ৰাম - পৰশুৰাম সংঘৰ্ষ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৪৪ অধ্যায়
ৰাম পৰশুৰামৰ সংঘৰ্ষ
সেহি সময়ত পাচে জামদগ্নি ৰাম ।
ধনু ভঙ্গ শুনি কোপে নিকলিল ঘাম ॥১
কমনে ভাঙ্গিল ধনু মোহোৰ গুৰুৰ ।
সি জনৰ দৰ্প আজি কৰিবোঁহো চুৰ ॥২
পৰশু কুঠাৰ খান পাৰিয়া কান্ধত ।
ভয়ঙ্কৰ ধনুখান ধৰিয়া হাতত ॥৩
ৰাজাৰ সেনাৰ মাজে ভৈলা উপগত ।
শৃঙ্গে সমন্বিতে যেন সচল পৰ্ব্বত ॥৪
দুৰ্জ্জয় শৰীৰ ধনুৰ্দ্ধৰ মহাবীৰ ।
ক্ৰোধৰ বেগত আতি নুহিকন্ত থিৰ ॥৫
ফৰাৱন্ত চক্ষু দুই অগনি সমান ।
দেখি কটকৰ ভয়ে উড়ি গৈল প্ৰাণ ॥৬
বৃষ্টি অন্ধকাৰে নেদেখিয়া দিশপাশ ।
পৰশুৰামৰ মূৰ্ত্তি দেখি ভৈল ত্ৰাস ॥৭
কিসে পাইলে বুলি ধাতু শুৰুতি উড়িল ।
চক্ষু জপাই সেনা সবে ভূমিতে পৰিল ॥৮
কৈয়া ৰাম বুলিয়া মাতন্ত শীঘ্ৰকৰি ।
ব্ৰাহ্মণৰ চিহ্ন যজ্ঞসুত আছা ধৰি ॥৯
ক্ষত্ৰিয় লক্ষ্মণ হাতে আছে ধনুখান ।
পৰম নিৰ্দ্দয় দায়া নাহি অনুমান ॥১০
পিতৃৰ বচনে কাটি আছন্ত মাতৃক ।
হেন জনে আনক কৰিবে দায়া কিক ॥১১
শিৰে জটা ভাৰ গলে ৰুদ্ৰাক্ষৰ মালা ।
কটিত বাকলি বস্ত্ৰ কুশৰ মেখলা ॥১২
ঝক ঝক দান্ত শোভা কৰে গোফ দাড়ি ।
গাৱে মল পঙ্ক বনবাসী ৰূপ ধাৰী ॥১৩
হাতে মালা ধৰিয়া জপন্ত সৰ্ব্বক্ষণ ।
উফৰন্ত ক্ৰোধত দেখিবে যম যেন ॥১৪
ভ্ৰুব চালি কপালৰ গাঠি শিহৰাই ।
দশন চোবায়া কোপে মাতন্ত শেহাই ॥১৫
গৰ্জ্জিবে লাগিলা আতি নিষ্ঠুৰ বচনে ।
আমাৰ গুৰুৰ ধনু ভাঙ্গিল কমনে ॥১৬
বামহাতে ধৰি ঘোৰতৰ ধনুখান ।
পৃথিবীৰ ক্ষত্ৰি মাৰি কৰিলোঁ নিৰ্যাণ ॥১৭
ক্ষত্ৰি হুয়া কোন বীৰ পুনৰপি আইল ।
জানিলোঁ সিজনে মোৰ বাৰ্ত্তাক নপাইল ॥১৮
মোৰ কথা শুনি ক্ষত্ৰি নাম কোন ধৰে ।
হেনমত ভয় সিটো সাসক নকৰে ॥১৯
এবে কোন জনে মোক নগনে মনত ।
এতিক্ষণ থিৰ হৌক মোহোৰ আগত ॥২০
ৰৌদ্ৰে বৰিষণে আতি পৰিয়া আছয় ।
খুখুন্দা ধনুক ভাঙ্গি মুনিহ কহয় ॥২১
আজি যেবে জীৱ লৈয়া যায় মোৰ আগে ।
তেবে গৈয়া বীৰত্ব কহোক যত লাগে ॥২২
শুনি দশৰথ ৰাজা গুণন্ত মনত ।
ভৈলোঁ বৃদ্ধ আমাৰ শৰীৰ আশকত ॥২৩
দেখিয়া ছৱাল নিজ পুত্ৰ চাৰি খানি ।
বিপৰীত চিন্তা লভিলন্ত মহামানী ॥২৪
ৰামে সমে আমি যদি আছোঁ দুই বীৰ ।
তেবে কি কৰিবো আঙ্ক দুৰ্জ্জয় শৰীৰ ॥২৫
বিপাকে ঠেকাইলা আনি বিধাতা আমাক ।
বিবাদে নপৰি আঙ্ক বোলোঁ প্ৰিয় বাক ॥২৬
এহি বুলি পৰশু ৰামক নৰনাথে ।
পাদ্যে অৰ্ঘে পূজি চৰণত ধৰি হাতে ॥২৭
তুতি নতি প্ৰণতি বোলন্ত দশৰথ ।
তথাপিতো দায়া তাৰ নোপজে মনত ॥২৮
হাতে ঘোৰ ধনু ধৰি চক্ষু পকাই চান্ত ।
বাঘে যেন গৰ্জ্জিয়া ৰামক ধায়া যান্ত ॥২৯
দেখি ৰামচন্দ্ৰে মুখে অল্পহাস্য কৰি ।
পৰশুৰামৰ আগ ভৈলা ধনু ধৰি ॥৩০
জামদগ্নি ৰামে শ্ৰীৰামক দেখিলন্ত ।
কৰিয়া তৰ্জ্জন পাচে বাক্য বুলিলন্ত ॥৩১
নজানাহা ৰণ কিছু ছৱাল ৰাজাৰ ।
জানো তুমি কথা নতু শুনাহা আমাৰ ॥৩২
পৰশুৰাম নাম মোৰ বিদিত সংসাৰ ।
নিক্ষত্ৰি কৰিলোঁ মহী তিনি সাতবাৰ ॥৩৩
ক্ষত্ৰিয়ৰ নিমিত্তে সাক্ষাত মই যম ।
সম্প্ৰতি আছোঁহো মই পৰিয়া নিজম ॥৩৪
ডাকিয়া আনিলা মোক দেথায়া দৰ্পক ।
দাণ্ডি দিয়া জাগাইলাহা কাহাল গোমক ॥৩৫
কুপিত সিংহৰ আগে পেলাইলাহা গাৱ ।
আনিলা যমক যেন দিয়া হাত বাৱ ॥৩৬
মই অন্তকৰ কোপ তুলিলা কিসক ।
শিশু হুয়া কৰাঁ কেনে দুৰ্ঘোৰ কৰ্ম্মক ॥৩৭
ধনু ভাঙ্গি যশ বৰ লভিলা ডাঙ্গৰ ।
উপাৰিয়া শৃঙ্গ যেন মেৰু পৰ্ব্বতৰ ॥৩৮
কাৰ বৰ পায়া তুমি কৰাঁ হেন কৰ্ম্ম ।
আমাৰ গুৰুৰ ধনু ভাঙ্গি দিলা মৰ্ম্ম ॥৩৯
জানিলোঁ কৰিলা গুৰু দেৱত ভকতি ।
নুহি কেন মতে হৈব ই দূৰ শকতি ॥৪০
ত্ৰিভুবনে পৰম উজ্জ্বল ৰাম নাম ।
নাহি সংসাৰত ইটো নামক উপাম ॥৪১
সেহি ৰাম নাম ধৰি আমাৰ প্ৰকাশ ।
হেন নাম লৈলা তুমি কৰি অভিলাষ ॥৪২
বোলা ৰাম নাম লৈলে মোৰ হৈবে খ্যাতি ।
আমাক বিদ্বেষ তুমি কৰিলাহা আতি ॥৪৩
বৰ তেজৱন্ত বীৰ ভৈলাহা অধিক ।
কৰিবাহা লুপ্ত তুমি আমাৰ কীৰ্ত্তিক ॥৪৪
ত্ৰিজগত লোকে জানে মোৰ বিক্ৰমক ।
ক্ষত্ৰিয়ৰ নামে মই সাক্ষাত অন্তক ॥৪৫
নপাৰোঁ জিনিবে যেবে তোমাক ৰণত ।
নিষ্ফল জীবন মোৰ ইটো সংসাৰত ॥৪৬
জনকৰ ঘৰে ভাঙ্গি পচা ধনুখান ।
তাতে বোলাঁ নাহি মোত মুনিহ সমান ॥৪৭
মই চূৰ কৰিবোঁ তোমাৰ গৰ্ব্ব যত ।
পৰিলা চেঙেলি আজি বুঢ়াৰ হাতত ॥৪৮
ৰহি আছা বৃক্ষ যেন নদীৰ তীৰত ।
অলপতে পৰে শিফা নাহিকে তলত ॥৪৯
হোৱাঁ যদি ৰাম তুমি বীৰ অদভুত ।
লগায়োক গুণ দেখোঁ আমাৰ ধনুত ॥৫০
তেবেসে মুনিহ বুলি জানোহো সাক্ষাত ।
অনাযুদ্ধে ভঙ্গ মই মানিবোঁ তোমাত ॥৫১
তাক দেখি ৰামচন্দ্ৰে লাগিলা হাসিত ।
ধনু দেখি দশৰথ ভৈলা ভয় ভীত ॥৫২
প্ৰসন্ন বদনে ৰামে বুলিলা বচন ।
শুনিয়োক ঋষি জমদগ্নিৰ নন্দন ॥৫৩
ঋষি ধৰ্ম্ম অনুসৰি আছা মহাভাগ ।
আমাত তোমাৰ কেনে এত মান ৰাগ ॥৫৪
ক্ষমাসে উচিত ধৰ্ম্ম হোৱয় তোমাৰ ।
কিসক কৰিলা তুমি তাক পৰিহাৰ ॥৫৫
ধৰ্ম্ম এৰি অধৰ্ম্ম কৰয় যিতো নৰ ।
তাক দণ্ড কৰিবে লাগয় ক্ষত্ৰিয়ৰ ॥৫৬
ব্ৰাহ্মণত জন্ম ধৰ্ম্ম ধৰিছা ঋষিৰ ।
তাক এৰি ধৰ্ম্ম কেনে আচৰাঁ ক্ষত্ৰিৰ ॥৫৭
শম দম দান দায়া ক্ষমা তযু ধৰ্ম্ম ।
ক্ৰোধ অহঙ্কাৰ আদি ক্ষত্ৰিয়ৰ কৰ্ম্ম ॥৫৮
কৰিলাহা তুমি সিটো ধৰ্ম্ম বিপৰ্য্যয় ।
বিচাৰত দণ্ডিবাক তোমাক লাগয় ॥৫৯
ভাঙ্গিলোঁহো ধনু আমি গুৰুৰ তোমাৰ ।
ক্ষত্ৰিয়ৰ ধৰ্ম্ম ইটো উচিত আমাৰ ॥৬০
কোন দোষ কৰাঁ তুমি আমাক বিৰোধ ।
ঋষিৰ তোমাৰ কেনে এতমান ক্ৰোধ ॥৬১
জ্ঞান শূন্য হুয়া অধৰ্ম্মত প্ৰবৰ্ত্তিলা ।
ভাল ভৈল আসি মোৰ আগত মিলিলা ॥৬২
কৰোঁ আজি তোমাক উচিত প্ৰায়শ্চিত ।
যেন আনক্ষণ অধৰ্ম্মত নেদ চিত্ত ॥৬৩
ধৰ্ম্মহীন হুয়া দৰ্প কৰাঁ মোৰ আগে ।
অৱশ্য তোমাক দণ্ড দিবে মোৰ লাগে ॥৬৪
ভাঙ্গো আজি সকলে তোমাৰ মিছা টোল ।
বুজ কেন মত শিশু ছৱালৰ বল ॥৬৫
তুমি কেনমত বীৰ পৰীক্ষাক চাওঁ ।
নুহি যেবে বোলাঁ ক্ষমা কৰিয়া পঠাওঁ ॥৬৬
যদ্যপি আমাৰ মুনি নুহি ক্ষমা ধৰ্ম্ম ।
বৃদ্ধ দেখি তোমাক লাগয় মোৰ মৰ্ম্ম ॥৬৭
যায়োক গৃহক গুৰু দিলোঁহো বিদায় ।
তথাপিতো যদ্যপি তোমাৰ ক্ষমা নাই ॥৬৮
মোৰ দোষ নাহি তেবে কহোঁ স্বৰূপত ।
কৰোঁ চূৰ সকলে তোমাৰ গৰ্ব্ব যত ॥৬৯
তোমাৰ ধনুৰ বৰ বখানা মহত্ত্ব ।
বল বুজি চাওঁ ধনুখান কেনমত ॥৭০
ইহাত লগাইলে গুণ ভঙ্গ যদি মানা ।
লগাইবোঁহো গুণ ধনু মোক দিয়া আনা ॥৭১
তোমাৰ ধনুত গুণ পাৰোঁ যেবে দিতে ।
জিনিবোঁ ৰণত তেবে তোমাক ইঙ্গিতে ॥৭২
শুনিয়া পৰশুৰামে ধনুখান দিলা ।
শ্ৰীৰামে লগাইলা গুণ কৰি মহালীলা ॥৭৩
বল দিয়া ৰাঘৱে টানন্ত ধনুখান ।
লেক লেক কৰে ফুল ধনুৰ সমান ॥৭৪
ধনু টানি ৰামচন্দ্ৰে হাসন্ত হৰিষি ।
ইহাৰেসে মহত্ত্ব বখানা তুমি ঋষি ॥৭৫
এহি বুলি ৰামে পুনৰপি দিলা টান ।
মহাশব্দে মাজতে ভাঙ্গিলা ধনুখান ॥৭৬
শবদৰ ত্ৰাসত কম্পিল ত্ৰিভুবন ।
মহাভয়ে অচেতন ভৈল সৰ্ব্বজন ॥৭৭
ৰাঘৱে বোলন্ত গুৰু কৰিলোঁ অকাজ ।
টানন্তে ভাঙ্গিল ধনু ভৈলোঁ মই লাজ ॥৭৮
নসহিল ধনু ছৱালৰো টানিবাক ।
বীৰ বোলাই তুমি কেনে লৈয়া ফুৰাঁ আক ॥৭৯
আমাকো কৰিলা লঘু আপুনিও ভৈলা ।
দেখিয়া পৰশুৰাম স্তব্ধ হুয়া ৰৈলা ॥৮০
অনন্তৰে ৰামচন্দ্ৰ পুৰুষ নিপুণ ।
নিজ ধনুখান লৈয়া লগাইলন্ত গুণ ॥৮১
বাণ যুৰি মাতিলন্ত পৰশুৰামক ।
হেৰা দেখাঁ কৰো ছাই তোমাৰ গৰ্ব্বক ॥৮২
ৰাখিবাহা প্ৰাণ যেবে মাগাঁ পৰাজয় ।
ভৈলন্ত পৰশুৰাম দেখি মহা ভয় ॥৮৩
বল দৰ্প গুচি মুখে হৰিল বচন ।
হইল বিৱৰ্ণ আতি মলিন বদন ॥৮৪
পৰশুৰামৰ ভাগি গৈলা কাপ ঝাপ ।
বৈদ্য দেখি যেন মুণ্ড চপৰাইল সাপ ॥৮৫
শ্ৰীৰামৰ আগত ভাগিল সবে ভাস ।
সূৰ্য্য আগে নাহি যেন চন্দ্ৰৰ প্ৰকাশ ॥৮৬
অস্তকালে যেন নজ্বলয় দিনকৰ ।
গৰুড়ৰ আগে দৰ্প হৰয় সৰ্পৰ ॥৮৭
জামদগ্নি সুত ৰাম ভৈলা সেহি নয় ।
লোক বিদ্যমানে লঘু ভৈলা আতিশয় ॥৮৮
যম হেন সাক্ষাতে দেখন্ত ৰাঘৱক ।
মাৰিবন্ত শৰ বুলি লাগিল চমক ॥৮৯
দেখি ৰামচন্দ্ৰ আতি ভৈলা দায়াযুত ।
হাসিয়া বোলন্ত শুনা জামদগ্নি সুত ॥৯০
আসিলাহা ধায়া তুমি আমাক মাৰিত ।
জানিলোঁহো তোমাৰ কঠিন বৰ চিত্ত ॥৯১
ঋষি হুয়া ভৈলা তুমি এনুৱা নিৰ্দ্দয় ।
তোমাক মাৰিবে মন আমাৰ নলয় ॥৯২
ৰাখিলোঁ তোমাৰ প্ৰাণ নকৰিবা ভয় ।
কিন্তু মোৰ বাণ জানা অমোঘ নিশ্চয় ॥৯৩
কদাচিতো বৃথা বাণ নুহিকে আমাৰ ।
কহিয়োক তোমাৰ ছেদিবোঁ কোন দ্বাৰ ॥৯৪
শুনিয়া ৰামৰ দায়ায়ুকুত বচন ।
বোলন্ত বিনয় জামদগ্নিৰ নন্দন ॥৯৫
নিচিনিলোঁ তোমাক বুদ্ধিত মন্দ আমি ।
তুমিসে ঈশ্বৰ জগতৰ অন্তৰ্যামী ॥৯৬
ভৈলা অৱতাৰ তুমি আসি মনুষ্যত ।
তোমাৰ অধীন ইটো সকলে জগত ॥৯৭
তুমিসে ঈশ্বৰ নিষ্ঠে জানিলোঁ সাক্ষাত ।
আমাৰ বিক্ৰম যাই লাগিল তোমাত ॥৯৮
জগতৰ আত্মা তুমি পুৰুষ পুৰাণ ।
হাৰিলোঁহো তোমাত দিয়োক প্ৰাণদান ॥৯৯
কৰিলাহা মোক যেন দায়া দামোদৰ ।
শুনিয়োক মোৰ তেবে স্বৰূপ উত্তৰ ॥১০০
নাহিকে স্বৰ্গত কিছু মোৰ প্ৰয়োজন ।
শৰে হানি প্ৰভু স্বৰ্গ পথ কৰা ছন্ন ॥১০১
তযু অংশে আমি হুয়া আছোঁ অৱতাৰ ।
আমাতে আছিল তযু পৃথিবীৰ ভাৰ ॥১০২
আপুনি বেকত আসি ভৈলাহা সাম্প্ৰত ।
গুচাইলাহা আপুনি আমাৰ ভাৰ যত ॥১০৩
সজ্জনক পালি সংহৰিবা দুষ্ট যত ।
তীৰ্থ কৰি ফুৰোঁ মই তযু প্ৰসাদত ॥১০৪
নযাইবোঁ স্বৰ্গক নিষ্ঠে বুলিলোঁ বচন ।
কৰিয়োক মোৰ স্বৰ্গ পথ নিবাৰণ ॥১০৫
শুনি ৰামচন্দ্ৰে পূৰ্ব্ব দিশে মুখ দিলা ।
পৰশুৰামৰ স্বৰ্গ পথক ছেদিলা ॥১০৬
শ্ৰীৰামৰ কীৰ্ত্তি প্ৰকাশয় সংসাৰত ।
অদ্যাপিও ৰামশৰ দেখিয়ো স্বৰ্গত ॥১০৭
পৰশুৰামক ৰামে কৰিলা আশ্বাস ।
মোৰ বাণ দেখি ঋষি ভৈলা মহাত্ৰাস ॥১০৮
ক্ষত্ৰি জাতি আমাৰ দাৰুণ বৰ হিয়া ।
পালোঁ অঙ্গীকাৰ ব্ৰাহ্মণক দুখ দিয়া ॥১০৯
মৰষিবা সকলে আমাৰ ইটো দোষ ।
কৰোঁ হাতযোৰ নকৰিবা অসন্তোষ ॥১১০
শ্ৰীৰামৰ ভকতি দেখিয়া আতিশয় ।
দুখ ভয় গুচি ভৈল প্ৰসন্ন হৃদয় ॥১১১
বুলিলা পৰশুৰামে বচন মধুৰ ।
স্বাভাৱতে ক্ষত্ৰিয়ৰ হৃদয় নিষ্ঠুৰ ॥১১২
হেন মহা ক্ষত্ৰি তুমি পুৰুষ উত্তম ।
দেখিলো সাক্ষাতে আজি তোমাৰ বিক্ৰম ॥১১৩
তথাপি কৰাইলা তুমি আমাকে প্ৰসন্ন ।
ধন্য ধন্য ৰাম ৰঘুকুলৰ নন্দন ॥১১৪
শত্ৰু হুয়া প্ৰসন্ন কৰাইলা বুলি নতি ।
তুমিও সন্তুষ্ট হৈবা আমাৰ ভকতি ॥১১৫
শুনিয়োক ৰাম বোলোঁ স্বৰূপ বচন ।
অনাদি ঈশ্বৰ তুমি সত্য সনাতন ॥১১৬
তুমি নিত্য নিৰঞ্জন পুৰুষ পুৰাণ ।
জগতৰ পতি তুমি বিনে নাহি আন ॥১১৭
তোমাত ভকতি মোৰ সততে থাকোক ।
যাওঁ তপোবনে মোক বিদায় দিওক ॥১১৮
এহিমতে দুয়োজন জগত ঈশ্বৰে ।
কৰিলন্ত লীলা নাজানিলা একো নৰে ॥১১৯
দুইহান্তৰো সম্বাদ বিবাদ যত যত ।
চাহি আছে লোক সবে বিস্ময় মনত ॥১২০
অনন্তৰে বিদায় লইয়া শ্ৰীৰামত ।
গৈলন্ত পৰশুৰাম হৰিষ মনত ॥১২১
দশৰথে দেখি আতি বিক্ৰম ৰামৰ ।
মনত হৰিষে প্ৰশংসিলা বহুতৰ ॥১২২
ধন্য ধন্য পুত্ৰ তুমি ভৈলাহা আমাৰ ।
ৰহিল তোমাৰ যশ জুৰিয়া সংসাৰ ॥১২৩
আসিলা পৰশুৰাম খেদি যেন যম ।
তাহাঙ্কো জিনিলা ৰণে কৰিয়া বিক্ৰম ॥১২৪
সাধু সাধু ৰাম তুমি বংশৰ তিলক ।
গলে বান্ধি ৰাজা ধৰিলন্ত ৰাঘৱক ॥১২৫
উপজিল প্ৰেম তনু ভৈলা পুলকিত ।
পাইলেক সন্তোষ যেন পিৱন্তে অমৃত ॥১২৬
আকাশত তৃপিতি ভৈলন্ত দেৱগণে ।
অৰ্চ্চিলা ৰামক আতি পুষ্প বৰিষণে ॥১২৭
দেখিয়া জানকী বল বিক্ৰম ৰামৰ ।
ভৈলন্ত তৃপিতি ৰোমাঞ্চিত কলেৱৰ ॥১২৮
বিশ্বামিত্ৰ বশিষ্ঠ প্ৰমুখ্যে ঋষিগণে ।
পূজিলন্ত ৰাঘৱক প্ৰশংসা বচনে ॥১২৯
পৰম পুৰুষ ৰাম জগত আধাৰ ।
ৰামৰূপে পৃথিবীতে ভৈলা অৱতাৰ ॥১৩০
পৰশুৰামৰ দৰ্প কৰিলন্ত চূৰ ।
কাহাৰ শকতি কৰ্ম্ম কৰয় এদূৰ ॥১৩১
এহি মতে ৰামক প্ৰশংসে সৰ্ব্বজনে ।
অনন্তৰে দশৰথ ৰাজা ৰঙ্গ মনে ॥১৩২
অযোধ্যাক প্ৰতি চলি গৈলা মহাশয় ।
কৰয় কটকে বেঢ়ি ৰাম জয় জয় ॥১৩৩
নানা বাদ্য সুমঙ্গলে চলে সমদলে ।
অযোধ্যাত প্ৰবেশ ভৈলন্ত কৌতূহলে ॥১৩৪
দেখি নগৰীয়া লোকে ৰাজা আসিবাৰ ।
তেতিক্ষণে কৰিলা নগৰী জাতিষ্কাৰ ॥১৩৫
সাঞ্জি মাঞ্জি লিপিলা বিচিত্ৰ গন্ধজলে ।
পতাকা তোৰণ ধ্বজা ৰঞ্জিলা চিৰলে ॥১৩৬
তাম্বুল কদলী ৰুইল ঠোক সমন্বিত ।
থানে থানে আলিপন কৰিলা ৰঞ্জিত ॥১৩৭
মুখত পল্লব ফলে পাতি পূৰ্ণঘট ।
ঘৃতৰ প্ৰদীপ দিলা তাহাৰ নিকট ॥১৩৮
দুৱাৰে দুৱাৰে দুলি থাপিলা প্ৰবন্ধি ।
লগাইলা বিচিত্ৰ ধূপ অগৰু সুগন্ধি ॥১৩৯
কুসুম চন্দন হাতে লৈয়া দুৰ্ব্বাক্ষত ।
চড়িলন্ত নাৰীগণ গৃহ ওপৰত ॥১৪০
আতি মনোহৰ পুৰী অযোধ্যা নগৰ ।
তাৰ মাজে যান্ত দশৰথ নৰেশ্বৰ ॥১৪১
চাৰি পুত্ৰ চাৰি কন্যা যান্ত ৰঙ্গ মনে ।
দুৰ্ব্বাক্ষত পুষ্প বৰিষন্ত নাৰীগণে ॥১৪২
উৰুলি জোকাৰ জয় অনেক মঙ্গলে ।
ভূমিত পৰিল পুষ্প শতেক সদলে ॥১৪৩
নগৰত মিলি গৈলা আনন্দ প্ৰচুৰ ।
পুত্ৰগণ সমে ৰাজা পাইলা অন্তঃপুৰ ॥১৪৪
কৌশল্যা সুমিত্ৰা সতী সুন্দৰী কৈকেয়ী ।
কন্যাগণ সমে দীপ ঘট হাতে লই ॥১৪৫
তিনি মহাদই নানা মঙ্গল আচাৰে ।
সিঞ্চি দুৰ্ব্বাক্ষত পুষ্প উৰুলি জোকাৰে ॥১৪৬
ভিন্নে ভিন্নে আসি পাচে তিনি পটেশ্বৰী ।
আপোনাৰ পুত্ৰ বোহাৰীৰ হাতে ধৰি ॥১৪৭
নানা ব্যৱহাৰে গৃহ কৰাইলা প্ৰবেশ ।
পুত্ৰবধু দেখি পাইলা আনন্দ আশেষ ॥১৪৮
সীতাৰ দেখিয়া ৰূপ কৌশল্যা দেবীৰ ।
অমৃতৰ পানে যেন জুৰাইল শৰীৰ ॥১৪৯
চাৰি কুমাৰৰ বিহা ভৈল একেবাৰে ।
দেখিয়া আনন্দ আতি মিলিল সবাৰে ॥১৫০
নানা নৃত্য গীত বাদ্য বাজন বজাইল ।
ৰামক সীতাক লোকে দেখিবাক আইল ॥১৫১
দুহানৰ ৰূপ আতি দেখি বিপৰীত ।
নয়ন ভৰিয়া যেন পিৱয় অমৃত ॥১৫২
দিলা আনি লোকে যত যৌতুক অপাৰ ।
সুবৰ্ণ ৰজত ৰত্ন বস্ত্ৰ অলঙ্কাৰ ॥১৫৩
ৰাজাগণ আইলা লৈয়া যৌতুক সম্ভাৰ ।
নানা ৰত্নে ভূপতিৰ ভৰাইলা ভাণ্ডাৰ ॥১৫৪
দশৰথে সমস্তকে প্ৰসাদে ৰঞ্জিলা ।
বস্ত্ৰ অলঙ্কাৰ পুষ্প চন্দনে তুষিলা ॥১৫৫
চাৰিয়ো পুত্ৰক সমুচিত বণ্টা দিলা ।
হস্তী ঘোঁড়া ৰথ ৰাজ্যে মন সন্তোষিলা ॥১৫৬
অনায়াসে ভৈল বিহা চাৰিও পুত্ৰৰ ।
পৰম কৃতাৰ্থ মন ভৈলা নৃপবৰ ॥১৫৭
শুনিয়োক সভাসদ পদ আদি কাণ্ড ।
ৰামৰ চৰিত্ৰ যেন অমৃতৰ ভাণ্ড ॥১৫৮
সংসাৰ মধ্যত ইসি মহা ধৰ্ম্ম সাৰ ।
বোলোঁ ৰাম ৰাম সুখে তৰিয়ো সংসাৰ ॥১৫৯
- ৪৫ অধ্যায়
- ছবি ।
যিটো দেৱ নাৰায়ণ, সদাশিৱ সনাতন,
- নাহি আদি অন্ত মধ্য যাৰ ।
দেৱে যাক নজানন্ত, তেন্তে দেৱ ভগৱন্ত,
- ৰামৰূপে ভৈলা অৱতাৰ ॥১
নিজ যোগ মায়া বলে, ছদ্ম হুয়া মহীতলে,
- দশৰথ নৃপতিৰ ঘৰে ।
সীমা নাহি মহিমাৰ, মনুষ্যৰ ব্যৱহাৰ,
- দেখাৱন্ত প্ৰভু নিৰন্তৰে ॥২
জনক নন্দিনী সীতা, দেবী জগতৰ মাতা,
- তাক বিহা কৰি আনিলন্ত ।
লক্ষ্মীসমে এক থান, হুয়া নানা বিধদান,
- দিয়া সমস্তকে ৰঞ্জিলন্ত ॥৩
সীতা সমন্বিতে ৰাম, পূৰিয়া সবাৰেকাম,
- ৰত্নৰ মন্দিৰে ভৈলা থিত ।
দশৰথ নৃপবৰ, বিহা কৰাই তনয়ৰ,
- ভৈলা অতিশয় আনন্দিত ॥৪
মহামুনি বিশ্বামিত্ৰ, কহিলন্ত নৃপতিত,
- গুণ গ্ৰাম ৰাম লক্ষ্মণৰ ।
তাড়কাক একেশ্বৰে, মাৰিলন্ত ৰঘুবৰে,
- সমৰে বধিলা নিশাচৰ ॥৫
অহল্যাৰ শাপ মুক্তি, ধনু ভাঙ্গি অদভুত,
- জিনিলন্ত ৰাজাগণ ৰণে ।
পুত্ৰ দুইৰ পৰাক্ৰম, শুনিয়া অমৃত সম,
- সন্তোষ ৰাজাৰ আতি মনে ॥৬
বিশ্বামিত্ৰক ৰাজা, কৰিলা অনেক পূজা,
- চলি গৈলা মুনি মনৰঙ্গে ।
অযোধ্যা নগৰেৰাজা, দেৱতো অধিক ৰাজ্য,
- ভোগভুঞ্জে পুত্ৰগণ সঙ্গে ॥৭
ৰাঘৱৰ গুণগণে, সমস্তে লোকৰ মনে,
- মিলয় আনন্দ আসৰিশ ।
ৰাজ্য প্ৰতি পালিবাক, সামৰ্থ ভৈলন্ত ৰাম,
- দেখি দশৰথৰ হৰিষ ॥৮
কতো কাল অনন্তৰে, দেখিলন্ত নৃপবৰে,
- নিশাকালে স্বপ্ন বিপৰীত ।
পৰিল উলুকা পাত, আকাশৰ ৰাহুচন্দ্ৰ,
- লাম্ফে লাম্ফে ফুৰয় ভূমিত ॥৯
ৰক্ত শয্যা আকাশত, দেখে বসি শিখানত,
- কান্দে কালনাৰী এক জন ।
কৃষ্ণ কুসুমৰ মালা, দুই হাতে ধৰি আনি,
- সুঙ্গন্ত নৃপতি ঘনে ঘন ॥১০
মৃত্যুৰ সূচক স্বপ্ন, দেখি দশৰথ ৰাজা,
- বসিয়া গুণন্ত মনে মন ।
অন্ধক মুনিৰ শাপ, সমীপ চাপিল মোৰ,
- নিকটতে মিলিব মৰণ ॥১১
যাৱত চেতন গাৱে, আছয় ৰামত তাৱে,
- ৰাজায ভাৰ কৰোঁ সমৰ্পণ ।
প্ৰাণতো অধিক মোৰ, ৰামচন্দ্ৰে পালিবেক,
- পুত্ৰতো অধিক সৰ্ব্বজন ॥১২
ৰামক পাতন্তে ৰাজা, পাতিবে বিঘিনি জানো,
- ভৰত আৱৰ শত্ৰুঘনে ।
গুচোক বিঘিনি সবে, পঢ়িবাৰ ছলে দুইকো,
- ৰাজ্যৰ গুচাওঁ এতিক্ষণে ॥১৩
এহিগুণি দুইহান্তকো, মাতি আনিলন্ত ৰাজা,
- বুলিলন্ত মধুৰ বচনে ।
যুদ্ধাজিত মাতুলৰ, ৰাজ্যক পঢ়িবে প্ৰতি,
- চলিয়া যায়োক দুয়োজনে ॥১৪
পিতৃৰ বচন শুনি, ভৰতৰে শত্ৰুঘনে,
- মাতামহ ৰাজ্যে চলি গৈলা ।
পাচে দশৰথ ৰাজা, ৰামক হৰিষ মনে,
- ৰাজা পাতিবাক সাজ ভৈলা ॥১৫
এহিমানে আদিকাণ্ড, যেন অমৃতৰভাণ্ড,
- সাঙ্গোপাঙ্গে ভৈলা সমাপতি ।
শুনিয়োক সাধুজন, পুণ্য কথা ৰামায়ণ,
- ৰচিলা মাধৱ মূঢ়মতি ॥১৬
বোলোঁ কৃতাঞ্জলি বাণী, মোক মূঢ় হেন জানি,
- নিন্দা নুবুলিবা মহাজনে ।
মোত পৰে মতি হীন, জ্ঞান শূন্য বুদ্ধি ক্ষীণ,
- নাহি আন ইতিনি ভূবলে ॥১৭
কৰি আতি গৰ্ব্ব মদ, তথাপি ৰচিলোঁ পদ,
- দেখা কেনে মোৰ অহঙ্কাৰ ।
ইটো মোৰ দোষচয়, ক্ষমিবে উচিত হয়,
- মহন্তৰ ক্ষমা অলঙ্কাৰ ॥১৮
অন্তৰ্য্যামী নাৰায়ণে, যেনে প্ৰবৰ্ত্তাইলা মনে,
- তাকে মুখে কৰিলোঁ বেকত ।
কহিলোঁ সকলেসাৰ, জানি কৰাঁ পৰিহাৰ,
- বঢ়াটুটা দেখা যত যত ॥১৯
পৰে ৰাম চৰিত্ৰত, আনো সব কথা যত,
- সিও ৰাম কথাসে নিশ্চয় ।
গঙ্গাৰ জলত যত, পৰে নদী নানা মত,
- তাক কোনে তেজিয়া আছয় ॥২০
- ৪৬ অধ্যায়
- দুলৰি ।
ইকথা খাকোক, শুনা সবে লোক,
- চিন্তা হিত আপোনাৰ ।
দুৰ্ঘোৰ সংসাৰ, সাগৰ নিকাৰ,
- যিমতে পাইবা নিস্তাৰ ॥১
দেখিয়ো আকলি, কলি মহাবলী,
- কৰিলে কেনে অকাজ ।
সমস্তে লোকক, তল নিয়াইলেক,
- পাপ সাগৰৰ মাজ ॥২
পাপত মগন, হুয়া যিটোজন,
- আন ধৰ্ম্মে আশা কৰে ।
একো ফল তাত, নাহিকে মিছাত,
- দুখ পায়া মাত্ৰ মৰে ॥৩
তাত পৰে আৰ, নাহি দুৰাচাৰ,
- তৰো হৰি নাম ধৰ্ম্ম ।
নাম গুণ লৈলে, সংসাৰ তৰয়,
- জানিবা ইসব মৰ্ম্ম ॥৪
ব্ৰহ্মা মুনি যাক, বাঞ্চিয়া নপাৱে,
- পায়া হেন কলেৱৰ ।
হৰিৰ কীৰ্ত্তন, নকৰে যিজন,
- আত্মঘাতী সিটো নৰ ॥৫
ইতো তত্ত্বসাৰ, জানিয়া সংসাৰ,
- তৰিয়ো নাম সুমৰি ।
কলিৰ যুগত, অন্যত্ৰ ধৰ্ম্মত,
- থৈয়ো আশা দূৰ কৰি ॥৬
তেজি আন কাম, সুমৰিয়ো নাম,
- ধৰ্ম্মৰ ঈশ্বৰ জানি ।
কৰি থিৰ মন, হৰিত শৰণ,
- লৈয়োক ঈশ্বৰ মানি ॥৭
নমোঁ নমোঁ ৰাম, কৰোঁহো প্ৰণাম,
- দিয়া চৰণত চিত্ত ।
মহা মূঢ়মতি, হুয়া বিৰচিলোঁ,
- তোমাৰ ইটো চৰিত ॥৮
তুমি বুদ্ধি বৃত্তি, যেনে প্ৰবৰ্ত্তাইলা,
- হৃদয়ে থাকি আমাৰ ।
সেহিমতে ভয়, তৰিব সকলে,
- কৰিলো মুখে প্ৰচাৰ ॥৯
পদ ৰচনাত, আছয় যতেক,
- দোষ মই অধমৰ ।
তাক কৃপাময়, ক্ষমিবে লাগয়,
- জানিবাহা হৃদীশ্বৰ ॥১০
তযু কৃপাময়, ,সমস্তে বেকত,
- আপুনি তুমি কৰিলা ।
ভক্তবেশ মাত্ৰ, ধৰিলা পূতনা,
- এতেকে তাইক তাৰিলা ॥১১
ভয়ত তোমাক, সুমৰিয়া গতি,
- পাইলে পাপী কংস ৰায় ।
ঘোৰ অঘাসুৰে, তোমাক গিলিয়া,
- সিও মহা মোক্ষ পায় ॥১২
পৰম দুৰ্ম্মতি, পৌণ্ড্ৰক নৃপতি,
- ধৰিল তোমাৰ বেশ ।
এতেকতে তাৰ, উত্তম মুকুতি,
- দিলা তুমি হৃষীকেশ ॥১৩
পাপী অজামিল, নামৰ আভাস,
- সুমৰিল অজ্ঞানত ।
তাকে এতেকতে, কৰি অনুগ্ৰহ,
- থান দিয়া বৈকুণ্ঠত ॥১৪
পশুজাতি আতি, বনৰ বানৰ,
- কৰিলে মাত্ৰ আশ্ৰয় ।
তাতে তাসম্বাক, মহা অনুকম্পা,
- কৰিলাহা কৃপাময় ॥১৫
মই মহা মূঢ়, পৰম পামৰ,
- তোমাত লৈলো শৰণ ।
তোমাত ভকতি, বহে যেন মতে,
- কৃপা কৰা নাৰায়ণ ॥১৬
তযু গুণ নাম, ধৰ্ম্ম অনুপাম,
- ৰহোক মোহোৰ মুখে ।
পৰম দুৰ্লভ, তোমাৰ চৰণ,
- সুমৰো পৰম সুখে ॥১৭
শ্ৰবণ কীৰ্ত্তন, বিনে প্ৰভুৰাম,
- নাহি মোৰ আন কাম ।
সামাজিক লোক, হউক সদ্গতি,
- ডাকি বোলাঁ ৰাম ৰাম ॥১৮