পৃষ্ঠা:Swagatam Pariksha.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বাগতম পৰীক্ষা


সহজ-সৰলভাৱে প্ৰশ্ন অনুযায়ী লিখিব লাগে। প্ৰশ্নোত্তৰত চন-তাৰিখ উল্লেখ কৰিবলগা হ’লে সেইবোৰৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে সেইবোৰ সঠিক হয়। সন্দেহ থকা চন-তাৰিখ উত্তৰ লিখোতে কেতিয়াও উল্লেখ কৰিব নালাগে। ব্যাখ্যা লিখোতে প্ৰসংগ, সংগতি আৰু টোকা উল্লেখ কৰা যথেষ্ট গুৰুত্বপূৰ্ণ। ব্যাখ্যা কৰিবলগা কবিতাশাৰী কোন কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে, সেই কবিতাটোৰ কবি কোন আৰু কবিতাটোৰ কোনোবা চৰিত্ৰৰ মুখেৰে কবিতাশাৰী কোৱা হৈছে নেকি আদি উল্লেখ কৰিব লাগে। শেষত কবিতাশাৰীৰ টান শব্দ আদিৰ টোকা কৰি দিব লাগে।

 গদ্য বা কথা অংশৰ ক্ষেত্ৰতত পদ্য বা কবিতা অংশৰ দৰেই আগবাঢ়িব লাগে। কেৱল সাৰাংশ লিখাৰ সলনি ইয়াত সমগ্ৰ গল্প বা প্ৰবন্ধটো সহজ-সৰলভাৱে এবাৰ লিখি পেলাব লাগে। এই ক্ষেত্ৰত প্ৰত্যক্ষ উক্তি, টান শব্দ আদি ব্যৱহাৰ কৰিব নালাগে। প্ৰতিটো পদ্য বা গদ্যৰ এই সাৰাংশটোৱে প্ৰতিটো পাঠ নিয়াৰিকৈ বুজাত আৰু প্ৰশ্নসমূহ

শুদ্ধভাৱে লিখাত প্ৰচুৰ সহায় আগবঢ়ায়।

৩২