সাহিত্য - সপ্তম ভাগ/বৈকুণ্ঠ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ ৫৪ ]

বৈকুণ্ঠ।

 প্ৰত্যেক জাতিৰ সুখৰ একোটা আহি আছে। সেই আহি যি ঠাইত পোৱা যায়, তাকে সেই জাতিৰ বৈকুণ্ঠ বোলে।

 প্ৰত্যেক জাতিৰ সুখৰ আৰ্হি বেলেগ বেলেগ, সেই দেখি সিহঁতৰ বৈকুণ্ঠও বেলেগ বেলেগ। হিন্দুৰ বৈকুণ্ঠ খ্ৰীষ্টিয়ানৰ লগত নিমিলে, খ্ৰীষ্টিয়ানৰ বৈকুণ্ঠ মুছলমানৰ লগত নিমিলে। খ্ৰীষ্টিয়ানবিলাকৰ মতে বৈকুণ্ঠ এখন আনন্দৰ উপবন, তাৰ ভিতৰত অসংখ্যাত ফুলনি আছে আৰু ফুলনিয়ে পতি অযুত অযুত বিতোপন ফুল ফুলি আছে। ফুলনিবোৰৰ মাজত নানা বিধ বহুমূলীয়া বাখৰ আৰু মণি-মুক্তা পাৰি দিয়া সৰু সৰু বাট আছে। পুৰীখন গোটাই চিকমিকীয়া সেউজীয়া নতুন দুবৰিৰে ঢকা, তাত মলয়া বাৰেও মাহে বলে। বৈকুণ্ঠ সদায় পোহৰ, তাত ৰাতি নাই, সমস্ত পুৰী উজ্জ্বল জ্যোতিৰ্ম্ময়। সেই পুৰীৰ ভিতৰত পৰমেশ্বৰ এখন উচ্চ আসনত বহি আছে, আৰু স্বৰ্গৰ দূতবিলাকে তেওঁক চৌপাশে বেঢ়ি আছে, ওচৰত যীশুখ্ৰীষ্ট পিতৃৰ আদেশলৈ অপেক্ষা কৰি থিয় হৈ আছে।

 মুছলমানৰ বৈকুণ্ঠ এনেকুৱা নহয়। তেওঁলোকৰ মতে বৈকুণ্ঠ এখন গড় মৰা পুৰী, তাত ‘পয়গম্বৰ’ প্ৰধান মোহম্মদ আৰু তেওঁৰ দুহিতাই স্বয়ং পৰ দিছে। তাত ৰাতি নাই, [ ৫৫ ] সদায় প্ৰাতঃকাল অৰ্থাৎ ৰাতিপুৱাৰ পোহৰৰ নিচিনা পোহৰে পুৰী সদায় পোহৰাই ৰাখিছে। পুৰীৰ ভিতৰত নানাবিধ উপাদেয় ফলৰ গছ আছে, আৰু অভিলাষ কৰিলেই সেই ফল খাবলৈ পোৱা যায়। বৈকুণ্ঠৰ ভিতৰত অনেক মনোহৰ অট্টালিকা আছে আৰু অনেক উপবন আছে। তাত “অবকৌবৰ” নামেৰে এটি নিজৰা আছে। সেই নিজৰাৰ পানী অতিশয় মিঠা, পৃথিবীৰ কোনো বস্তুৱেই তেনেকুৱা মিঠা নহয়। বৈকুণ্ঠত লৰা-ছোৱালী নাই, বুঢ়া-বুঢ়ী নাই, তাৰ নৰ-নাৰী সকলো ডেকা, তিৰোতা মাত্ৰেই ষোড়শী, মুনিহ মাত্ৰেই ত্ৰিশ বত্ৰিশ বছৰীয়া! বৈকুণ্ঠত মল-মূত্ৰৰ বেগ নাই অৰ্থাৎ মল-মুত্ৰ ত্যাগ কৰিবৰ প্ৰয়োজন নহয় আৰু তাত যি অভিলাষ কৰা যায় তাকে পোৱা যায়। মুছলমানৰ মতে বৈকুণ্ঠতো ঈশ্বৰৰ লগত সাক্ষাৎ নহয়; তেওঁ নিৰাকাৰ জ্যোতিৰ্ম্ময়, তেওঁ কাৰো দৰ্শনৰ বস্তু নহয়।

 হিন্দুবিলাকৰ মতে বৈকুণ্ঠত নানাবিধ মণিমুক্তাৰে সজোৱা ৰথ শাৰী শাৰীকৈ সজাই থৈছে। ৰথৰ মণিমুক্তাৰ জেউতিয়ে তাত দিন-ৰাতিৰ ভেদ নোহোৱা কৰিছে। বৈকুণ্ঠত সুন্দৰ সুন্দৰ বহুত সৰোবৰ আছে। সেই সৰোবৰবিলাকত সুগন্ধ পদ্ম ফুলিছে আৰু ৰাজহাঁহ চৰিছে, গোটাইখন পুৰীত মলয়া বৈ থাকে, ভোমোৰাবোৰে চাৰিওফালে ভন্ ভন্ কৰি ঈশ্বৰৰ গুণ-কীৰ্ত্তন কৰি ফুৰিছে। ভিতৰত এটা ৰত্নৰ মন্দিৰ আছে, সেই মন্দিৰৰ খুটা বৈদূৰ্য্যৰ, বেৰ ফটিকৰ, হীৰা-মাণিক খটোৱা দুৱাৰ আৰু [ ৫৬ ] সেই দুৱাৰত সোণৰ শিকলি লগোৱা আছে। ৰুৱা, মাৰলি, চতি সকলো নানাবিধ ৰত্নৰে সুশোভিত। মন্দিৰটি সূৰ্য্য জ্বলাদি জ্বলি আছে। এই মন্দিৰৰ ভিতৰত এখন বিচিত্ৰ চন্দ্ৰাতপৰ তলত ৰত্নৰ সিংহাসনত ঈশ্বৰ বহি আছে। পাৰিষদবিলাকে চৌপাশে বেঢ়ি তেওঁৰ ওপৰত মুক্তামণ্ডিত ছত্ৰ ধৰিছে, বগা চামৰেৰে বিচিছে, আৰু মাজে মাজে সুগন্ধ ফুল সিঁচিছে, লক্ষ্মীয়ে ভক্তিভাৱে তেওঁৰ চৰণ সেৱা কৰিছে। ঈশ্বৰৰ ৰূপ অতি বিতোপন, অতি অনুপম কোটি চন্দ্ৰৰ তুল্য হৈ জ্বলি আছে।

 বৌদ্ধবিলাকৰ বৈকুণ্ঠ আৰু বেলেগ। আচল কথা, বৈকুণ্ঠ বুলিবলৈ তেওঁলোকৰ কোনো এডোখৰ নিৰূপিত ঠাই নাই। য'ত একো নাই, তেওঁলোকৰ মতে সেয়েই বৈকুণ্ঠ। তেওঁলোকৰ বৈকুণ্ঠত নদী নাই, সাগৰ নাই, পৰ্ব্বত নাই, পুখুৰী নাই, স্থল নাই, জল নাই, সুখ নাই, দুখ নাই, স্বাস্থ্য-অস্বাস্থ্য, আন্ধাৰ- পোহৰ একো নাই। বৌদ্ধৰ বৈকুণ্ঠত ভোক নাই, পিয়াহ নাই, ইচ্ছা-বাঞ্ছা নাই, আশা-অভিলাষ নাই, তাত ঈশ্বৰো নাই, দূত বা দেৱতাসকলো নাই। তেওঁলোকৰ বৈকুণ্ঠ এখন শূন্যৰ মহা সমুদ্ৰ —শূন্যময়। চাকি নুমাই দিলে শিখাটি য’লৈ যায়, সেয়েই চাকিৰ বৈকুণ্ঠ। সেইদৰে মানুহৰ আত্মাটিও নানা জন্ম গ্ৰহণ কৰি যদি কেতিয়াবা নুমাই যায়, তেনেহলে সেই নিৰ্ব্বাণ আত্মা য'লৈ যায়, সেয়েই বৌদ্ধৰ বৈকুণ্ঠ।

⸻০⸻