সমললৈ যাওক

স্বাগতম পৰীক্ষা/সফলতাৰ অন্যতম চৰ্ত— সময়-তালিকা বা ৰুটিন

ৱিকিউৎসৰ পৰা

[ ২৪ ]

 

সফলতাৰ অন্যতম চৰ্ত— সময়-তালিকা বা ৰুটিন

 অধ্যয়নৰ পৰিবেশ বা পঢ়া কোঠাৰ সঠিক পৰিবেশ সৃষ্টি হোৱাৰ পিছত আমি পাঠ অধ্যয়ন আৰম্ভ কৰিব পাৰো। অধ্যয়নৰ প্ৰাৰম্ভতে মন কৰিবলগীয়া কথাকেইটা হ’ল— আমি কি বিষয়, কেতিয়া, কেনেকৈ পঢ়িবলৈ আৰম্ভ কৰিম। এটা বিষয়ৰ গোটেইখন পুথিয়েই প্ৰথমে পঢ়িবলৈ ল’ম নে টোকাবহী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিম? নিজে নিজে পঢ়ি যাম নে বিদ্যালয় তথা মহাবিদ্যালয়ত সেই নিৰ্দিষ্ট পাঠবোৰ পঢ়ুৱা হোৱালৈকে বাট চাম? ইত্যাদি ইত্যাদি। এই প্ৰশ্নসমূহৰ ক্ষেত্ৰত সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱাৰাৰ বাবে বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰে। আনহাতে সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ শুদ্ধ পথেৰে অগ্ৰসৰ হোৱা বাবে কম মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীয়েও বহু ক্ষেত্ৰত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰা দেখা যায়। আমাৰ আলোচনা আগবঢ়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নবোৰৰ উত্তৰো লাভ কৰিব। এই দিশত প্ৰথম আলোচ্য বিষয় হ’ল অধ্যয়নৰ সময়-তালিকা বা ৰুটিন। অধ্যয়নৰ সময়-তালিকা বা ৰুটিনৰ শুদ্ধ প্ৰস্তুতি তথা ইয়াৰ সূক্ষ্ম অনুসৰণ অবিহনে পৰীক্ষাত ভাল ফলাফল আশা কৰিব নোৱাৰি। অৱশ্যে সময়-তালিকাৰ শুদ্ধ প্ৰস্তুতি তথা ইয়াৰ সূক্ষ্ম অনুসৰণ যথেষ্ট কষ্টসাধ্য আৰু ধৈৰ্যশীল কাম। কিন্তু পৰীক্ষাত সফলতা লাভ কৰাৰ স্বাৰ্থত নিৰাশ নহৈ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত তীব্ৰভাৱে আত্মনিয়োগ কৰিবই লাগিব। সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলৰ নিজস্ব অভ্যাস, পৰিয়াল তথা মহাবিদ্যালয়ৰ পাঠদানৰ সময়-তালিকা, সাধাৰণ শিক্ষা আৰু প্ৰযুক্তিবিদ্যাভিত্তিক শিক্ষা, বিভিন্ন বিষয়বস্তু, পাঠদান চলি থকা সময় আৰু পৰীক্ষাৰ আগৰ অধ্যয়ন-বন্ধ বা ‘ষ্টাডী লিভ’ আদিৰ ওপৰত নিৰ্ভৰ কৰি অধ্যয়নৰ সময়-তালিকা বিভিন্ন হ’ব পাৰে। কিন্তু বিভিন্ন হলেও এই তালিকা প্ৰস্তুত কৰোতে আমি কিছুমান সাধাৰণ নিয়ম অনুসৰণ কৰিব লাগিব। অৱশ্যে ইয়াত পাঠদান চলি থকা অৱস্থাত আৱশ্যকীয় সময়-তালিকাৰ কথাহে বিবেচনা কৰা হৈছে। পৰীক্ষাৰ আগমুহূৰ্তৰ বন্ধৰ দিনৰ সময়-তালিকা বহু বেছি গধুৰ আৰু নিয়মানুগামী হ’ব লাগিব– পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ হ’লে।

 এনেকুৱা এখন ৰুটিন বা সময়-তালিকাৰ মূলনীতি হ’ল এয়ে যে, আমি কেতিয়াও অবাবত সময় নষ্ট কৰিব নালাগে। টোপনি গৈ থকা সময়খিনি বাদ দি বাকীখিনি সময় যিমান পাৰি সিমান দক্ষতাৰে পৰীক্ষাত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰাৰ বাবে প্ৰয়োজনীয় [ ২৫ ] কৰ্মৰাজিত প্ৰয়োগ কৰিব লাগে। অৱশ্যে নিজস্ব পঢ়া-শুনাৰ বাহিৰেও সাধাৰণ জীৱন- যাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলৰ খোৱা-লোৱা, খেলা-ধূলা, আমোদ-প্ৰমোদ, অৱসৰ বিনোদন, বিদ্যালয় বা মহাবিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচী আদিও আছে। তদুপৰি আছে বিভিন্ন উৎসৱ- পাৰ্বণ, ঘৰুৱা কাম-কাজৰ দায়িত্ব, আনুষংগিক কাৰ্যসূচী। কিন্তু সময়-তালিকা এখন প্ৰস্তুত হৈ উঠাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে সকলো ধৰণৰ সাময়িক কাৰ্যসূচীৰ অদৰকাৰী বা এৰাই চলিব পৰা অংশসমূহ বাদ দিব লাগিব আৰু যিমানদূৰ সম্ভৱ সময়-তালিকা অনুসৰণ কৰি যাবলৈ যত্নপৰ হ’ব লাগিব। ৰাতিপুৱা সময়মতে বিছনাৰ পৰা উঠা আৰু ৰাতি সময়মতে বিছনালৈ যোৱা সময়-তালিকা এখনৰ অন্যতম চৰ্ত। তদুপৰি আগতে আলোচনা কৰা অনুসৰি স্বাস্থ্যবিধিৰ সাধাৰণ নিয়মসমূহ মানি চলিলেহে শৰীৰ সুস্থ হৈ থাকিব আৰু ছাত্ৰ-ছাত্ৰীসকলে সময়-তালিকা দৃঢ়ভাৱে অনুসৰণ কৰি অধ্যয়নত অগ্ৰসৰ হ’ব পাৰিব। সেই অনুসৰি আহাৰ, জিৰণি আৰু ব্যায়াম সময়-তালিকাত সঠিক সময়ত অন্তৰ্ভুক্ত হ’ব লাগিব। ইয়াৰ উপৰিও বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ পাঠদানৰ নিজস্ব তালিকা থাকেই আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ সময়-তালিকাত ইয়াৰ কথাও বিবেচনা কৰিব লাগিব। অৱশেষত থাকিল ৰাতিপুৱা আৰু সন্ধিয়াৰ নিজ নিজ পঢ়া সময়খিনি আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰতে বহু ক্ষেত্ৰত পৰীক্ষাৰ সফলতা নিৰ্ভৰ কৰে।

 বহু ক্ষেত্ৰত বিতৰ্কৰ অৱকাশ থাকিলেও ব্যক্তিগত অভিজ্ঞতাৰে ক’ব খোজো যে, নিতৌ সাধাৰণতে এটা বা দুটা বিষয়তকৈ বেছি বিষয় ভালদৰে পঢ়া সম্ভৱ নহয়। এনে ক্ষেত্ৰত সপ্তাহটোৰ কোনদিন কি বিষয় পঢ়িব ছাত্ৰ-ছাত্ৰীসকলে তাৰ তালিকা কৰি ল’ব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ দুৰ্বলতা থকা বিষয়সমূহ আৰু পৰীক্ষাত অধিক নম্বৰ থকা বিষয়সমূহত বেছি গুৰুত্ব দিব লাগে আৰু সম্ভৱ হ’লে সপ্তাহত দুই বা তিনিদিন এই বিষয়সমূহ পঢ়াৰ ব্যৱস্থা কৰিব লাগে। অংক বিষয়টোত যিহেতু আন বিষয়ৰ তুলনাত বেছি অভ্যাসৰ প্ৰয়োজন হয়, সেইবাবে সম্ভৱ হ’লে সময়-তালিকাতে নিতৌ অংকৰ বাবে সময় ৰাখিব লাগে। তদুপৰি প্ৰতিদিনে বিদ্যালয় বা মহাবিদ্যালয়ত পাঠদান হ’বলগীয়া বিষয়সমূহত আগদিনাই একোবাৰ চকু ফুৰাই যোৱাৰ ব্যৱস্থা কৰিলে শ্ৰেণীত বুজি পোৱাত আশাতীতভাৱে সহায়ক হোৱা দেখা যায় আৰু সেইবাবে তেনে কৰাৰ বাবেও সময়-তালিকাত এঘণ্টামান সময় আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে। অৱশ্যে এটা কথা মন কৰিবলগীয়া যে, সময় আগবঢ়াৰ লগে লগে অধ্যয়ন তথা শিক্ষানুষ্ঠানত পাঠদানৰ অগ্ৰগতিৰ লগত সংগতি ৰাখি বহু ক্ষেত্ৰত অধ্যয়নৰ সময়-তালিকাৰ কিছু সালসলনিৰ আৱশ্যক হ'ব পাৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অভিজ্ঞতাৰে সহজেই সেইবিলাক কৰি ল’ব পাৰিব। প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীসকলে অগ্ৰজ [ ২৬ ] অভিজ্ঞ ছাত্ৰ-ছাত্ৰী, অভিজ্ঞ শিক্ষক-শিক্ষয়িত্ৰীৰ সহায়ত অধ্যয়নৰ সময়-তালিকা প্ৰস্তুত কৰি ল’ব লাগে আৰু পাছত তেওঁলোকে নিজেই নিজৰ বিভিন্ন অধ্যয়নৰ বাবে বেলেগ বেলেগ সময়-তালিকা প্ৰস্তুত কৰি ল’ব পাৰিব। কিন্তু অনুকৰণ কৰিব পাৰিলে সবাতোকৈ সুবিধাজনক সময়-তালিকা হ’ল 'চক্ৰাকাৰ সময়-তালিকা’ বা ‘চাৰ্কুলাৰ ৰুটিন’। এনেকুৱা সময়-তালিকাত একোটি শিক্ষা-পাঠ্যক্ৰমৰ বাবে আৱশ্যকীয় বিষয়সমূহ এটাৰ পাছত এটাকৈ লিখি এখন তালিকা প্ৰস্তুত কৰি লোৱা হয়। অধ্যয়নৰ সময়তো এটাৰ পাছত এটাকৈ বিষয়বোৰ পঢ়ি তালিকাখন শেষ হলে পুনৰ প্ৰথমৰ পৰা আৰম্ভ কৰা হয়। এনে ক্ষেত্ৰত কোনটো বিষয় কেতিয়া, কিমান সময় পঢ়া হ’ব সেইটো দৃঢ় নহয়। একোটা বিষয় এবাৰ আৰম্ভ কৰিলে এটা সন্তোষজনক সীমা নোপোৱা পৰ্যন্ত তাকেই পঢ়ি থকা হয় আৰু তাৰ পাছত পৰৱৰ্তী বিষয়লৈ আগবঢ়া হয়। এনে সময়-তালিকাত টান তথা দীঘলীয়া বিষয়বোৰ বেছিদিন আৰু সহজ তথা চুটি বিষয়বোৰ কম দিন পঢ়াৰ ব্যৱস্থা কৰিব পাৰি। অৱশ্যে বিদ্যালয় পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে অধ্যয়নৰ প্ৰকৃত দায়িত্ববোধ ভালদৰে আয়ত্ত কৰিব নোৱাৰে আৰু সেইবাবে চক্ৰাকাৰ সময়-তালিকা তেওঁলোকৰ বাবে সিমান সুবিধাজনক নহয়। কিন্তু উচ্চশিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ দায়িত্ববোধ বঢ়াৰ লগে লগে চক্ৰাকাৰ সময়-তালিকা অত্যধিক উপযোগী হৈ পৰে— বিশেষকৈ পৰীক্ষাৰ আগমুহূৰ্তত আৰু পৰীক্ষা চলি থকা অৱস্থাত ইয়াৰ বিকল্প নোহোৱা হৈ পৰে।

 মুঠ কথা, অধ্যয়নৰ সময়-তালিকা বা ৰুটিন পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শনৰ অন্যতম অবিচ্ছেদ্য চৰ্ত। প্ৰথম অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে ইয়াক অনুসৰণ কৰাত প্ৰচণ্ড বিৰক্তি অনুভৱ কৰিব পাৰে। কিন্তু পৰীক্ষাত সফলতা লাভ কৰাৰ স্বাৰ্থতে সেই বিৰক্তি অতিক্ৰম কৰিব পাৰিব লাগিব আৰু অৱশেষত ই নিয়মানুবৰ্তিতা প্ৰদান কৰি জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰাত সহায়ক হ’ব।