পৃষ্ঠা:সাৰথি (Sarothi).pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
সাৰথি

পেলাই ব্যায়াম কৰা উচিত। কেইবাটাও অঙ্গ দুৰ্বল থাকিলে একেবাৰে এটাইবোৰ শকত কৰিবলৈ চেষ্টা নকৰি এটা এটাকৈ ধৰা উচিত। ব্যায়ামৰ ফল একেদিনে বা একেমাহে লাভ কৰিব নোৱাৰি, লাহে লাহেহে তাৰ ফল দেখা দিয়ে। গতিকে দুই চাৰি মাহত উন্নতি নেদেখিলে ব্যায়াম এৰি দিয়া উচিত নহয়।

 অপৰিমিত ৰূপে ব্যায়াম কৰা অযুগুত। অপৰিমিত ব্যায়ামে অপৰিমিত ভোজনৰ নিচিনা শৰীৰত কুফল ফলায়। এদিন সৰহকৈ ভোজন কৰিলে শৰীৰ কদাপি পুষ্ট নহয়,সেইদৰে এদিন সৰহকৈ ব্যায়াম কৰিলেও শৰীৰ কদাপি শকত নহয়, বৰং ৰোগ ব্যাধি হ'বৰ আশঙ্কা থাকে। ব্যায়াম কৰা মানুহে চিৰকাল ব্যায়াম কৰিব লাগে, কিছুমান দিন কৰি পাছত এৰি দিলে শৰীৰৰ অপকাৰ হয়। চেণ্ডোৱে কয় যে ব্যায়াম অভ্যাস কৰি এৰি পাচত দিয়াতকৈ মুঠেই নকৰা ভাল। ব্যায়ামৰ সময় অসময় নাই, পুৱা, গধুলি, দিন, নিশা সকলো সময়তে তাক অভ্যাস কৰিব পাৰি, কেৱল শুদা বা ভৰা পেটত কৰা অযুগুত। নৰিয়া বা ভাগৰুৱা শৰীৰতো ব্যায়ামে অপকাৰ কৰে।

 বহুত মানুহে নিয়ম মতে ব্যায়াম কৰিবলৈ ভাল নেপায় সেই দেখি অতীজৰ পৰা ব্যায়ামৰ নিচিনা কিছুমান লেখা প্ৰচলিত আছে। এই খেলাবোৰৰ পৰা কিছু পৰিমানে ব্যায়ামৰ ফল পোৱা যায়। টাংগুটি, ফটিক্‌লাই, ফুটবল আদি এই শ্ৰেণীৰ খেলা। বয়সীয়াল অসমীয়াই এইবোৰ খেলা কেৱল ল'ৰাৰ উপযুক্ত বুলি ভাবে। তেওঁলোকে দবা, পাষটি আদি বহি খেলা খেলহে খেলে, কিন্তু বহি খেলা খেলৰ পৰা শৰীৰৰ কোনো উপকাৰ নহয়। ই কেৱল এলাহ বঢ়ায়। কোনো কোনো মানুহে কয় যে তাচ্‌, দবা, পাষটি আদিৰ খেলাত বুদ্ধি লাগে, এতেকে এইবোৰ খেলা খেলিলে মানুহৰ বুদ্ধি বাঢ়ে। ই এক অদ্ভুত তৰ্ক। দবা বা পাষা খেলি কোনো আজিলৈকে বুদ্ধিমন্ত হোৱা শুনা নাযায়। প্ৰকৃত পক্ষত এনেবোৰ খেলা এলেহুৱাৰ আৰু কাম নোহোৱাৰ সময় কটাবৰ উপায় মাথোন। উদ্‌গতি কৰিব খোজা মানুহে এনেকুৱা খেলাত কেতিয়াও হাত দিয়া উচিত নহয়? খেলা খেলিবৰ মন গ'লে তাচ, পাষটি পৰিহাৰ কৰি বেচ্‌বল, ফুটবল আদি বলদায়ক খেল খেলা উচিত। লৰ মৰা আৰু জাপ মৰা