ভৰতক মতাই আনে
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২৪ অধ্যায়
- ভৰতক মতাই আনে
- দুলৰি ।
হেন শুনি পাচে, নিজ কুল গুৰু,
- বশিষ্ঠে বুলিলা বাণী ।
কহিলা সুমন্ত্ৰ, মন্ত্ৰী ঝাণ্টে কৰি,
- দূত মিলায়োক আনি ॥১
শুনি মন্ত্ৰীবৰ, আজ্ঞা বশিষ্ঠৰ,
- মাথাত লৈয়া সাদৰি ।
পৰম চতুৰ, দূতগণ মন্ত্ৰী,
- মিলাইলন্ত শীঘ্ৰ কৰি ॥২
বশিষ্ঠ দূতক, বুলিলন্ত বাণী,
- বিলম্বক পৰিহৰি ।
আমাৰ বচনে, তুমি সব শীঘ্ৰে,
- চলাঁ ৰাতি দিন কৰি ॥৩
কেকয় ৰাজাৰ, ৰাজ্য এথা হন্তে,
- হোৱে আতি বহুদূৰ ।
মোৰ বাক্য ধৰি, চলাঁ শীঘ্ৰে কৰি,
- যথা গিৰিবজ্ৰ পুৰ ॥৪
এথাৰ বৃত্তান্ত, কথা তুমি সবে,
- ভৰতক নকহিয়া ।
ৰজাৰ আদেশ, বুলি ঝাণ্ট কৰি,
- আনিয়ো এথা লাগিয়া ॥৫
বশিষ্ঠৰ বাণী, শুনি দূতগণ,
- লৰিলা চৰি ৰথত ।
নাহি অন্ন পান, সাত দিন মাত্ৰ,
- যাহন্তে ভৈলা পথত ॥৬
যেবে দূতগণ, গিৰিবজ্ৰ পুৰে,
- শীঘ্ৰ বেগে প্ৰবেশিলা ।
ভৰতে তথাত, অনিষ্ট সূচক,
- সাপোন বৰ দেখিলা ॥৭
নাই সুস্থ মন, মলিন বৰণ,
- হৈল ভৰতৰ মুখ ।
শ্ৰীহানি দেখি, মিত্ৰ সকলৰ,
- মনত বৰ অসুখ ॥৮
হাত যোৰ কৰি, পুছিলন্ত পাচে,
- দেখিয়া তান অৱস্থা ।
মিত্ৰ সকলত, কহিলা ভৰত,
- যত সপোনৰ কথা ॥৯
এহিসে কাৰণে, জানিবাঁহাঁ মোৰ,
- বিকল কৰয় মন ।
শৰীৰ দহয়, হৃদয় কম্পয়,
- শুকাই মুখ সঘন ॥১০
কি কহিবোঁ আৰ, তোমৰা সবৰ,
- কথা শুনি বিমৰিষ ।
জানিলোঁহো নিষ্ট, কোনবা অনিষ্ট,
- আসি ভৈলা অসদৃশ ॥১১
পৰম দুৰ্ঘোৰ, স্বপ্ন দেখি মোৰ,
- থিৰ আৰ নোহে চিত ।
আকাশ ছানিয়া, দেখিলোঁ সম্পূৰ্ণ,
- পৰিল চন্দ্ৰ ভূমিত ॥১২
আৱৰ দেখিলোঁ, সাগৰ শুকাইল,
- ৰাহুয়ে গ্ৰাসিল সূৰ ।
বিনা মেঘে আসি, নিৰ্ঘাত পৰিয়া,
- যেন ভূমি ভৈলা চূৰ ॥১৩
আমাৰ পিতৃৰ, শৰীৰ দেখিলোঁ,
- ৰক্ত বস্ত্ৰ আনি দিল ।
থিৰ নুহি কায়া, মাটিত ঘসাইয়া,
- দক্ষিণক লাগি নিল ॥১৪
দেখি গাৱে পোৰে, ওপৰক গোড়ে,
- বুৰ দিলা তৈল কুণ্ডে ।
কৰিয়া আক্ৰান্তি, আতিশয় যান্তি,
- তৈল দিলা গাৱে মুণ্ডে ॥১৫
আৰো এক স্বপ্ন, দেখিলোঁহোঁ মই,
- গাৱে ক'লা বস্ত্ৰ লই ।
পিতৃ দশৰথ, লোহাৰ ঘাটত,
- থেপেকাই বসিলা গৈ ॥১৬
দেখিলো আওৰ, ৰাতুল পুষ্পৰ,
- মালা মাথে তুলি দিল ।
পিঙ্গল বৰণী, নাৰী একজনী,
- আলিঙ্গি আসি ধৰিল ॥১৭
ইসব স্বপ্নৰ, ফলে নিৰন্তৰ,
- কহয় বাপৰ কাল ।
লয় মোৰ মন, নোহেবা জীৱন,
- তেজিলন্ত মহীপাল ॥১৮
নেদেখোঁহো ভাল, ভৈল বহুকাল,
- আসিলো তেজি নগৰ ।
নজানো তথাতত, কোনবা বিঘাত,
- মিলিয়াছে অথন্তৰ ॥১৯
মনে অনুমানি, স্বপ্নৰ কাহিনী,
- কৈলা কৈকেয়ীৰ সুত ।
সেহি সময়ত, নগৰ পশিল,
- আহি অযোধ্যাৰ দূত ॥২০
ৰাজাক প্ৰণামি, পাচে নমিলেক,
- ভৰতৰ দুই পাৱ ।
ভৰতক দূতে, বচন বোলয়,
- ঝাণ্টে চলিয়োক গাৱ ॥২১
চলাঁ এতিক্ষণ, চাৰি কোটি ধন,
- ৰাজাৰ লোৱাঁ সন্দেশ ।
নবাধিবাঁ বাক, আমি দেখোঁ তাক,
- কৰাইয়ো আগে প্ৰবেশ ॥২২
হেন শুনি পাচে, ভৰতে বোলন্ত,
- শুনিয়ো দূত সকল ।
দশৰথ নিজ, পিতৃৰ আমাৰ,
- কহিয়ো বাৰ্ত্তা কুশল ॥২৩
পৰম শ্ৰীমন্ত, ভালে কি আছন্ত,
- ৰাম পিতৃ সম ভাই ।
ৰামৰ পাচত, মোক সুমৰন্ত,
- কৌশল্যায়ে বৰ আই ॥২৪
প্ৰকৃতি সুন্দৰ, বাৰ্ত্তা লক্ষ্মণৰ,
- কহিয়োক সদভাৱ ।
আতি মহা শান্ত, ভালে কি আছন্ত,
- সুমিত্ৰায়ে শত মাৱ ॥২৫
বাপৰ সুভগা, কলহত প্ৰিয়,
- প্ৰচণ্ড যাৰ স্বভাৱ ।
স্বামী সেৱা কৰি, ভালে কি আছন্ত,
- আমাৰ কৈকেয়ী মাৱ ॥২৬
হেন শুনি দূতে, শোকক তম্ভায়া,
- কহিলন্ত ধৈৰ্য্য ধৰি ।
সকলে কুশল, ৰাজাৰ আদেশ,
- চলাঁ তুমি ঝাণ্ট কৰি ॥২৭
শুনা ৰামায়ণ, সভা সদগণ,
- ৰামক মনত ধৰি ।
ৰামৰ চৰণে, পশিয়ো শৰণে,
- বিলম্বক পৰিহৰি ॥২৮
জানা সাৰ তত্ত্ব, কালৰ মুখত,
- পৰিয়া আছোঁ নিশ্চয় ।
কেতিক্ষণে গিলে, মিলে একেতিলে,
- দাৰুণ মৰণ ভয় ॥২৯
পৰম চঞ্চল, বিষয় সকল,
- তেজিয়ো বিশ্বাস আত ।
ইসে নিজ কাম, বুলি ৰাম ৰাম,
- এৰায়ো কালৰ হিত ॥৩০
- ২৫ অধ্যায়
- পদ
সিংহাসনে থিত ভৈলা গিৰিবজ্ৰ নাথ ।
তেতিক্ষণে ভৰতে যুৰিলা যোৰ হাত ॥১
দেখি ৰাজা বোলে মোৰ নাতি সদভাৱ ।
বাপৰ আদেশে ঝাণ্টে চলিয়োক গাৱ ॥২
দশৰথ কৌশল্যা ৰাঘৱ লখমন ।
কৈকেয়ী সুমিত্ৰা আৰু যত বন্ধুগণ ॥৩
বশিষ্ঠ প্ৰমুখ্যে গুৰুপাত্ৰ যত জন ।
সবাকো সন্দেশ দিল তিনি কোটি ধন ॥৪
ভৰতকো দিলা পাচে আশেষ সম্ভাৰ ।
সহস্ৰেক ঘোড়া দিলা ৰথ পৰন সঞ্চাৰ ॥৫
মাণিকে মণ্ডিয়া দিলা ৰথ দশ খান ।
ময় মত্ত হস্তী দিলা দশশত মান ॥৬
লক্ষ তোলা সুবৰ্ণ সহস্ৰ অতিৰেক ।
কোটি এক ধন দিলা সন্দেশ অনেক ॥৭
কেকয়ক নমিলা মাতুল যুদ্ধাজিত ।
চড়িলা ভৰত ৰথে হৈয়া সুনম্ৰিত ॥৮
আগত ভৰত পাচ ভৈলা শত্ৰুঘন ।
ৰথ খন গতি কৰে যেহেন পৱন ॥৯
পূৰ্ব্ব দিশ লাগি দুয়ো ভাই চলিলন্ত ।
নদীনদ নগৰ অৰণ্য এৰাইলন্ত ॥১০
যমুনাৰ তীৰ পাইল কটক সকল ।
সবে প্ৰজা সন্ধুকিল পান কৰি জল ॥১১
এৰাইল অনেক গ্ৰাম নগৰ আশেষ ।
ধীৰে আস প্ৰজা বুলি কৰিলা আদেশ ॥১২
প্ৰজাক এৰিয়া নানা দেশক এৰাইল ।
শীঘ্ৰে গৈয়া আতি নদী গোমতী ছাৰাইল ॥১৩
চলিলা ভৰত যেবে গোমতীক তৰি ।
ৰিণি ৰিণি দেখি যায় অযোধ্যা নগৰী ॥১৪
সাত দিনে পাইলা গৈয়া নগৰীৰ কোল ।
এদিনাৰ মতে তাত নুশুনিয়া ৰোল ॥১৫
বিপৰীত দেখি বোলে কৈকয়ীৰ সুত ।
কিবা আথান্তৰ মোত নকহিলি দূত ॥১৬
তিনি প্ৰহৰৰ পথ যাৰ ধ্বনি গৈল ।
অযোধ্যা নগৰী দেখোঁ নিশবদ ভৈল ॥১৭
সাগৰ মথন্তে যেন আসিল আষ্ফাল ।
বেদধ্বনি নৃত্যগীত নাহি কোলাহল ॥১৮
কিছুৱে নুশুনি আজি সিসব শবদ ।
বায়ু থিৰ ভৈলা যেন সাগৰ তবধ ॥১৯
নিৰন্তৰে চলে যত হাঁতী ঘোড়া ৰথ ।
চৌদোলৰ নিমিত্তে যাইবাক নাহি পথ ॥২০
কি কাৰণে আদি নাৰীশূন্য দেখোঁ বাট ।
কোলাহল নুশুনোহোঁ পাঞ্চশত হাট ॥২১
মলিন দেখোহোঁ নগৰ উপবন ।
বিলাস বিনোদ যৈত কৰে নাৰীগণ ॥২২
বৃক্ষত চাতক সবে নকৰয় ৰোলি ।
নগৰৰ লোকৰ নেদেখোঁ কিছু কেলি ॥২৩
শুন ওৰে সাৰথি বচন বোলোঁ তোক ।
আমাক নমাতে কিয় নগৰৰ লোক ॥২৪
মলিন বস্ত্ৰক পিন্ধি কৰে নৰে শোক ।
কি কাৰণে অভিনন্দা নকৰয় মোক ॥২৫
হেন বুলি প্ৰবেশিলা অন্তেষ পুৰত ।
দুৱৰী দেখিয়া মাথা নামাইল দূৰত ॥২৬
ঝাতঝিত কৰে দেখোঁ অযোধ্যা নগৰী ।
বুলিলন্ত ভৰতে বিষাদ মন কৰি ॥২৭
নাশ হেতু ৰাজাৰ দেখিলোঁ বিমঙ্গল ।
সি সব অনিষ্ট স্বপ্ন মিলিল সকল ॥২৮
প্ৰজা সবে মোক মাথা তুলিয়া নচায় ।
চকু দুই টেৰ কৰি পিঠি দিয়া যায় ॥২৯
আশেষ বিষাদে ৰাজ ওৱাৰীক পাই ।
ঝাণ্ট কৰি ৰথৰ নামিলা দুয়ো ভাই ॥৩০
আথে বেথে পাইলন্ত বাপৰ নিজ ঠাই ।
হাঁতীশাল শূন্য যেন মত্ত গজ নাই ॥৩১
নেদেখিয়া বাপক বিকল দুয়ো ভৈলা ।
মাৱৰ থানক শীঘ্ৰে চাহিবাক গৈলা ॥৩২
- দুলৰি ।<big