সমললৈ যাওক

স্বাগতম পৰীক্ষা/অধ্যয়নৰ প্ৰথম স্তৰ— টোকা প্ৰস্তুতি ⵓ অসমীয়া

ৱিকিউৎসৰ পৰা

[ ২৭ ]

 

অধ্যয়নৰ প্ৰথম স্তৰ— টোকা প্ৰস্তুতিঃ অসমীয়া

 অধ্যয়ন আৰম্ভ কৰিব পৰাকৈ সাজু হোৱাৰ পিছত আমি অধ্যয়নৰ প্ৰণালী সম্পৰ্কে আলোচনা কৰিব পৰা হৈছো। অৱশ্যে বিষয় অনুযায়ী, পৰীক্ষাৰ পাঠ্যক্ৰম তথা পৰীক্ষা পদ্ধতি অনুযায়ী নাইবা ছাত্ৰ-ছাত্ৰীসকলৰ কোনো বিষয়ত দুৰ্বলতা বা সবলতা অনুযায়ী অধ্যয়নৰ প্ৰণালী বিভিন্ন হ’ব পাৰে বা হ’বই। আমি ইয়াত প্ৰধানকৈ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ আধাৰতে কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ অধ্যয়নৰ কথাকে বিস্তাৰিতভাৱে আলোচনা কৰিম। অৱশ্যে ইয়াৰ কথাখিনি ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে বুজি লৈ সম্যকভাৱে উপলব্ধি কৰি কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰাৰ অভ্যাস কৰিলে আন পৰীক্ষাবোৰৰ বা আন বিষয়বোৰৰ অধ্যয়নৰ প্ৰণালীও নিজে নিজে ঠিক কৰি ল’ব পাৰিব আৰু তাক সমান সফলতাৰেই প্ৰয়োগো কৰিব পাৰিব।

 পোনতেই আমি গ্ৰহণ কৰিছো অসমীয়া বিষয়টো। কাৰণ ই প্ৰায় সকলোবোৰ ছাত্ৰ- ছাত্ৰীৰে মাতৃভাষা আৰু ইয়াৰ অধ্যয়নৰ প্ৰণালী বা প্ৰস্তুতি তুলনামূলকভাৱে সহজ। এইখিনিতে এটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ যে, পৰীক্ষাত সফলতা লাভ কৰাৰ ক্ষেত্ৰত সকলো বিষয়ৰে বিস্তৃত টোকা প্ৰস্তুত কৰা তথা পাঠসমূহ যিমানদূৰ সম্ভৱ লিখি লিখি অভ্যাস কৰা অত্যন্ত প্ৰয়োজনীয়। কিতাপৰ পৰা প্ৰত্যক্ষভাৰে, অইনৰ টোকাৰ পৰা অথবা শ্ৰেণীত লিখা বহীৰ পৰা অধ্যয়ন কৰি পৰীক্ষা দিবলৈ যোৱাটো অত্যন্ত মূৰ্খামি। অসমীয়া বিষয়ৰ ক্ষেত্ৰতো একে কথাই খাটে আৰু ইয়াতো বিস্তৃত টোকা প্ৰস্তুত কৰিব লাগিব। গতিকে টোকা প্ৰস্তুত কৰাই অধ্যয়নৰ প্ৰথম খোজ। এই ক্ষেত্ৰত বিদ্যালয়ৰ শ্ৰেণীৰ লগত সংগতি ৰাখি, শিক্ষান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, সময়-তালিকা অনুযায়ী ছাত্ৰ-ছাত্ৰীসকল টোকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। অৱশ্যে বিদ্যালয়ত কোনো পাঠ্যক্ৰম শেষ হোৱাৰ সম্ভাৱনা নাথাকিলেও নিজে নিজে হলেও অধ্যয়ন কৰি টোকা প্ৰস্তুত কৰিব লাগিব, কাৰণ শিক্ষান্ত পৰীক্ষাত গোটেই পাঠ্যক্ৰমৰ পৰাই প্ৰশ্ন থাকিব; কোনো বিদ্যালয়ৰ শ্ৰেণীত কোনো পাঠ পঢ়ুৱা হোৱা-নোহোৱাটো বিবেচনা কৰা নহ’ব। আৱশ্যক হ’লে ছাত্ৰ-ছাত্ৰীসকলে নিজেই উদ্যোগী হৈ প্ৰধান শিক্ষক বা অধ্যক্ষৰ লগত আলোচনা কৰি বিশেষ শ্ৰেণী বহুৱাই হ’লেও পাঠ্যক্ৰমখিনি অন্তিমলৈ পঢ়ুৱাৰ ব্যৱস্থা কৰিব লাগিব।

 এতিয়া পুনৰ অসমীয়া বিষয়ৰ টোকা প্ৰস্তুত কৰা বিষয়লৈ ঘূৰি গৈছো। পাঠ্যপুথি, সহায়ক পুথি, প্ৰশ্নকাকত আৰু সৰ্বোপৰি শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় [ ২৮ ] পাঠ্যক্ৰমখন— এই সকলোবোৰতো আমাৰ সংগ্ৰহ কৰি লোৱা আছেই। গতিকে ছাত্ৰ- ছাত্ৰীসকলে অসমীয়া বিষয়ৰ পাঠ্যক্ৰমখিনি ভালদৰে পঢ়ি লোৱা আৰু আৱশ্যকীয় পাঠবোৰ জানি লৈ পাঠ্যপুথিসমূহত সেইবোৰ কাঠ পেঞ্চিলেৰে চিন দি লোৱা। কাঠ পেঞ্চিলেৰে চিন দিয়াৰ অৰ্থ হ’ল এই যে পাছত আৱশ্যক হ’লে সহজে মচিব পৰা যায়। এই ক্ষেত্ৰত অসমীয়াৰ পাঠ্যক্ৰমখিনি সামগ্ৰিকভাৱে আমি এই ভাগবোৰত ভগাব পাৰো– গদ্য অংশ, পদ্য বা কবিতা অংশ, ব্যাকৰণ অংশ আৰু ৰচনা অংশ। ইয়াৰে ৰচনাৰ বাবে সাধাৰণতে পাঠ্যপুথি নাথাকে যদিও দুই-তিনিখন ভাল ৰচনাৰ পুথি সংগ্ৰহ কৰি ল’লেই কাম হৈ যায়। তদুপৰি পাঠ্যক্ৰমত যদি আৱশ্যকীয় ৰচনাৰ নাম দিয়া নাথাকে তেন্তে বিগত বছৰবোৰৰ প্ৰশ্নসমূহৰ পৰা চাই কুৰিখনমান সম্ভাব্য ৰচনাৰ এখন তালিকা তৈয়াৰ কৰি ল’ব লাগে আৰু ইয়ে ৰচনাৰ পাঠ্যক্ৰমৰ কাম কৰিব। টোকা তৈয়াৰ কৰোতেও ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো ভাগত সমান্তৰালভাৱে আগবাঢ়িব লাগিব, কাৰণ বিদ্যালয়ত প্ৰতিটো বিভাগৰে পাঠদান সমান্তৰালভাৱেই হ’ব। তদুপৰি টোকাবহী প্ৰস্তুত কৰোতেও মন কৰিবলগীয়া কথা হ’ল সদায় উৎকৃষ্ট কাগজ লৈ দিস্তা হিচাপে চিলাই কৰি ওপৰত মুগা কাকতৰ বকলা লগাই ল’ব লাগে। ইয়ে ওপৰৰ বকলাটো লেতেৰা নেদেখায়। নিকৃষ্টমানৰ কাগজ বা বজাৰৰ তৈয়াৰ কৰা বহী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। তদুপৰি কলম আৰু চিয়াঁহীৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকল সাৱধান হ’ব লাগে। উৎকৃষ্টমানৰ নিজৰি কলম অৰ্থাৎ ফাউনটেইন পেন আৰু উৎকৃষ্টমানৰ নীলা বা কলা-নীলা ৰঙৰ চিয়াঁহী ব্যৱহাৰ কৰিব লাগে।

 অসমীয়াৰ গদ্য, পদ্য, ব্যাকৰণ আৰু ৰচনাৰ বাবে পোনতে চাৰিটা বহী প্ৰস্তুত কৰি ল’ব লাগে। লগতে গোটেই পাঠ্যক্ৰম অনুযায়ী পাঠবোৰ এবাৰ ওপৰে ওপৰে পঢ়িবলৈ আৰম্ভ কৰিব লাগে। এইবাৰৰ পঢ়াত বেছি সময় নষ্ট কৰিব নালাগে। গোটেই পাঠ্যক্ৰমটো এবাৰ খৰধৰকৈ পঢ়ি লোৱা কাৰ্যই ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ ব্যাপকতা সম্পৰ্কে এটি আভাস দিব। এনেদৰে পঢ়ি যাওঁতে প্ৰতিটো পাঠ পঢ়াৰ পিছত প্ৰশ্নকাকতসমূহ চাই তাৰ সম্ভাব্য প্ৰশ্নসমূহৰ বিষয়েও এটি তুলনামূলক ধাৰণা সৃষ্টি কৰিবলৈ যত্ন কৰিব লাগে। কিন্তু দৰকাৰী কথা হ’ল এই যে, এই সামগ্ৰিক পঠনত বেছি সময় ব্যয় কৰিব পৰা নাযাব আৰু মুঠ পাঠ্যক্ৰমৰ সময়ত ১০%-১৫% সময়ৰ ভিতৰতে ইয়াক শেষ কৰিব লাগিব। অসমীয়াৰ টোকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ৰচনাৰেই আৰম্ভ কৰে। মনত ৰাখিব লাগিব যে, আমি পূৰ্বতে প্ৰস্তুত কৰা তালিকাৰ সেই কুৰিখন ৰচনাৰ প্ৰতিখনেই সুন্দৰভাৱে টোকাবহীত লিখি উলিওৱাৰ উপৰিও সুন্দৰ ৰচনা এখন কেনেদৰে প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কেও পোনতেই সম্যক জ্ঞান লাভ কৰিব লাগিব। বিভিন্ন উৎকৃষ্ট ৰচনাৰ পুথিত ৰচনা লিখাৰ পদ্ধতি সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰা আছে। [ ২৯ ] আৰু ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰ পঢ়ি ইয়াৰ ওপৰত এটি স্পষ্ট ধাৰণা কৰি ল’ব লাগে। অৱশ্যে ৰচনা লিখাৰ পদ্ধতিবোৰ পঢ়ি ল’লেই নহয়, নিজৰ ৰচনা লিখাৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰে সেইবোৰ প্ৰয়োগ কৰিলেহে সেই বিষয়ে সম্যক উপলব্ধি কৰিব পৰা যায়।

 যিকোনো বিষয়ে ৰচনা লিখাৰ ক্ষেত্ৰত প্ৰথম কাম হ’ল সেই বিষয়ৰ ওপৰত বিস্তাৰিত জ্ঞান লাভ। গতিকে কোনো বিষয়ৰ ওপৰত ৰচনা এখন লিখাৰ সিদ্ধান্ত লোৱাৰ পিছত বিষয়টোৰ বিষয়ে কিতাপ, আলোচনী, সংবাদ-পত্ৰ আদিত পঢ়ি, অনাতাঁৰ যন্ত্ৰ বা দূৰদৰ্শনৰ লগত সম্পৰ্ক ৰাখি অথবা বন্ধু-বান্ধৱী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি, বিষয়টো সম্পৰ্কে ভালদৰে জানি ল’ব লাগে। এই সময়তে বিষয়টোক কি কি ভাগ, উপ-বিভাগ বা উপ-বিষয়ত বিভক্ত কৰি বিভিন্ন শিতান, উপ-শিতানত বিস্তাৰিতভাৱে আলোচনা কৰিব পাৰি এই সম্পৰ্কেও চিন্তা কৰি যাব লাগে। অৱশ্যে বৰ্ণনামূলক, চিন্তামূলক আদি বিভিন্ন বিষয় অনুযায়ী এই উপ-শিতানসমূহো বেলেগ বেলেগ হ’ব পাৰে। দ্বিতীয় পৰ্যায়ত মন কৰিবলগীয়া কথা হ’ল ৰচনাৰ দৈৰ্ঘ্য। এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই প্ৰতিটো বস্তুৰ লগত কিবা নহয় কিবা প্ৰকাৰে জড়িত। গতিকে যিকোনো বিষয়ৰ লগতে বিশ্বৰ বিভিন্ন বিষয় ক্ৰমাগতভাৱে জড়িত কৰি ৰচনা এখন সীমাহীনভাৱে বহলাই থাকিব পাৰি যিটো কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয়। পৰীক্ষাৰ ক্ষেত্ৰতো যিহেতু পৰীক্ষাৰ্থীসকলে এক সীমিত সময়ৰ ভিতৰতে ৰচনাখন লিখি শেষ কৰিব লাগিব, গতিকে ইয়াৰে দৈৰ্ঘ্য সীমিত হ’ব লাগিব। অৱশ্যে সীমিত সময়ৰ ভিতৰতে যিমানে বেছি দৈৰ্ঘ্য বঢ়াব পৰা যায় সিমানে বেছি নম্বৰ পৰীক্ষাত আশা কৰিব পাৰি আৰু এনে ক্ষেত্ৰত লিখাৰ দ্ৰুতগতিৰ গুৰুত্ব আহি পৰে। দীঘলকৈ লিখি যদি বানান, তথ্যৰ সংগতি আদিত অধিক অশুদ্ধি আহি পৰে, তেন্তে নম্বৰ কমি যোৱাৰহে সম্ভাৱনা। তদুপৰি সমান দৈৰ্ঘ্যৰ ৰচনাৰ ভিতৰতো বেছি তথ্যসমৃদ্ধ, শিতানযুক্ত সাৱলীল, শৃংখলাবদ্ধ ৰচনাৰ ক্ষেত্ৰত পৰীক্ষকৰ ধাৰণা ভাল হয় আৰু এনে ৰচনাই পৰীক্ষাত বেছি নম্বৰ লাভ কৰে। গতিকে পৰীক্ষাত ভাল ফল দেখুওৱাৰ ক্ষেত্ৰত শুদ্ধভাৱে আৰু দ্ৰুতভাৱে লিখাৰ যথেষ্ট গুৰুত্ব আছে; আৰু কেৱল ৰচনাৰ ক্ষেত্ৰতেই নহয়, আন ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ অপৰিসীম আৰু সেইবাবে পৰীক্ষাৰ্থীসকলে ইয়াতো যথোচিত গুৰুত্ব প্ৰদান কৰিব লাগিব। লিখাৰ দ্ৰুততা বৃদ্ধি কৰাৰ একমাত্ৰ পদ্ধতি হ’ল অভ্যাস। গভীৰ মনোযোগ প্ৰদান কৰি তীব্ৰগতিৰে নিতৌ কিছু সময় লিখাৰ অভ্যাস কৰিলে লিখাৰ গতি দ্ৰুতভাৱে বৃদ্ধি পাব— অন্ততঃ এটা সীমালৈকে। এনে ক্ষেত্ৰত আখৰ ধুনীয়া কৰাত খুব বেছি গুৰত্ব দিব নালাগে। কেৱল আখৰবোৰ সমান জোখৰ, শাৰীবোৰ পোন আৰু সমান্তৰাল কৰাৰ ক্ষেত্ৰতহে গুৰুত্ব দিব লাগে; আখৰ বুজিব পৰা হ’লেই হ’ল। ধুনীয়া আখৰতকৈও শুদ্ধ লেখাইহে পৰীক্ষকৰ মনোযোগ বেছি পৰিমাণে আকৰ্ষণ [ ৩০ ] কৰে। তদুপৰি পৰীক্ষাত যোগান ধৰা বহীৰ দৰে বহীত নিজৰ কলমেৰেহে দ্ৰুতলিখন অভ্যাস কৰিব লাগে। বেলেগ ধৰণৰ কাগজ বা আন কলম, কাঠ পেঞ্চিল আদি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।

 ছাত্ৰ-ছাত্ৰীসকলে কিমান দৈৰ্ঘ্যৰ ৰচনা এখনৰ টোকা প্ৰস্তুত কৰিব সেইটো নিৰ্ভৰ কৰিব ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত লিখন তীব্ৰতাৰ ওপৰত। কাৰণ সময় যিহেতু ধৰা- বন্ধা, বেছি খৰকৈ লিখিব পৰা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পৰীক্ষাত ৰচনা দীঘলকৈ লিখিব পাৰিব আৰু টোকাও সেই হিচাপে দীঘলকৈ প্ৰস্তুত কৰিব লাগিব। সকলো ধৰণৰ টোকা প্ৰস্তুত কৰোতে সদায় পৰীক্ষাৰ প্ৰশ্নৰ প্ৰতি লক্ষ্য ৰাখিবই লাগিব। টোকা বেলেগ ধৰণে প্ৰস্তুত কৰি পৰীক্ষাত বেলেগকৈ লিখিম বুলি ভাবিলে পৰীক্ষাত ভাল ফল দেখুৱাব পৰা নাযাব। গতিকে ৰচনাৰ বাবে প্ৰদান কৰা নম্বৰ আৰু উত্তৰৰ বাবে দিয়া মুঠ সময়ৰ কথা বিবেচনা কৰি ৰচনাখনৰ বাবে কিমান সময় পোৱা যাব উলিয়াই ল’ব লাগে। প্ৰশ্নকাকতৰ মুঠ সময়ক মুঠ নম্বৰেৰে হৰণ কৰি ৰচনাৰ নম্বৰেৰে পূৰণ কৰিলেই ৰচনাৰ বাবে ব্যৱহাৰ কৰিব পৰা সময় পোৱা যায়। কিন্তু সাধাৰণতে ৰচনাৰ লগত থকা ব্যাকৰণ অংশত সময়ৰ বেছি প্ৰয়োজন নহয় বাবে ৰচনাত আৰু বেছি সময় খৰচ কৰিব পৰা যায়। ৰচনাৰ বাবে ব্যৱহাৰ কৰিব পৰা সময় নিৰূপণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে খৰকৈ লিখিলে সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত কিমানসংখ্যক শব্দ লিখিব পাৰিব সেইটোও হিচাপ কৰি চাব লাগে আৰু ৰচনাসমূহৰ টোকা প্ৰস্তুত কৰোতে প্ৰায় সিমানসংখ্যক শব্দৰ ভিতৰত প্ৰস্তুত কৰিব লাগে। অৱশ্যে শব্দৰ সংখ্যা কিছু বেছি হলেও সিমান অসুবিধা নাই। কাৰণ দীঘল টোকাৰ পৰা চুটি কৰা সহজ, কিছু চুটি টোকাৰ পৰা হঠাতে দীঘলকৈ লিখা অসুবিধাজনক।

 ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে টোকাবহীত ৰচনাখন সুন্দৰভাৱে পৰিপাটিকৈ লিখিবলৈ আৰম্ভ কৰিব লাগে। টোকা প্ৰস্তুত কৰোতে খৰকৈ লিখাৰ ওপৰত গুৰুত্ব নিদি সুন্দৰ আখৰ আৰু পৰিপাটি, সমান্তৰাল শাৰীতহে গুৰুত্ব দিব লাগে। শাৰীবোৰ পাতলকৈ লিখিব লাগে যাতে আৱশ্যক হলে নতুন কথা মাজত সুমুৱাই দিব পৰা যায়। দৰকাৰ হ’লে প্ৰথম অৱস্থাত ৰুল টনা কাগজো ব্যৱহাৰ কৰিবলগা হ’ব পাৰে— শাৰীবোৰ পোনকৈ ৰখাৰ বাবে। পাতলকৈ লিখা শাৰীয়ে বেয়া আখৰো ভাল দেখায়। ৰচনাখনৰ নাম তথা শিতানবোৰৰ তলত আঁচ দিব লাগে। শিতানবোৰ বেলেগ বেলেগ দফা বা পেৰাগ্ৰাফত লিখিব লাগে। আৱশ্যকীয় উদ্ধৃতি, টোকা আদিৰ ব্যৱহাৰে ৰচনাৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে। সীমিত পৰিসৰৰ ভিতৰতে বেছিসংখ্যক বিষয়ৰ কথা চমুকৈ আলোচনা কৰি শিতান বা উপ-বিভাগৰ সংখ্যা যিমানে বঢ়াব পাৰি সিমানে ভাল। ৰচনাখনৰ আৰম্ভণি আৰু সমাপ্তি নাটকীয় ধৰণৰ হ’লে পৰীক্ষকৰ মনোযোগ আকৰ্ষিত [ ৩১ ] হয়। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে যথেষ্টসংখ্যক বিভিন্ন বৈচিত্ৰ্যপূৰ্ণ বিষয়ৰ ৰচনা অধ্যয়ন কৰি নিজে নিজে লিখাৰ অভ্যাস কৰিলে অতি সোনকালেই সুন্দৰ ৰচনা লিখাত পাৰ্গত হৈ উঠিব।

 ৰচনাৰ পাছত আমি ব্যাকৰণ খণ্ডৰ কথা কিছু আলোচনা কৰো। আগৰ দৰে ইয়াতো বিগত কিছু বছৰৰ প্ৰশ্নসমূহ পঢ়ি কেনেধৰণৰ প্ৰশ্ন সাধাৰণতে পৰীক্ষাত সোধা হয়, সেই সম্পৰ্কে জানি ল’ব লাগিব। লগতে পাঠ্যক্ৰম ব্যাকৰণ খণ্ড পঢ়ি আৱশ্যকীয় পাঠসমূহ জানি ল’ব লাগিব। এতিয়া সেই প্ৰশ্নসমূহক আৰ্হি কৰি পাঠ্যক্ৰমখনত আৱশ্যকীয় আটাইখিনি পাঠ টোকাবহীত বিস্তৃতভাৱে লিখি পেলাব লাগিব। এই ক্ষেত্ৰত ব্যাকৰণৰ কেইবাখনো কিতাপৰ সহায় লোৱা ভাল। পাঠবোৰ যিমান পাৰি সিমান বিস্তৃত, শৃংখলাবদ্ধ আৰু ধাৰাবাহিক হ’ব লাগে। টোকা প্ৰস্তুত কৰোতে এনেধৰণে কৰিব লাগে যাতে পিছত আৰু পাঠ্যপুথি বা সহায়ক পুথিসমূহ মেলি চাবলগীয়া নহয়। তোমালোকৰ টোকাৰ ব্যাকৰণ খণ্ডত কমেও বিগত দহ বছৰৰ ব্যাকৰণৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ পোৱা যাব লাগিব— যদিহে সেইবোৰ পাঠ বৰ্তমানৰ পাঠ্যক্ৰমতো আছে। অৱশ্যে টোকাসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে, প্ৰতিটো পাঠৰ টোকা প্ৰস্তুত কৰাৰ আগে আগে পাঠ্যপুথি আৰু সহায়ক পুথিৰ পৰা পাঠটো ভালদৰে পঢ়ি বুজি ল’ব লাগিব। এনে ক্ষেত্ৰত বিদ্যালয়ৰ শ্ৰেণীৰ লগত সংগতি ৰাখিবলৈ যত্ন কৰিব লাগে। আৱশ্যক হ’লে কোনো ধৰণৰ সংকোচৰ বশৱৰ্তী নহৈ শিক্ষক-শিক্ষয়িত্ৰী বা অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ লগতো আলোচনা কৰি নুবুজা কথাবিলাক বুজি ল’ব লাগে।

 ইয়াৰ পিছত অসমীয়া পদ্য বা কবিতা অংশ আৰু গদ্য বা কথা অংশৰ টোকা প্ৰস্তুত কৰা সম্পৰ্কে আলোচনা কৰো। এইক্ষেত্ৰতো ব্যাকৰণ খণ্ডৰ দৰেই পদ্ধতি অনুসৰণ কৰিব লাগে। পোনতে পদ্য আৰু গদ্য অংশৰ প্ৰতিটো পাঠ অৰ্থাৎ প্ৰতিটো পদ্য বা কবিতা, প্ৰতিটো গল্প আৰু প্ৰতিটো প্ৰবন্ধৰ নাম আৰু কবি বা লিখক-লেখিকাৰ নাম ভালদৰে লিখি মুখস্থ কৰিব লাগে। তাৰ পিছত টোকা প্ৰস্তুত কৰিব খোজা পাঠটো কেইবাবাৰো ভালদৰে পঢ়ি লৈ বুজি ল’ব লাগে। টান শব্দৰ অৰ্থসমূহ জানি ল’ব লাগে। কবিতাৰ পাঠভিত্তিক টোকা লিখাৰ ক্ষেত্ৰত পোনতে কবিতাৰ নাম আৰু কবিৰ নাম স্পষ্টকৈ লিখি ল’ব লাগে। তাৰ পিছত ইয়াৰ সাৰাংশ বহলকৈ লিখিব লাগে। লগতে কবি পৰিচিতিও চমুকৈ লিখিব লাগে। ইয়াৰ পিছত টান শব্দৰ অৰ্থসমূহৰ এখন তালিকা তৈয়াৰ কৰিব লাগে। তাৰ পিছত যথাক্ৰমে দীঘল প্ৰশ্নসমূহৰ উত্তৰ, চমু প্ৰশ্নসমূহৰ উত্তৰ, অতি চমু প্ৰশ্নসমূহৰ উত্তৰ, ব্যাখ্যা, চমুটোকা দি লিখিব লাগে। প্ৰশ্নসমূহ বাছি উলিওৱাৰ ক্ষেত্ৰত আগৰ দৰে বিগত বছৰৰ প্ৰশ্নসমূহ চাই ল’ব লাগে। সম্ভাব্য নম্বৰ অনুযায়ী উত্তৰসমূহৰ দৈৰ্ঘ্য ঠিক কৰি ল’ব লাগে। উত্তৰসমূহ যথাসম্ভৱ নিজৰ ভাষাত [ ৩২ ] সহজ-সৰলভাৱে প্ৰশ্ন অনুযায়ী লিখিব লাগে। প্ৰশ্নোত্তৰত চন-তাৰিখ উল্লেখ কৰিবলগা হ’লে সেইবোৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে সেইবোৰ সঠিক হয়। সন্দেহ থকা চন-তাৰিখ উত্তৰ লিখোতে কেতিয়াও উল্লেখ কৰিব নালাগে। ব্যাখ্যা লিখোতে প্ৰসংগ, সংগতি আৰু টোকা উল্লেখ কৰা যথেষ্ট গুৰুত্বপূৰ্ণ। ব্যাখ্যা কৰিবলগা কবিতাশাৰী কোন কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে, সেই কবিতাটোৰ কবি কোন আৰু কবিতাটোৰ কোনোবা চৰিত্ৰৰ মুখেৰে কবিতাশাৰী কোৱা হৈছে নেকি আদি উল্লেখ কৰিব লাগে। শেষত কবিতাশাৰীৰ টান শব্দ আদিৰ টোকা কৰি দিব লাগে।

 গদ্য বা কথা অংশৰ ক্ষেত্ৰতত পদ্য বা কবিতা অংশৰ দৰেই আগবাঢ়িব লাগে। কেৱল সাৰাংশ লিখাৰ সলনি ইয়াত সমগ্ৰ গল্প বা প্ৰবন্ধটো সহজ-সৰলভাৱে এবাৰ লিখি পেলাব লাগে। এই ক্ষেত্ৰত প্ৰত্যক্ষ উক্তি, টান শব্দ আদি ব্যৱহাৰ কৰিব নালাগে। প্ৰতিটো পদ্য বা গদ্যৰ এই সাৰাংশটোৱে প্ৰতিটো পাঠ নিয়াৰিকৈ বুজাত আৰু প্ৰশ্নসমূহ শুদ্ধভাৱে লিখাত প্ৰচুৰ সহায় আগবঢ়ায়।