পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
সাহিত্য


সেই দুৱাৰত সোণৰ শিকলি লগোৱা আছে। ৰুৱা, মাৰলি, চতি সকলো নানাবিধ ৰত্নৰে সুশোভিত। মন্দিৰটি সূৰ্য্য জ্বলাদি জ্বলি আছে। এই মন্দিৰৰ ভিতৰত এখন বিচিত্ৰ চন্দ্ৰাতপৰ তলত ৰত্নৰ সিংহাসনত ঈশ্বৰ বহি আছে। পাৰিষদবিলাকে চৌপাশে বেঢ়ি তেওঁৰ ওপৰত মুক্তামণ্ডিত ছত্ৰ ধৰিছে, বগা চামৰেৰে বিচিছে, আৰু মাজে মাজে সুগন্ধ ফুল সিঁচিছে, লক্ষ্মীয়ে ভক্তিভাৱে তেওঁৰ চৰণ সেৱা কৰিছে। ঈশ্বৰৰ ৰূপ অতি বিতোপন, অতি অনুপম কোটি চন্দ্ৰৰ তুল্য হৈ জ্বলি আছে।

 বৌদ্ধবিলাকৰ বৈকুণ্ঠ আৰু বেলেগ। আচল কথা, বৈকুণ্ঠ বুলিবলৈ তেওঁলোকৰ কোনো এডোখৰ নিৰূপিত ঠাই নাই। য'ত একো নাই, তেওঁলোকৰ মতে সেয়েই বৈকুণ্ঠ। তেওঁলোকৰ বৈকুণ্ঠত নদী নাই, সাগৰ নাই, পৰ্ব্বত নাই, পুখুৰী নাই, স্থল নাই, জল নাই, সুখ নাই, দুখ নাই, স্বাস্থ্য-অস্বাস্থ্য, আন্ধাৰ- পোহৰ একো নাই। বৌদ্ধৰ বৈকুণ্ঠত ভোক নাই, পিয়াহ নাই, ইচ্ছা-বাঞ্ছা নাই, আশা-অভিলাষ নাই, তাত ঈশ্বৰো নাই, দূত বা দেৱতাসকলো নাই। তেওঁলোকৰ বৈকুণ্ঠ এখন শূন্যৰ মহা সমুদ্ৰ —শূন্যময়। চাকি নুমাই দিলে শিখাটি য’লৈ যায়, সেয়েই চাকিৰ বৈকুণ্ঠ। সেইদৰে মানুহৰ আত্মাটিও নানা জন্ম গ্ৰহণ কৰি যদি কেতিয়াবা নুমাই যায়, তেনেহলে সেই নিৰ্ব্বাণ আত্মা য'লৈ যায়, সেয়েই বৌদ্ধৰ বৈকুণ্ঠ।

⸻০⸻