ইচ্ছা ভাল হোৱাটো নে বেয়া হোৱাটো? মনে-চিত্তে যদি তুমি তোমাৰ মঙ্গল আকাঙক্ষা কৰা, তেন্তে দোষ স্বীকাৰ কৰি সাহ দেখুৱাবলৈ পৰাঙ্মুখ নহবা।
অসাৱধানে কাম কৰাত আৰু কথা কোৱাত আমাৰ দোষ ঘটে; কিন্তু কেইবাৰ মান দোষ স্বীকাৰ কৰি দণ্ড গ্ৰহণ কৰিলেই কথাত আৰু কামত সাৱধান হবলৈ আমি বাধ্য হওঁ। ইয়াক কৰিবলৈ আমাক সাহ লাগে; আমি কেইদিনমান যদি শাস্তিলৈ ভয় নকৰি দোষ স্বীকাৰ কৰিবলৈ ধৰোঁ, তেন্তে মনলৈ কোনো ৰকমৰ ভয় আহিব নোৱাৰে-পৱিত্ৰতাৰ পথতো আমি ক্ৰমে আগ বাঢ়িবলৈ ধৰোঁ॥ ইয়াকে নকৰি অৰ্থ হানিৰ ভয়ত বা অপমানৰ ভয়ত যদি আমি সঁচা লুকাওঁ, তেন্তে দেখাত আমি ঐশ্বৰ্যশালী হব পাৰোঁ, সমাজৰ চকুত ভাল বোলাব পাৰোঁ আৰু প্ৰশংসাও পাব পাৰোঁ, কিন্তু আমাৰ অন্তৰ সদায় শঙ্কাযুক্ত আৰু অশান্তিৰ বাহ হব। ইয়াৰ উপৰি এটা মিছা ঢাকিবলৈ শ আষাৰ মিছা কথা জোৰা দিব লাগিব। এইদৰে মিছাত প্ৰবৰ্ত্তন কৰাৰ ফলত নিজৰ অন্তৰৰ ডাঙৰ ভাববোৰ লাহে লাহে আতৰি যাব। শাকনিত বন-পাত বেচি হলে শাকপুলি বাঢ়িব নোৱাৰে, অসত্যৰ পৰিমাণ বেচি হলেও হৃদয়ৰ কোমল ভাববোৰ হৃদয়তে লুকায়।
অসত্যত চলা মানুহে সত্যত চলিবলৈ আগ বাঢ়োঁতে প্ৰথমতে তেওঁৰ বাহ্যিক ক্ষতি হব পাৰে, কিন্তু পাচলৈ অন্তৰ পৱিত্ৰ হোৱাৰ লগে লগে সংসাৰিক অৱস্থাও তেওঁৰ উন্নত হৈ উঠে। সত্যপ্ৰিয়