পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শামুক আৰু শঙ্খ।

 শামুক, শঙ্খ আৰু কড়ি আদিক কোমলকায় প্ৰাণী বোলে। অন্যান্য প্ৰাণীৰদৰে ইহঁতৰ হাড়, ভৰি, ডেউকা আদি নাই। ইহঁতৰ শৰীৰ কোমল মাংসপিণ্ড। এই শ্ৰেণীৰ প্ৰাণীৰ শৰীৰৰ ওপৰত টান খোলা থাকে।

 আমাৰ দেশত সচৰাচৰ পাঁচবিধ শামুক চকুত পৰে। এবিধ শামুক তিনিফালে ঘোৰখোৱা, এফালে সমান। সমান ফালে তাৰ জিভা থাকে। এই জাতি শামুক ডাঙৰ; ইয়াক কিছুমান ঠাইত লাইশামুক বোলে। এবিধ দুচটীয়া ঘোৰখোৱা দীঘল শামুক আছে; ইহঁতৰ দুফালৰ খোল দুচটা এখন ছালেৰে সংযুক্ত থাকে। খোলাৰ কাণটো বৃত্তাভাসতকৈও দীঘলীয়া। এইজাতি শামুকক কিছুমান ঠাইত জনে শামুক বোলে। জনে শামুকো ডাঙৰ। এই শামুকৰ খোলাত আমাৰ কিছুমান গাৱঁলীয়া হিন্দু তিৰোতাই সিন্দূৰ গোলে। এবিধ শামুক আছে সেইবোৰ ‘স্ক্ৰু’ গজালৰদৰে পকীয়াপকি; ইয়াকে কিছুমানে শঙ্খশামুকো বোলে। লাইশামুকৰদৰে ইহঁতৰো জিভা থকা ফাল সমান। আৰু এবিধ শামুক আছে সি কধাৰিপকোৱা খোলাৰ ভিতৰত থাকে, আৰু আৱশ্যকমতে খোলাৰপৰা তাৰ শৰীৰ বাজলৈ উলিয়ায়। সি গতি কৰিলে তাৰ শৰীৰৰ বেচি অংশ বাজলৈ ওলায়, আৰু শৰীৰৰ সেই অংশৰে সি চলে, তাৰ গাৰ খোলাটো লগতে লাগি যায়; কেতিয়াবা সি কিবা কাৰণত