ৰঙ্গিলী/অষ্টম অধ্যায়

ৱিকিউৎসৰ পৰা

[ ২৭ ]

অষ্টম অধ্যায়

⸺:০:⸺

সৎৰামৰ ঘৰত

 এই ফাগুন মাহৰে এদিন গধূলি সৎৰাম ৰজাঘৰলৈ যোৱাৰ অলপ পিছতে সিফালৰ গাঁৱৰপৰা ডেকা এজনে বেগাবেগিকৈ আহি মাতিব ধৰিলে "সতাই দা! সতাই দা! ঘৰত আছানে?” তাৰ এই মাত শুনি সৎৰামৰ ভনীয়েক কেতেকীয়ে লৰি পদূলিৰ মুখলৈ আহি কলে –“কেলেই সতাই দাক হোঁ? সতাই দা এই মাত্ৰ ওলাই গৈছে।” তাইৰ এই কথাত ডেকাজনে কলে – “তেওঁ যাবৰ কিমান পৰ হ’ল কেতেকি? মোৰ আজি পলমেই হল হবলা। স্বৰ্গদেউ ঈশ্বৰে আজি মোক কিজানি বেয়াকে বুলিব। মই যাওঁগৈ দেই কেতেকি?

 কেতেকী – অ’ ৰবাচোন জয়ৰাম। এটা কথা শুনি যোৱা।

 জয়ৰাম – কি কথা কেতেকি! শীঘ্ৰে কোৱা। মই সৰহ বেলি ৰব নোৱাৰোঁ। [ ২৮ ]  পাঠক-পাঠিকাসকল! আমি এই খিনিতে জয়ৰামৰ যাবলৈ খৰধৰ লাগিলেও এফেৰা তেওঁৰ পৰিচয় দিবলৈ বাধ্য হলোঁ — এই ডেকাজন গাঁৱৰে এজন চাওডাঙৰ লৰা। তেওঁৰ বাপেকৰ নাম মিঠাৰাম। তেওঁলোকে জোৰান্তৰ ঘৰৰ। জয়ৰামৰ, মাক বাপেক, দুটা সৰু ভাই, আৰু এজনী ভনী আছিল। বাপেকে ৰজাঘৰৰ মহ ৰাখে। সেইবাবে ৰজাঘৰৰপৰা দুটা কাড়ি পাইক আৰু চাৰি পুৰা নিষ্কৰ মাটি বৃত্তি পাইছিল। জয়ৰামৰ বয়স প্ৰায় একুৰি। বেছ হৃষ্ট-পুষ্ট, বলিষ্ঠ, আহোম লৰা। দেখিবলৈকো ধুনীয়া। তেৱোঁ প্ৰায় সততে গধূলি হলে সৎৰাম, শান্তিৰাম, মনাই, এই তিনিজনৰ লগত ৰজাঘৰলৈ গৈ স্বৰ্গদেৱৰ লগত নিশা স্বৰ্গদেৱৰ ভোজনৰ সময়লৈকে ৰং-ধেমালি কৰি কাল কটাইছিল। স্বৰ্গদেৱে এনেকুৱা লগ সমনীয়াসকলক চপাই লৈ নিতৌ নিশা আমোদ-প্ৰমোদ কৰিছিল।

 কেতেকী — বাৰু জয়ৰাম কাই! তুমি মোক সচাকৈ কোৱাচোন তোমালোকে ৰজাঘৰলৈ গৈ নিতৌ নিশা কি কৰা ককাইদেউক সুধিলে তেওঁ মোক ভেকাহি মাৰি দিয়ে, সেইদেখি আজি তোমাকে সুধিলো, মোক সঁচা কথা কব লাগিব।

 জয়ৰাম — সঁচাকৈ কৈছো কেতেকি! আমি স্বৰ্গদেৱৰ লগত দহ পচিশ খেলো। কেতিয়াবা নানা ফুচুৰি হাঁহি-উঠা কথা-বতৰা পাতো;

 কেতেকী — তাত তোমালোকে মদ ফটিকা নোখোৱানে?

 জয়ৰাম — স্বৰ্গদেৱে দিলে আমি খাওঁতো।

 কেতেকী — বাৰু কোৱাচোন জয়ৰাম কাই! তোমালোকে ৰজাঘৰীয়া ধুনীয়া ধুনীয়া লিগিৰীহঁতে সৈতেও ধেমালি-ধুমুলা নকৰানে? অন্ততঃ চুপতি নাপাতানে? [ ২৯ ]  জয়ৰাম— যোৱা কেতেকি! তুমি আমাক লিগিৰীহঁতে সৈতে ধেমালি কৰাটোহে ভাবি থাকা। তুমি আৰু ঠেট্টা কৰিবলৈকো নেৰা।

 কেতেকী— মই ঠেট্টা কৰিলে বেয়া পোৱানে কি? মই আকৌ সঁচা কথাকেহে কৈছে।

 জয়ৰাম— সই হলে কেতেকি! লিগিৰীসকলে সৈতে কোনো ভাব কৰা নাই। মই, লিগিৰীহঁতক ভাল নাপাওঁ। মই দেখোন তোমাকেহে ভাল পাওঁ। তোমাকেহে সমাজিকতে দেখো মই তোমাকেহে বিয়া কৰাব খুজিছো কেতেকি!

 কেতেকী— সঁচাকৈয়ে কৈছানে?

 জয়ৰাম— মই মিছা কোৱা নাই। পিছত তুমি জানো মোত বিয়া সোমাবা?

 কেতেকী— “মই কব নোৱাৰো। মই যাওঁগৈ” এই বুলি কেতেকী যাবলৈ ওলাওঁতেই জয়ৰামে মাত লগালে—“নেযাবা নোযাবা কেতকি। কথা এটা শুনি যোৱা মোৰ ভোটাতৰাটী।”

 কেতেকী— “কেলেইনে ঠেট্টা কৰা দেওহে।”

 জয়ৰাম— “মই ঠেট্টা কৰা নাই। পিছত আজি লৰালৰিকৈ ঘৰৰ পৰা আহিলোঁ। তামোল-চালি এখনো খবলৈ নাপালো। এখন তামোলকে দিয়া কেতকি।” কেতেকিয়ে বিহাৰ আচলৰপৰা খুবিওৱা তামোল এখন দিলে। জয়ৰামে কলে— “তেন্তে গাওঁগৈ দেই কেতেকি। পিছত যাবৰ পৰত তামোলৰ লগতে যে আৰু এটা বস্তু লাগে।”

 কেতেকী— কি বস্তু।

 জয়ৰাম— এটা চুমা।

 কেতেকী— “মই এতিয়াই তোক চুমা দিব নোৱাৰে। যি দিনা তুমি মোক দস্তুৰমতে চকলং পাতি বিয়া কৰাই নিবা সেই দিনাহে [ ৩০ ] যিমান পাৰোঁ তোমাক চুমা দিম।” এই বুলি কৈয়েই কেতেকীয়ে চাত কৰি ঘৰৰ ফাললৈ লৰি গল। জয়ৰাম ৰজাঘৰৰ ফাললৈ খোজ ললে। খোজ লোৱাৰ লগে লগে বাটে বাটে কেতেকীয়ে শুনাকৈ গালে –

(১)
ৰূপৰ সাগৰত মজলি সোণাই ঐ
ৰূপতে ঘুণীয়া হলু,
তোমাৰ ৰূপকে গুণোতে ভাবোতে
বলীয়া হোৱাদি হলুঁ।
(২)
ঢাৰি পাৰি ঠেৰেজু লেখোঁ প্ৰাণেশ্বৰি।
পাটী পাৰি ঠেৰেজু লেখোঁ,
তোমাৰে নিচিনা ৰঙা বৰণীয়া
ৰাতি সমাজিকত দেখোঁ।
⸻⸻