পৃষ্ঠা:সাৰথি (Sarothi).pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ ভাগ

স্বাস্থ্য

 স্বাস্থ্য ধন পৰম ধন। যি এই ধনত দুখীয়া সি সকলো বিষয়ত দুখীয়া। স্বাস্থ্যহীন মানুহে নিজে পুৰুষাৰ্থ কৰি সুখ উপাৰ্জ্জন কৰা দুৰৈৰ কথা, সুখত জন্মিলেও সি তাক ভোগ কৰিব নোৱাৰে। তাৰ পক্ষে জীৱনটো এটা শাস্তি আৰু পৃথিৱী এখন বন্দীশাল। ৰুগীয়া শৰীৰ এটা যাতনাৰ যন্ত্ৰ। যি এই যন্ত্ৰৰ পাকত পৰে, সি নিজেতো নিকাৰ ভুঞ্জেই, তদুপৰি পৰিয়ালবিলাককো ভুঞ্জায়। এই নিমিত্তে ৰুগীয়াক কোনেও দেখিব নোৱাৰে। নিৰুজ শৰীৰ সকলো সুখৰ মূল, উৎসাহ আৰু আনন্দ ইয়াৰ লগৰীয়া। দুখৰ অৱস্থাত পৰিলেও স্বাস্থ্যৱন্ত মানুহে সংসাৰত সুখে কাল নিয়াব পাৰে। স্বাস্থ্যৰ গুণত অশুৱনি মানুহকো শুৱনি দেখা যায়।

 সদায় সুস্থ থকাই শৰীৰৰ স্বভাৱ, সেই শৰীৰ যে অসুস্থ হয়, ই কেৱল মানুহৰ নিজৰ দোষ। বহুত মানুহে অনিয়মত চলি আৰু উদ্ভণ্ডালি কৰি ৰোগ মাতি আনে। পিতৃ-মাতৃৰ দোষতো কিছুমান ৰোগ জন্মে, কিন্তু তেনে ৰোগত পৰি সংসাৰত অকাজভাগী হোৱা মানুহৰ সংখ্যা অলপ। সৰহ ভাগ ৰুগীয়াই নিজৰ কৰ্ম্ম দোষত ৰোগৰ গ্ৰাসত পৰি জীয়াতু ভোগ কৰে। ৰোগ মানুহৰ এটা পৰম শত্ৰু, এই শত্ৰুৰ হাতত নপৰিবলৈ সকলোৱে চেষ্টা কৰা উচিত।

 স্বাস্থ্য নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে আৰু সি যে কেতিয়াবা বেয়া হ'ব পাৰে তাকো নাভাবে। সেই দেখি স্বাস্থ্যৰ ওপৰত আদিতে মানুহৰ অত্যাচাৰ অন্ত নাই। পাচত যেতিয়া নিঘুণীয়া স্বাস্থ্যত ঘুণ দেখা দিয়ে, সুস্থ গা অসুস্থ হয়, তেতিয়া সিহঁতৰ জ্ঞান জন্মে। তেতিয়াহে সিহঁতে স্বাস্থ্য এটা অমূল্য বিভূতি বুলি বুজিব পাৰে আৰু তেতিয়া হাঁয়! হাঁয়!