সাহিত্য - সপ্তম ভাগ/সত্য

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

সত্য।

 সত্যই মানুহক শাস্তি দিয়ে, সাহ দিয়ে আৰু সমাজত আদৃত কৰে। সত্যপ্ৰিয় লোকৰ কথাত স্ফুৰ্ত্তি আৰু চকুত জ্যোতি প্ৰকাশ পায়।

 দ্বন্দ্ব-হাই, মেল-মোকৰ্দ্দমা, যুজ-বাগৰ আদিৰ মূলত অসত্য; জাতিৰ অধঃপতনৰ গুৰিও অসত্যই। জগতত যিমান অশান্তি ঘটিব ধৰিছে, সেইবোৰৰ মূল সত্য গোপনৰ বাহিৰে অন্য নহয়।

 সত্য লুকায় মানুহে ভয়ত। ছাত্ৰই শিক্ষকৰ শাস্তিলৈ ভয় কৰি মিছা কয়, সন্তানে পিতৃ-মাতৃৰ গালিলৈ ভয় কৰি সত্য নকয়, গাঁৱৰ মানুহে সমাজৰ দণ্ডলৈ ভয় কৰি মিছা কয়।

 কিছুমানে কয় “মিছা নকলে চলিব নোৱাৰি”; আচলতে কিন্তু এই কথাৰ একো অৰ্থ নাই। দোষ স্বীকাৰ কৰি শাস্তি গ্ৰহণ কৰি নিৰ্ভাব হৈ থকা ভাল, নে মিছা কৈ সদায় শঙ্কিত হৈ থকা ভাল? তুমি যেনেবা শিক্ষক, পিতা-মাতা বা সমাজৰ ওচৰত কিবা জগৰ কৰিলা, তাক তুমি সহজভাৱে স্বীকাৰ কৰিলেই দেখো তোমাৰ মন পাতল হৈ যায়; অৱশ্যে দোষ স্বীকাৰ কৰাত তোমাক গুৰুজনে শাস্তি দিব পাৰে, সমাজৰ ওচৰত তুমি ঘৃণা লাজ পাব পাৰা, নাইবা তোমাৰ অৰ্থ হানি হব পাৰে, কিন্তু তুমি যে তাৰ ফলত আগলৈ সাৱধান হবা,⸻তুমি বাধ্য হৈ নিৰ্দ্দোষ হবলৈ যে যত্ন কৰিবা? তোমাৰ [  ] ইচ্ছা ভাল হোৱাটো নে বেয়া হোৱাটো? মনে-চিত্তে যদি তুমি তোমাৰ মঙ্গল আকাঙক্ষা কৰা, তেন্তে দোষ স্বীকাৰ কৰি সাহ দেখুৱাবলৈ পৰাঙ্মুখ নহবা।

 অসাৱধানে কাম কৰাত আৰু কথা কোৱাত আমাৰ দোষ ঘটে; কিন্তু কেইবাৰ মান দোষ স্বীকাৰ কৰি দণ্ড গ্ৰহণ কৰিলেই কথাত আৰু কামত সাৱধান হবলৈ আমি বাধ্য হওঁ। ইয়াক কৰিবলৈ আমাক সাহ লাগে; আমি কেইদিনমান যদি শাস্তিলৈ ভয় নকৰি দোষ স্বীকাৰ কৰিবলৈ ধৰোঁ, তেন্তে মনলৈ কোনো ৰকমৰ ভয় আহিব নোৱাৰে-পৱিত্ৰতাৰ পথতো আমি ক্ৰমে আগ বাঢ়িবলৈ ধৰোঁ॥ ইয়াকে নকৰি অৰ্থ হানিৰ ভয়ত বা অপমানৰ ভয়ত যদি আমি সঁচা লুকাওঁ, তেন্তে দেখাত আমি ঐশ্বৰ্যশালী হব পাৰোঁ, সমাজৰ চকুত ভাল বোলাব পাৰোঁ আৰু প্ৰশংসাও পাব পাৰোঁ, কিন্তু আমাৰ অন্তৰ সদায় শঙ্কাযুক্ত আৰু অশান্তিৰ বাহ হব। ইয়াৰ উপৰি এটা মিছা ঢাকিবলৈ শ আষাৰ মিছা কথা জোৰা দিব লাগিব। এইদৰে মিছাত প্ৰবৰ্ত্তন কৰাৰ ফলত নিজৰ অন্তৰৰ ডাঙৰ ভাববোৰ লাহে লাহে আতৰি যাব। শাকনিত বন-পাত বেচি হলে শাকপুলি বাঢ়িব নোৱাৰে, অসত্যৰ পৰিমাণ বেচি হলেও হৃদয়ৰ কোমল ভাববোৰ হৃদয়তে লুকায়।

 অসত্যত চলা মানুহে সত্যত চলিবলৈ আগ বাঢ়োঁতে প্ৰথমতে তেওঁৰ বাহ্যিক ক্ষতি হব পাৰে, কিন্তু পাচলৈ অন্তৰ পৱিত্ৰ হোৱাৰ লগে লগে সংসাৰিক অৱস্থাও তেওঁৰ উন্নত হৈ উঠে। সত্যপ্ৰিয় [  ] লোক সমাজৰ আদৰ্শ, জগতৰ আদৰ্শ; যি সমাজত সত্যৰ আদৰ বেচি সেই সমাজৰেই উন্নতি। সত্যাগ্ৰহৰ ফলতেই ভাৰতে এদিন উন্নতিৰ শীৰ্ষস্থান লাভ কৰিছিল; কিন্তু যেতিয়াৰ পৰা ইয়াত সত্যৰ প্ৰতি শ্ৰদ্ধা কমিব ধৰিলে, তেতিয়াৰ পৰাই অধঃপতনৰো আৰম্ভ হল।

 সভ্য জগতত “তুমি মিছা কৈছা” এই আষাৰ প্ৰধান গালি। এনে গালিৰ ফলত পৰস্পৰৰ ভিতৰত দ্বন্দ্বযুদ্ধ, মেল-মোকৰ্দ্দমা পৰ্য্যন্ত হয়; কিন্তু আজি আমাৰ ভাৰতৰ ঘৰে ঘৰে উন্নত অনুন্নত সকলো শ্ৰেণীৰ ভিতৰত এই নিচিনা হাজাৰ হাজাৰ গালি চলিছে, তালৈ আমাৰ ভ্ৰূক্ষেপ নাই—এইবোৰ আমি চলিত কথা বুলিহে ধৰো। আজি কিমান বিদেশীয়ে আহি আমাৰ মুখৰ আগতে “মিছলীয়া” বুলি গালি পাৰিছে, আমাৰ চৈতন্য হোৱা নাই। মিছা, ফাঁকি-প্ৰবঞ্চনাৰ জনক; ইয়াকে বুজি উন্নত বিদেশীয়ে আমাৰ সঙ্গ নলয়, কোনো কোনো সময়ত খোলা-খুলিকৈ ঘৃণাও প্ৰকাশ কৰে, আমি কিন্তু তাক বিনা আপত্তিতে সহ্য কৰিব লগাত পৰিছোঁ।

 আমাৰ কিছুমানে ধেমালিত মিছা কয়; তেওঁলোকে ভাবে- যি মিছাত নিজৰ বা আনৰ অনিষ্ট নহয়, সেই মিছাত দোষ নাই। কিন্তু এই ‘মিছা’ও মিছা; ই দেখাত একো অপকাৰ নকৰিলেও কওঁতাৰ এটা কু-অভ্যাস সৃষ্টি কৰে; আৰু এই অভ্যাসৰ ফলত পাচলৈ মানুহৰ মিছাৰ প্ৰতি ঘৃণা কমি যায়—মিছাকথা জিভাত নবজা হয়।

[ ১০ ]  কিছুমানে মিছাক শাসনৰ যন্ত্ৰৰূপেও কোনো কোনো সময়ত ব্যৱহাৰ কৰা দেখা যায়। তেওঁলোকে কয়—দেশ শাসন কৰা, সমাজ শাসন কৰা বা কোনো কাম চলোৱাত সঁচা কলে সকলো সময়তে সুবিধা নঘটে; তেনে স্থলত সঁচা নোকোৱাই শাসনৰ নীতি। আচলতে কিন্তু এই নীতি অলঙ্কাৰ পিন্ধোৱা এটা মিছাহে। “মিছা কথাৰ ঠেং চুটি”; পিতলক সোণ বুলি কিমান দিন চলাবা? তোমাৰ ঘূৰাই-পকাই কোৱা মিছাই পোনতে নীতি বুলি দেখা দিব পাৰে, আৰু তাৰ ফলত তুমি উপস্থিত জুলুমৰ হাত সাৰিব পাৰা, কিন্তু পাচত তাৰ অস্থায়ী অলঙ্কাৰ খহি পৰিব, তেতিয়া ই মিছাতকৈও তোমাক সমাজত হীন কৰিব।

 কুইনাইনে চেনিৰ গুণ লব নোৱাৰাৰ দৰে মিছাই মানুহক কোনো অবস্থাতে তৃপ্তি দিব নোৱাৰে। চেনিৰ আৱৰণ দিয়া কুইনাইনৰ বড়ী মুখত দিয়াত পোনতে মিঠা লাগে সঁচা, কিন্তু পৰক্ষণতেই কুইনাইনৰ তিতা গুণ জিভাই ধৰিব পাৰে। এতেকে কোনো অৱস্থাতে মিছাক আশ্ৰয় লোৱা অযুগুত।