লোক সমাজৰ আদৰ্শ, জগতৰ আদৰ্শ; যি সমাজত সত্যৰ আদৰ বেচি সেই সমাজৰেই উন্নতি। সত্যাগ্ৰহৰ ফলতেই ভাৰতে এদিন উন্নতিৰ শীৰ্ষস্থান লাভ কৰিছিল; কিন্তু যেতিয়াৰ পৰা ইয়াত সত্যৰ প্ৰতি শ্ৰদ্ধা কমিব ধৰিলে, তেতিয়াৰ পৰাই অধঃপতনৰো আৰম্ভ হল।
সভ্য জগতত “তুমি মিছা কৈছা” এই আষাৰ প্ৰধান গালি। এনে গালিৰ ফলত পৰস্পৰৰ ভিতৰত দ্বন্দ্বযুদ্ধ, মেল-মোকৰ্দ্দমা পৰ্য্যন্ত হয়; কিন্তু আজি আমাৰ ভাৰতৰ ঘৰে ঘৰে উন্নত অনুন্নত সকলো শ্ৰেণীৰ ভিতৰত এই নিচিনা হাজাৰ হাজাৰ গালি চলিছে, তালৈ আমাৰ ভ্ৰূক্ষেপ নাই—এইবোৰ আমি চলিত কথা বুলিহে ধৰো। আজি কিমান বিদেশীয়ে আহি আমাৰ মুখৰ আগতে “মিছলীয়া” বুলি গালি পাৰিছে, আমাৰ চৈতন্য হোৱা নাই। মিছা, ফাঁকি-প্ৰবঞ্চনাৰ জনক; ইয়াকে বুজি উন্নত বিদেশীয়ে আমাৰ সঙ্গ নলয়, কোনো কোনো সময়ত খোলা-খুলিকৈ ঘৃণাও প্ৰকাশ কৰে, আমি কিন্তু তাক বিনা আপত্তিতে সহ্য কৰিব লগাত পৰিছোঁ।
আমাৰ কিছুমানে ধেমালিত মিছা কয়; তেওঁলোকে ভাবে- যি মিছাত নিজৰ বা আনৰ অনিষ্ট নহয়, সেই মিছাত দোষ নাই। কিন্তু এই ‘মিছা’ও মিছা; ই দেখাত একো অপকাৰ নকৰিলেও কওঁতাৰ এটা কু-অভ্যাস সৃষ্টি কৰে; আৰু এই অভ্যাসৰ ফলত পাচলৈ মানুহৰ মিছাৰ প্ৰতি ঘৃণা কমি যায়—মিছাকথা জিভাত নবজা হয়।