সাহিত্য - সপ্তম ভাগ/ভাৰতজননী

ৱিকিউৎসৰ পৰা
[ ১১ ]
 

ভাৰতজননী।

হিমালয় অঞ্চলত প্ৰকৃতি কানন,—
আছে শোভি ফলে-ফুলে নানা তৰহৰ,
সদায় বলিছে তাত কোমল বতাহ,
আছে য’ত সুখ-স্থান ইহ জগতৰ।
ইথানত আছে বহি ভাৰতজননী,—
দুয়োটি সন্তানে যাৰ শোভিছে কোলাত,
দুহাতে ধৰিছে তেওঁ দুইকো সাৱটি
লভিছে সন্তোষ আজি যাৰ যশস্যাত।
কৰিছে চেনেহ তেওঁ দুয়োকো সাদৰে,
ওচৰ চপাই ধৰি বুকৰ কোষত,
লাহে লাহে দুয়োটিক বুলিছে বচন,
সাদৰি বুজনি মেলি, অপাৰ সুখত।
“শুনা আজি বোপাহঁত, শুনা কাণ পাতি,–
নকৰিবা বিসম্বাদ দুয়োটি সমান,
উমলিবা একেলগে, গাবা একে সুৰে,
নাচিবা দুয়োটি মিলি ধৰি একে তান।

[ ১২ ]

“পাহৰাঁ এতিয়া আৰু বেলেগ স্বভাৱ,
সহোদৰৰূপে দুয়ো হোৱাঁ পৰিচিত,
ধৰাঁ ধৰাঁ দুয়োটিয়ে দুয়োকো সাৱটি,
একেলগ হই সাধাঁ আপোনাৰ হিত॥”