ভৰতে ৰামক লগ পায়
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩৬ অধ্যায়
ভৰতে ৰামক লগ পায়
ৰাম পাশে ভূমি পাৱে চলিলা ভৰত ।
শত্ৰুঘনে সুমন্ত্ৰয়ে চলন্ত পাচত ॥১
সুধি সুধি যান্ত বাৰ্ত্তা তাপসী লোকত ।
ধোৱাঁ দেখিলন্ত মন্দাকিনীৰ পাৰত ॥২
ৰামৰ আশ্ৰম গৈয়া পাইলা ধীৰে ধীৰে ।
বাহিৰৰ পৰা চাইলা কৰি আখি থিৰ ॥৩
বসি আছে ৰামচন্দ্ৰ তৃণৰ গৃহত ।
আছন্ত অগনি যেন ভস্মৰ মাঝত ॥৪
শ্ৰীহানি ৰামৰ শৰীৰ গৈল জসি ।
মেঘৰ সন্নিত যেন পূৰ্ণিমাৰ শশী ॥৫
ডাহিনত লখাই ৰামে জনকৰ ঝীৱ ।
নন্দী গৌৰী সমে যেন বসি আছে শিৱ ॥৬
দেখি ভৰতৰ নীৰ নেত্ৰৰ ঝৰিল ।
হাঁ প্ৰাণ দাদা বুলি চৰণে পৰিল ॥৭
দেখিয়া বিষাদ বৰ পাইলা শত্ৰুঘনে ।
হাঁ মৰিলোহোঁ বুলি পৰিলা চৰণে ॥৮
সুমন্ত্ৰ ৰামৰ আগে ধৰি কৃতাঞ্জলি ।
ৰামৰ চৰণে গৈয়া কৰিলা সেৱলি ॥৯
হাত যোৰে গুহে কৰিলন্ত নমস্কাৰ ।
সবাৰে চক্ষুৰ পৰা বহে জলধাৰ ॥১০
শুনা ৰামায়ণ পদ সভাসদ যত ।
পৰম সম্পদ ইসে কলিৰ যুগত ॥১১
আপোনাৰ কুশলক ইচ্ছা আছে যাৰ ।
বোলা ৰাম ৰাম সুখে তৰিবা সংসাৰ ॥১২