পৃষ্ঠা:সাৰথি (Sarothi).pdf/৮৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮২
সাৰথি

চিৰকলীয়া ৰোগত পৰে। উগ্ৰ ভোজনৰ দোষত কোনোৰ অজীৰ্ণ বোৰগ জন্মে, কোনোৰ পিত্ত দোষ জন্মে, কোনোৰ বা নেৰানেপেৰা তেজ-গ্ৰহণী হয়।

 অতি ভোজনৰ কাৰণ লোভ। লুভীয়া মানুহে ভাল বস্তু পালে ঠিহাই খায়, জিভাৰ জুতিত স্বাস্থ্যলৈ একেবাৰে পাহৰে। এই শ্ৰেণীৰ মানুহক সাধাৰণ কথাত খঁকুৱা বোলে খঁকুৱা মানুহৰ স্বাস্থ্য ঘুণীয়া হয়। জীৱন ৰক্ষা আৰু শৰীৰ সবল কৰাই আহাৰৰ উদ্দেশ্য, সেই উদ্দেশ্য সাধিবলৈ যিমানখিনি লাগে তাতকৈ সৰহ আহাৰ কৰা কদাপি উচিত নহয়। কিছুমান মানুহে সৰহকৈ খাব পৰাটো পুৰুষালি যেন বোধ কৰে, আৰু পেটে নধৰিলেও দুগৰাহ হেঁচুকি খায়। ইহঁতে কেতিয়াবা আন মানুহৰ লগত আৰি মাৰি খাবলৈ বহে, আৰু আৰিত জিকিবলৈ অপৰিমিত ৰূপে খায়। এইদৰে আৰিয়া অৰি কৰি খাই পাচত নৰিয়াত পৰা বহুত মানুহক দেখা গৈছে। খাৱনত আৰি মৰা বৰ নিৰ্ব্বোধৰ কাম।

 মানুহৰ শৰীৰ আৰু শক্তি অনুসৰি আহাৰৰ পৰিমান অলপ বা সৰহ হয়। যাৰ শৰীৰ মঠঙ্গা আৰু শকত তাৰ আহাৰ স্বভাৱতে সৰহ আৰু যাৰ শৰীৰ লাহি তাৰ আহাৰ অলপ। মানুহে পতি আহাৰৰ এটা স্বাভাৱিক সুকীয়া জোখ আছে, ভোজনত সেই জোখ অতিক্ৰম কৰিলে অপৰিমিত ভোজন কৰা হয়। কিছুমান মানুহে পাতত ভাত ৰলে, তাক পেলাই দিয়াটো অযুগুত যেন বোধ কৰে, কয় যে পাতত এৰি ভাত পেলনি নিওৱাতকৈ খাই থ'লেই গাত লাগে। ই এটা অদ্ভুদ উপদেশ। পাতত ৰোৱা ভাত পেটত থ'লে, সেই ভাতৰ ব্যৱহাৰ কৰা নহয়, পেলাই দিলেহে তাৰ সজ ব্যৱহাৰ হয়। ভোক পলোৱাৰ পাচত যি ভাত খোৱা যায় সি শৰীৰত ভাতৰ কাৰ্য্য নকৰি বিহৰ কাৰ্য্য কৰে। আভোকৰ এমুঠিও পেটৰ শিল যেন হয়। ৰোৱা ভাত পেলাব নুখুজিলে তাক থৈ দি পাচত ভোক লাগিলে খোৱা ভাল।

 আহাৰ ইচ্ছা অনুসৰি বঢ়াব পাৰি। নিতৌ এগৰাহ বঢ়াই নিলে, পাচত গৈ একাঁহী বাঢ়ে। এইদৰে কোনো কোনো নিছলা মানুহকো ভোজনিয়াৰ হোৱা দেখা যায়। ভাতৰ নাড়ী ৰবৰৰ মোনাৰ নিচিনা, সি টান খালে বলে। যি মানুহে দিনৌ দুই এগৰাহ ভাত বঢ়াই যায় তাৰ নাড়ীত সেইদৰে বলি যায় আৰু