সাহিত্য - সপ্তম ভাগ/ভগদত্ত

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ৫৭ ]

ভগদত্ত।

 ভগদত্ত নৰকাসুৰৰ জ্যেষ্ঠ পুত্ৰ। এওঁ বৰ বাহুবলী পুৰুষ আছিল; আৰু পিতাকৰপৰা বৈষ্ণৱাস্ত্ৰ নামে এবিধ অমোঘ অস্ত্ৰ লাভ কৰিছিল। ভগদত্তৰ সময়ত প্ৰাগ্‌জ্যোতিষপুৰৰ গৌৰৱ চাৰিওফালে বিস্তাৰিত হৈছিল। কথিত আছে, আমাৰ প্ৰাগ্‌জ্যোতিষপুৰাধিপতি ভগদত্তৰ শক্তি দেখি দেৱৰাজ ইন্দ্ৰে তেওঁৰ লগত সৌহাৰ্দ্দ্য স্থাপন কৰিছিল।

 ভগদত্তৰ ভানুমতী নামে এজনী গুণৱতী আৰু ৰূপৱতী ভনীয়েক আছিল। কুৰুৰাজ মদগৰ্ব্বী দুৰ্য্যোধনে ভানুমতীক বৰ আড়ম্বৰেৰে বিবাহ কৰিছিল। এই সূত্ৰে ভগদত্তৰ কুৰুবংশৰ লগতো মিত্ৰতা ঘটে।

 ভগদত্ত নিজে যেনে বীৰ আছিল, অন্য বাৰৰ বীৰত্ব দেখিও তেওঁ আনন্দ প্ৰকাশ কৰিছিল। পাণ্ডৱসকলে ৰাজসূয়-যজ্ঞ উপলক্ষ্যে যেতিয়া দিগ্বিজয় কৰি ফুৰে, সেই সময়ত অৰ্জ্জুন আমাৰ দেশ জয় কৰিবলৈ আহিছিল। অৰ্জ্জুনৰ লগত শাকলদ্বীপৰ মহাধনুৰ্দ্ধাৰী কেইজনমান ৰজাও আহিছিল। এওঁবিলাকে প্ৰাগ্‌জ্যোতিষ আক্ৰমণ কৰাত ভগদত্তে বাধা দিয়ে। ভগদত্তৰ কিৰাত, চীন আৰু সাগৰ-তীৰত থকা ৰণনিপুণ বহুত যুঁজাৰু আছিল। ভগদত্তৰ লগত অৰ্জ্জুনৰ [ ৫৮ ] যুদ্ধ হল। এই যুদ্ধ একাদিক্ৰমে আঠদিন চলাৰ পাচতো অৰ্জ্জুনক অপৰিশ্ৰান্ত দেখি ভগদত্তই কলে—“মই মহেন্দ্ৰৰ সখা, যুদ্ধতে তেওঁতকৈ মই হীন নহওঁ, কিন্তু তুমি যুদ্ধত যেনে বীৰ্য্য প্ৰকাশ কৰিলা, তাক দেখি মই সন্তোষ পালোঁ। তোমাৰ অভিপ্ৰায় প্ৰকাশ কৰাঁ, তাক অৱশ্যে মই পালন কৰিম। ” ভগদত্তৰ কথাত অৰ্জ্জুনে পৰম সন্তুষ্ট হৈ ৰাজসূয় যজ্ঞৰ কথা কৈ শেষত কলে—“আপুনি মোৰ পিতৃ-সখা, বিশেষ আপুনি মোৰ ওপৰত সন্তুষ্ট হৈছে, মই আপোনাক আদেশ কৰিব নোৱাৰোঁ। ধৰ্ম্মপুত্ৰ ৰজা যুধিষ্ঠিৰৰ যাতে সাম্ৰাজ্য লাভ হয়, সেই অৰ্থে আপুনি তেওঁক কৰ দিয়ক। ” ভগদত্তে অৰ্জ্জুনৰ বিনয়-বচনত তৃপ্ত হৈ কলে—“তুমি মোৰ যেনে প্ৰিয়পাত্ৰ, ৰজা যুধিষ্ঠিৰো তেনে, সেই বিষয়ে যি কৰিবলগীয়া হয় মই তাক কৰিম, তাৰ বাহিৰে আৰু কি কৰিব লাগে কোৱাঁ। ”

 ইয়াৰ কিছুকাল পাচত কুৰুক্ষেত্ৰ-সমৰ আৰম্ভ হয়। এই যুদ্ধত ভাৰতৰ বিখ্যাত ৰজা-মহাৰজাসকলে যোগ দিয়ে। কুৰুক্ষেত্ৰ-ৰণত ওঠৰ অক্ষৌহিণী সৈন্যৰ সমাবেশ হৈছিল; কৌৰৱৰ ফালে এঘাৰ অক্ষৌহিণী আৰু পাণ্ডৱৰ ফালে সাত অক্ষৌহিণী। ভগদত্ত কৌৰৱৰ কুটুম্ব; সেই কাৰণে দুৰ্য্যোধনৰ আমন্ত্ৰণত তেওঁ কৌৰৱৰ ফালে যোগ দিয়ে। ভগদত্ত আমাৰ দেশৰপৰা যাওঁতে এক অক্ষৌহিণী সেনাৰ নায়ক হৈ গৈছিল। কথিত আছে, ভগদত্তে যি হাতীত উঠি যুদ্ধ কৰিছিল, সেই [ ৫৯ ] হাতীটো ঐৰাৱতজাতীয় আছিল আৰু সি ভালদৰে যুঁজিব জানিছিল।

 কুৰুক্ষেত্ৰ-সমৰত ভগদত্তে ভীমক আক্ৰমণ কৰোঁতে তেওঁৰ সেই বৃহৎ হাতীয়ে দুইভৰি আৰু শুড়েৰে ভীমক আক্ৰমণ কৰিছিল; আৰু তাৰ ফলত ঘোৰাৰে সৈতে ভীমৰ ৰথ চূৰ্ণ হৈছিল। ভীমে কৌশল কৰি পোনতে ৰক্ষা পৰে কিন্তু পাচত এই সুশিক্ষিত হাতীয়ে শুড়েৰে ভীমক ধৰি আঠুত কোব দিয়ে, আৰু শেষত ডিঙিত মেৰাই ধৰি তেওঁক বধ কৰিবলৈ যত্ন কৰে। সেই সময়ত ভীমে ভয়ত আৰ্ত্তনাদ কৰি উঠাত আঁতৰত থকা পাণ্ডৱ- সৈন্য গৈ উপস্থিত হয়; তেতিয়াহে ভীমে ৰণ নকৰি আত্মৰক্ষা কৰিবলৈ সুবিধা পায়। এই সময়ত যুধিষ্ঠিৰ আদিয়ে বৃকোদৰ নিহত হোৱা বুলিয়েই ভাবিছিল; আৰু তাৰ পাচতেই বহুত পাণ্ডৱসৈন্যে ভগদত্তক বেঢ়ি ধৰিছিল। তেতিয়া পুনৰ ভগদত্তৰ লগত পাণ্ডৱ আৰু পাঞ্চাল সৈন্যৰ ৰণ হয়। বনৰ মাজত জ্বলি-থকা জুইৰদৰে হাতীৰ ওপৰত থকা ভগদত্ত ৰথীবিলাকৰ মাজত জিলিকি উঠে; আৰু তাৰ পাচতে গৰখীয়াই এছাৰিৰে গৰু খেদি লৈ যোৱাৰ দৰে ভগদত্তে পুনৰ পাণ্ডৱ-সৈনাবোৰ খেদি নিবলৈ ধৰিলে। অলপ সময়ৰ ভিতৰতে পাণ্ডৱপক্ষীয় সৈন্য- বোৰৰ বেচি সংখ্যা মৰা পৰিল, আৰু কিছুমানে ৰণভূমি ত্যাগ কৰিলে।

 অৰ্জ্জুনে দূৰৈৰ পৰা পাণ্ডৱসৈন্যৰ এনে অৱস্থা দেখি খেদি আহিল। অৰ্জ্জুনৰ সাৰথি শ্ৰীকৃষ্ণ। তেওঁ ভগদত্তৰ ওচৰলৈ [ ৬০ ] ৰথ চলালে; কিন্তু বাটত অৰ্জ্জুনে অন্য এদল বিপক্ষীয় সৈন্যৰ লগত যুদ্ধ কৰিবলগা হল। অৰ্জ্জুনে এই দলক পৰাস্ত কৰিলে, আৰু পৰক্ষণতে গৈ ভগদত্তক আক্ৰমণ কৰিলে। অৰ্জ্জুন আৰু ভগদত্তৰ ভিতৰত তুমুল সংগ্ৰাম চলিল। ৰজা ভগদত্তে হস্তী- বাহনত থাকি মেঘ-বাহন ইন্দ্ৰৰ দৰে ধনঞ্জয়ৰ ওপৰত শৰ বৰষিবলৈ ধৰিলে; বীৰ্য্যৱন্ত সব্যসাচীয়েও শৰ বৰষি ভগদত্তৰ শৰক বাধা দিবলৈ ধৰিলে। ভগদত্তৰ খং উঠিল; তেওঁ ওপৰাউপৰিকৈ শৰ মাৰি অৰ্জ্জুন আৰু কৃষ্ণক বিন্ধিবলৈ ধৰিলে আৰু তেওঁলোকক মাৰিবলৈ গজৰাজক লগাই দিলে। কৃষ্ণৰ ৰথচালনাৰ কৌশলত হাতীৰ আক্ৰমণৰপৰা দুয়ো ৰক্ষা পৰিল; কিন্তু কিছুমান কৃষ্ণ-লোনিৰ্ম্মিত সোণৰ পাখিথকা বাণে কৃষ্ণক বৰকৈ বিন্ধিলে। তেতিয়া ধনঞ্জয়ৰ খঙে চুলি আগ পালে। কিছুমান অব্যৰ্থ শৰেৰে ভগদত্তৰ হাতীৰ বৰ্ম্ম নষ্ট কৰি হাতীটোক ক্ষতবিক্ষত কৰি পেলালে। ভগদত্তে তেতিয়া অৰ্জ্জুনলৈ বৈষ্ণৱাস্ত্ৰ প্ৰয়োগ কৰে। এই অস্ত্ৰ অব্যৰ্থ—ইন্দ্ৰ, বৰুণ আদিও তাৰ অবধ্য নহয়। ভগদত্তে এই অস্ত্ৰ নিক্ষেপ কৰা দেখি শ্ৰীকৃষ্ণে তাক গ্ৰহণ কৰিলে—অস্ত্ৰ কৃষ্ণৰ বুকত পৰি বৈজয়ন্তী মালা হল। কৃষ্ণ অৰ্জ্জুনৰ ৰথৰ সাৰথি হৈ নথকাহেঁতেন আমাৰ প্ৰাগজ্যোতিষ- পতিৰ এই বৈষ্ণৱাস্ত্ৰতেই কুৰুক্ষেত্ৰ যুদ্ধৰ ফল কি জানি অন্যৰূপ হলহেঁতেন।

 তাৰ পাচত অৰ্জ্জুনে শ্ৰীকৃষ্ণৰ পৰামৰ্শতে ভগদত্তৰ যুদ্ধনিপুণ গজৰাজক বধ কৰে, আৰু তাৰ পাচতেই অৰ্দ্ধচন্দ্ৰ বাণেৰে ভগদত্তৰ [ ৬১ ] হৃদয় ভেদ কৰে। ইন্দ্ৰসখা ৰজা ভগদত্ত এইদৰে ইন্দ্ৰতনয় অৰ্জ্জুনৰ বাণত বিদ্ধ হই মাটিত পৰি গল। ইন্দ্ৰবিক্ৰম প্ৰাগ্‌জ্যোতিষপুৰাধিপতিৰ পতনত তেওঁৰ সৈন্যবাহিনীৰ ভিতৰত হাহাকাৰ লাগিল; ধুমুহা বতাহে গছ ভঙাৰ দৰে অৰ্জ্জুনে ভগদত্তক সংহাৰ কৰি জয়াকাঙক্ষী অন্যান্য বীৰসকলকো নিহত কৰিবলৈ ধৰিলে।