পৃষ্ঠা:Swagatam Pariksha.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


আৰু ছাত্ৰ-ছাত্ৰীসকলে সেইবোৰ পঢ়ি ইয়াৰ ওপৰত এটি স্পষ্ট ধাৰণা কৰি ল’ব লাগে। অৱশ্যে ৰচনা লিখাৰ পদ্ধতিবোৰ পঢ়ি ল’লেই নহয়, নিজৰ ৰচনা লিখাৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰে সেইবোৰ প্ৰয়োগ কৰিলেহে সেই বিষয়ে সম্যক উপলব্ধি কৰিব পৰা যায়।

 যিকোনো বিষয়ে ৰচনা লিখাৰ ক্ষেত্ৰত প্ৰথম কাম হ’ল সেই বিষয়ৰ ওপৰত বিস্তাৰিত জ্ঞান লাভ। গতিকে কোনো বিষয়ৰ ওপৰত ৰচনা এখন লিখাৰ সিদ্ধান্ত লোৱাৰ পিছত বিষয়টোৰ বিষয়ে কিতাপ, আলোচনী, সংবাদ-পত্ৰ আদিত পঢ়ি, অনাতাঁৰ যন্ত্ৰ বা দূৰদৰ্শনৰ লগত সম্পৰ্ক ৰাখি অথবা বন্ধু-বান্ধৱী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি, বিষয়টো সম্পৰ্কে ভালদৰে জানি ল’ব লাগে। এই সময়তে বিষয়টোক কি কি ভাগ, উপ-বিভাগ বা উপ-বিষয়ত বিভক্ত কৰি বিভিন্ন শিতান, উপ-শিতানত বিস্তাৰিতভাৱে আলোচনা কৰিব পাৰি এই সম্পৰ্কেও চিন্তা কৰি যাব লাগে। অৱশ্যে বৰ্ণনামূলক, চিন্তামূলক আদি বিভিন্ন বিষয় অনুযায়ী এই উপ-শিতানসমূহো বেলেগ বেলেগ হ’ব পাৰে। দ্বিতীয় পৰ্যায়ত মন কৰিবলগীয়া কথা হ’ল ৰচনাৰ দৈৰ্ঘ্য। এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই প্ৰতিটো বস্তুৰ লগত কিবা নহয় কিবা প্ৰকাৰে জড়িত। গতিকে যিকোনো বিষয়ৰ লগতে বিশ্বৰ বিভিন্ন বিষয় ক্ৰমাগতভাৱে জড়িত কৰি ৰচনা এখন সীমাহীনভাৱে বহলাই থাকিব পাৰি যিটো কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয়। পৰীক্ষাৰ ক্ষেত্ৰতো যিহেতু পৰীক্ষাৰ্থীসকলে এক সীমিত সময়ৰ ভিতৰতে ৰচনাখন লিখি শেষ কৰিব লাগিব, গতিকে ইয়াৰে দৈৰ্ঘ্য সীমিত হ’ব লাগিব। অৱশ্যে সীমিত সময়ৰ ভিতৰতে যিমানে বেছি দৈৰ্ঘ্য বঢ়াব পৰা যায় সিমানে বেছি নম্বৰ পৰীক্ষাত আশা কৰিব পাৰি আৰু এনে ক্ষেত্ৰত লিখাৰ দ্ৰুতগতিৰ গুৰুত্ব আহি পৰে। দীঘলকৈ লিখি যদি বানান, তথ্যৰ সংগতি আদিত অধিক অশুদ্ধি আহি পৰে, তেন্তে নম্বৰ কমি যোৱাৰহে সম্ভাৱনা। তদুপৰি সমান দৈৰ্ঘ্যৰ ৰচনাৰ ভিতৰতো বেছি তথ্যসমৃদ্ধ, শিতানযুক্ত সাৱলীল, শৃংখলাবদ্ধ ৰচনাৰ ক্ষেত্ৰত পৰীক্ষকৰ ধাৰণা ভাল হয় আৰু এনে ৰচনাই পৰীক্ষাত বেছি নম্বৰ লাভ কৰে। গতিকে পৰীক্ষাত ভাল ফল দেখুওৱাৰ ক্ষেত্ৰত শুদ্ধভাৱে আৰু দ্ৰুতভাৱে লিখাৰ যথেষ্ট গুৰুত্ব আছে; আৰু কেৱল ৰচনাৰ ক্ষেত্ৰতেই নহয়, আন ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ অপৰিসীম আৰু সেইবাবে পৰীক্ষাৰ্থীসকলে ইয়াতো যথোচিত গুৰুত্ব প্ৰদান কৰিব লাগিব। লিখাৰ দ্ৰুততা বৃদ্ধি কৰাৰ একমাত্ৰ পদ্ধতি হ’ল অভ্যাস। গভীৰ মনোযোগ প্ৰদান কৰি তীব্ৰগতিৰে নিতৌ কিছু সময় লিখাৰ অভ্যাস কৰিলে লিখাৰ গতি দ্ৰুতভাৱে বৃদ্ধি পাব— অন্ততঃ এটা সীমালৈকে। এনে ক্ষেত্ৰত আখৰ ধুনীয়া কৰাত খুব বেছি গুৰত্ব দিব নালাগে। কেৱল আখৰবোৰ সমান জোখৰ, শাৰীবোৰ পোন আৰু সমান্তৰাল কৰাৰ ক্ষেত্ৰতহে গুৰুত্ব দিব লাগে; আখৰ বুজিব পৰা হ’লেই

হ’ল। ধুনীয়া আখৰতকৈও শুদ্ধ লেখাইহে পৰীক্ষকৰ মনোযোগ বেছি পৰিমাণে আকৰ্ষণ

২৯