পৃষ্ঠা:Swagatam Pariksha.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


হয়। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে যথেষ্টসংখ্যক বিভিন্ন বৈচিত্ৰ্যপূৰ্ণ বিষয়ৰ ৰচনা অধ্যয়ন কৰি নিজে নিজে লিখাৰ অভ্যাস কৰিলে অতি সোনকালেই সুন্দৰ ৰচনা লিখাত পাৰ্গত হৈ উঠিব।

 ৰচনাৰ পাছত আমি ব্যাকৰণ খণ্ডৰ কথা কিছু আলোচনা কৰো। আগৰ দৰে ইয়াতো বিগত কিছু বছৰৰ প্ৰশ্নসমূহ পঢ়ি কেনেধৰণৰ প্ৰশ্ন সাধাৰণতে পৰীক্ষাত সোধা হয়, সেই সম্পৰ্কে জানি ল’ব লাগিব। লগতে পাঠ্যক্ৰম ব্যাকৰণ খণ্ড পঢ়ি আৱশ্যকীয় পাঠসমূহ জানি ল’ব লাগিব। এতিয়া সেই প্ৰশ্নসমূহক আৰ্হি কৰি পাঠ্যক্ৰমখনত আৱশ্যকীয় আটাইখিনি পাঠ টোকাবহীত বিস্তৃতভাৱে লিখি পেলাব লাগিব। এই ক্ষেত্ৰত ব্যাকৰণৰ কেইবাখনো কিতাপৰ সহায় লোৱা ভাল। পাঠবোৰ যিমান পাৰি সিমান বিস্তৃত, শৃংখলাবদ্ধ আৰু ধাৰাবাহিক হ’ব লাগে। টোকা প্ৰস্তুত কৰোতে এনেধৰণে কৰিব লাগে যাতে পিছত আৰু পাঠ্যপুথি বা সহায়ক পুথিসমূহ মেলি চাবলগীয়া নহয়। তোমালোকৰ টোকাৰ ব্যাকৰণ খণ্ডত কমেও বিগত দহ বছৰৰ ব্যাকৰণৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ পোৱা যাব লাগিব— যদিহে সেইবোৰ পাঠ বৰ্তমানৰ পাঠ্যক্ৰমতো আছে। অৱশ্যে টোকাসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত এটা কথা মন কৰিবলগীয়া যে, প্ৰতিটো পাঠৰ টোকা প্ৰস্তুত কৰাৰ আগে আগে পাঠ্যপুথি আৰু সহায়ক পুথিৰ পৰা পাঠটো ভালদৰে পঢ়ি বুজি ল’ব লাগিব। এনে ক্ষেত্ৰত বিদ্যালয়ৰ শ্ৰেণীৰ লগত সংগতি ৰাখিবলৈ যত্ন কৰিব লাগে। আৱশ্যক হ’লে কোনো ধৰণৰ সংকোচৰ বশৱৰ্তী নহৈ শিক্ষক-শিক্ষয়িত্ৰী বা অগ্ৰজ ছাত্ৰ-ছাত্ৰীসকলৰ লগতো আলোচনা কৰি নুবুজা কথাবিলাক বুজি ল’ব লাগে।

 ইয়াৰ পিছত অসমীয়া পদ্য বা কবিতা অংশ আৰু গদ্য বা কথা অংশৰ টোকা প্ৰস্তুত কৰা সম্পৰ্কে আলোচনা কৰো। এইক্ষেত্ৰতো ব্যাকৰণ খণ্ডৰ দৰেই পদ্ধতি অনুসৰণ কৰিব লাগে। পোনতে পদ্য আৰু গদ্য অংশৰ প্ৰতিটো পাঠ অৰ্থাৎ প্ৰতিটো পদ্য বা কবিতা, প্ৰতিটো গল্প আৰু প্ৰতিটো প্ৰবন্ধৰ নাম আৰু কবি বা লিখক-লেখিকাৰ নাম ভালদৰে লিখি মুখস্থ কৰিব লাগে। তাৰ পিছত টোকা প্ৰস্তুত কৰিব খোজা পাঠটো কেইবাবাৰো ভালদৰে পঢ়ি লৈ বুজি ল’ব লাগে। টান শব্দৰ অৰ্থসমূহ জানি ল’ব লাগে। কবিতাৰ পাঠভিত্তিক টোকা লিখাৰ ক্ষেত্ৰত পোনতে কবিতাৰ নাম আৰু কবিৰ নাম স্পষ্টকৈ লিখি ল’ব লাগে। তাৰ পিছত ইয়াৰ সাৰাংশ বহলকৈ লিখিব লাগে। লগতে কবি পৰিচিতিও চমুকৈ লিখিব লাগে। ইয়াৰ পিছত টান শব্দৰ অৰ্থসমূহৰ এখন তালিকা তৈয়াৰ কৰিব লাগে। তাৰ পিছত যথাক্ৰমে দীঘল প্ৰশ্নসমূহৰ উত্তৰ, চমু প্ৰশ্নসমূহৰ উত্তৰ, অতি চমু প্ৰশ্নসমূহৰ উত্তৰ, ব্যাখ্যা, চমুটোকা দি লিখিব লাগে। প্ৰশ্নসমূহ বাছি উলিওৱাৰ ক্ষেত্ৰত আগৰ দৰে বিগত বছৰৰ প্ৰশ্নসমূহ চাই ল’ব লাগে। সম্ভাব্য নম্বৰ

অনুযায়ী উত্তৰসমূহৰ দৈৰ্ঘ্য ঠিক কৰি ল’ব লাগে। উত্তৰসমূহ যথাসম্ভৱ নিজৰ ভাষাত

৩১