সমললৈ যাওক

সাহিত্য - সপ্তম ভাগ/শামুক আৰু শঙ্খ

ৱিকিউৎসৰ পৰা
[ ৭৭ ]

শামুক আৰু শঙ্খ।

 শামুক, শঙ্খ আৰু কড়ি আদিক কোমলকায় প্ৰাণী বোলে। অন্যান্য প্ৰাণীৰদৰে ইহঁতৰ হাড়, ভৰি, ডেউকা আদি নাই। ইহঁতৰ শৰীৰ কোমল মাংসপিণ্ড। এই শ্ৰেণীৰ প্ৰাণীৰ শৰীৰৰ ওপৰত টান খোলা থাকে।

 আমাৰ দেশত সচৰাচৰ পাঁচবিধ শামুক চকুত পৰে। এবিধ শামুক তিনিফালে ঘোৰখোৱা, এফালে সমান। সমান ফালে তাৰ জিভা থাকে। এই জাতি শামুক ডাঙৰ; ইয়াক কিছুমান ঠাইত লাইশামুক বোলে। এবিধ দুচটীয়া ঘোৰখোৱা দীঘল শামুক আছে; ইহঁতৰ দুফালৰ খোল দুচটা এখন ছালেৰে সংযুক্ত থাকে। খোলাৰ কাণটো বৃত্তাভাসতকৈও দীঘলীয়া। এইজাতি শামুকক কিছুমান ঠাইত জনে শামুক বোলে। জনে শামুকো ডাঙৰ। এই শামুকৰ খোলাত আমাৰ কিছুমান গাৱঁলীয়া হিন্দু তিৰোতাই সিন্দূৰ গোলে। এবিধ শামুক আছে সেইবোৰ ‘স্ক্ৰু’ গজালৰদৰে পকীয়াপকি; ইয়াকে কিছুমানে শঙ্খশামুকো বোলে। লাইশামুকৰদৰে ইহঁতৰো জিভা থকা ফাল সমান। আৰু এবিধ শামুক আছে সি কধাৰিপকোৱা খোলাৰ ভিতৰত থাকে, আৰু আৱশ্যকমতে খোলাৰপৰা তাৰ শৰীৰ বাজলৈ উলিয়ায়। সি গতি কৰিলে তাৰ শৰীৰৰ বেচি অংশ বাজলৈ ওলায়, আৰু শৰীৰৰ সেই অংশৰে সি চলে, তাৰ গাৰ খোলাটো লগতে লাগি যায়; কেতিয়াবা সি কিবা কাৰণত [ ৭৮ ] যাওঁতে বাধা পালেই সি তাৰ শৰীৰৰ সমস্ত মাংসখণ্ড খোলাৰ ভিতৰত সুমুৱাই মাটিত পৰি থাকে। তাক তেনে অৱস্থাত দেখিলে জীৱ থকা যেন বোধ নহয়। ইয়াৰ যি মাংসখণ্ড বাজলৈ ওলায়, সেই অংশ কুমজেলুকাৰ লগত কিছু মিলে; সেই কাৰণে ইয়াক কুমজেলুকাশামুক নাম দিব পাৰি। এইবিধ শামুক বামত থাকে; আৰু ইহঁতে গছৰ পাত খায়। ইহঁত পানীত পৰিলে জীয়াই নাথাকে। আৰু এজাতি শামুক আছে, সিহঁত নিচেই সৰু সৰু, আৰু খোলাও ঢিলা; আঙ্গুলিৰে পিটিকি ভাঙিব পাৰি। এইজাতি শামুক উভচৰ, ইহঁতক সচৰাচৰ কম পানীথকা হোলা, ধাননি পথাৰ আদিত বেচিকৈ দেখা যায়। ইহঁতে খোলাত বায়ু ভৰাই লয় আৰু পানীত ভাহি থাকে।

 শামুকৰ খোল ভাঙিলে সিহঁতৰ শৰীৰটো ওলাই পৰে। ইয়াৰ শৰীৰৰ ওপৰত এখন পাতল ছাল থাকে; এই ছালেৰে সিহঁতৰ সমস্ত অঙ্গ ঢাকি ৰাখে। শামুক মাছৰদৰে সৰু সৰু হৈ থাকোতে, ইহঁতৰ গাৰ খোলাটো বৰ পাতল হৈ থাকে, আঙ্গুলিৰে টিপা মাৰিলেই ভাগি যায়। শামুকবোৰ ডাঙৰ হোৱাৰ লগে লগে তাৰ ছালো ডাঙৰ হয়, আৰু সি শামুকৰ জিভাৰ কাষেদি দেখা দিয়ে। পৃথিবীৰ মাটিত চূণ আছে; নদী বিল, পুখুৰী আদিৰ পানীতো কম-বেছি পৰিমাণে চূণ মিহলি থাকে। শামুকৰ গাত থকা ছালে পানীত থকা চূণ টানি লয় আৰু খোলা বঢ়ায়। শামুক খোলা পুৰিলে এই কাৰণেই আমি চুণ পাওঁ। [ ৭৯ ]  এটা কাঁচৰ পাত্ৰত লাইশামুক এটা থৈ তাৰ গতিবিধি লক্ষ্য কৰিব পাৰি। ইয়াৰ মূৰৰ ওপৰত শিঙৰদৰে দুডাল শুড় থাকে; আৰু তাৰ পাচৰফালে আৰু দুডাল শুড়ৰ মূৰত দুটা চকু থাকে। ইহঁতৰ দেহৰ তলফালে থকা এখণ্ড মঙহেই ভৰিৰ কাম কৰে। ইহঁতৰ বেলেগ ভৰি নাই; এই মঙহেৰেই ইহঁত চুচৰি যায়। আৱশ্যক মতে ই তাৰ সেই অঙ্গ ভিতৰত সুমুৱাই লয়; ইয়াক আমি জিভা বোলোঁ। জিভাৰ ওপৰফালে এচটা সমান পাতল খোলা থাকে; জিভা ভিতৰলৈ সুমালেই এই খোলাই ঢাকনিৰ কাম কৰে।

 শামুকৰ মূৰৰ তলত এখন মুখো আছে; এই মুখত কিছুমান দাঁত থাকে, দাঁতবোৰ আমাৰ দাঁতৰদৰে টান নহয়। ই পানীত থকা শেলাই আদি খায়। ইয়াৰ দাতবোৰ সোনকালে ক্ষয় হয়; কিন্তু তাৰ পাচতেই আৰু কেইটামান নতুন দাঁত গজি উঠে।

 শঙ্খ আৰু কড়ি সমুদ্ৰত থাকে; ইহঁত শামুকৰে ককাইভাই। শঙ্খৰ আকৃতি শামুকৰদৰে নহয়; মাজফালে পাক লৈ নলীৰদৰে

শঙ্খ

হয়, আৰু আগটো নেজৰফালে সৰু হৈ যায়। কড়ি কিন্তু শঙ্খৰ নিচিনা নেজৰদৰে সৰু নহয়। শঙ্খ আৰু কড়ি এফালে [ ৮০ ] অলপ কটাৰদৰে। শামুকৰ নিচিনা ইয়াৰ ভিতৰতো এখন ছাল থাকে; এই ছালখন কটা অংশেৰে বাজলৈ ওলায়। শঙ্খ আৰু কড়িয়ে এই ছালৰ সহায়েৰে দেহৰ ভিতৰলৈ পানী টানি নিয়ে।

 শামুকে পানীৰ শেলাই, পচা বনপাত খায়; কিন্তু শঙ্খে কেৱল মঙহহে খায়। শঙ্খ ধুনীয়া, দেখিলেই লবলৈ মন যায়; কিন্তু যেতিয়া ইহঁত পানীত থাকে, তেতিয়া ইহঁতৰ অত্যাচাৰত সৰু সৰু জলচৰ প্ৰাণীবোৰ ভয়ত অস্থিৰ হয়। শঙ্খৰ মুখত কাঠমিস্ত্ৰিৰ আগৰৰ দৰে এডাল শুড থাকে; শুড়ডালৰ আগত কিছুমান চোকা দাঁত থাকে। ই যেতিয়া খোলা-থকা শামুক আদি কোনো জন্তু পায়, ততালিকে তাৰ শুড় সেই সেই প্ৰাণীৰ খোলাত সুমাই দিয়ে, আৰু তৎক্ষণাৎ বিন্ধা কৰি পেলায়। শঙ্খই এইদৰে সমুদ্ৰ খোলা-থকা প্ৰাণীৰ মঙহ খাই জীৱন ধাৰণ কৰে। সমুদ্ৰ বিন্ধা থকা কিছুমান শিল দেখা যায়; বহুতে অনুমান কৰে, এই বিন্ধাবোৰ শঙ্খই তৈয়াৰ কৰা। শিলগুটিবোৰক শঙ্খই কিবা প্ৰাণী ভাবি খাবলৈ তাৰ শুড় সুমাই দিয়ে, তাৰ ফলতেই এই বিন্ধাবোৰ হয়।

 শামুক আৰু শঙ্খৰো স্ত্ৰী-পুৰুষ ভেদ আছে। স্ত্ৰী শামুক- শঙ্খে কণী পাৰে। কিছুমানে নিৰাপদ ঠাইত কণী পাৰি গুচি যায়, কিছুমানৰ আকৌ দেহৰ ভিতৰতে কণী থাকে, আৰু তাৰপৰা কণী ফুটি পোৱালী জন্মে।

⸻⸻