সত্য।
সত্যই মানুহক শাস্তি দিয়ে, সাহ দিয়ে আৰু সমাজত আদৃত কৰে। সত্যপ্ৰিয় লোকৰ কথাত স্ফুৰ্ত্তি আৰু চকুত জ্যোতি প্ৰকাশ পায়।
দ্বন্দ্ব-হাই, মেল-মোকৰ্দ্দমা, যুজ-বাগৰ আদিৰ মূলত অসত্য; জাতিৰ অধঃপতনৰ গুৰিও অসত্যই। জগতত যিমান অশান্তি ঘটিব ধৰিছে, সেইবোৰৰ মূল সত্য গোপনৰ বাহিৰে অন্য নহয়।
সত্য লুকায় মানুহে ভয়ত। ছাত্ৰই শিক্ষকৰ শাস্তিলৈ ভয় কৰি মিছা কয়, সন্তানে পিতৃ-মাতৃৰ গালিলৈ ভয় কৰি সত্য নকয়, গাঁৱৰ মানুহে সমাজৰ দণ্ডলৈ ভয় কৰি মিছা কয়।
কিছুমানে কয় “মিছা নকলে চলিব নোৱাৰি”; আচলতে কিন্তু এই কথাৰ একো অৰ্থ নাই। দোষ স্বীকাৰ কৰি শাস্তি গ্ৰহণ কৰি নিৰ্ভাব হৈ থকা ভাল, নে মিছা কৈ সদায় শঙ্কিত হৈ থকা ভাল? তুমি যেনেবা শিক্ষক, পিতা-মাতা বা সমাজৰ ওচৰত কিবা জগৰ কৰিলা, তাক তুমি সহজভাৱে স্বীকাৰ কৰিলেই দেখো তোমাৰ মন পাতল হৈ যায়; অৱশ্যে দোষ স্বীকাৰ কৰাত তোমাক গুৰুজনে শাস্তি দিব পাৰে, সমাজৰ ওচৰত তুমি ঘৃণা লাজ পাব পাৰা, নাইবা তোমাৰ অৰ্থ হানি হব পাৰে, কিন্তু তুমি যে তাৰ ফলত আগলৈ সাৱধান হবা,⸻তুমি বাধ্য হৈ নিৰ্দ্দোষ হবলৈ যে যত্ন কৰিবা? তোমাৰ