সাহিত্য - সপ্তম ভাগ/শকুন্তলা

ৱিকিউৎসৰ পৰা
[ ৫৩ ]

শকুন্তলা।

আজিও ৰঞ্জিত কবি, কল্পনা ফুলনি,
আজিও ফুলিছে ফুল গাত গোন্ধ লই,
হাতত কুঁকিৰে স'তে শকুন্তলা আহি
ফুল তুলিবৰ মনে আছে থিয় হই।

প্ৰিয়ম্বদা-অনুসূয়া দুয়ো গোটখাই
হাতত কলহ লই ফুলৰ তলত,
ঢালিছেহি পানী চোৱাঁ সাক্ষাত আগতে,
আলসুৱা শকুন্তলা আছে ওচৰত।

লিখিছে সাদৰি চিঠি শকুন্তলা বহি,
নেলাগে ছবিত আৰু আঁকি দেখুৱাব,
নুচুবা নুচুবা কেৱে নিচেই কোমল;
শকুন্তলা ফুল পাহি জঁয় পৰি যাব।