জ্যোতিৰ্ম্ময় স্ৰোত বহুদূৰলৈ পৃথক্ হৈয়ে থাকে। ইয়াক উল্কাপাত
বা তৰাবাজীৰ লগত তুলনা কৰিব পাৰি। ই কেতিয়াবা কেতিয়াবা
দৃশ্যমান আকাশৰ এক-তৃতীয়াংশ ঠাইলৈ বিস্তৃত হয়। কোনো
কোনো ধূমকেতুৰ নেজ নাথাকে আৰু কোনো একোটাৰ নেজ
ছিৰাছিৰ।
ধূমকেতুৰ বেগ অসাধাৰণ। কিছুমান ধূমকেতুৱে ঘণ্টাত আঠ-দহ লাখ মাইল গতি কৰে। ১৬৮০ খ্ৰীষ্টাব্দত এটা ধূমকেতু ওলাইছিল, সি প্ৰতি ঘণ্টাত ৮ লাখ মাইল বেগে চলিছিল। এই ধূমকেতুটোৰ কক্ষপথ ইমান বহল, যে সি সূৰ্য্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ পাঁচ শ চৌসত্তৰ বছৰ লাগে। ব্ৰহ্মাণ্ড কিমান ডাঙৰ ভাবাঁ।
অসীম আকাশত অসংখ্য ধূমকেতু আপোন আপোন পথত চলিছে; আমি মাথোন এইবোৰৰ কেৱল সাত আঠ শ হে দেখা পাওঁ।
কিছুমান ধূমকেতু খালি চকুৰে দেখা যায়, কিন্তু বেচি ভাগ ধূমকেতু দূৰবীক্ষণ যন্ত্ৰৰ সহায় নহলে নেদেখি। সৌৰজগতৰ এই অতিথিবোৰ ক'ৰপৰা আহি কি উদ্দেশ্যে ক'লৈ যায়, তাক বুজা মানুহৰ পক্ষে সম্ভৱ নহয়।
যোৱা ১৮৩২ শঁকৰ ব'হাগ মাহত এটা ডাঙৰ ধূমকেতু আকাশত দেখা দিছিল; ই আহাৰ মাহলৈ আকাশত ওলায়েই আছিল। এই ধূমকেতুটোক হেলিৰ ধূমকেতু বোলে। হেলি চাহাবে এই ধূমকেতুটোৰ গতি-বিধি ঠিক কৰিছিল, সেই কাৰণে