাৱ ।

ক্ৰোধঘৰে থাকিলন্ত বিমল স্বভাৱ ॥৩২

ৰাঘৱক ৰাজ্য দিবোঁ বুলি আইলা ঠাৱে ।

কৈকেয়ীক খোজে ৰাজা হৰষিত ভাৱে ॥৩৩

স্ত্ৰীগণ লৈয়া খুজি ফুৰা নৃপবৰে ।

দেখন্ত কৈকেয়ী শুতি আছে ক্ৰোধঘৰে ॥৩৪

হস্তিনী আছয় যেন পৰিয়া নৈৰাশ ।

মহাগজ সম ৰাজা চাপিলন্ত পাষ ॥৩৫

কৰে কৰ ধৰি ৰাজা বুলিলন্ত ভাৱ ।

ৰাম অভিষেক কালি শীঘ্ৰে চাল গাৱ ॥৩৬

উঠ প্ৰাণেশ্বৰি অৱসান ভৈল বেলা ।

তোক যি অনিষ্ট চিন্তে মোক কৰে হেলা ॥৩৭

নাৰীজন হোৱে অনুৰূপ কৰোঁ দণ্ড ।

পুৰুষৰ নামে কাটি কৰোঁ নৱ খণ্ড ॥৩৮

মই মন্দ কৰিলোহো নলখোঁহো হেন ।

বৃদ্ধৰ তৰুণী ভাৰ্য্যা দেখোঁ প্ৰাণ যেন ॥৩৯

কোনে মন্দ চিন্তিলেক পাইবে পাপফল ।

সপুত্ৰ বান্ধৱ সমে যাইব ৰসাতল ॥৪০

নিৰ্ধনী হৈবেক ধনী ধনীয়ে নৰ্ধন ।

কাহাক দণ্ডিবোঁ বোল তোৰ যাক মন ॥৪১

যত ৰত্নভাণ্ডাৰ আছয় এথা মোৰ ।

যেই লাগে লৈয়োক হৰিষ মনে তোৰ ॥৪২

উঠ উঠ প্ৰাণে প্ৰাণেশ্বৰি নতু শুন কাজ ।

পুণ্যযোগে কালি শ্ৰীৰামক দিবো ৰাজ ॥৪৩

এতেক বচন শুনি ভৰতৰ মাৱ ।

নৃপতিক দুঃখ দিবে চালিলন্ত গাৱ ॥৪৪

কৈকেয়ী বোলন্ত প্ৰভু বচন ধৰিয়ো ।

যি কাৰ্য্যক বোলোঁ তাক শপত কৰিয়ো ॥৪৫

হেন শুনি দশৰথ স্ত্ৰীবশ ভৈলা ।

আপোন বধক লাগি গলপাশ লৈলা ॥৪৬

ৰাজা বোলে প্ৰাণেশ্বৰি গুণিয়ো মনত ।

ৰামত তোমাত পৰে প্ৰিয় আছে কত ॥৪৭

ৰামক তেজিয়া আন যত মাগ বৰ ।

হৃদয় কাটিয়া দিবোঁ পুণ্য নিৰন্তৰ ॥৪৮

হেন সে আবুধি তই মিছা কৰ গ্ৰহ ।

কিনো মোত সাধিবি বেকত কৰি কহ ॥৪৯

কৈকেয়ী বোলয় আপোনাৰ মত ৰাখি ।

চন্দ্ৰ সূৰ্য্য বায়ু বসুমতী হৈবা সাখী ॥৫০

সত্য এৰিলতে যিবা আছে দোষ তাত ।

তুমি সৱ দৃষ্ট দেৱ দেখাহা সাক্ষাত ॥৫১

পূৰ্ব্বত নৃপতি মোক দুই বৰ দিল ।

সুমৰিয়ো প্ৰভু তাৰ সময় মিলিল ॥৫২

শুনিয়ো গোসাঁই দশৰথ মহাৰাজ ।

এই সব সাজে ভৰতক দিয়ো ৰাজ ॥৫৩

ৰামত সম্প্ৰতি তুমি হৈয়োক নৈৰাশ ।

চৌধ বৰিষক লাগি দিয়ো বনবাস ॥৫৪

ৰাজ্য এৰি গৈয়া ৰামে বঞ্চোক বনত ।

কৰি যুৱৰাজ ৰাজ্যে থাপিয়ো ভৰত ॥৫৫

এই দুই বৰ মোক দিয়া প্ৰভু যেবে ।

পূৰ্ব্ব অঙ্গীকাৰ তব সত্য হোৱে তেবে ॥৫৬

এতেকে আমাৰ হোৱে চিত্তত সন্তোষ ।

সত্যক এৰিলে জানা যেন হৱে দোষ ॥৫৭

কৈকেয়ীৰ বচনত হৃদয় ভেদিল ।

বাঘিনীক দেখি যেন মৃগ চমকিল ॥৫৮

ভয় সন্তে নৃপতিৰ শিহৰিল গাৱ ।

মৃতক স্বভাৱ ভৈলা কম্পে হাত পাৱ ॥৫৯

শোকে দুঃখে ৰাজাৰ মোহিত ভৈল চিত ।

বিমূৰ্চ্ছিত হুয়া ৰাজা পৰিলা ভূমিত ॥৬০

বিহ্বল ভৈলন্ত ৰাজা কম্পে কলেৱৰ ।

পৰিলা অনাথ যেন ৰাজ ৰাজেশ্বৰ ॥৬১

কতোবেলি দশৰথে পাইলন্ত চেতন ।

মহাক্ৰোধে কৈকেয়ীক বুলিলা বচন ॥৬২

শুন বোলোঁ পাপিষ্ঠী বধিতে ভৈলি মোক ।

কুল বিনাশক লাগি বিহাইলোহো তোক ॥৬৩

ৰাঘবে বা মন্দ তোক কৰিলেক কিস ।

বা পুত্ৰক বধিতে বুনিলি বাক্য বিষ ॥৬৪

ৰাম হেন পুত্ৰ মোৰ আতি শুদ্ধ মতি ।

কৌশল্যাতোধিক তোত কৰয় ভকতি ॥৬৫

ৰাম গুণে তুষি সৰ্ব্বে জনৰ উল্লাস ।

কোন অপৰাধে তাঙ্ক দিবোঁ বনবাস ॥ ৬৬

শুদ্ধ চিত্ত ৰামৰ অনিষ্ট চিন্ত কিক ।

মহা বৈৰী ভাৰ্য্যা আছে কোন ততোধিক ॥৬৭

চৰণত ধৰোঁ তোৰ কৃপা কৰ মোক ।

নকৰিবি দ্ৰোহ দায়া কৰ ৰাম পোক ॥৬৮

মোৰ চিত পৰীক্ষা কৰিলি পৰিহাস ।

কৃপা কৰ মোক চৰণৰ ভৈলোঁ দাস ॥৬৯

হেন বুলি চৰণত পৰিলা নৃপতি ।

কৈকেয়ী নিষ্ঠুৰ বোলে নিকৰুণ মতি ॥৭০

ত্ৰৈলোক্যত জানে দৃঢ় চিত্ত দশৰথ ।

আল জাল এৰি তুমি পালিয়ো শপথ ॥৭১

শিৱি ৰাজা কপোতক অভয় দিলন্ত ।

আপোনাৰ মাংস কাটি সেন তুষিলন্ত ॥৭২

সত্য পালি ৰামক সত্বৰে পঠাও বন ।

নুহিবা তোমাৰ আগে তেজিবো জীবন ॥৭৩

হা বুলি দশৰথ পৃথিবীত লুটি ।

হা ৰাম পুত্ৰ বুলি প্ৰাণ যাওক ফুটি ॥৭৪

আতি সুচৰিত ৰাম বন যাইবি তই ।

কেনে প্ৰাণ ধৰিবো কৌশল্যা সমে মই ॥৭৫

যদি মোত সোধে লোক বৃদ্ধ গুৰুজন ।

কেনে ৰাজা ৰাঘৱক পঠাইলন্ত বন ॥৭৬

সত্যে বোলোঁ প্ৰাণেশ্বৰি এৰা ই বচন ।

কৰিবে গৰিহা মোক আনো দশী জন ॥৭৭

স্ত্ৰীজিত ক্ৰুৰ ৰাজা নিকৰুণ মন ।

শোক জ্বালি ৰাঘৱক পঠাইলন্ত বন ॥৭৮

পৰম দুষ্কীৰ্ত্তি মোৰ ৰৈল দেশ দেশ ।

হেন জনবাদে মোৰ প্ৰাণ ভৈল শেষ ॥৭৯

শিশুকালে ৰাঘৱৰ বৰ দুঃখ ভৈল ।

ব্ৰহ্মচৰ্য্য আচৰন্তে কতো কাল গৈল ॥৮০

যেবে আসি মিলিল ৰাজ্যত উপভোগ ।

বনবাস খাটিবেক কিলো বিধি যোগ ॥৮১

ছল পাশে কৰিলেক নৃপতিক বন্দি ।

বামনে বলিক যেন নানা বোলে ছান্দি ॥৮২

খনো মূৰ্চ্ছা যান্ত খনো চেতনক পাইল ।

অনেক বিষাদে তান ৰজনী পুহাইল ॥৮৩

মন্ত্ৰী পুৰোহিত যত ৰামত ভকত ।

অভিষেক সাজে মিলিলন্ত দুৱাৰত ॥৮৪

সিংহাসন আদি কৰি সুমঙ্গল যত ।

আভৰণে আঠ কন্যা ভৈল উপগত ॥৮৫

শুকুল চামৰ ফল পুষ্প দধি ক্ষীৰ ।

সুবৰ্ণ ঘটত সাত সাগৰৰ নীৰ ॥৮৬

গঙ্গা যমুনাক আদি যত তীৰ্থজল ।

শ্বেত ছত্ৰ জ্বলে যেন চন্দ্ৰৰ মণ্ডল ॥৮৭

সুবৰ্ণৰ কুম্ভত সুগন্ধ ভৰি জল ।

সুবৰ্ণ পতাকা ধ্বজ ৰচিল বিৰল ॥৮৮

নিৰন্তৰে লৈয়া অভিষেক সাজ যত ।

সবহি মিলিল আহি সিংহ দুৱাৰত ॥৮৯

মন্ত্ৰী পুৰোহিত মিলি আলোচিল কাজ ।

সুমন্ত্ৰক বুলিল জনায়ো মহাৰাজ ॥৯০

ৰবিৰ উদয় ভৈল নুযুয়াই হেলা ।

ৰাম অভিষেকৰ লগ্নৰ হৈল বেলা ॥৯১

শুনিল সুমন্ত্ৰ হেন বচন বিশেষ ।

অন্তেষপুৰ দুৱাৰত ভৈলন্ত প্ৰবেশ ॥৯২

জাগিয়োক প্ৰভু মন্ত্ৰীগণে পাৰে ৰাৱ ।

ৰবিৰ উদয় ভৈল চালিয়োক গাৱ ॥৯৩

ৰজনী প্ৰভাত ভৈল ৰাজা দশৰথ ।

ব্ৰহ্মা বিষ্ণু শঙ্কৰে পুৰন্তো মনোৰথ ॥৯৪

মন্ত্ৰীৰ বচন ৰাজা শুনিলা শ্ৰবণে ।

সুমন্ত্ৰ সমীপ চাপি বুলিলা সঘনে ॥৯৫

কৈকেয়ীৰ বাক্য বহ্নি দহে কলেৱৰ ।

তোৰ বাক্য অমৃতে জুৰাইয়ো নিৰন্তৰ ॥৯৬

ৰাম মুখ দেখিলে হৈবেক নিৰ্ব্বান ।

ৰাম গুণ সাগৰক শীঘ্ৰ কৰি আন ॥৯৭

ৰাজাৰ আজ্ঞাক মন্ত্ৰী মাথে কৰি লৈল ।

ৰামক আনিবে প্ৰতি শীঘ্ৰে চলি গৈল ॥৯৮

হাট বাট এৰাইয়া ৰামৰ পাইল থান ।

ৰঙ্গকৰে সৰ্ব্বজনে দেখি বিদ্যমান ॥৯৯

যুবা জন ক্ৰীড়া কৰে ধৰি হাতে হাত ।

গ্ৰীৱে গ্ৰীৱে জড়িল লাগিল মাথে মাথ ॥১০০

দাদা ভাই মিতা বুলি ধৰি কোলে কোল ।

বাহুত চাপৰ মাৰি কৰয় অষ্ফাল ॥১০১

আউৰে আউৰক কেহো সাৱটি ধৰিল ।

মুখ চাই কেহো কেহো বিগুটি কৰিল ॥১০২

ৰাম ৰাজা হৈব আজি জীৱন সাফল ।

হেন বুলি প্ৰজাসবে কৰে কৌতূহল ॥১০৩

নগৰী জনৰ হেন লখিল স্বভাৱ ।

পাইলন্ত সুমন্ত্ৰ গৈয়া ৰাঘৱৰ ঠাৱ ॥১০৪

ৰামৰ প্ৰাসাদ শোভে কৈলাস সমান ।

বিদ্যুতৰ কান্তি যেন জ্বলে থানে থান ॥১০৫

সুবৰ্ণৰ মাণ্ডলি চালত বলিয়াইল ।

বৈদুৰ্য্য ৰুৱলি শুদ্ধ ৰজতে হিছাইল ॥১০৬

শতেক শতেক হাত চৌধয় মাণ্ডলি ।

পঞ্চাশ পঞ্চাশ হাত একৈক ৰুৱলি ॥১০৭

চৌসষ্টি তম্ভত তাক কৰিল নিবেশ ।

বৈজয়ন্ত সমসৰ দেখিতে সুবেশ ॥১০৮

ৰতনে খসিয়া সুবৰ্ণৰ পতা দিল ।

সূচি কামি সমন্বিতে একত্ৰ কৰিল ॥১০৯

ৰামৰ ওৱাৰি সব জগতে বখানি ।

প্ৰবেশিলে দিন ৰাতি একোকে নজানি ॥১১০

হস্তীদন্তে বাৰ দিলা হিঙ্গুলৰ কাম ।

কুন্দৰুখ জ্বলা থৈলা দেখি অনুপাম ॥১১১

হিৰণ্য মাণিক জ্বলে মৰকত মোতি ।

জ্বলে বাস হৰে পূৰ্ণ চন্দ্ৰমাৰ জৌতি ॥১১২

প্ৰাসাদ উপৰে দিল মাণিকৰ কান্তি ।

ইন্দ্ৰনীল মণি দিল থানে থানে জান্তি ॥১১৩

বিদ্যুত মণিৰ ভালে লাগি গৈল কাপ ।

শুক্ল মেঘখনে যেন জ্বলে শত্ৰু চাপ ॥১১৪

শঙ্কৰক লেখিল আছন্ত বৃষ যানে ।

পাৰ্ব্বতিক লেখি আছে সিংহৰ বাহনে ॥১১৫

মুষৰ পিঠিত লেখি আছে গণপতি ।

ময়ূৰৰ উপৰে কাৰ্ত্তিক সেনাপতি ॥১১৬

বামনক লেখিল কান্ধত দিব্য ছাতি ।

বলি ৰাইৰ আগত আছন্ত হাত পাতি ॥১১৭

তিনি পাৱ ভূমিক মাগন্ত বোলে ছান্দি ।

পাতালত বলিক থাপিলা কৰি বন্দি ॥১১৮

বিষ্ণুক লেখিলা গৰুড়ৰ স্কন্ধে আতি ।

ডাহিনত লক্ষ্মী বাম পাশে সৰস্বতী ॥১১৯

লেখিয়াছে ব্ৰহ্মাক কুবেৰ দেৱৰাজ ।

বায়ু বৰুণক আদি দেবতা সমাজ ॥১২০

ভূমিত পাৰিল নেত বস্ত্ৰ অহৰ্নিশ ।

শুকুল চামৰে সুমণ্ডিত চতুৰ্দ্দিশ ॥১২১

পুষ্পমালা সুগন্ধে আমোদ সৰ্ব্বক্ষণ ।

ৰত্ন সব জ্বলে আতি দেখি সুশোভন ॥১২২

পূৰ্ণ ঘট পঁকতি মুখত ৰঞ্জি ফলে ।

সুগন্ধি পূৰিত ভৈল সৰযুৰ জলে ॥১২৩

সুমণ্ডিত সিন্দুৰে সৰ্ব্বাঙ্গে কলেবৰ ।

ঐৰাৱত সমসৰ ৰামৰ কুঞ্জৰ ॥১২৪

ময়মত গজক মাহুতে আছে জান্তি ।

আকাশক লাগি যেন কৰয় আক্ৰান্তি ॥১২৫

ৰথ খান সাজিল বিচিত্ৰ অনুপাম ।

মাণিক ৰচিল শুদ্ধ সুবৰ্ণৰ কাম ॥১২৬

আঠ গোট তুৰঙ্গম ধৱল যুৰিল ।

দিব্য বিমানেক যেন ভূমিত পাৰিল ॥১২৭

ওৱাৰিৰ লোকে বৰ আনন্দ কৰন্ত ।

থানে থানে অনেক মাঙ্গল্য নিৰ্ম্মিলন্ত ॥১২৮

হেন দেখি সুমন্ত্ৰ আনন্দ কৰি মনে ।

ৰামৰ সমীপ চাপিলন্ত তেতিক্ষণে ॥১২৯

সুবৰ্ণ খাটত ৰাম আছা ৰঙ্গ কৰি ।

সমীপত সীতা শ্বেত চামৰক ধৰি ॥১৩০

মেৰু গিৰি শিখৰত যেন বাসুদেৱ ।

ধৱল কমল ধৰি লক্ষ্মী কৰে সেৱ ॥১৩১

ৰূপে ৰতি কামদেৱ দেখি সমসৰ ।

অলঙ্কাৰে মণ্ডিত দোহানো কলেৱৰ ॥১৩২

কৃতাঞ্জলি ধৰিয়া সুমন্ত্ৰ মন্ত্ৰীবৰ ।

নন্দি বন্দিলন্ত যেন পাৰ্ব্বতি শঙ্কৰ ॥১৩৩

সুমন্ত্ৰ বুলিলা পাচে বচন বিশেষ ।

দশৰথ নৃপতিৰ তোমাক আদেশ ॥১৩৪

বুলিলন্ত যাইবাক কৈকেয়ী সতমাৱ ।

ৰথত চড়িয়া ঝাণ্টে চালিয়োক গাৱ ॥১৩৫

সুমন্ত্ৰ বচনামৃতে সহৰিষ মনে ।

সীতাক সম্বুধি ৰামে বুলিলা তেক্ষণে ॥১৩৬

শুনা ৰামায়ণ সভাসদ নিৰন্তৰ ।

শ্ৰবণতে তৰি সুখে সংসাৰ সাগৰ ॥১৩৭

পৰম মঙ্গল ৰূপ মাধবৰ নাম ।

তাঙ্ক মনে ধৰি ডাকি বোলাঁ ৰাম ৰাম ॥১৩৮


৩৯ অধ্যায়
দুলৰি ।


ৰাঘৱে বোলন্ত,         শুনিয়ো জানকী,

তোমাত বলোহোঁ কাজ ।

নিচয় কৰিয়া,         আবেসে জানিলোঁ,

আমি হৈবো যুবৰাজ ॥১

কৌশল্যা মাৱৰ,         সদৃশ দেখোহোঁ,

কৈকেয়ী শত মাৱক ।

মোক ৰাজ্য দিতে,         পুছিতে নৃপতি,

আসিছে তান ঠাৱক ॥২

আমি হেন মনে,         বুজোহোঁ ৰাজাত,

বুলিলন্ত মাৱে কাজ ।

বিলম্ব নকৰি,         সত্বৰে আনিয়া,

ৰামক দিয়োক ৰাজ ॥৩

জানা প্ৰাণেশ্বৰী,         যুবৰাজ হুয়া,

আমি আছো যেতিক্ষণ ।

মোৰ সঙ্গে চলি,         আসিবেক সবে,

যত পাত্ৰ মন্ত্ৰীগণ ॥৪

তাসম্বাক অৰ্চ্চা,         কৰিতে জানকী,

মই যেন নোহো লাজ ।

জানিবা নিশ্চয়,         তোমাতে লাগিল,

ইঠায়ৰ যত কাজ ॥৫

স্বামীৰ বচন,         শুনি সীতা দেবী,

বুলিলা হৰিষ মনে ।

ইঠানৰ কাৰ্য্য,         চৰ্চ্চিবোহো আমি,

চলিয়ো তুমি এক্ষণে ॥৬

এহি বুলি দ্বাৰ,         মানে আগ বঢ়াই,

থৈলা জগতৰ মাৱ ।

স্বামীক সম্বুধি,         পাচে সীতা সতী,

আসিলন্ত নিজ ঠাৱ ॥৭

আপোনাৰ নিজ,        ধৱলি ঘৰৰ,

বাজ ভৈলা ৰঘুবৰ ।

তিমিৰ ফাৰিয়া,         শ্বেত মেঘ হন্তে,

যেন পূৰ্ণ শশধৰ ॥৮

ৰত্নে বিৰচিত,         সুবৰ্ণ ৰথত,

চড়িলা তেতিক্ষণ ।

চামৰ ছত্ৰক,         ধৰিয়া পাশত,

চড়িলা গৈয়া লক্ষ্মণ ॥৯

মনত পৰম,         আনন্দে পাচত,

সুমন্ত্ৰ চড়িলা যাই ।

হাতত চাবুক,         ধৰিয়া ৰথক,

ডাকিলা যেন যুৱাই ॥১০

শ্ৰীৰাম লক্ষ্মণ,         ইন্দ্ৰ বিষ্ণু যেন,

যান্ত দুই মহাৰথী ।

সুমন্ত্ৰ মন্ত্ৰীক,         দেখিয়া সাক্ষাত,

মাতলি যেন সাৰথি ॥১১

নয়ন আনন্দে,         কুন্দৰুখ জালে,

চাৱে যত নাৰীগণে ।

মুখ ভৰি ভৰি,         ৰামৰ গুণক,

বখানন্ত নাৰীগণে ॥১২

জনমে জনমে,         প্ৰয়াগ বটত,

সীতা তেজি কলেৱৰ ।

সিকাৰণে গুণ,         সাগৰ ৰামক,

পাইলা মনোনীত বৰ ॥১৩

অৱশ্যে তোমাক,         দিবন্ত ৰাজ্যক,

মহাৰাজা দশৰথে ।

শুনিয়ো গোসাই,         আমাক পালিবা,

তুমি প্ৰভু পুত্ৰৱতে ॥১৪

সাফলা কৌশল্যা,         গোঁসানী তোমাক,

গৰ্ভত ভালে ধৰিলা ।

কি ভৈল আনন্দ,         কৰ্ম্মাগত লক্ষ্মী,

আপুনি যাক বৰিলা ॥১৫

অন্যে অন্যে বোলে,         ৰাম ৰাজা ভৈলে,

বহুতৰ হৈবে সুখ ।

নিশ্চয়ে জানিলোঁ,         বিস্তৰ কালক,

লাগি পলাইবেক দুখ ॥১৬

এহি মতে ৰামে,         নগৰী জনৰ,

শুনন্তে বোল আশেষ ।

মধুৰ বচনে,         প্ৰজাক সম্বুধি,

ওৱাৰি ভৈলা প্ৰবেশ ॥১৭

কৈকেয়ীৰ ঘৰে,         মিলিলন্ত গৈয়া,

শ্ৰীৰাম চন্দ্ৰ লক্ষ্মণ ।

আসনত বসি,         আছন্ত নৃপতি,

পাইলা দুয়ো দৰিশন ॥১৮

পৰম নিশ্ৰীক,         দেখিলন্ত ৰামে,

বদন দশৰথৰ ।

ৰাহু গ্ৰস্ত হৈলে,         নজ্বলয় আতি,

কিৰণ যেন সূৰ্য্যৰ ॥১৯

প্ৰথমতে নম্ৰ,         ভাৱে নমিলন্ত,

নৃপতিৰ দুয়ো পাৱ ।

ৰাম লক্ষ্মণক,         আশীৰ্ব্বাদ পাচে,

দিলন্ত কৈকেয়ী মাৱ ॥২০

পৰম বিকল,         স্বৰূপ বাপক,

দেখিলন্ত দুই ভাই ।

কৰ যোৰে নম্ৰ,         ভাৱে থাকিলন্ত,

পিতৃৰ চৰণ চাই ॥২১

পিতৃৰ আগত,         আছে ৰামচন্দ্ৰ,

কৰিয়া আতি ভকতি ।

ৰামক নিষ্ঠুৰ,         বুলিতে ৰাজাৰ,

নভৈল কিছু শকতি ॥২২

একো অপৰাধ,         নাহিকে ৰামৰ,

চাইলা কৰি বিমৰিষ ।

কেন মতে আবে,         সুপুত্ৰ ৰামক,

বুলিবোহোঁ বাক্য বিষ ॥২৩

কতোক্ষণে ৰাজা,         ৰাম হেন বুলি,

বিমন্যু আতি কৰিল ।

মহামন দুখে,         কিছু নবুলিল,

কণ্ঠত শোক ধৰিল ॥২৪

আতিশয় শোকে,         অথাকে নয়নে,

লোতক বহে ৰাজাৰ ।

ৰাহু গ্ৰস্ত হুয়া,         যেন পূৰ্ণ চন্দ্ৰে,

অমৃত তেজে দুধাৰ ॥২৫

ৰাজাৰ বিষাদ,         দুখক দেখিয়া,

ৰামৰ চিত্ত লৰিল ।

কৰা বিমৰিষ,         যেন সূৰ্য্যদেৱ,

ভূমিত আসি পৰিল ॥২৬

ভূমি পৰিৱৰ্ত্ত,         যেন ভৈল আতি,

সাগৰ যেন শুকাইল ।

হৰিষতে আতি,         ৰাজা দশৰথ,

বিষাদক বৰ পাইল ॥২৭

মই জানোঁ একো,         দোষ নয়ো কৰোঁ,

কায়ে বা বাক্যে বা মনে ।

তথাপিতো মাথা,         তুলি নচাৱন্ত,

মোক বিষাদিত মনে ॥২৮

এক বাৰ মোক,         ৰাম হেন বুলি,

কিছু ন বুলিলা আন ।

একো নজানিলোঁ,         কি কাৰ্য্যে বাপৰ,

মিলি গৈল অপমান ॥২৯

ৰাঘবে বোলন্ত,         শুনিয়োক মাৱ,

কোনবা মিলিল দোষ ।

কহিওক তুমি,         কি কাৰণে ইটো,

কৰে বাপ অসন্তোষ ॥৩০

পৰম অমৃত,         ৰামৰ চৰিত্ৰ,

শুনা সমাজিক জনে ।

দশৰথ হেন,         ৰাজায়ো আপদ,

এৰাইব আৰ কেমনে ॥৩১

আতি দুখময়,         বিষয়ক জানি,

কৰাঁ মন উপসাম ।

পৰম মঙ্গল,         মিলোক সবাৰো,

ডাকি বোলাঁ ৰাম ৰাম ॥৩২