ৰাণীসকলৰ বিলাপ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ২২ অধ্যায়
- ৰাণীসকলৰ বিলাপ
প্ৰভাত সময়ে বাজি গৈল ঢোল ঢাক ।
বন্দীগণে স্তুতি বোলে আশংসি ৰাজাক ॥১
শবদৰ ৰোলে সবলোক জাগি গৈল ।
নাৰীগণে আপোন নিয়োজ কৰ্ম্ম কৈল ॥২
স্ত্ৰীৰ আচাৰ যত কৰিলা সকল ।
সুবৰ্ণ কুম্ভত কৰি আনিলেক জল ॥৩
তিল,ফুল,গন্ধ,ধূপ, চন্দন মিলাইলা ।
স্নানৰ সমস্ত সাজনীয়া আনি থইলা ॥৪
নাৰীগণে বোলয় পীড়িল পুত্ৰশোকে ।
জগাইবাক লাগিলন্ত মহাদই লোকে ॥৫
উঠাঁ উঠাঁ প্ৰভু আমাসাৰ নিজনাথ ।
সূৰ্য্যৰ উদয়ে তযু সন্ধ্যা হৈব পাত ॥৬
আশেষ প্ৰকাৰে জগাৱন্ত নাৰীগণ ।
তথাপিতো নৃপতিৰ নভৈল চেতন ॥৭
শঙ্কা বৰ দেখিলন্ত স্বামীৰ জীৱন ।
চণ্ডবাৱে কাম্পে যেন কদলীৰ বন ॥৮
কাশ চাপি গাৱৰ বস্ত্ৰক গুচাইলন্ত ।
মৃতক শৰীৰ নৃপতিক দেখিলন্ত ॥৯
চাপৰি চাপৰি কতো নাৰীগণে চায় ।
গাৱত ধৰিবা কতো স্বামীক জগায় ॥১০
তবধ নয়নে দেখে হিম যেন গাৱ ।
জিহ্বা খান কুঞ্চিলা নাসাত নাহি বাৱ ॥১১
নিষান দশন পান্তি শুকাইল অধৰ ।
নিশ্চল চৰণ দুই নলৰয় কৰ ॥১২
স্বামীৰ মৰণ দেখি ৰমণী সকলে ।
বেঢ়িয়া কান্দিল সৱে হাকলে বিকলে ॥১৩
মহামৰ্ম্মে মূৰত চাপৰ মাৰে টানি ।
কেশমণি চিঙ্গে কতো হিয়ে মুঠি হানি ॥১৪
হাঁ নাথ হাঁ প্ৰভু হাঁ মহাৰাজ ।
বেঢ়িয়া কান্দিল সবে সুন্দৰী সমাজ ॥১৫
বোল শুনি কৌশল্যা সুমিত্ৰা পটেশ্বৰী ।
চমকি উঠিলা চকু তৰবৰ কৰি ॥১৬
কৌশল্যা বোলন্ত প্ৰভু কিনো পুণ্য কৈল ।
ৰাম ৰাম সুমৰন্তে প্ৰাণ ছুটি গৈল ॥১৭
কিনো কৰ্ম্মে প্ৰভু এৰাইলন্ত পুত্ৰশোক ।
যম পুৰী গৈলা প্ৰভু সুমৰি ৰামক ॥১৮
ওৱাৰিৰ লোকে শুনি ৰাজাৰ অৱস্থা ।
উল্কা সঞ্চাৰিল যেন বাজ ভৈল কথা ॥১৯
স্ত্ৰী বাল বৃদ্ধ সব যত যুবা লোকে ।
মূৰ্চ্ছা গৈয়া পৰিল ৰজাৰ মহাশোকে ॥২০
যেহেন শুকান কাষ্ঠ মোৰ কলেৱৰ ।
ৰাম শোক ৰবিজালে শোষে নিৰন্তৰ ॥২১
স্বামীশোকে অগনিয়ে পুৰি পুৰি দহে ।
এভো প্ৰাণ নযাই শৰীৰ কেনে বহে ॥২২
উলট পালট স্বৰ্গ মৰ্ত্ত্য পাতালত ।
যুগ পৰিৱৰ্ত্ত যেন ভৈল অকালত ॥২৩
মৰিবাহা তুমি সব কোনে পতিয়ায় ।
হাঁ প্ৰভু বোলন্তে মোহোৰ প্ৰাণ যাই ॥২৪
ৰামাই বন গৈলা ছাড়ি তুমি গৈলা স্বৰ্গ ।
চতুৰ্ভিতে বেঢ়ি কান্দে মহাদই বৰ্গ ॥২৫
সমিধান নিদিলা টিকৰ নিজনাহা ।
আমাক অনাথ কৰি কৈক লাগি যাহাঁ ॥২৬
ৰাঘৱৰ শোকে তুমি গৈলা যমপুৰ ।
খণ্ডাইলাহাঁ অলঙ্কাৰ শিখৰ সিন্দুৰ ॥২৭
হেন মন কৰয় যাইবোঁহোঁ মই মৰি ।
পুত্ৰ বাসনাতহে জীৱন আছোঁ ধৰি ॥২৮
হাঁ স্বামী দশৰথ বৃদ্ধ মহীপাল ।
হাঁ ৰাম লখাই সীতা মোৰ ভৈল কাল ॥২৯