পৃষ্ঠা:Swagatam Pariksha.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


কৰে। তদুপৰি পৰীক্ষাত যোগান ধৰা বহীৰ দৰে বহীত নিজৰ কলমেৰেহে দ্ৰুতলিখন অভ্যাস কৰিব লাগে। বেলেগ ধৰণৰ কাগজ বা আন কলম, কাঠ পেঞ্চিল আদি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।

 ছাত্ৰ-ছাত্ৰীসকলে কিমান দৈৰ্ঘ্যৰ ৰচনা এখনৰ টোকা প্ৰস্তুত কৰিব সেইটো নিৰ্ভৰ কৰিব ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত লিখন তীব্ৰতাৰ ওপৰত। কাৰণ সময় যিহেতু ধৰা- বন্ধা, বেছি খৰকৈ লিখিব পৰা ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে পৰীক্ষাত ৰচনা দীঘলকৈ লিখিব পাৰিব আৰু টোকাও সেই হিচাপে দীঘলকৈ প্ৰস্তুত কৰিব লাগিব। সকলো ধৰণৰ টোকা প্ৰস্তুত কৰোতে সদায় পৰীক্ষাৰ প্ৰশ্নৰ প্ৰতি লক্ষ্য ৰাখিবই লাগিব। টোকা বেলেগ ধৰণে প্ৰস্তুত কৰি পৰীক্ষাত বেলেগকৈ লিখিম বুলি ভাবিলে পৰীক্ষাত ভাল ফল দেখুৱাব পৰা নাযাব। গতিকে ৰচনাৰ বাবে প্ৰদান কৰা নম্বৰ আৰু উত্তৰৰ বাবে দিয়া মুঠ সময়ৰ কথা বিবেচনা কৰি ৰচনাখনৰ বাবে কিমান সময় পোৱা যাব উলিয়াই ল’ব লাগে। প্ৰশ্নকাকতৰ মুঠ সময়ক মুঠ নম্বৰেৰে হৰণ কৰি ৰচনাৰ নম্বৰেৰে পূৰণ কৰিলেই ৰচনাৰ বাবে ব্যৱহাৰ কৰিব পৰা সময় পোৱা যায়। কিন্তু সাধাৰণতে ৰচনাৰ লগত থকা ব্যাকৰণ অংশত সময়ৰ বেছি প্ৰয়োজন নহয় বাবে ৰচনাত আৰু বেছি সময় খৰচ কৰিব পৰা যায়। ৰচনাৰ বাবে ব্যৱহাৰ কৰিব পৰা সময় নিৰূপণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে খৰকৈ লিখিলে সেই নিৰ্ধাৰিত সময়ৰ ভিতৰত কিমানসংখ্যক শব্দ লিখিব পাৰিব সেইটোও হিচাপ কৰি চাব লাগে আৰু ৰচনাসমূহৰ টোকা প্ৰস্তুত কৰোতে প্ৰায় সিমানসংখ্যক শব্দৰ ভিতৰত প্ৰস্তুত কৰিব লাগে। অৱশ্যে শব্দৰ সংখ্যা কিছু বেছি হলেও সিমান অসুবিধা নাই। কাৰণ দীঘল টোকাৰ পৰা চুটি কৰা সহজ, কিছু চুটি টোকাৰ পৰা হঠাতে দীঘলকৈ লিখা অসুবিধাজনক।

 ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে টোকাবহীত ৰচনাখন সুন্দৰভাৱে পৰিপাটিকৈ লিখিবলৈ আৰম্ভ কৰিব লাগে। টোকা প্ৰস্তুত কৰোতে খৰকৈ লিখাৰ ওপৰত গুৰুত্ব নিদি সুন্দৰ আখৰ আৰু পৰিপাটি, সমান্তৰাল শাৰীতহে গুৰুত্ব দিব লাগে। শাৰীবোৰ পাতলকৈ লিখিব লাগে যাতে আৱশ্যক হলে নতুন কথা মাজত সুমুৱাই দিব পৰা যায়। দৰকাৰ হ’লে প্ৰথম অৱস্থাত ৰুল টনা কাগজো ব্যৱহাৰ কৰিবলগা হ’ব পাৰে— শাৰীবোৰ পোনকৈ ৰখাৰ বাবে। পাতলকৈ লিখা শাৰীয়ে বেয়া আখৰো ভাল দেখায়। ৰচনাখনৰ নাম তথা শিতানবোৰৰ তলত আঁচ দিব লাগে। শিতানবোৰ বেলেগ বেলেগ দফা বা পেৰাগ্ৰাফত লিখিব লাগে। আৱশ্যকীয় উদ্ধৃতি, টোকা আদিৰ ব্যৱহাৰে ৰচনাৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে। সীমিত পৰিসৰৰ ভিতৰতে বেছিসংখ্যক বিষয়ৰ কথা চমুকৈ আলোচনা কৰি শিতান বা উপ-বিভাগৰ সংখ্যা যিমানে বঢ়াব পাৰি সিমানে ভাল।

ৰচনাখনৰ আৰম্ভণি আৰু সমাপ্তি নাটকীয় ধৰণৰ হ’লে পৰীক্ষকৰ মনোযোগ আকৰ্ষিত

৩০