পৃষ্ঠা:সাৰথি (Sarothi).pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
সাৰথি

টোপনিও সিমানে টুটি আছে। বুঢ়া মানুহবিলাকৰ টোপনি নিচেই কম হয়, চাৰি বা পাঁচ ঘণ্টাৰ বেচি সিহঁতৰ টোপনি নাহে। অভ্যাস কৰি যেনেকৈ আহাৰ বঢ়াব টুটাব পাৰি, টোপনিও তেনেকৈ বঢ়াব টুটাব পাৰি। অভ্যাস কৰি কোনো মানুহে ডেকা বয়সতো দিন ৰাতিৰ ভিতৰত ষোল সোতৰ ঘণ্টা শোৱে, আকৌ চাৰি পাঁচ ঘণ্টা শুইও কোনোৱে গা ভালে ৰাখিব পাৰে।

 শুৱৰ স্বাভাৱিক সময় ৰাতি। দিনত কাম কৰি মানুহৰ ভাগৰ লাগে, ৰাতি শুলে সেই ভাগৰ পলায়, আৰু আকৌ কাম কৰিবলৈ গাত বল হয়। কোনো কোনো মানুহে এই স্বাভাৱিক নিয়ম লঙ্ঘন কৰি দিনৰ ভাগতো টোপনি মাৰে। ই বৰ অযুগুত কথা। দিনৰ শয়ন আৰু আভোকৰ ভোজন একে ৰকম। অভোকত খালে যেনে অসুখ হয়, দিনত শুলেও তেনে অসুখ হয়, তদুপৰি সময়খিনি বিফলে যায়।

 ৰাতি জাগৰণ স্বাস্থ্যৰ পক্ষে বৰ অপকাৰী, এৰাতি উজাগৰে থাকিলে দুদিনলৈ গা গেৰেউ-গেথেউ লাগে। প্ৰয়োজন অনুসৰি মাজে সময়ে কেতিয়াবা উজাগৰ নিদিলে নচলে কিন্তু সেই বুলি অবাবত টোপনি খতি কৰি স্বাস্থ্যৰ অপকাৰ কৰা উচিত নহয়। কিছুমান মানুহে কয় যে অভ্যাস কৰিলে অনিদ্ৰাও সহন হ'ব, কিন্তু এই কথা বিশ্বাস কৰিব নোৱাৰি। অভ্যাসত টোপনি কমে কিন্তু তাৰ প্ৰয়োজন একেবাৰে খণ্ডন নহয়। আহাৰ নিদ্ৰা শৰীৰৰ ধৰ্ম্ম, তাক এৰি শৰীৰ কেতিয়াও তিষ্ঠিব নোৱাৰে। সংসাৰী মানুহে যথোচিত ভোজন আৰু যথোচিত শয়ন কৰি শৰীৰ ৰক্ষা কৰা উচিত।

----------------

শৰীৰ আৰু বস্ত্ৰৰ শুদ্ধতা


 স্বাস্থ্য ভালে ৰাখিব খুজিলে শৰীৰ সদায় নিকাকৈ ৰাখিব লাগে। নিকা হ'লে শৰীৰ শুদ্ধ হয়, আৰু শৰীৰৰ শুদ্ধতাই স্বাস্থ্যৰ ৰক্ষাকৱচ। শয়ন ভোজনৰ নিয়ম তিল তিলকৈ পালিলেও, মলিয়ন শৰীৰেৰে থাকিলে স্বাস্থ্য কেতিয়াও ভালে নাথাকে। এই নিমিত্তে আগৰ পণ্ডিতসকলে পুৰণি শাস্ত্ৰত