ৰজাক তেওঁলোকে পুতলাৰ দৰে নচুৱাইছিল, আৰু নিজৰ কাৰ্য্য-
সিদ্ধিৰ নিমিত্তে নিষ্ঠুৰ কাম কৰিবলৈকো তেওঁলোক কুণ্ঠিত
নহৈছিল। তাৰ উপৰিও, প্ৰজাবিলাক একেবাৰে নিস্তেজ আছিল।
স্বদেশানুৰাগ নামে এটি গুণ তেতিয়া প্ৰায় দেখা নহৈছিল।
পূৰ্ব্ববৰ্ত্তী ৰজাসকলৰ অত্যাচাৰৰপৰা হাত সাৰিবৰ নিমিত্তে বহুতে
গৈ মুছলমানৰ ফলীয়া হৈছিল। ৰাজাৰ এনে শোকলগা অৱস্থা
দেখি আৰু তাৰ সুযোগ লৈ পৰ্ব্বতীয়া জাতিবিলাকে প্ৰজাৰ
ওপৰত বৰ উৎপাত কৰিছিল। কিন্তু গদাধৰসিংহ স্বৰ্গদেৱে নিজ
ৰণকৌশল আৰু ৰাজনৈতিক বলেৰে সকলোকে দমাই ৰাজ্যত
শান্তি স্থাপন কৰে।
১৬০৫ শঁকত ৰঙ্গামাটিৰ নবাব মঞ্চলখাঁই পূৰ্ব্বে আমাৰ হাতত পোৱা অপমানৰ পোটক তুলিবলৈ বুলি অসম আক্ৰমণ কৰে। শুক্ৰেশ্বৰৰ দাঁতিত ইটাখুলি নামে ঠাইত উভয় পক্ষৰ যুদ্ধ হয়। তাত অসমীয়া সেনাই গদাধৰসিংহৰ ৰণকৌশলৰ বলত মছলমান সেনাক মূৰ তুলিব নোৱাৰাকৈ ঘটুৱালে। সেই অবধি আহোম আৰু বঙালৰ ৰণ হোৱা নাছিল। গদাধৰসিংহ স্বৰ্গদেৱেই অসমত মুছলমান আক্ৰমণৰ শেষ পেলালে। ১৬০৭ শঁকত মিৰিহঁতে শদিয়াখোৱা গোহাঁইৰ ঘৰত জুই দিয়ে, আৰু শদিয়া আক্ৰমণ কৰে। সেই কাৰণে স্বৰ্গদেৱে এদল অসমীয়া ৰণুৱা পঠিয়াই মিৰিহঁতক আমাৰ বশবৰ্ত্তী কৰে। ১৬০৮ শঁকত নগাবিলাকৰ উৎপাত দমোৱা হয়। এইদৰে মুছলমান আৰু পৰ্ব্বতীয়া জাতিবোৰৰ মাজত অসমৰ মান অটুট ৰখা হয়।