পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সাহিত্য


 কিছুমানে মিছাক শাসনৰ যন্ত্ৰৰূপেও কোনো কোনো সময়ত ব্যৱহাৰ কৰা দেখা যায়। তেওঁলোকে কয়—দেশ শাসন কৰা, সমাজ শাসন কৰা বা কোনো কাম চলোৱাত সঁচা কলে সকলো সময়তে সুবিধা নঘটে; তেনে স্থলত সঁচা নোকোৱাই শাসনৰ নীতি। আচলতে কিন্তু এই নীতি অলঙ্কাৰ পিন্ধোৱা এটা মিছাহে। “মিছা কথাৰ ঠেং চুটি”; পিতলক সোণ বুলি কিমান দিন চলাবা? তোমাৰ ঘূৰাই-পকাই কোৱা মিছাই পোনতে নীতি বুলি দেখা দিব পাৰে, আৰু তাৰ ফলত তুমি উপস্থিত জুলুমৰ হাত সাৰিব পাৰা, কিন্তু পাচত তাৰ অস্থায়ী অলঙ্কাৰ খহি পৰিব, তেতিয়া ই মিছাতকৈও তোমাক সমাজত হীন কৰিব।

 কুইনাইনে চেনিৰ গুণ লব নোৱাৰাৰ দৰে মিছাই মানুহক কোনো অবস্থাতে তৃপ্তি দিব নোৱাৰে। চেনিৰ আৱৰণ দিয়া কুইনাইনৰ বড়ী মুখত দিয়াত পোনতে মিঠা লাগে সঁচা, কিন্তু পৰক্ষণতেই কুইনাইনৰ তিতা গুণ জিভাই ধৰিব পাৰে। এতেকে কোনো অৱস্থাতে মিছাক আশ্ৰয় লোৱা অযুগুত।