পৃষ্ঠা:Swagatam Pariksha.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


পাঠ্যক্ৰমখন— এই সকলোবোৰতো আমাৰ সংগ্ৰহ কৰি লোৱা আছেই। গতিকে ছাত্ৰ- ছাত্ৰীসকলে অসমীয়া বিষয়ৰ পাঠ্যক্ৰমখিনি ভালদৰে পঢ়ি লোৱা আৰু আৱশ্যকীয় পাঠবোৰ জানি লৈ পাঠ্যপুথিসমূহত সেইবোৰ কাঠ পেঞ্চিলেৰে চিন দি লোৱা। কাঠ পেঞ্চিলেৰে চিন দিয়াৰ অৰ্থ হ’ল এই যে পাছত আৱশ্যক হ’লে সহজে মচিব পৰা যায়। এই ক্ষেত্ৰত অসমীয়াৰ পাঠ্যক্ৰমখিনি সামগ্ৰিকভাৱে আমি এই ভাগবোৰত ভগাব পাৰো– গদ্য অংশ, পদ্য বা কবিতা অংশ, ব্যাকৰণ অংশ আৰু ৰচনা অংশ। ইয়াৰে ৰচনাৰ বাবে সাধাৰণতে পাঠ্যপুথি নাথাকে যদিও দুই-তিনিখন ভাল ৰচনাৰ পুথি সংগ্ৰহ কৰি ল’লেই কাম হৈ যায়। তদুপৰি পাঠ্যক্ৰমত যদি আৱশ্যকীয় ৰচনাৰ নাম দিয়া নাথাকে তেন্তে বিগত বছৰবোৰৰ প্ৰশ্নসমূহৰ পৰা চাই কুৰিখনমান সম্ভাব্য ৰচনাৰ এখন তালিকা তৈয়াৰ কৰি ল’ব লাগে আৰু ইয়ে ৰচনাৰ পাঠ্যক্ৰমৰ কাম কৰিব। টোকা তৈয়াৰ কৰোতেও ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিটো ভাগত সমান্তৰালভাৱে আগবাঢ়িব লাগিব, কাৰণ বিদ্যালয়ত প্ৰতিটো বিভাগৰে পাঠদান সমান্তৰালভাৱেই হ’ব। তদুপৰি টোকাবহী প্ৰস্তুত কৰোতেও মন কৰিবলগীয়া কথা হ’ল সদায় উৎকৃষ্ট কাগজ লৈ দিস্তা হিচাপে চিলাই কৰি ওপৰত মুগা কাকতৰ বকলা লগাই ল’ব লাগে। ইয়ে ওপৰৰ বকলাটো লেতেৰা নেদেখায়। নিকৃষ্টমানৰ কাগজ বা বজাৰৰ তৈয়াৰ কৰা বহী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। তদুপৰি কলম আৰু চিয়াঁহীৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকল সাৱধান হ’ব লাগে। উৎকৃষ্টমানৰ নিজৰি কলম অৰ্থাৎ ফাউনটেইন পেন আৰু উৎকৃষ্টমানৰ নীলা বা কলা-নীলা ৰঙৰ চিয়াঁহী ব্যৱহাৰ কৰিব লাগে।

 অসমীয়াৰ গদ্য, পদ্য, ব্যাকৰণ আৰু ৰচনাৰ বাবে পোনতে চাৰিটা বহী প্ৰস্তুত কৰি ল’ব লাগে। লগতে গোটেই পাঠ্যক্ৰম অনুযায়ী পাঠবোৰ এবাৰ ওপৰে ওপৰে পঢ়িবলৈ আৰম্ভ কৰিব লাগে। এইবাৰৰ পঢ়াত বেছি সময় নষ্ট কৰিব নালাগে। গোটেই পাঠ্যক্ৰমটো এবাৰ খৰধৰকৈ পঢ়ি লোৱা কাৰ্যই ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ ব্যাপকতা সম্পৰ্কে এটি আভাস দিব। এনেদৰে পঢ়ি যাওঁতে প্ৰতিটো পাঠ পঢ়াৰ পিছত প্ৰশ্নকাকতসমূহ চাই তাৰ সম্ভাব্য প্ৰশ্নসমূহৰ বিষয়েও এটি তুলনামূলক ধাৰণা সৃষ্টি কৰিবলৈ যত্ন কৰিব লাগে। কিন্তু দৰকাৰী কথা হ’ল এই যে, এই সামগ্ৰিক পঠনত বেছি সময় ব্যয় কৰিব পৰা নাযাব আৰু মুঠ পাঠ্যক্ৰমৰ সময়ত ১০%-১৫% সময়ৰ ভিতৰতে ইয়াক শেষ কৰিব লাগিব। অসমীয়াৰ টোকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ৰচনাৰেই আৰম্ভ কৰে। মনত ৰাখিব লাগিব যে, আমি পূৰ্বতে প্ৰস্তুত কৰা তালিকাৰ সেই কুৰিখন ৰচনাৰ প্ৰতিখনেই সুন্দৰভাৱে টোকাবহীত লিখি উলিওৱাৰ উপৰিও সুন্দৰ ৰচনা এখন কেনেদৰে প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কেও পোনতেই সম্যক জ্ঞান লাভ কৰিব লাগিব। বিভিন্ন উৎকৃষ্ট

ৰচনাৰ পুথিত ৰচনা লিখাৰ পদ্ধতি সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰা আছে।

২৮