পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
সাহিত্য


যুদ্ধ-বিগ্ৰহাদিত ব্যস্ত থকাৰ স্থলতো স্বৰ্গদেৱ গদাধৰসিংহই নানা সৎকৰ্ম্মৰ অনুষ্ঠান কৰে। তেওঁ ছদ্মবেশে ফুৰোঁতে বিদেশীসকলৰ ৰাজনীতি আৰু ৰাজ্যৰ ভিতৰুৱা কথাবোৰ ভালকৈ শিকি-বুজি লৈছিল; আৰু ৰাজ্যৰ গুৰিধৰা হৈ তাৰ ভাল-ভাল নীতি-নিয়মবোৰ নিজৰ ৰাজ্যৰ উন্নতিৰ অৰ্থে লগাইছিল। আন দেশৰ সুকীয়া ৰাজহৰ প্ৰথা আৰু মাটি পিয়ল কৰাৰ নিয়ম দেখি তাক তেৱেঁই পোনতে অসমত চলায়।

 স্বৰ্গদেৱ গদাধৰসিংহ এজন শাক্ত হিন্দু আছিল; তেওঁ ধৰ্ম্মৰ উন্নতিৰ অৰ্থে নানা সজ কাম কৰি যায়। তেৱেঁই বগী দল, ৰংদৈ দ’ল, বিশ্বনাথৰ দ’ল আৰু উমানন্দৰ দ’ল সজায়। তাত বাজেও স্বৰ্গদেৱে ভালেমান দ’ল, পুখুৰী আৰু আলি আদি কৰাই আজিলৈকে নিজৰ নাম চিৰস্মৰণীয়কৈ ৰাখি গৈছে। ব্ৰাহ্মণ আৰু গোসাঁই-মহন্তসকলক ব্ৰহ্মোত্তৰ আৰু দেৱোত্তৰ মাটি তেওঁৰ নাম থকা কালৰে দিয়া এতিয়াও আছে। কিন্তু বামুণ, গোলাই-মহন্তসকলক এইদৰে আদৰ আৰু মৰম কৰিছিল বুলিও, স্বৰ্গদেৱে সিবিলাকৰ ভিতৰৰ কুসংস্কাৰত প্ৰৱৰ্ত্তা ভণ্ডবিলাকক সমুচিত দণ্ড বিহি সংশোধন কৰিবলৈকো পিচ-পৰা নাছিল, আৰু নিজেও ৰাজ-কাৰ্য্য পৰিচালনাৰ শক্তিহীন কৰা বিচাৰশূন্য আচাৰৰ তলতীয়া নহৈছিল। ৰাজ-নীতি আৰু সমাজ-নীতি দুয়োতে অসাধাৰণ জ্ঞান থকাৰ কাৰণেই গদাধৰসিংহ স্বৰ্গদেৱ অসমৰজাসকলৰ ভিতৰত শিৰোমণি স্বৰূপ আছিল।