সাহিত্য - সপ্তম ভাগ/ধূমকেতু বা নেজাল তৰা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ৮১ ]

ধূমকেতু বা নেজাল তৰা।

 মানুহৰ ভিতৰত যি উপদ্ৰৱকাৰী সি ধূমকেতুৰ উপমাস্থল বুলি নিন্দিত হয়। আকাশত ধূমকেতু দেখা দিলেও ৰাষ্ট্ৰবিপ্লৱ, দুৰ্ভিক্ষ আদিৰ আশঙ্কাত মানুহ অস্থিৰ হয়। ইয়াৰ আকৃতি- প্ৰকৃতিয়েই মানুহৰ এনে কুসংস্কাৰৰ মূল যেন লাগে।

 সৌৰজগতৰ সূৰ্য্য আৰু গ্ৰহ-উপগ্ৰহ প্ৰায় সকলোবোৰেই গোলাকাৰ; কেৱল শনিৰ বলয়টো অদ্ভুত ধৰণৰ। ধূমকেতুৰ আকৃতি কিন্তু বিকট আৰু বিশাল; তদুপৰি এই আকৃতিও পৰিবৰ্ত্তনশীল, আৰু ইয়াৰ বেচি ভাগৰ গতিৰো শৃঙ্খলা ধৰিবপৰা নাযায়। ই হঠাৎ এদিন আকাশত দেখা দিয়ে; তাৰ পাচত তাৰ কলেবৰ ক্ৰমে বাঢ়িব ধৰে, আৰু অকস্মাৎ সি এদিন অদৃশ্য হৈ যায়। ইয়াৰ আকৃতি ভয়-লগা, তাক পোনতে দেখিলে চকু থৰ লাগে।

 কোনো একোটা ধূমকেতু আকৌ প্ৰায় এবছৰলৈ আকাশত দেখা দি থাকে। গ্ৰহবিলাকে যিদৰে নিৰ্দ্দিষ্ট দিনৰ ভিতৰত সূৰ্য্যক প্ৰদক্ষিণ কৰে, কিছুমান ধূমকেতুৱেও সেইদৰে নিৰ্দ্দিষ্ট সময়ৰ মূৰত আকাশত ওলায়। বেচি ভাগ ধূমকেতু কিন্তু এবাৰ দেখা দিয়েই চিৰকালৰ বাবে অদৃশ্য হয়।

 সকলে গ্ৰহ পশ্চিমৰপৰা পূবলৈ গতি কৰে; কিছুমান ধূমকেতু কিন্তু পূবৰপৰা পশ্চিমলৈ চলে, কিছুমানেহে গ্ৰহৰ দৰে [ ৮২ ] পশ্চিমৰপৰা পূবলৈ গতি কৰে। গ্ৰহবোৰৰ কক্ষ বৃত্তাভাস; যিবোৰ ধূমকেতু নিৰূপিত সময়ত দেখা দি থাকে, সেইবোৰৰ গতিপথো বৃত্তাভাস; কিন্তু যিবোৰ ধূমকেতু এবাৰ দেখা দি চিৰকাললৈ বিদায় লয়, সেইবোৰৰ গতিপথ ক্ষেপণীবৃত্ত। যিবোৰ ধূমকেতুৱে সূৰ্য্যক কেন্দ্ৰ কৰি বৃত্তাভাস-পথত পৰিভ্ৰমণ কৰে, সেইবোৰেই নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে আকাশত ওলায়; আৰু যিবোৰ ধূমকেতু ক্ষেপণীবৃত্ত-পথত গতি কৰে, সেইবোৰৰেই প্ৰত্যাবৰ্ত্তন নাই।

 ধূমকেতুৰ দেহ বৰ বিচিত্ৰ। ইয়াৰ মূৰ সাপৰ ফণাৰ দৰে। অলপ বেঁকা। মূৰৰ আগভাগৰ কিছু ঠাই নক্ষত্ৰৰ দৰে উজ্জ্বল, ইয়াক গৰ্ভ বুলিব পাৰি। গৰ্ভক আগুৰি উজ্জ্বল বাষ্পবোৰ বেঁকা ভাবে থাকে। এইটোৱেই ধূমকেতুৰ আচল ভাগ, বাকী অংশক নেজ বোলা যায়।

 ধূমকেতুৰ গৰ্ভৰ ব্যাস পাঁচ শ মাইলৰপৰা পাঁচ হাজাৰ মাইললৈ; ইয়াৰ গৰ্ভক আগুৰিথকা বাষ্পবোৰৰ ব্যাস কুৰি হাজাৰৰপৰা ছয় লাখ মাইল। ধূমকেতুৰ মূৰৰপৰা নেজ ওলায়। এই নেজক বাঢ়নীৰ লগত তুলনা কৰিব পাৰি। ধূমকেতুৰ এই নেজ দেখিয়েই আমাৰ মানুহে তাক নেজাল তৰা বোলে। ইয়াৰ এই নেজ কেতিয়াবা বৰ দীঘল হয়, কেতিয়াবা আকৌ নাইকিয়া হয়। ধূমকেতুৰ আঁকাৰৰ কোনো ঠিক নাই; কেতিয়াবা তাৰ আঁকাৰ ডাঙৰ হয়, উজ্জ্বলতাও বাঢ়ে। কোনো সময়ত আকৌ সি আকাৰত সৰু হৈ নিষ্প্ৰভ [ ৮৩ ] হয়। ই ইমান পৰিবৰ্ত্তনশীল, যে ইয়াৰ পৰিমাণ ঠিক কৰা কঠিন; এদিন এটা ধূমকেতু চাই কেই দিনমান পাচত তাক চালে আগৰটো বুলি ধৰিব নোৱাৰি।

 ধূমকেতু আকাশ পোনতে ওলাওঁতে তাৰ নেজ নাথাকে; তেতিয়া তাক এটা উজ্জ্বল তৰা যেন হে দেখা যায়; কিন্তু ই যিমানে সূৰ্য্যৰ ওচৰ চাপে তাৰ নেজ সিমানে বাঢ়িবলৈ ধৰে।

 ধূমকেতু বাষ্পীয় পদাৰ্থেৰে গঠিত, কিন্তু মূৰৰ প্ৰধান অংশত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ কঠিন পদাৰ্থ আছে।

 ধূমকেতু যেতিয়া নিজ পথত থাকি ভ্ৰমণ কৰে, তেতিয়া সূৰ্য্য আৰু ধূমকেতু উভয়ে পৰস্পৰক আকৰ্ষণ কৰে। ধূমকেতু সূৰ্য্যৰ ওচৰ চাপিলে তাৰ গৰ্ভ বেচি উজ্জ্বল হয় আৰু তেতিয়া ধূমকেতুৰ ভিতৰত-থকা বাষ্পীয় পদাৰ্থ অগ্নিকণাৰ দৰে উৎক্ষিপ্ত হয়; এইয়ে ধূমকেতুৰ নেজ। ধূমকেতু যিমানেই সূৰ্য্যৰ কাষ চাপে সিমানেই বেচিকৈ এই বাষ্পীয় জ্বলন্ত পদাৰ্থ গৰ্ভৰপৰা বৰ বেগে উদগীৰ্ণ হয়, আৰু নেজো সূৰ্য্যৰ বিপৰীত ফালে ক্ৰমে বাঢ়িবলৈ ধৰে। পাচত ধূমকেতুৱে আপোন পথত ভ্ৰমণ কৰোঁতে কৰোঁতে সি সূৰ্য্যৰপৰা যিমানে আঁতৰে তাৰ নেজো ক্ৰমে সিমানে চুটি হৈ যায়।

 কিছুমান ধূমকেতু সৌৰজগততে থাকে; ইহঁতে সূৰ্য্যৰ আকৰ্ষণ অতিক্ৰম কৰিব নোৱাৰি গ্ৰহবোৰৰ দৰে নিৰ্দ্দিষ্ট পথত নিয়মিত সময়ত সূৰ্য্যক প্ৰদক্ষিণ কৰে। এইবোৰৰ কোনোটোৱে দুবছৰ, কোনোটোৱে তিনি বছৰ, কোনোটোৱে আকৌ পঁয়সত্তৰ, [ ৮৪ ]

ছয়সত্তৰ বছৰত সূৰ্য্যক প্ৰদক্ষিণ কৰে। আকৌ এনে ধূমকেতুও আছে, যি সূৰ্য্যক প্ৰদক্ষিণ কৰিবলৈ দুই তিনি হাজাৰ বছৰতকৈও বেচি সময় লয়।

 আন শ্ৰেণীৰ ধূমকেতু সৌৰজগতৰ প্ৰজা নহয়; ইবিলাক ক’ৰপৰা আহে ক'লৈ যায় এতিয়ালৈ কেৱে ঠিক কৰিব পৰা নাই। এই শ্ৰেণীৰ ধূমকেতুৰ গতিপথেই ক্ষেপণীবৃত্ত।

 সকলোবোৰ ধূমকেতুৰ আকৃতি একে নহয়। কিছুমান ধূমকেতুৰ নেজ পোন আৰু দীঘল, কিছুমান ধূমকেতু কাকত ভাঁজ কৰা বিচনীৰ দৰে খাপ খাপ, কিছুমানৰ নেজ আকৌ বেঁকা আৰু চুটি।

 বেচি ভাগ ধুমকেতুৰ নেজ দুটা জ্যোতিৰ্ম্ময় স্ৰোতৰ দৰে; এই নেজ ধূমকেতুৰ মূৰৰপৰা আৰম্ভ হৈ ক্ৰমে বিভিন্ন হয় আৰু বহুত দূৰলৈ বিস্তৃত হয়। কোনো কোনো সময়ত দুয়োটা [ ৮৫ ] জ্যোতিৰ্ম্ময় স্ৰোত বহুদূৰলৈ পৃথক্ হৈয়ে থাকে। ইয়াক উল্কাপাত বা তৰাবাজীৰ লগত তুলনা কৰিব পাৰি। ই কেতিয়াবা কেতিয়াবা দৃশ্যমান আকাশৰ এক-তৃতীয়াংশ ঠাইলৈ বিস্তৃত হয়। কোনো কোনো ধূমকেতুৰ নেজ নাথাকে আৰু কোনো একোটাৰ নেজ ছিৰাছিৰ।

 ধূমকেতুৰ বেগ অসাধাৰণ। কিছুমান ধূমকেতুৱে ঘণ্টাত আঠ-দহ লাখ মাইল গতি কৰে। ১৬৮০ খ্ৰীষ্টাব্দত এটা ধূমকেতু ওলাইছিল, সি প্ৰতি ঘণ্টাত ৮ লাখ মাইল বেগে চলিছিল। এই ধূমকেতুটোৰ কক্ষপথ ইমান বহল, যে সি সূৰ্য্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ পাঁচ শ চৌসত্তৰ বছৰ লাগে। ব্ৰহ্মাণ্ড কিমান ডাঙৰ ভাবাঁ।

 অসীম আকাশত অসংখ্য ধূমকেতু আপোন আপোন পথত চলিছে; আমি মাথোন এইবোৰৰ কেৱল সাত আঠ শ হে দেখা পাওঁ।

 কিছুমান ধূমকেতু খালি চকুৰে দেখা যায়, কিন্তু বেচি ভাগ ধূমকেতু দূৰবীক্ষণ যন্ত্ৰৰ সহায় নহলে নেদেখি। সৌৰজগতৰ এই অতিথিবোৰ ক'ৰপৰা আহি কি উদ্দেশ্যে ক'লৈ যায়, তাক বুজা মানুহৰ পক্ষে সম্ভৱ নহয়।

 যোৱা ১৮৩২ শঁকৰ ব'হাগ মাহত এটা ডাঙৰ ধূমকেতু আকাশত দেখা দিছিল; ই আহাৰ মাহলৈ আকাশত ওলায়েই আছিল। এই ধূমকেতুটোক হেলিৰ ধূমকেতু বোলে। হেলি চাহাবে এই ধূমকেতুটোৰ গতি-বিধি ঠিক কৰিছিল, সেই কাৰণে [ ৮৬ ] তেওঁৰ নামে ইয়াৰ নামকৰণ কৰা হৈছে। এই ধূমকেতুটো পঁয়সত্তৰ বছৰৰ মূৰে মুৰে দেখা দিয়ে। আমি ওপৰত-কোৱা চনৰ ষোল এপ্ৰিলৰ দিনা ইউৰোপত ইয়াক দেখিছিল; সেই তাৰিখৰপৰা তিনি দিনলৈ ইয়াৰ যিবোৰ ফটো হৈছিল, তাত কেৱল এটা ডাঙৰ ডিম্বাকাৰ মূৰহে দেখিছিল; একৈশ এপ্ৰিলৰ দিনা তাৰপৰা সৰু সৰু নেজ ওলোৱা দেখিবলৈ পায়, পাচত সেই নেজ ক্ৰমে বাঢ়িবলৈ ধৰে। গোটাই ব'হাগ মাহ ই শুক্ৰগ্ৰহৰ ওচৰতে ওলাইছিল; তাৰ পাচত ক্ৰমে ই সূৰ্য্য আৰু পৃথিবীৰ ওচৰ চাপে। জেঠৰ চাৰি তাৰিখে এই হেলিৰ ধূমকেতুৰ নেজ পাঁচকোটি মাইলৰো বেচি দীঘল হৈছিল; সেইদিনা ভাৰতবৰ্ষত আৰু পৃথিবীৰ অন্যান্য বহুত ঠাইত ধুমুহা বতাহ, বৰষুণ, বজ্ৰপাত আদি হৈছিল। আহাৰ মাহত হেলিৰ ধূমকেতু পশ্চিম আকাশত কৰ্কট আৰু সিংহৰাশিৰ ওচৰত দেখা গৈছিল, তাৰ পাচত ই সৰু হৈ অদৃশ্য হয়।