পৃষ্ঠা:সাৰথি (Sarothi).pdf/৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮১
সাৰথি

পোলোৱা উচিত নহয়, পেলালে বেয়া গোন্ধ ওলায়, আৰু ঘৰৰ বায়ু দূষিত কৰে। বেৰবিলাক দুয়ো পিঠিয়ে মাটিৰে লিপি লোৱা ভাল, কাৰণ তেনেহলে ৰদ বৰষুণে বৰকৈ উপদ্ৰপ কৰিব নোৱাৰে। চূণ এবিধ বৰ উপকাৰী বস্তু; চূণে দুৰ্গন্ধ নাশ কৰে আৰু বায়ু শুদ্ধ কৰে। পাৰিলে বেৰত চূণ লগাই লোৱা উচিত। চূণ দিয়া ঘৰত পোহৰো বেছি হয়।

----------------

ভোজন


 ভোকত ভাত, পিয়াহত পানী, ই নহ'লে কোনেও জীৱন ধৰিব নোৱাৰে‌, কিন্তু সেয়ে অতিৰিক্ত হ'লে স্বাস্থ্যৰ অপকাৰ কৰে। এমুঠিৰ ভোকত চাৰিমুঠি খালে, এচলুৰ পিয়াহত চাৰি চলু পিলে নিশ্চয় শৰীৰত ৰোগ হয়। অপৰিমিত ভোজনৰ দোষ একে দিনে দেখা নিদিব পাৰে, কিন্তু সেইবাবে তাৰ দোষ নাই বুলি ভবা উচিত নহয়। কোনো ৰোগ এক মুহূৰ্ত্তকতে নোপজে। সন্তান যেনেকৈ মাতৃ-গৰ্ভত এটি কণ যেন হৈ থিতি হয়, সেইদৰে ৰোগো শৰীৰত এটি কণ যেন হৈ থিতি লয়। এই অৱস্থাত মানুহে ৰোগৰ গম নাপায়, পাচত যেতিয়া পৈণত হৈ সি শৰীৰত কষ্ট দিবলৈ ধৰে তেতিয়া তাৰ প্ৰভাৱ বুজিব পাৰে। এই নিমিত্তে মানুহে কয় যে ৰোগ বেল পৰিমানে বাঢ়ে আৰু তিল পৰিমানে টুটে, কিন্তু দৰাচল পক্ষত ৰোগৰ বাঢ়ন টুটনৰ নিৰিখ একে সমান, কেৱল অপৈণত অৱস্থাত তাৰ গম নাপায়, মানুহে তেতিয়া তাক নাই বুলি বিবেচনা কৰে।

 অতি ভোজন ৰোগৰ মূল, এই এটা নীতি বচন। ই সঁচা নে মিছা, এদিন অতি ভোজন কৰি চালেই বুজিব পাৰি। পেট ওপচাই খালে বহুত পৰলৈকে গেৰেউ-গেথেউ লাগে আৰু গা চাটি-ফুটি কৰে, খোৱা বস্তু দেখিলে বাঁতি আহিব খোজে, মূৰ ফুৰণি উঠে। এদিন পেট উপচাই খালে ইমানতে দুৰ্গুণৰ শেষ পৰে, কিন্তু কিছুমান দিন এইদৰে চলিলে খন্তেকীয়া আহুকাল গৈ