সাহিত্য - সপ্তম ভাগ/জাতীয় গৌৰৱ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ৮৭ ]

জাতীয় গৌৰৱ।

বুৰঞ্জীলেখক   জাতীয় গৌৰৱ
 কিবা চিন পাবা অসম দেশৰ?
যত কবিকুল   জাতি পদ্মফুল
 লভিলে জনম ফলে কি পাপৰ!
হায়! হায়! হায়!   বুকু ফাটি যায়
 যি বুজে পুৰিছে হৃদয় সদায়।
উহ! পাহৰণি  যেন ৰাক্ষসিনী
 গিলিলি বহুত অসম-গৌৰৱ।
কোনে উলিয়াব   কোনে বা দেখাব,
 জন্মিছেনে এনে মহা অনুভৱ?

 ঠিক অসমীয়া মানুহ নহয়,
 অসম শ্মশান নোহে কোনে কয়?
অনন্ত কন্দলী   জন্ম ধৰিছিল
 কিনো পাপ কৰি অসম মাটিত!
নাই তযু নাম,   আদৰ সম্মান,
 কাললৈ নুমাল শ্মশান ভূমিত।

 পদুমৰ গোন্ধ কি গুবৰুৱা লয়,
 ভোমোৰাৰ দৰে ফুল কি ৰময়?

[ ৮৮ ]

কন্দলী শ্ৰীধৰ,   কিনোহে সুন্দৰ
 গাঁথিছিলা বাছি ফুলমালাধাৰ;—
ভাবিছিলা মনে   অসম-সন্তানে
 পিন্ধি গুণ গাই থাকিব তোমাৰ।
কালৰ নিষ্ঠুৰ   বতাহ-কোবত,
 পৰিল সি মালা অনন্ত খালত।
ৰাম সৰস্বতী,   ভাৰতৰ পুথি,
 ব্যাসৰ বাছনি ফুলৰ মালা,
কৰিলা ৰচনা,   তোমাৰ কামনা
 নিসিজিল—হ’ল ল’ৰাৰ খেলা।

 বঙ্গত জনম ধন্য কাশী দাস,
 তযু কীৰ্ত্তি কৰে অসমে প্ৰকাশ।
 ঠিক অসমীয়া মানুহ নহয়,
 অসম শ্মশান নোহে কোনে কয়?
দেৱ কীৰ্ত্তিবাস,   কীৰ্ত্তিৰ আবাস
 সাজিলে তোমাৰ বঙ্গালী ভাই,
এই ৰামায়ণ   লেখা কবিজন,
 পুথিৰ বতৰাৰ নামো নাই।

 পুৰণি গৌৰৱে গৰ্ব্বী যেই দেশ
 নহয়, নাই তাৰ উন্নতি-লেশ।

[ ৮৯ ]

কত পৰিশ্ৰম   কৰি কবিজন
 সাজিলে মৌবাহ কেৱল বৃথায়,
আজি অসমত,   ডেকাৰ মাজত,
 বিচাৰি কোনেও তাক খাওঁতা নাই;
বাপেকৰ নাম   নজনা সন্তান
 কালে হ’ল আহি এই মাটিখান!
পঢ়িছে মিল্‌টন্‌,   পঢ়ে বাইৰণ্‌,
 দেখোঁ সৌ দলে শলাগ লই।
স্বজাতি অসভ্য   ঘিণি হয় সভ্য
 পিতাৰ পুত্ৰৰ নাই পৰিচয়।

 ইৰূপ বচেৰা সন্তানৰ জ্ঞান
 দিলাহে বিধাতা এই মাটিখান!
 ঠিক অসমীয়া মানুহ নহয়,
 অসম-শ্মশান নোহে কোনে কয়?

শঙ্কৰদেৱৰ   দেখোঁ জীৱনৰ
 চৰিত্ৰ কেৱল ভকতত সীমা,
চৈতন্য-জীৱন   জগত-ঘোষণ,
 শ্মশানতে লয় শঙ্কৰমহিমা।

 মাধদেউ এক সুকবি প্ৰধান,
 অসভ্য দেশত জন্মি নষ্ট নাম।

[ ৯০ ]

“যেন ফুল প্ৰাণ   হাবিত জনম
 হাবিৰ বতাহে হাবিতে নাশে। ”
সভ্য প্ৰদেশত   জনমাহেঁতেন
 হ’লা হয় কেনে যশৰ ভূষণ;
কবি মহামতি,   মই মূৰ্খ অতি,
 নাজানোঁ কৰিব তোমাৰ পূজন;
কৰোঁ কবিতাৰে,   দুৰবল সুৰে,
 চকুৰ পানীৰে এবেলি তৰ্পণ।
কুলাচল নামে   কাব্য কোন জনে
 কৰিলে ৰচনা কৰোহোঁ তৰ্পণ।
কূৰ্ম্মৱলী পদ,   আৰু চণ্ডী-পদ
 ৰচিলে কোন নো কবি দুই জন;
 চকুৰ পানীৰে তৰ্পোহোঁ এবাৰ,
 দহিলে সুনাম শ্মশানে তোমাৰ।
ই অসভ্য দেশ   মনুষ্যত্ব-লেশ
 নাই একেবাৰে ভাৰত মাজে,
উলঙ্গ দেশৰ,   কাম কি ধোবাৰ?
 নোশাভে লোকক কাপোৰ-সাজে।
 ঠিক অসমীয়া মানুহ নহয়,
 অসম শ্মশান নোহে কোনে কয়?

⸻⸻