ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ
ৰামায়ণ বৃত্তান্ত |
---|
|
- ৩০ অধ্যায় ।
- দুলৰি ।
- ইন্দ্ৰজিতৰ পুনৰ যুদ্ধ ।
ৰামৰ হাতত, পৰিলা শুনিয়া,
- মকৰাক্ষ মহাবীৰ ।
ক্ৰোধে মহাত্ৰাসে, ৰাৱণ ৰাজাৰ,
- জ্বলিলা সব শৰীৰ ॥১
সম্বুধিয়া ইন্দ্ৰ-, জিতক বোলয়,
- শুনা বাপু মেঘনাদ ।
আৰকা ৰণক, চলি যাহাঁ ঘোৰ,
- গুচায়ো মন বিষাদ ॥২
একেয়ো প্ৰকাৰে, দশৰথি ৰাম,
- সমসৰ নোহে তোৰ ।
ন্যায় যুজে যেবে, সংশয় দেখাহাঁ,
- অন্যায়ে চিন্তিয়ো মাৰ ॥৩
ইন্দ্ৰজিত নাম, পৰাইলে বাপুৰ,
- ইন্দ্ৰক বলে ভঙ্গাইয়া ।
মানুষ দুগোটা, বীৰ নমাৰস,
- মোহোৰ কৰ্ম্মক পায়া ॥৪
একোযে প্ৰকাৰে, কৌশল্যা তনয়,
- সমসৰ নোহে তোৰ ।
সত্বৰে কাৰ্য্যক, সাধি আসা বাপু,
- শৈল্যক গুচায়ো মোৰ ॥৫
অলঙ্কাৰে ৰথ, মণ্ডিত কৰিয়া,
- ৰাৱণি কৈলা পয়াণ ।
মহাবীৰ যত, দুই পাশে চলয়,
- কতো ভৈলা আগুৱান ॥৬
ৰামৰ সেনাৰ, শিখৰ পৰ্ব্বত,
- বৃক্ষ কৰে লৈয়া ধাইল ।
সম্মুখ ৰণত, প্ৰথম সমৰে,
- ৰাক্ষস বল ভঙ্গাইল ॥৭
ৰাক্ষসৰ বলে, হুয়া ছপকৰে,
- দুয়ো বলে ধূমাজয় ।
অস্ত্ৰক হানিয়া, আঞ্চোৰে কামোৰে,
- দুইহানো অশেষ ক্ষয় ॥৮
ইন্দ্ৰজিত বীৰে, ধনুক টঙ্কাৰি,
- অস্ত্ৰক হানিয়া ছাইল ।
ৰাম লক্ষ্মণক, খোজন্তে চলয়,
- বানৰ বল ভঙ্গাইল ॥৯
চৌদ্দয় চৌদ্দয়, বানৰ ফোলয়,
- একৈক একৈক বাণে ।
কতো কপিজাক, বিমুখে পলাই,
- কতোহোঁ মৰিল প্ৰাণে ॥১০
অষ্টাদশ শৰে, গন্ধ মাৰ্দ্দনক,
- ৰাৱণি বিন্ধিলা টানে ।
বিদূৰৰ হন্তে, নল বানৰক,
- তাৰিলেক নৱ বাণে ॥১১
সাত গোটা বাণে, গৱয় বীৰক,
- গজক বিন্ধিলা পাঞ্চে ।
আৰ যত যত, বীৰক চাহিয়া,
- শৰৰ প্ৰহাৰে খাঞ্চে ॥১২
সকল সৈন্যক, ৰণত ভঙ্গাইয়া,
- ৰাম লক্ষ্মণক পাইল ।
নিসন্ধি কৰিয়া, শৰে অন্ধকাৰ,
- দুইহাঙ্কো বৰে জন্তাইল ॥১৩
ৰাম লক্ষ্মণেয়ো, কাটন ফুটন,
- তিখাইণ অনেক বাণে ।
ৰাৱণি বীৰক, ফুলি পেলাইলেক,
- ভয়ঙ্কৰ শৰ টানে ॥১৪
তেতিক্ষণে বীৰ, অন্তৰ্দ্ধান ভৈলা,
- দুহান অস্ত্ৰে নপাৱে ।
ৰাম লক্ষ্মণৰ, শীৰৰে বিন্ধিল,
- জৰ্জ্জৰিত কৃত ভাৱে ॥১৫
দুয়ো বীৰ যেন, অশোক ফুলিল,
- ৰুধিৰে বেঢ়িলা গাৱ ।
অস্ত্ৰ কৰিবাৰ, সন্ধি নপাৱন্ত,
- ভৈলা অচেতন ভাৱ ॥১৬
- ৩১ অধ্যায় ।
- ছবি ।
লক্ষ্মণে বোলয় দদা, শ্ৰুতি নধাৱয় আৰ,
- কৰিয়োক আৰে কোন বুদ্ধি ।
মায়াবী ৰাক্ষস ইটো, চক্ষুৰ গোচৰ নুই,
- কাণ্ডে হানিবোহোঁ কোন সুদ্ধি ॥১
আৰকায়ে যাৱেনতো, দুইভাই কমাৰে আসি,
- মোহোত দিয়োক আজ্ঞা বাণী ।
সকল ৰাক্ষস কুল, নিৰ্ম্মূল কৰোহোঁ আজি,
- একলে ব্ৰহ্মাৰ অস্ত্ৰ হানি ॥২
কনিষ্ঠক সম্বুধিয়া, ৰামদেৱে বুলিলন্ত,
- বিশিষ্টৰ নোহে হেন ধৰ্ম্ম ।
একলৰ অপৰাধে, সমস্তকে সংহৰিবা,
- শাস্ত্ৰৰ নিন্দিত মন্দ কৰ্ম্ম ॥৩
বৰ বৰ বীৰ সব, আকাশক পঠায়োক,
- তাক খুজি দেখাওঁক আমাক ।
সম্মুখ সমৰে তাৰ, প্ৰাণক চৰাওঁ দেখাঁ,
- অবৈধ হানিয়া শৰ তাক ॥৪
ৰাঘৱৰ মন কথা, অভিপ্ৰায় জানি তাৰ,
- মনে বৰি মিলিলা বিষাদ ।
ত্বৰিতে সমৰ ছাৰি, লঙ্কাত পশিলা গৈয়া,
- ত্ৰিদশ কম্পন মেঘনাদ ॥৫
কতো বেলি থাকিতহি, বিমৰিশ কৰিলেক,
- বাপত প্ৰসাদ যেন পাওঁ ।
মায়াসীতা সঞ্জোজিয়া, সাবৰে আগত কাটি,
- নিকুন্তিলা বটমূলে যাওঁ ॥৬
সবাকো বঞ্চিতে লাগি, মায়াসীতা সঞ্জোজিলা,
- সাক্ষাততে জনকৰ জীৱ ।
আৰকত কৰতল, কুৰি গোটা নখ জলে,
- আতি মনোহৰ কম্বুগ্ৰীৱ ॥৭
ত্ৰিবলী বলিত মধ্য, উন্নত কঠিন স্তন,
- একবেণী ধৰে মৃদু বেশ ।
স্বামীৰ বিয়োগ দুখে, প্ৰভাতৰ চন্দ্ৰ যেন,
- মুখ ভৈল মলিন কুবেশ ॥৮
জয় জয় ৰামদেৱ, চৰণত কৰোঁ সেৱ,
- তুমি দেৱ দীন দুঃখ হাৰী ।
দেৱৰ সাধিয়া কায, পৃথিবীক উদ্ধাৰিলা,
- দুৰ্জ্জন ৰাক্ষসগণ মাৰি ॥৯
তযু পাদ পদ্মে প্ৰভু, একান্ত ভকতি হৌক,
- মোক কৃপা কৰিয়ো ইবাৰ ।
মাধৱ কন্দলি ভণে, ৰাম বোলাঁ সৰ্ব্বজনে,
- তেবে সুখে তৰিবা সংসাৰ ॥১০
- ৩০ অধ্যায় ।
- পদ ।
আপন ৰথত নিয়া সীতাক চড়াইল ।
সব সৈন্য আৰকায়ো ৰণভূমি পাইল ॥১
হনুমন্ত প্ৰমুখ্যে দেখয় বিপৰীত ।
সীতা গোসাঁনীক লৈয়া আইল ইন্দ্ৰজিত ॥২
মাৰুতি দেখন্ত ৰথে ৰাৱণ পুত্ৰৰ ।
শোকে দুঃখে জানকীৰ ক্লেশ কলেৱৰ ॥৩
মনত বোলন্ত আৰ চেষ্টা নোহে ভাল ।
সীতাৰ বিপত্তি মোৰ হৃদয়ত শাল ॥৪
ইন্দ্ৰজিতে সম্বুধি বোলন্ত হনুমন্ত ।
আজি হেৰা সমস্তে বৈৰক কৰোঁ অন্ত ॥৫
লঙ্কাৰ অগনিকুণ্ড জনকৰ জীৱ ।
এতিক্ষণে শিৰ ছেদি নিকলিবো জীৱ ॥৬
পাছে সুগ্ৰীৱক তোক সমৰত মাৰোঁ ।
ৰাম লক্ষ্মণক মাৰি শৈল্যক উদ্ধাৰোঁ ॥৭
সীতাৰ কেশত বাম হাতে ধৰিলেক ।
দক্ষিণৰ হাতে খাণ্ডা থিৱ কৰিলেক ॥৮
হনুমন্তে বোলন্ত মোহোৰ বোল শুন ।
স্ত্ৰীবধ কৰস তই ৰাজনয় কোন ॥৯
বাপেৰে আনিল হৰি পৰিলা বিপাঙ্গে ।
স্বামীৰ বিয়োগ দুঃখে ক্লেশ ভৈলা অঙ্গে ॥১০
বাপ মাৱ শ্বাশু শ্বশুৰ অগোচৰ ।
অনাথিনী নাৰী আছে লঙ্কাৰ ভিতৰ ॥১১
হেন নাৰী মাৰি তই ভালক নপাইবি ।
অধোগামী হুয়া ঘোৰ নৰকক যাইবি ॥১২
ইন্দ্ৰজিতে বোলন্ত বানৰ মহাপাপ ।
এইৰ কাৰণে বহু লোকৰ সন্তাপ ॥১৩
এক জনী মাৰিলে অনেক লোক জীয়ে ।
হনৰা বিনাশে বৰ ধৰ্ম্মকেসে দিয়ে ॥১৪
মিছাত নিন্দস কপি সময় নজানি ।
হেন বুলি সীতাক কাটিলা খাণ্ডা হানি ॥১৫
হা ৰাম লখাই মোহোৰ প্ৰাণ নাথ ।
হেন বুলি ভূমিত পৰিল গৈয়া মাথ ॥১৬
সীতাৰ বিপত্তি দেখি বীৰ হনুমন্ত ।
দুৰ্ব্বাৰ শোকত অতিশয় কান্দিলন্ত ॥১৭
হৰি হৰি পৰিছেদা দেখিলোহো আই ।
ৰাম প্ৰভু জীব কেনে তোমাক নপাই ॥১৮
হা হা আই যাতো মোৰ বোল নকৰিলে ।
সি কাৰণে আজি হেৰা পৰাণে মৰিলে ॥১৯
হেন বুলি পৰ্ব্বত গাৱৰ বলে তুলি ।
হানিলন্ত ইন্দ্ৰজিত কুমাৰক বুলি ॥২০
মেঘনাদ বীৰৰ সাৰথি সুশিক্ষিত ।
ৰথ খান আন ভিতি নিলেক ত্বৰিত ॥২১
সন্ধানে হানিলা বায়ুসুত মহাবল ।
ভূমিত পৰিলা হলহলি গৈলা তল ॥২২
ধৰ্ম্মধৰ্ম্ম সুমৰন্ত নিশাচৰগণ ।
গিৰি পৰি ৰাজপুত্ৰ ক্ষণে বৱে চূৰ্ণ ॥২৩
বায়ুপুত্ৰ সমবীৰ নাহি মহাবল ।
পৃথিবী বিদাৰি গিৰি গোট গৈলা তল ॥২৪
ইন্দ্ৰজিত সমে তাৰ সমৰ ভাগিল ।
হনুমন্তে ৰাক্ষসক লঙ্কাক খেদিল ॥২৫
অন্তৰ দগধ ভৈলা জানকীৰ শোকে ।
সেহি কথা কহিবাক গৈলা সৰ্ব্ব লোকে ॥২৬
ৰামৰ পাশক হনুমন্ত চলি যান্ত ।
ৰাঘৱে পঠাইলা জাম্বৱন্তক পাইলন্ত ॥২৭
অৰ্দ্ধেক পথৰ পৰা তাক উলটাইল ।
শোকে দুঃখে চলিয়া ৰামৰ পাশ পাইল ॥২৮
ৰাঘৱে বোলন্ত দেখোঁ সবাৰে শ্ৰীহানি ।
ওৰা হনুমন্ত কিবা কাৰ্য্যৰ বিঘিনি ॥২৯
আমি আৰো বোলোঁ সবে ভৈলা ৰণজয় ।
সকলে কপিৰ কেনে শোকৰ উদয় ॥৩০
ৰামৰ বচনে শোকাবিষ্ট হনুমন্ত ।
সজল নয়নে জানকীৰ কথা কন্ত ॥৩১
মাথা ছপৰায়া যুৰিলন্ত যোৰহাত ।
শুনিয়ো গোসাঁই তুমি ৰঘুবংশ নাথ ॥৩২
যি কাৰণে সাগৰত বান্দিলাহা সেতু ।
এতক দুখক সহিলাহা যাৰ হেতু ॥৩৩
জনক জীয়াৰী মাৱ দুখুনী গোসাঁনী ।
ইন্দ্ৰজিতে কাটিলন্ত ৰণমাজে আনি ॥৩৪
আশেষ বুলিলো তাক ধৰ্ম্মক চিনাই ।
অনাথিনী নাৰীক কাটিবে নুযুবাই ॥৩৫
পাপীষ্ঠ অধম জাতি ক্ৰূৰ অতিৰেক ।
বাম হাতে কেশত ধৰিয়া কাটিলেক ॥৩৬
অসহ্য বচন শুনি হনুৰ মুখৰ ।
ঢলিয়া পৰিলা ৰাম নিজ আসনৰ ॥৩৭
অচেতন ভৈলা হেন সব লোক জানি ।
কান্দন্তে বানৰে মাথে ঢালিলেক পানি ॥৩৮
লক্ষ্মণেয়ো মহাদুঃখে গলে ধৰিলন্ত ।
হাহাকাৰ কৰিয়া অনেক কান্দিলন্ত ॥৩৯
ফুকন্তে ফুকন্তে পাছে আসি ভৈলা জীউ ।
হা হা সীতা কহি গৈলা জনকৰ জীউ ॥৪০
তোহোক সুমৰি আকুলিত কৰে মন ।
মিছাত কৰিলো এত কাল ঘোৰ ৰণ ॥৪১
সব লোক কদৰ্থিয়া কৰোলো দুঃখিত ।
বিচি ধান বুইলো যেন উখৰা ভূমিত ॥৪২
কোথা গৈলা প্ৰাণেশ্বৰী পতিব্ৰতা নাৰী ।
তোহোৰ গুণক আৰ বৰ্ণাইতে নপাৰি ॥৪৩
তই অবিহনে জীৱনত কোন ফল ।
পৃথিবী ফাটন দেহ যাওঁ ৰসাতল ॥৪৪
লক্ষ্মণেয়ো শোকে মুঠি হানিলা হিয়াত ।
চাপিয়া ধৰিলা পাছে ৰামৰ গ্ৰীৱাত ॥৪৫
বুলিলন্ত প্ৰবোধ বচন ধৰ্ম্ম সাৰ ।
তথাপিতো ৰামে শোকে কান্দিলা অপাৰ ॥৪৬
শুনিয়োক দাদা ইটো দেহ মলপিণ্ড ।
নিঃসৰ কদলী যেন উই চূলা ভিণ্ড ॥৪৭
অথিৰ সংসাৰে তুমি ত্যজিয়োক মৰ্ম্ম ।
ৰিপু জিনিবাৰ বুদ্ধি কৰিয়োক কৰ্ম্ম ॥৪৮
সেনা থিৰ কৰি আসি পাইলা বিভীষণ ।
দেখন্ত মলিন মুখ সব কপিগণ ॥৪৯
শীঘ্ৰ বেগ ধৰিয়া ৰামৰ পাশে যাই ।
দেএখ গলাগলি কৰি কান্দে দুই ভাই ॥৫০
প্ৰবোধন্ত লক্ষ্মণে ৰামৰ গলে ধৰি ।
হেতু যুগুতিক ধৰ্ম্ম পছ অনুসৰি ॥৫১