পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
ধূমকেতু বা নেজাল তৰা


হয়। ই ইমান পৰিবৰ্ত্তনশীল, যে ইয়াৰ পৰিমাণ ঠিক কৰা কঠিন; এদিন এটা ধূমকেতু চাই কেই দিনমান পাচত তাক চালে আগৰটো বুলি ধৰিব নোৱাৰি।

 ধূমকেতু আকাশ পোনতে ওলাওঁতে তাৰ নেজ নাথাকে; তেতিয়া তাক এটা উজ্জ্বল তৰা যেন হে দেখা যায়; কিন্তু ই যিমানে সূৰ্য্যৰ ওচৰ চাপে তাৰ নেজ সিমানে বাঢ়িবলৈ ধৰে।

 ধূমকেতু বাষ্পীয় পদাৰ্থেৰে গঠিত, কিন্তু মূৰৰ প্ৰধান অংশত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ কঠিন পদাৰ্থ আছে।

 ধূমকেতু যেতিয়া নিজ পথত থাকি ভ্ৰমণ কৰে, তেতিয়া সূৰ্য্য আৰু ধূমকেতু উভয়ে পৰস্পৰক আকৰ্ষণ কৰে। ধূমকেতু সূৰ্য্যৰ ওচৰ চাপিলে তাৰ গৰ্ভ বেচি উজ্জ্বল হয় আৰু তেতিয়া ধূমকেতুৰ ভিতৰত-থকা বাষ্পীয় পদাৰ্থ অগ্নিকণাৰ দৰে উৎক্ষিপ্ত হয়; এইয়ে ধূমকেতুৰ নেজ। ধূমকেতু যিমানেই সূৰ্য্যৰ কাষ চাপে সিমানেই বেচিকৈ এই বাষ্পীয় জ্বলন্ত পদাৰ্থ গৰ্ভৰপৰা বৰ বেগে উদগীৰ্ণ হয়, আৰু নেজো সূৰ্য্যৰ বিপৰীত ফালে ক্ৰমে বাঢ়িবলৈ ধৰে। পাচত ধূমকেতুৱে আপোন পথত ভ্ৰমণ কৰোঁতে কৰোঁতে সি সূৰ্য্যৰপৰা যিমানে আঁতৰে তাৰ নেজো ক্ৰমে সিমানে চুটি হৈ যায়।

 কিছুমান ধূমকেতু সৌৰজগততে থাকে; ইহঁতে সূৰ্য্যৰ আকৰ্ষণ অতিক্ৰম কৰিব নোৱাৰি গ্ৰহবোৰৰ দৰে নিৰ্দ্দিষ্ট পথত নিয়মিত সময়ত সূৰ্য্যক প্ৰদক্ষিণ কৰে। এইবোৰৰ কোনোটোৱে দুবছৰ, কোনোটোৱে তিনি বছৰ, কোনোটোৱে আকৌ পঁয়সত্তৰ,