সাহিত্য - সপ্তম ভাগ/স্বৰ্গদেৱ গদাধৰ সিংহ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ৯১ ]

স্বৰ্গদেৱ গদাধৰ সিংহ।

 ১৫৭০ শকাব্দৰ বছৰ চেৰেকৰ পূৰ্ব্বে আহোম-ৰাজলক্ষ্মীৰ কপালৰ তিলক মহাৰাজ গদাধৰ সিংহ স্বৰ্গদেৱৰ জন্ম হয়। তেওঁৰ দেউতাক গোবৰকোঁৱৰ বৰ বিজ্ঞ আৰু সাংসাৰিক কাৰ্য্যত সুনিপুণ পুৰুষ আছিল; সেই গতিকে তেওঁৰ সন্তানসকলকো সৰুৰেপৰা নৈতিক বল আৰু বাহুবল দুয়ো পিনে বিচক্ষণ কৰি তুলিব পাৰিছিল। ল’ৰাকালৰেপৰা গদা কোঁৱৰে তেওঁৰ অসাধাৰণ বলবীৰ্য্যৰ চিনাকি দিছিল; তেওঁৰ সাহসিক কাৰ্য্যকলাপ দেখি তুংখুঙ্গৰ প্ৰজাবিলাকে আচৰিত মানিছিল। দহ-বাৰ বছৰ বয়সতে তেওঁ হাতীত উঠি চিকাৰ কৰিব পাৰিছিল, আৰু বাঘমৰা আৰু আন আন বীৰোচিত কাৰ্য্যত তেওঁ যোগ দিছিল। সেই কুমলীয়া বয়সতে তেওঁৰ গাত ভবিষ্যৎ মহত্ত্বৰ লক্ষণ সম্পূৰ্ণৰূপে ফুলি উঠিছিল; সৰুৰেপৰা তেওঁ অত্যাচাৰী মানুহৰ প্ৰতি ঘৃণা আৰু দুখীয়া নিচলা ৰুগীয়া মানুহক পুতৌ কৰিছিল।

 কথিত আছে, বোলে সেই সময়ত ৰজাঘৰীয়া ফৈদবোৰৰ মাজত ঘোৰ অৰি-ভাব আছিল; কিন্তু গদাকোঁৱৰে ডেকা কালতে বিশেষ কৌশল আৰু যতনেৰে সেই শত্ৰুতাৰ সামৰণি পেলাই তুংখুঙ্গীয়া ফৈদেৰে সৈতে আন সকলো ফৈদৰ মাজত মিত্ৰতা স্থাপন কৰে; আৰু সকলোৱে পৰস্পৰে মিলেৰে থাকি যাতে [ ৯২ ] সেই কালৰ মুছলমান আক্ৰমণৰপৰা অসমৰক্ষা কৰিব পাৰে, তাৰ হন্তে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।

 আজিকালিৰ দৰে তেতিয়া শিক্ষাৰ সিমান প্ৰচলন নাছিল। আহোম পণ্ডিতসকলে ঘৰুৱাকৈ দেওধাই, বাইলুং, মহন প্ৰভৃতিৰ ল’ৰাবিলাকক ধৰ্ম্ম আৰু বুৰঞ্জীবিষয়ক শিক্ষা দিছিল; কিন্তু ওখ তৰপৰ বিষয়াৰ সন্তানক, এনে কি কোঁৱৰসকলকো প্ৰায়েই নিশিকোৱাকৈ ৰখা হৈছিল। গদাপাণিয়ে সৰুকালত একো শিক্ষা পোৱা নাছিল; শিক্ষাৰ এনে অভাৱ-হোৱা স্থলতো, যে তেওঁ ভবিষ্যতে এজন দূৰদৰ্শী ৰাজনীতিজ্ঞ পুৰুষ হ’ব পাৰিছিল, ই বাস্তৱতে তেওঁৰ আচৰিত মানিবলগীয়া প্ৰতিভাৰ চিনাকি মাথোন।

 গদাকোঁৱৰে উপযুক্ত বয়সত বৰগোহাঁই পৰিয়ালৰ জয়মতী কুঁৱৰীক বিয়া কৰায়। এই গৰাকী কুঁৱৰীক ৰূপ-গুণ একোতে কোনেও চেৰ পেলাব নোৱাৰিছিল। তেওঁৰ সতীত্ব আৰু পতিপ্ৰাণতা জগতৰ আদৰ্শস্বৰূপ হৈছে। গদাপাণি আৰু জয়মতী দুয়ো একেটি সাঁচতে গঢ়া; কোঁৱৰ যেনে সজ-চৰিত্ৰবান্‌ আৰু নিৰ্ভীক, কুঁৱৰীও সেই দুই বিষয়ত অতুলনীয়া আছিল। এওঁলোকৰ শুভমিলনত লাই আৰু লেচাইৰ জন্ম হয়। লাই কোঁৱৰ পাচত দেউতাক স্বৰ্গী হোৱাত ৰাজপাটত বহে, আৰু লেচাইগোহাঁইদেৱে ৰাজ্যৰ এজন বৰমূৰীয়া বিষয়া হৈ ককায়েকক ৰাজকাৰ্য্যত সহায় কৰে।

 গদাকোঁৱৰে মনৰ জোখাই পত্নী আৰু জয়মতী কুঁৱৰীয়ে মনৰ জোখাই পতি লাভ কৰি ভালেমান বছৰ সুখেৰে যাপন [ ৯৩ ] কৰিলে। কিন্তু গদাপাণিৰ মনত সিমান শান্তি নাছিল। সেই সময়ত ৰজাৰ ৰাজধানীত কেইবাটিও গা-নোম শিয়ৰিউঠা ঘটনা ঘটিছিল। ১৫৯২ শঁকৰ পৰা ১৬০১ শঁকলৈকে আহোম-ৰাজপাটত ছজনা কোঁৱৰ উঠে; কিন্তু মন্ত্ৰীসকলে মন্ত্ৰণা-চক্ৰত পেলাই তাৰ চাৰিজনা ৰজাক অকালতে বধ কৰে। এজনে মন্ত্ৰীসকলৰ হাতত প্ৰাণ সঁপিব লাগিব বুলি মনৰ বেজাৰতে আত্মঘাতী হয়; মাথোন এজনৰহে স্বাভাৱিকৰূপে মৰণ হয়। ৰাজধানীৰ এনে হুলস্থূলৰ কথা গদাপাণিয়ে সৰুৰেপৰা বৰ ভালকৈ জানিছিল। ৰজা নিস্তেজ হোৱা আৰু বিষয়াবিলাকৰ অৰিয়া-অৰি আৰু স্বাৰ্থপৰতা দেখি তেওঁৰ মনত সদায় অশান্তি। নিজে ৰাজ্যৰ গুৰি ধৰি টান-মুখেৰে আক্ৰোহী বিষয়াসকলক দমাই ৰাজ্যত কেনেকৈ সুশাসন থাপিব পাৰিব, এই একেটি ভাব তেওঁৰ মনত প্ৰায়েই খেলাইছিল। ল’ৰাৰজাই চৰিয়া, ৰিপুৱা, গুপ্তচৰ আদি পঠিয়াই যেতিয়া ৰাজপাটলৈ যোগ্য কোঁৱৰসকলক অঙ্গক্ষত কৰাই অযোগ্য কৰিছিল, সেই সময়ত গদাপাণিৰ মনত আশঙ্কা, কি জানিবা ল’ৰাৰজাৰ নিষ্ঠুৰ চৰিয়াবিলাকৰ হাতত তেওঁৰো অঙ্গক্ষত হয়! সেইবাবে তেওঁ বৰ সাৱধানে ফুৰিব-চাকিবলৈ ধৰিলে। আৰু ৰজাৰ এটি দুটি গুপ্তচৰে তেওঁৰ কাষকে চাপিব। নোৱাৰিলে। তেতিয়া ল’ৰা-ৰজা অধিকতৰ সংশয়ী হল; যেহেতু তুংখুঙ্গীয়া ফৈদ ৰজা হ’ব পৰা সকলো ফৈদতকৈ বেচি ক্ষমতাশালী আছিল। লৰা-ৰজাই ভাবিলে, যে গদাকোঁৱৰ জীয়াই থাকে মানে তেওঁৰ ৰাজপাট নিষ্কণ্টক নহয়। সেই দেখি তেওঁ চৰিয়াবিলাকক [ ৯৪ ] এইজনা কোঁৱৰৰ প্ৰাণ বধিবলৈকে মনে মনে আদেশ দিছিল। গদাপাণি তেতিয়া নিৰুপায় হল; ৰজাৰ প্ৰবল আৰু অসংখ্য চৰিয়াৰ আগত অকলে কেনেকৈ ঠাৱৰিব। ইয়াৰ একো উপায় নাপাই সতী হেন পত্নী আৰু গণেশ-কাৰ্ত্তিক হেন পুত্ৰক ঈশ্বৰৰ কৰুণাত সমৰ্পণ কৰি তেওঁ ছদ্মবেশ ধৰি নগাপৰ্ব্বতৰ ফালে আঁতৰি গ'ল।

 সেই অৱসৰতে ল’ৰা-ৰজাই গদাপাণিৰ পত্নী জয়মতীক ধৰাই নি নানা শাস্তি দি কোঁৱৰৰ সম্ভেদ বাতৰি উলিয়াবলৈ কুকুৰাচোৱা চাউডাঙক আজ্ঞা দিলে। নানা যন্ত্ৰণা ভুঞ্জিও জয়মতীয়ে তেওঁৰ গৃহস্থৰ বাতৰি কৈ নিদিলে। গদাপাণিয়ে কেনেবাকৈ পত্নীৰ এনে অৱস্থাৰ কথা ভু পাই মৰসাহ দি যন্ত্ৰণা দিয়া ঠাইলৈ আহিল, আৰু ছেগ চাই তিনিবাৰ জয়মতীৰ ওচৰলৈ গ'ল, কিন্তু তেওঁ নিজৰ চিনাকি নিদিলে। চাউডাংহঁত যাতনা দিয়া ঠাইলৈ আহিলে তেওঁ আঁতৰি গৈ একান্তমনে আৰু বেজাৰেৰে নিজ পত্নীৰ পিচলৈ চাই থাকে, কিন্তু একোকে নামাতে, মাত দিলেই ৰজাৰ সেনাই চিনি পাব, আৰু তেওঁৰ জীৱনৰ উদ্দেশ্য দুপতীয়াতে জঁয় পৰিব। তৃতীয়বাৰ ওচৰলৈ যাওঁতে কুঁৱৰীয়ে চিনি পাই কথাৰ ইঙ্গিতেৰে কোঁৱৰক সেই ঠাইৰপৰা যাবলৈ ক'লে। গদাপাণিয়ে আগ-পাচ ভাবি চিন্তি চন্দ্ৰ-সূৰ্য্যক সাক্ষী কৰি সেই ঠাইৰপৰা অগত্যা আকৌ আঁতৰ হল।

 গদাপাণি এজন বীৰ হৈয়ো, যে পত্নীক এনে দুৰ্দ্দশাৰপৰা [ ৯৫ ] উদ্ধাৰ নকৰিলে, ইয়াৰ গুপুত ৰহস্য আজিলৈকে অনেকে ভেদ কৰিব পৰা নাই। তেওঁৰ অকল বাহুবল থকা হ'লে, তেওঁ এনে কাম নকৰিলেহেঁতেন, কিন্তু এনে কৰাত তেওঁৰ অসাধাৰণ মনোবল প্ৰকাশ পাইছিল। কিয়নো, তেওঁ দেখিলে, যে কুৱঁৰীয়ে একোপধ্যে তেওঁৰ কথা নকয়, আৰু তেওঁ চিনাকি দিলে কুৱঁৰীৰ মহাব্ৰত সাধনাৰ বাটত বিধি-পথালি দিয়া হয় মাথোন, আৰু তেওঁৰ জীৱনৰ মহৎ উদ্দেশ্যও লগে লগে সাং-হয়, সেই দেখি তেওঁ কুঁৱৰীক শেষবাৰ চাই লৈ সেই ঠাইৰ পৰা গম্ভীৰ ভাৱে বিদায় ল'লে। তেতিয়াৰে পৰা গদাপাণি আৰু জয়মতীৰ দেখা-সাক্ষাৎ হোৱা নাই।

 গদাকোঁৱৰে জয়মতীক তাতে এৰি ছদ্মবেশেৰে নগাৰ চাঙে চাঙে ফুৰিবলৈ ধৰিলে। পোনতে নগাপৰ্ব্বততে কিছুমান দিন থাকিল। ইতিমধ্যে জয়মতীয়ে ল'ৰা-ৰজাৰ পিশাচ চাউডাংহঁতৰ হাতত নশ্বৰ দেহা এৰি স্বৰ্গী হ’ল। গদাপাণিয়ে নামচাং, টাব্‌লুং ইত্যাদি নগাপৰ্ব্বতবোৰৰ আজি ইটো টিলাত কালি সিটো টিলাত থাকি মাজে মাজে পান, কচু, আলু, জলকীয়া আদি বেচিবলৈ অহাৰ ছলেৰে ভৈয়ামলৈ নামি নগৰৰ গম-গতি বুজি যায়হি, আৰু মাজে মাজে শাহুৱেকৰ ঘৰত সোমাই লাই-লেচাইক চাই যায়। নগা পৰ্ব্বততো কোঁৱৰ নিৰাপদ নাছিল; তাতো ৰজাৰ চৰবিলাকে কেইবাবাৰো তেওঁৰ প্ৰাণ ল’বলৈ চেষ্টা কৰিছিল। কিন্তু ঈশ্বৰৰ অনন্ত মহিমাত তেওঁৰ প্ৰাণ লবলৈ কোনো সমৰ্থ ন’হল; পৰমেশ্বৰে স্বয়ং তেওঁক সকলো অমঙ্গলৰপৰা ৰক্ষা কৰিছিল। [ ৯৬ ] নগাপৰ্ব্বতত থাকি তেওঁৰ মহৎ উদ্দেশ্য সিদ্ধিৰ আশা নেদেখি, তেওঁ সেই ঠাই এৰি ভটীয়াই আহোঁতে কোঁৱৰক বাটত সলাল- গোহাঁয়ে পাই তেওঁৰ ভিনীহিয়েক বন্দৰ বৰফুকনৰ ঘৰলৈ যাবৰ নিমিত্তে উপদেশ দিলে। গদাপাণিয়ে ছদ্মবেশেৰে ফুৰোঁতে বাটত এজন গণ’কৰে সৈতে তেওঁৰ চিনাকি হয়। এদিন গণকে কোঁৱৰৰ হাত চাই ক'লে—“গদা, তুমি এদিন ৰজা হবাহে। ” কেঁৱৰে মাত লগালে—“বাৰু, মই যদি ৰজা হওঁ—মন্ত্ৰীৰ বাব এটি তোমাৰ। ” এইজনা গণকে বিষয় ল’বলৈ নাপালে, কেইমাহ- মানৰ অন্তৰতে তেওঁৰ মৃত্যু হয়।

 সলালগোহাঁইৰ সজ-পৰামৰ্শ শিৰোধাৰ্য্য কৰি কোঁৱৰ কামৰূপৰ ফালে গ’ল। তাতে পোনতে তেওঁ এজনী পোহাৰীৰ ঘৰত থাকে। পোহাৰীৰ ঘৰৰপৰা ওলাই আহি তেওঁ এজন ব্ৰাহ্মণৰ ঘৰত ভালেমান দিন কাম কৰিছিল আৰু তেওঁৰ কৃতজ্ঞতা স্বৰূপে ভবিষ্যতে সেই বাহ্মণৰ ঘৰলৈ ৰাজভোগ্য বঁটা-বাহন আৰু দক্ষিণাদি নিয়মমতে দি তেওঁলোকৰ সম্মান বঢ়াইছিল। আজিলৈকে তেওঁবিলাকৰ সতি-সন্ততিসকল এটি উন্নতিশীল পৰিয়াল হৈ আছে। বামুণৰ ঘৰৰপৰা আহি তেওঁ কামৰূপৰ চান্দকুচীয়া বৰুৱাৰ আশ্ৰয়ত কিছুমান দিন থাকে। তাত থকাটো আপদশূন্য যেন নেদেখি তাৰপৰা আঁতৰি কোঁৱৰ ৰাণীগাৱঁলৈ যায়। এই গাৱঁতে গাৰোৱনী এজনীয়ে তেওঁক বৰ সাদৰেৰে খুৱাই-পিন্ধাই ৰাখে। তাৰ পাচত গদাপাণিৰ বাইদেৱাক বৰফুকননীয়ে এই কথাৰ সম্ভেদ পাই কোঁৱৰক চপাই নি কিছুমান দিন ঘৰৰ ভিতৰতে গোপনে [ ৯৭ ] ৰাখে। বৰফুকননীয়ে বৰফুকনক তাৰ শুংসূত্ৰ একোকে জানিবলৈ দিয়া নাছিল। মনত ভয়, কি জানি বৰফুকনে তাৰ ভু পালে ৰজাঘৰত জনাই ভায়েকৰ বিঘিনি ঘটায়। পিচে, এদিন বৰফুকনে ৰাজ্যৰ হুলস্থূল আৰু ল'ৰা-ৰজাৰ অত্যাচাৰৰ কথা বৰফুকননীৰ আগত কওঁতে কথাৰ মাজতে ক'লে—“এই সময়ত গদাক পোৱা হলে, তেওঁক ৰজা পাতি ৰাজ্যৰ অশান্তি আঁতৰালোঁহেঁতেন। ” বৰফুকননীয়ে সুধিলে, “আপুনি গদাকোঁৱৰক পালে সঁচাকৈয়ে ৰজা পাতিবনে? মোৰ ভাইক আপুনি একো নকৰে বুলি, অঙ্গীকাৰ কৰক, মই গদাক আনি দিবলৈ গাত লওঁ। ” বৰফুকনে ক'লে—মই অঙ্গীকাৰ কৰিছোঁ, জগতত চন্দ্ৰ-সূৰ্য্য থাকে মানে কোঁৱৰৰ হিত বিনে অহিত নিচিন্তোঁ। ” বৰফুকননীয়ে এই আশ্বাসবাণী শুনি ততালিকে কোঁৱৰক উলিয়াই আনি বৰ- ফুকনৰ আগত থিয় কৰালেহি। গদাক পাই বৰফুকন পৰম আনন্দিত হ’ল। আৰু তেওঁক ৰজা পাতি ল'ৰা-ৰজাক সিংহাসন- চ্যুত কৰিবৰ মনেৰে সৈন্য-সামন্ত সংগ্ৰহ কৰি তেওঁ উজনিলৈ যাত্ৰা কৰিলে। ৰাজধানীৰ সম্ভ্ৰান্ত বিষয়াসকলে লৰা ৰজাক ৰজা ভাঙি তেওঁৰ ঠাইত গড়গাওঁ নগৰৰ বৰচৰাতে গদাকোঁৱৰক ১৬০৩ শঁকৰ চ'ত মাহত ৰজা পাতিলে।

 গদাকোঁৱৰ ৰজা হৈ কিছুমান দিন থকাত ল’ৰা-ৰজাই পুনৰ ৰাজপদ লভিবলৈ দ্ৰোহ আচৰিলে, আৰু কেইজনমান বিষয়াই ভগা- ৰজাক সহায়ো কৰিলে। ইয়াৰ সম্ভেদ পাই স্বৰ্গদেৱে ষড়যন্ত্ৰকাৰী সকলক দণ্ড বিহিলে, আৰু ভৱিষৎ অশান্তিৰ বীজ মাৰিবৰ অৰ্থে [ ৯৮ ] ল’ৰা-ৰজাক বধ কৰালে। যি কেইজনমান ডাঙৰীয়া আৰু বিষয়াই পূৰ্ব্বৰ এঘাৰবছৰীয়া সমস্যাৰ সময়ত ৰজা ভঙাপতাত যোগ দিছিল, স্বৰ্গদেৱে তেওঁলোকক বিষয়ৰপৰা অৱসৰ দি তেওঁলোকৰ ঠাইত নতুন আৰু বিশ্বাসী বিষয়া ল'লে। তাৰ পাচে, তেওঁ গড়গাৱঁৰ- পৰা নগৰ উঠাই বৰক’লালৈ নি তাতে শিঙৰী-ঘৰত উঠিও হিন্দুমতে গদাধৰ সিংহ আৰু আহোমমতে চুপা’তফা নাম লৈ সিংহাসনত বহিল। বৰকলা বৰ অসুচল ঠাই; সেইগতিকে স্বৰ্গদেৱে মেটেকা নামে ঠাইত বাহৰ কৰি আছিল।

 গদাধৰ সিংহ স্বৰ্গদেৱ এজন অসাধাৰণ ৰাজনৈতিক পুৰুষ আছিল। যিসকল বিষয়াই লৰা-ৰজাক জীৱিত কালতে ৰাজপদৰ পৰা বিচ্যুত কৰি তেওঁক ৰজা পাতে, গদাধৰে সিবিলাকক ৰাজদ্ৰোহী বিবেচনা কৰি ৰাজধৰ্ম্মমতে দণ্ড বিহিবলৈ একোতে কোঁচ নাখালে; কিছুমানক ভুৰ বান্ধি উটুৱাই দিয়া হল আৰু কিছুমানক স্বৰ্গদেৱে নিজে আগত থাকি শালত দিয়ালে। সেই ঠাই আজিও ‘শালমৰা’ নামে অভিহিত। এনে কি, নিৰাশ্ৰয় অৱস্থাত আশ্ৰয়- দাতা মৰমৰ ভিনীহিয়েক বন্দৰ বৰফুকনকো ৰাজ্যৰপৰা বাজ কৰি দিয়া হল। এই কাৰ্য্যৰ বাবে কিছুমানে গদাধৰ সিংহ স্বৰ্গদেৱৰ গাত অকৃতজ্ঞতাৰ চেকা পেলাব খোজে; কিন্তু সেইবাবে স্বৰ্গদেৱৰ গাত অকণো দোষ নাই, বৰঞ্চ ই তেওঁৰ ৰাজনীতিজ্ঞান আৰু দূৰদৰ্শিতাৰহে চিনাকি দিয়ে।

 স্বৰ্গদেৱ গদাধৰসিংহ ৰাজপাটত উঠা কালত আহোমৰাজ্যৰ অৱস্থা বৰ শোচনীয় আছিল। ডাঙৰীয়াসকলেই ৰাজ্যৰ নেতা; [ ৯৯ ] ৰজাক তেওঁলোকে পুতলাৰ দৰে নচুৱাইছিল, আৰু নিজৰ কাৰ্য্য- সিদ্ধিৰ নিমিত্তে নিষ্ঠুৰ কাম কৰিবলৈকো তেওঁলোক কুণ্ঠিত নহৈছিল। তাৰ উপৰিও, প্ৰজাবিলাক একেবাৰে নিস্তেজ আছিল। স্বদেশানুৰাগ নামে এটি গুণ তেতিয়া প্ৰায় দেখা নহৈছিল। পূৰ্ব্ববৰ্ত্তী ৰজাসকলৰ অত্যাচাৰৰপৰা হাত সাৰিবৰ নিমিত্তে বহুতে গৈ মুছলমানৰ ফলীয়া হৈছিল। ৰাজাৰ এনে শোকলগা অৱস্থা দেখি আৰু তাৰ সুযোগ লৈ পৰ্ব্বতীয়া জাতিবিলাকে প্ৰজাৰ ওপৰত বৰ উৎপাত কৰিছিল। কিন্তু গদাধৰসিংহ স্বৰ্গদেৱে নিজ ৰণকৌশল আৰু ৰাজনৈতিক বলেৰে সকলোকে দমাই ৰাজ্যত শান্তি স্থাপন কৰে।

 ১৬০৫ শঁকত ৰঙ্গামাটিৰ নবাব মঞ্চলখাঁই পূৰ্ব্বে আমাৰ হাতত পোৱা অপমানৰ পোটক তুলিবলৈ বুলি অসম আক্ৰমণ কৰে। শুক্ৰেশ্বৰৰ দাঁতিত ইটাখুলি নামে ঠাইত উভয় পক্ষৰ যুদ্ধ হয়। তাত অসমীয়া সেনাই গদাধৰসিংহৰ ৰণকৌশলৰ বলত মছলমান সেনাক মূৰ তুলিব নোৱাৰাকৈ ঘটুৱালে। সেই অবধি আহোম আৰু বঙালৰ ৰণ হোৱা নাছিল। গদাধৰসিংহ স্বৰ্গদেৱেই অসমত মুছলমান আক্ৰমণৰ শেষ পেলালে। ১৬০৭ শঁকত মিৰিহঁতে শদিয়াখোৱা গোহাঁইৰ ঘৰত জুই দিয়ে, আৰু শদিয়া আক্ৰমণ কৰে। সেই কাৰণে স্বৰ্গদেৱে এদল অসমীয়া ৰণুৱা পঠিয়াই মিৰিহঁতক আমাৰ বশবৰ্ত্তী কৰে। ১৬০৮ শঁকত নগাবিলাকৰ উৎপাত দমোৱা হয়। এইদৰে মুছলমান আৰু পৰ্ব্বতীয়া জাতিবোৰৰ মাজত অসমৰ মান অটুট ৰখা হয়। [ ১০০ ] যুদ্ধ-বিগ্ৰহাদিত ব্যস্ত থকাৰ স্থলতো স্বৰ্গদেৱ গদাধৰসিংহই নানা সৎকৰ্ম্মৰ অনুষ্ঠান কৰে। তেওঁ ছদ্মবেশে ফুৰোঁতে বিদেশীসকলৰ ৰাজনীতি আৰু ৰাজ্যৰ ভিতৰুৱা কথাবোৰ ভালকৈ শিকি-বুজি লৈছিল; আৰু ৰাজ্যৰ গুৰিধৰা হৈ তাৰ ভাল-ভাল নীতি-নিয়মবোৰ নিজৰ ৰাজ্যৰ উন্নতিৰ অৰ্থে লগাইছিল। আন দেশৰ সুকীয়া ৰাজহৰ প্ৰথা আৰু মাটি পিয়ল কৰাৰ নিয়ম দেখি তাক তেৱেঁই পোনতে অসমত চলায়।

 স্বৰ্গদেৱ গদাধৰসিংহ এজন শাক্ত হিন্দু আছিল; তেওঁ ধৰ্ম্মৰ উন্নতিৰ অৰ্থে নানা সজ কাম কৰি যায়। তেৱেঁই বগী দল, ৰংদৈ দ’ল, বিশ্বনাথৰ দ’ল আৰু উমানন্দৰ দ’ল সজায়। তাত বাজেও স্বৰ্গদেৱে ভালেমান দ’ল, পুখুৰী আৰু আলি আদি কৰাই আজিলৈকে নিজৰ নাম চিৰস্মৰণীয়কৈ ৰাখি গৈছে। ব্ৰাহ্মণ আৰু গোসাঁই-মহন্তসকলক ব্ৰহ্মোত্তৰ আৰু দেৱোত্তৰ মাটি তেওঁৰ নাম থকা কালৰে দিয়া এতিয়াও আছে। কিন্তু বামুণ, গোলাই-মহন্তসকলক এইদৰে আদৰ আৰু মৰম কৰিছিল বুলিও, স্বৰ্গদেৱে সিবিলাকৰ ভিতৰৰ কুসংস্কাৰত প্ৰৱৰ্ত্তা ভণ্ডবিলাকক সমুচিত দণ্ড বিহি সংশোধন কৰিবলৈকো পিচ-পৰা নাছিল, আৰু নিজেও ৰাজ-কাৰ্য্য পৰিচালনাৰ শক্তিহীন কৰা বিচাৰশূন্য আচাৰৰ তলতীয়া নহৈছিল। ৰাজ-নীতি আৰু সমাজ-নীতি দুয়োতে অসাধাৰণ জ্ঞান থকাৰ কাৰণেই গদাধৰসিংহ স্বৰ্গদেৱ অসমৰজাসকলৰ ভিতৰত শিৰোমণি স্বৰূপ আছিল।

[ ১০১ ]  এইদৰে চৈধ্য বছৰ কাল অখণ্ড প্ৰতাপে ৰাজত্ব কৰি প্ৰায় আঢ়ৈ-কুৰি বছৰ বয়সত ১৬১৭ শঁকৰ ১৩ ফাগুন কৃষ্ণা- চতুৰ্থীত মহাৰজা গদাধৰসিংহ স্বৰ্গদেৱ স্বৰ্গী হয়।

 স্বৰ্গীয় গদাধৰসিংহ স্বৰ্গদেৱ যেনে এজন বাহুবলী পুৰুষ বুলি বিখ্যাত, তেওঁ তেনে এজন ৰাজনীতি আৰু সমাজনীতিত বহুল অধিকাৰ থকা সচ্চৰিত্ৰ আৰু ন্যায়বান পুৰুষ বুলিও প্ৰখ্যাত। কথিত আছে, বোলে তেওঁ বলৱন্ত বলিয়া হাতীকো লৰি-অহা বেগতে দাঁতত ধৰি ঘূৰাই দিব পাৰিছিল। তেওঁৰ অবয়ৱ আৰু শাৰীৰিক শক্তি চাই তেওঁৰ ভোজনো প্ৰচুৰ আছিল। সেইদৰেই সংসাৰ-যুদ্ধতো তেওঁ এজন সুপ্ৰসিদ্ধ বীৰ আছিল। জীৱনৰ কালত তেওঁ অনেক অপায়-অমঙ্গলৰ হাতত পৰিছিল; এনে কি, তেওঁ সময়ত নিজৰ প্ৰাণৰ কাৰণে ঘৰ-দুৱাৰ এৰি দূৰণি আৰু অগম্য নগা-পৰ্ব্বতত ফুৰিছিল। কিন্তু তেওঁ, যে সকলে বাধা- বিঘিনি লঙ্ঘন কৰি এদিন আহোম-ৰাজপাটত দুপৰ সুৰুযৰদৰে জিলিকিব পাৰিছিল, ই সাধাৰণ ক্ষমতাৰ কথা নহয়। আৰু, স্বৰ্গদেৱৰ বৰ সৌভাগ্য, যে জয়মতী হেন জগতৰ আদৰ্শ নাৰী তেওঁ ভাৰ্য্যাৰূপে লাভ কৰিছিল। পৃথিবীত, বুৰঞ্জীৰ জীৱন থাকেমানে জয়মতী-গদাধৰৰ নাম জীয়াই থাকিব।