সদায় প্ৰাতঃকাল অৰ্থাৎ ৰাতিপুৱাৰ পোহৰৰ নিচিনা পোহৰে
পুৰী সদায় পোহৰাই ৰাখিছে। পুৰীৰ ভিতৰত নানাবিধ উপাদেয়
ফলৰ গছ আছে, আৰু অভিলাষ কৰিলেই সেই ফল খাবলৈ
পোৱা যায়। বৈকুণ্ঠৰ ভিতৰত অনেক মনোহৰ অট্টালিকা আছে
আৰু অনেক উপবন আছে। তাত “অবকৌবৰ” নামেৰে এটি
নিজৰা আছে। সেই নিজৰাৰ পানী অতিশয় মিঠা, পৃথিবীৰ
কোনো বস্তুৱেই তেনেকুৱা মিঠা নহয়। বৈকুণ্ঠত লৰা-ছোৱালী
নাই, বুঢ়া-বুঢ়ী নাই, তাৰ নৰ-নাৰী সকলো ডেকা, তিৰোতা
মাত্ৰেই ষোড়শী, মুনিহ মাত্ৰেই ত্ৰিশ বত্ৰিশ বছৰীয়া!
বৈকুণ্ঠত মল-মূত্ৰৰ বেগ নাই অৰ্থাৎ মল-মুত্ৰ ত্যাগ কৰিবৰ
প্ৰয়োজন নহয় আৰু তাত যি অভিলাষ কৰা যায় তাকে পোৱা
যায়। মুছলমানৰ মতে বৈকুণ্ঠতো ঈশ্বৰৰ লগত সাক্ষাৎ
নহয়; তেওঁ নিৰাকাৰ জ্যোতিৰ্ম্ময়, তেওঁ কাৰো দৰ্শনৰ বস্তু
নহয়।
হিন্দুবিলাকৰ মতে বৈকুণ্ঠত নানাবিধ মণিমুক্তাৰে সজোৱা ৰথ শাৰী শাৰীকৈ সজাই থৈছে। ৰথৰ মণিমুক্তাৰ জেউতিয়ে তাত দিন-ৰাতিৰ ভেদ নোহোৱা কৰিছে। বৈকুণ্ঠত সুন্দৰ সুন্দৰ বহুত সৰোবৰ আছে। সেই সৰোবৰবিলাকত সুগন্ধ পদ্ম ফুলিছে আৰু ৰাজহাঁহ চৰিছে, গোটাইখন পুৰীত মলয়া বৈ থাকে, ভোমোৰাবোৰে চাৰিওফালে ভন্ ভন্ কৰি ঈশ্বৰৰ গুণ-কীৰ্ত্তন কৰি ফুৰিছে। ভিতৰত এটা ৰত্নৰ মন্দিৰ আছে, সেই মন্দিৰৰ খুটা বৈদূৰ্য্যৰ, বেৰ ফটিকৰ, হীৰা-মাণিক খটোৱা দুৱাৰ আৰু