পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
স্বৰ্গদেৱ গদাধৰ সিংহ


ৰাখে। বৰফুকননীয়ে বৰফুকনক তাৰ শুংসূত্ৰ একোকে জানিবলৈ দিয়া নাছিল। মনত ভয়, কি জানি বৰফুকনে তাৰ ভু পালে ৰজাঘৰত জনাই ভায়েকৰ বিঘিনি ঘটায়। পিচে, এদিন বৰফুকনে ৰাজ্যৰ হুলস্থূল আৰু ল'ৰা-ৰজাৰ অত্যাচাৰৰ কথা বৰফুকননীৰ আগত কওঁতে কথাৰ মাজতে ক'লে—“এই সময়ত গদাক পোৱা হলে, তেওঁক ৰজা পাতি ৰাজ্যৰ অশান্তি আঁতৰালোঁহেঁতেন। ” বৰফুকননীয়ে সুধিলে, “আপুনি গদাকোঁৱৰক পালে সঁচাকৈয়ে ৰজা পাতিবনে? মোৰ ভাইক আপুনি একো নকৰে বুলি, অঙ্গীকাৰ কৰক, মই গদাক আনি দিবলৈ গাত লওঁ। ” বৰফুকনে ক'লে—মই অঙ্গীকাৰ কৰিছোঁ, জগতত চন্দ্ৰ-সূৰ্য্য থাকে মানে কোঁৱৰৰ হিত বিনে অহিত নিচিন্তোঁ। ” বৰফুকননীয়ে এই আশ্বাসবাণী শুনি ততালিকে কোঁৱৰক উলিয়াই আনি বৰ- ফুকনৰ আগত থিয় কৰালেহি। গদাক পাই বৰফুকন পৰম আনন্দিত হ’ল। আৰু তেওঁক ৰজা পাতি ল'ৰা-ৰজাক সিংহাসন- চ্যুত কৰিবৰ মনেৰে সৈন্য-সামন্ত সংগ্ৰহ কৰি তেওঁ উজনিলৈ যাত্ৰা কৰিলে। ৰাজধানীৰ সম্ভ্ৰান্ত বিষয়াসকলে লৰা ৰজাক ৰজা ভাঙি তেওঁৰ ঠাইত গড়গাওঁ নগৰৰ বৰচৰাতে গদাকোঁৱৰক ১৬০৩ শঁকৰ চ'ত মাহত ৰজা পাতিলে।

 গদাকোঁৱৰ ৰজা হৈ কিছুমান দিন থকাত ল’ৰা-ৰজাই পুনৰ ৰাজপদ লভিবলৈ দ্ৰোহ আচৰিলে, আৰু কেইজনমান বিষয়াই ভগা- ৰজাক সহায়ো কৰিলে। ইয়াৰ সম্ভেদ পাই স্বৰ্গদেৱে ষড়যন্ত্ৰকাৰী

সকলক দণ্ড বিহিলে, আৰু ভৱিষৎ অশান্তিৰ বীজ মাৰিবৰ অৰ্থে

স—৭