পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৮৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
সাহিত্য


অলপ কটাৰদৰে। শামুকৰ নিচিনা ইয়াৰ ভিতৰতো এখন ছাল থাকে; এই ছালখন কটা অংশেৰে বাজলৈ ওলায়। শঙ্খ আৰু কড়িয়ে এই ছালৰ সহায়েৰে দেহৰ ভিতৰলৈ পানী টানি নিয়ে।

 শামুকে পানীৰ শেলাই, পচা বনপাত খায়; কিন্তু শঙ্খে কেৱল মঙহহে খায়। শঙ্খ ধুনীয়া, দেখিলেই লবলৈ মন যায়; কিন্তু যেতিয়া ইহঁত পানীত থাকে, তেতিয়া ইহঁতৰ অত্যাচাৰত সৰু সৰু জলচৰ প্ৰাণীবোৰ ভয়ত অস্থিৰ হয়। শঙ্খৰ মুখত কাঠমিস্ত্ৰিৰ আগৰৰ দৰে এডাল শুড থাকে; শুড়ডালৰ আগত কিছুমান চোকা দাঁত থাকে। ই যেতিয়া খোলা-থকা শামুক আদি কোনো জন্তু পায়, ততালিকে তাৰ শুড় সেই সেই প্ৰাণীৰ খোলাত সুমাই দিয়ে, আৰু তৎক্ষণাৎ বিন্ধা কৰি পেলায়। শঙ্খই এইদৰে সমুদ্ৰ খোলা-থকা প্ৰাণীৰ মঙহ খাই জীৱন ধাৰণ কৰে। সমুদ্ৰ বিন্ধা থকা কিছুমান শিল দেখা যায়; বহুতে অনুমান কৰে, এই বিন্ধাবোৰ শঙ্খই তৈয়াৰ কৰা। শিলগুটিবোৰক শঙ্খই কিবা প্ৰাণী ভাবি খাবলৈ তাৰ শুড় সুমাই দিয়ে, তাৰ ফলতেই এই বিন্ধাবোৰ হয়।

 শামুক আৰু শঙ্খৰো স্ত্ৰী-পুৰুষ ভেদ আছে। স্ত্ৰী শামুক- শঙ্খে কণী পাৰে। কিছুমানে নিৰাপদ ঠাইত কণী পাৰি গুচি যায়, কিছুমানৰ আকৌ দেহৰ ভিতৰতে কণী থাকে, আৰু তাৰপৰা কণী ফুটি পোৱালী জন্মে।

⸻⸻