পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
সাহিত্য


যাওঁতে বাধা পালেই সি তাৰ শৰীৰৰ সমস্ত মাংসখণ্ড খোলাৰ ভিতৰত সুমুৱাই মাটিত পৰি থাকে। তাক তেনে অৱস্থাত দেখিলে জীৱ থকা যেন বোধ নহয়। ইয়াৰ যি মাংসখণ্ড বাজলৈ ওলায়, সেই অংশ কুমজেলুকাৰ লগত কিছু মিলে; সেই কাৰণে ইয়াক কুমজেলুকাশামুক নাম দিব পাৰি। এইবিধ শামুক বামত থাকে; আৰু ইহঁতে গছৰ পাত খায়। ইহঁত পানীত পৰিলে জীয়াই নাথাকে। আৰু এজাতি শামুক আছে, সিহঁত নিচেই সৰু সৰু, আৰু খোলাও ঢিলা; আঙ্গুলিৰে পিটিকি ভাঙিব পাৰি। এইজাতি শামুক উভচৰ, ইহঁতক সচৰাচৰ কম পানীথকা হোলা, ধাননি পথাৰ আদিত বেচিকৈ দেখা যায়। ইহঁতে খোলাত বায়ু ভৰাই লয় আৰু পানীত ভাহি থাকে।

 শামুকৰ খোল ভাঙিলে সিহঁতৰ শৰীৰটো ওলাই পৰে। ইয়াৰ শৰীৰৰ ওপৰত এখন পাতল ছাল থাকে; এই ছালেৰে সিহঁতৰ সমস্ত অঙ্গ ঢাকি ৰাখে। শামুক মাছৰদৰে সৰু সৰু হৈ থাকোতে, ইহঁতৰ গাৰ খোলাটো বৰ পাতল হৈ থাকে, আঙ্গুলিৰে টিপা মাৰিলেই ভাগি যায়। শামুকবোৰ ডাঙৰ হোৱাৰ লগে লগে তাৰ ছালো ডাঙৰ হয়, আৰু সি শামুকৰ জিভাৰ কাষেদি দেখা দিয়ে। পৃথিবীৰ মাটিত চূণ আছে; নদী বিল, পুখুৰী আদিৰ পানীতো কম-বেছি পৰিমাণে চূণ মিহলি থাকে। শামুকৰ গাত থকা ছালে পানীত থকা চূণ টানি লয় আৰু খোলা বঢ়ায়। শামুক খোলা পুৰিলে এই কাৰণেই আমি চুণ পাওঁ।